নষ্ট শৈশৱ , নষ্ট সমাজত শিক্ষা– আশা আৰু নিৰাশা
কথা আৰম্ভ কৰোঁ Adolescence (এড’লছেঞ্চ) ৰে— যিখন ব্ৰিটিছ টিভি ছিৰিজে বৰ্তমান জোকাৰিছে সমগ্ৰ বিশ্বৰ চিনেপ্ৰেমী আলোচক-সমালোচকক আৰু যিয়ে বাধ্য কৰাইছে সমসাময়িক সমাজক নিজক প্ৰশ্ন কৰিবলৈ– আমি ক’ত ভুল কৰি পেলালোঁ ? Adolescent টিভি চিৰিজখনৰ কেন্দ্ৰীয় চৰিত্ৰ মাত্ৰ তেৰটা বসন্ত অতিক্ৰম কৰা কিশোৰ জেমী , যি নিজৰেই সহপাঠী কেটীৰ হত্যাত অভিযুক্ত । জেমী অৱধাৰিতভাৱে পুলিচী জিম্মাত । জেমীৰ পৰিয়ালত মাক-দেউতাক-বায়েক । পুলিচে পুৱা বিচনাৰ পৰাই এৰেষ্ট কৰি লৈ যোৱা জেমীৰ পৰিয়াল মূহুৰ্ততে থান-বান হৈ পৰিছে– মানসিক আৰু সামাজিকভাৱে । পুলিচী জিম্মাত জেমীৰ যতন লোৱা হৈছে এগৰাকী নাবালক হিচাপে ৷ ডিটেনশ্বন কেম্পত সাতমাহ কটোৱাৰ পাছত অপৰাধৰ গুৰি গোষ্ঠী জানিবলৈ,জেমীৰ চৰিত্ৰক পুংখানুপুংখভাৱে অস্ত্ৰোপচাৰ কৰি চাবলৈ জেমীৰ ওচৰলৈ অহা মনোৰোগ বিশেষজ্ঞৰ সন্মুখত জেমীৰ কিছু ঔদ্ধত্য , স্পৰ্ধা আৰু কিছু নিশ্চয়তাৰে ভৰা এষাৰ কথা - “মই একো ভুল কৰা নাই !” মগজু জোকাৰি যাব পৰাকৈ চিনেমেটিক নিপুণতাৰে ভৰপূৰ ছিৰিজটোৰ অন্তত প্ৰতিজন প্ৰাপ্তবয়স্কই জেমীৰ দেউতাক এডিৰ দৰে নিজক সুধিবলৈ বাধ্য হৈছে একেটাই প্ৰশ্ন- “আমি কি সমাজ গঢ়িলো ? কোনদিশে আমাৰ উত্তৰপ্ৰজন্ম ? ভুল ক’ত ?”
ছিৰিজটোৰ চিনেমেটিক আলোচনা সদ্যহতে থাকক , কিন্তু এড’লছেঞ্চৰ অৱতাৰণা লিখাটোৰ আৰম্ভণিতে এইবাবেই কৰিব লগা হ’ল যে আমি কৰ্মক্ষেত্ৰত মুখামুখি হৈ থকা মৰমলগা মুখবোৰো এই একেটা বয়স অথবা ইয়াৰ আশে-পাশে । কৈশোৰ শৈশৱকেন্দ্ৰিক অপৰাধৰ মুখামুখি হোৱাটো কৰ্মস্থলীত নিত্যান্তই স্বাভাৱিক ৷ জেমীৰ চৰিত্ৰ , জেমীৰ মানসিক অৱক্ষয়ক পুংখানুপুংখভাৱে জানিবলৈ আমি বহু বেছিদূৰলৈ যাব নালাগে ।
অন্য দুটিমান কথাও প্ৰাসংগিক বুলি ভাৱি উল্লেখ কৰা যাওঁক।
. ‘ক’ নামৰ পঞ্চমমানত পঢ়া শিশুটি বিদ্যালয়ত ভালেকেইদিন অনুপস্থিত । ইতিমধ্যে প্ৰায় এটা মাহ পাছত বিদ্যালয়লৈ অহা শিশুটিক শ্ৰেণীশিক্ষকে কাৰণ সোধাত শিশুটি মনে মনে ৰ'ল ৷ চাৰি-পাঁচ মিনিটৰ নেৰানেপেৰা চেষ্টাৰ মূৰত তাৰ মুখেৰে মাত ওলাল –
: দেউতাৰ লগত বেপাৰলৈ গৈছিলোঁ ।
: ক’লৈ ?
: উজনিলৈ ।
: তুমি বেপাৰলৈ যাব পৰা হৈছা জানো ?
