শৰতৰ ৰং
শৰতৰ আগমনত শ্যামলী হয় প্ৰকৃতিৰ বৰণ
ৰিব্ ৰিব্ মলয়াই শাত পেলাই দেহ-মন ৷
সন্ধিয়াৰ নিৰ্মল আকাশত অলেখ তৰাৰ সমাহাৰ
মাজত চন্দ্ৰমাৰ মিচিকিয়া হাঁহি
শুভ্ৰতাৰ এক বৰ্ণিল চিক্মিকনি
কোন তুমি সৰগৰ পৰী ?
আকাশত এজাক বিহঙ্গৰ মুক্ত বিচৰণ
তলত স্বচ্ছ নীলাভ জলৰাশি
তটিনীৰ পাৰে পাৰে কহুঁৱাই
নাচে প্ৰাণঢালি ৷
ৰাতি সৰা শেৱালিয়ে সেউজী ঘাহঁনিত
শুভ্ৰ দলিচা পাৰে ,
নিশা নিয়ৰৰ টুপ-টুপ শব্দই
বিষাদৰ টোপনি ভাঙে ৷
পুৱা অৰুণৰ হেঙুলী আভাই
দুৱৰিৰ আগত নিয়ৰৰ মুকুতা আঁৰে ,
কুসুমৰ সুৱাসত গুণ্ গুণ্ ভোমোৰাই
মধুৰ গুঞ্জন তোলে ৷
পাহাৰীয়া জুৰিটিৰ কুলু -কুলু শব্দত
সুৰৰ ঝঙ্কাৰ উঠে ,
প্ৰকৃতিৰ এনেহেন মোহনীয়া ৰূপে
মৰতত সৰগ ৰঁচে ৷
শ্ৰী শেৱালী বৈশ্য
প্ৰধান শিক্ষয়িত্ৰী
শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয় ৷


0 Comments