header ads

জীৱনী মূলক সাহিত্য l এগৰাকী আজীৱন জ্ঞানান্বেষী -- ড° গণেশ্বৰ চহৰীয়া - নৱ কুমাৰ নাথ , ৫ম বছৰ- ২য় সংখ্যা

 এগৰাকী আজীৱন জ্ঞানান্বেষী -- ড° গণেশ্বৰ চহৰীয়া 


             অনুভৱবোৰৰ মাজত খেলি ভালপোৱা মানুহজনৰ বয়স তেতিয়া প্ৰায় ৬ / ৭ বছৰ । জীৱনৰ প্ৰথম পঢ়াশালি ছিপাঝাৰৰ পৰা প্ৰায় ৪ কিঃমিঃ ভিতৰৰ পকাদলী ঢেঁকীপাৰা গাঁৱত থকা ঢেঁকীপাৰা প্ৰাথমিক বিদ্যালয় । সৰুকালৰ পৰাই সংগঠকৰ ভূমিকা লোৱা মানুহজন ৭ জনীয়া দলৰ দলপতি আছিল । দলটোৰ আন আন সদস্যসকল আছিল -- সর্বশ্ৰী তৰুণ চহৰীয়া , ঠগীৰাম চহৰীয়া , কমলা মেধী , নিৰন নাথ , দণ্ডীৰাম নাথ , কেশৱ নাথ  আৰু ৰবিৰাম নাথ । ইয়াৰে ভিতৰত সকলোতকৈ সৰু আছিল তেওঁ , কিন্তু দলটোৰ দলপতি । এই দলটোৰ লগতেই আৰম্ভ হৈছিল জীৱন জীয়াই থকাৰ আখৰা । নাচ-গান , কুইজ , অভিনয় , খেল-ধেমালি , সকলোবোৰ মানুহজনৰ পৰিচালনাতেই গাওঁখনত ৰজন জনাই আছিল । ‘সাগৰখনিৰ সীমা তাৰ পৰাই আৰম্ভণি , ঢৌ খেলি আগুৱাই , আকাশৰ নীলিমত যেন বিলীন । "

শিক্ষা জীৱন -
        আনুমানিক ১৯৬৭ চনত ঢেঁকীপাৰা প্ৰথামিক বিদ্যালয়ত তেখেতে শিক্ষা জীৱনৰ প্ৰথম খোজ দিয়ে। ' ক ' শ্ৰেণীৰ পৰা ' তৃতীয়' শ্ৰেণীলৈ অধ্যয়ন কৰাৰ পিছত পকাদলী উচ্চ মাধ্যমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়ালৈকে ১৯৭০ চনৰ পৰা ১৯৭৭ চনলৈ অধ্যয়ন কৰে । ১৯৭৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে বিজ্ঞান শাখাত নামভৰ্তি কৰে গুৱাহাটীৰ এখনি আগশাৰীৰ মহাবিদ্যালয় আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত । ১৯৭৯ চনত P.U. পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে ঘৰলৈ উভতি আহে ।
১৯৭৯ চনৰ অসম আন্দোলনৰ বাবে প্ৰায় দুবছৰকাল ঘৰতে থাকিবলগীয়া হয় ।
আন্দোলন কিছু শাম কটাত ১৯৮১ চনত মঙ্গলদৈ কলেজত পদাৰ্থ বিজ্ঞান বিভাগত মেজৰ লৈ ১৯৮৩ চনত স্নাতক ডিগ্ৰী লাভ কৰে । তাৰপিছত ১৯৮৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগত নামভৰ্তি কৰিছিল যদিও আন্দোলনৰ সময়ছোৱাত পঢ়া হোৱা নাছিল বাবে ২ বছৰীয়া পাঠ্যক্ৰম ৪ বছৰ পঢ়িবলগীয়া হৈছিল । যাৰ ফলত ১৯৮৭ চনতহে পদাৰ্থ বিজ্ঞানত এম.এচ.চি ডিগ্ৰী ল’বলৈ সক্ষম হয় । জ্ঞানপিপাসু মানুহজন যেতিয়াই পদাৰ্থ বিজ্ঞানৰ পাঠ ল’বলৈ শ্ৰেণীকোঠালৈ গৈছিল ৰাস্তাত আইন বিষয়ৰ পাঠদান সদায় দেখি-শুনি মনত এটা আশা পুহি ৰাখিছিল LLB কৰাৰ ।  ভবা মতেই কাম - এম.এচ.চি ডিগ্ৰী লোৱাৰ পিছত ১৯৮৭ চনৰ শেষৰ ফালে তেখেতে ওকালতি পাঠ্যক্ৰমত (LLB) নামভৰ্ত্তি কৰে আৰু ১৯৮৯ চনত তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হয় ।
         ১৯৮৭ চনৰ কথা - অসমত তেতিয়া অসম গণ পৰিষদ দলৰ চৰকাৰৰ শাসন চলিছিল । চৰকাৰৰ এক পদক্ষেপ অনুসৰি অসমৰ বিভিন্ন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেইটামান বিশেষ বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰী চাকৰিত নিয়োগ কৰাৰ ব্যৱস্থা কৰা হৈছিল । হোষ্টেলৰ অইন ল'ৰাৰ নিচিনা তেখেতেও আবেদন পত্ৰ পূৰ কৰিছিল । আবেদন অনুযায়ী প্ৰথমবাৰ বিষয় শিক্ষক হিচাপে তেওঁৰ নিযুক্তি পত্ৰ তেজপুৰ হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নামত আহিছিল ৷ কিন্তু ঘৰৰ পৰা দূৰ হোৱা বাবে তেখেতে সেয়া প্ৰত্যাখ্যান কৰে । বিষয় শিক্ষক হিচাপে ২য় বাৰো গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নামত আহিছিল যদিও পুনৰাই তেওঁ নাকচ কৰিলে । অৱশেষত ১৯৮৭ চনত তৃতীয় বাৰৰ বাবে অহা নিয়োগ পত্ৰ অনুযায়ী ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে যোগদান কৰে ।
         ১৯৯০ চনৰ কথা - ১৯৯০ চনৰ মাৰ্চ মাহত বদলি সূত্ৰে কামৰূপ জিলাৰ হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে যোগদান কৰে । সমসাময়িকভাৱে চান্দমাৰী ৰাজ্যমালা ডেকা ইনষ্টিটিউট অৱ এডুকেশ্বনত B.Ed ডিগ্ৰীৰ বাবে নামভৰ্তি কৰে । একে সময়তে হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ত সাময়িকী প্ৰবক্তা হিচাপে যোগদান কৰে ।
( আগলৈ )

নৱ কুমাৰ নাথ l
সহঃ শিক্ষক ,
বকো মজলীয়া বিদ্যালয় l
শিক্ষাখণ্ড বকো l

Post a Comment

0 Comments