: পাৰোঁ । বেলেগ মানুহ লগত নিলে দিনে ২০০টকাকৈ দিব লাগে ৷
________
বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ সময় । ল’ৰা-ছোৱালীবোৰে হাত ধুই শাৰী পাতি বহিছে । হৈ হাল্লাৰ মাজতে দেখা গ’ল , ল’ৰা-ছোৱালীজাকৰ পৰা কিছু নিলগত এজন ছাত্ৰ আমন জিমনকৈ থিয় দি আছে ৷ শিশুটি ঘাটমাউৰা । স্বভাৱতে শিশুটি কম কথকী ৷ হাতবাউল দি মাতিলত ছাত্ৰজন আহিল ৷
: ভাত নোখোৱা ?
মুখৰ মাত নোলাব বুলি জানি ৰান্ধনিক তলব কৰা হ’ল ৷ ৰান্ধনীৰ মুখেৰে শুনা কাহিনীটো এনেধৰণৰ– মাক-দেউতাক কেও কিছু নোহোৱা ল'ৰাজন ককাক আইতাকৰ লগত থাকে । দুয়োগৰাকীৰ বয়স ৭০ৰ আশেপাশে হ’ব । ককাক প্ৰায় শয্যাশায়ী । আইতাকে দুই এঘৰত কাম কৰি পোৱা পইচা আৰু কিবাকিবি চৰকাৰী আঁচনিৰে ঘৰখন চলাই থাকে । যোৱা কেইদিনমানৰ পৰা আইতাকৰো গা বেয়া হেতু বৰ্তমান এসাঁজ খাই আনসাঁজ লঘোনে গৈছে ৷ ল'ৰাটোৰ ভাগত দুপৰীয়া বিদ্যালয়লৈ ভাত আহে বুলি আইতাকে জানে । সি গোটেইখিনি খাব নোৱাৰে । গতিকে তাৰ মধ্যাহ্ন ভোজনৰ সাঁজটো (ৰান্ধনিয়ে উপযাচি দিয়া দুই এহেতা বেছি জোখেৰে) আইতাকে ঘৰলৈ লৈ যায় । নাতিয়েক স্কুলৰ পৰা যোৱাৰ পাছত তিনিওটাই দুপৰীয়াৰ সেই সাঁজটো একেলগে খায় ৷ সেইগতিকে ল'ৰাজনে বিদ্যালয়ত মধ্যাহ্ন ভোজন নাখায় ৷
শিশুটিৰ মনযোগ খুব কম ৷ বয়স যদিও দহৰ ওচৰা ওচৰি শিশুটিয়ে এতিয়ালৈ বৰ্ণমালাখন ভালকৈ চিনি নাপায় । প্ৰথমমানত শিকিব লগা বৰ্ণবোধ শিশুটিৰ চতুৰ্থমানলৈ অহা নাই । শ্ৰেণীকোঠাৰ বাকী ২২টি শিশুৰ বাবে বেলেগ আৰু এই শিশুটিৰ বাবে সম্পূৰ্ণ বেলেগকৈ পাঠ পৰিকল্পনা প্ৰস্তুত কৰিব লগা হ’ল । তাৰ পাছতো পয়মালটো হ’ল , যেতিয়া শিশুটি এমাহত দুই তিনিদিনহে বিদ্যালয়ত দেখা দিয়ে । কাৰণ ? নতুনকৈ জন্মা ভায়েকটোৰ সৈতে নিজতকৈ সৰু দুটা ভায়েকক চম্ভালি ৰাখিবলৈ মাক অকলে সক্ষম নহয় ! গতিকে বায়েকে বিদ্যালয় ক্ষতি কৰি ভায়েকক লালন পালন কৰে , ঘৰ চম্ভালে । বিদ্যালয়ৰ পৰা ঘৰলৈ শিক্ষকৰ দল গ'ল । মাক-দেউতাক নাচোৰবান্দা- ভায়েকক এৰি বায়েক সদ্যহতে বিদ্যালয় আহিব নোৱাৰে । ঘৰৰ কাম নকৰিলে,দায়িত্ব পালন কৰিব নাজানিলে ছোৱালী এগৰাকী নিপুণ (?) হ’ব কেনেকৈ ? লিংগ সচেতনতা , লিংগ বৈষম্যৰ কথা সুদূৰ পৰাহত !
উল্লিখিত কাহিনীকেইটা পাঠকে সদ্যহতে বাস্তৱ আৰু কল্পনাৰ সংমিশ্ৰণ বুলিয়েই ধৰি থওঁক । কাৰণ যিয়েই নহওঁক , অপৰাধ অথবা বাধ্যবাধকতা যিয়েই হওঁক , কোনো সমাজনৈতিক বা ৰাজনৈতিক আৰু শিক্ষা সম্পৰ্কীয় থিয়ৰীলৈ নগৈ আমি বিহংগম দৃষ্টিৰে গোটেইকেইটা কাহিনীত প্ৰাথমিকভাৱে দেখা পোৱা কথাটোৱেই হ’ব- নষ্ট শৈশৱ/নষ্ট কৈশোৰ ।
শিশু , শিক্ষা আৰু শিক্ষক-সমাজৰ এই গুৰুত্বপূৰ্ণ দিশকেইটা জুকিয়াই চাবলৈ যাওঁতে আদিতেই আলোচনাৰ বিষয় হ’ব আন তিনিটা দিশ —শৈশৱ , শিক্ষণ আৰু শৈক্ষিক পৰিৱেশ । শৈশৱত আৰম্ভ হোৱা শিকন প্ৰক্ৰিয়াটো চলি থাকে জীৱনভৰ । শিকন বোলোতে ইয়াত বৰ্ণবোধ আৰু পাঠভিত্তিক প্ৰক্ৰিয়াটোকে সামৰি লোৱা হোৱা নাই , শিশুৰ উচিত মানসিক আৰু শাৰীৰিক বিকাশ অবিহনে পাঠভিত্তিক শিকন কেতিয়াও সম্ভৱ নহয় ৷ কৰ্মসূত্ৰে সমাজৰ বিভিন্ন বৰ্গ তথা বিভিন্ন ক্ষেত্ৰৰ শিশু , কিশোৰ আৰু অভিভাৱকক লগ পোৱা যায় । কাজেই তেওঁলোকৰ মানসিক জগতখনৰ লগতো কম বেছি পৰিমানে চিনাকী হোৱা যায় ৷ শিশুৰ শৈশৱ আলোচনাৰ আওতালৈ আহোতেই পোনপ্ৰথমে অপ্ৰিয় সত্য এটা কৈ লোৱাটো উচিত হ’ব- অভিভাৱকৰ সন্তান জন্ম দিয়াৰ মানসিক প্ৰস্তুতি আৰু সঠিক পৰিৱেশ অবিহনেই ভাৰতীয় সমাজৰ সৰহসংখ্যক শিশুৰ জন্ম হয় । গতিকে আজিৰ প্ৰেক্ষাপটত শিশু , শৈশৱ আৰু শিক্ষাৰ বিষয়ে আলোচনা কৰোতে নিৰপেক্ষ দৃষ্টিভংগীৰে আমি মনত এই কথাটো বহুৱাই লোৱাটো জৰুৰী ৷
শিক্ষা ব্যৱস্থাত অভিভাৱকৰ ভূমিকা আমি আগতেই উনুকিয়াইছোঁ । সন্তান অভিভাৱকৰ সম্পত্তি নহয় —এই কথাটোৰ গূঢ়াৰ্থ নুবুজাৰ পয়মালতেই শিশুৰ মানসিক চৰিত্ৰ গঠন আৰু পাৰিৱেশিক সুস্বাস্থ্য সঠিককৈ গঢ় লৈ নুঠে । শিশুৰ শৈশৱ যেতিয়া নষ্ট হৈ উঠে , পাছৰ কালছোৱা তাক শুধৰোৱাৰ গুৰুদায়িত্ব শিশুটিৱে নিজেই ল’বলগীয়া হয় , ফলত সৃষ্টি হয় শংকিত-ব্যথিত-ক্ষোভিত যুৱচামৰ । গ্ৰাম্য অথবা চহৰ বুলি এই ভূমিকা আৰু চৰিত্ৰৰ কোনো বিশেষ বৈসাদৃশ্য নাথাকে । ক’বলৈ আৰু লিখিবলৈ বেয়া— কিন্তু ভাৰতীয় অভিভাৱকৰ কৌশলগতভাৱে সন্তানক নিয়ন্ত্ৰণ কৰিব খোজা চৰিত্ৰ , অপমানজনক ব্যৱহাৰ , মালিকানা সদৃশ ব্যক্তিত্ব , অতিমাত্ৰা প্ৰত্যাশা ইত্যাদিয়ে কেতিয়াও শিশুটিৰ মানসিক সুস্বাস্থ্য দৃঢ়তো নকৰেই , বৰঞ্চ ভৱিষ্যতলৈ সুনাগৰিক আৰু মানুহ হোৱাৰ বাটত নজনাকৈয়ে বাধাৰূপেহে থিয় দিয়ে । অধিকসংখ্যক অভিভাৱক আকৌ শিশুৰ মানসিক স্বাস্থ্য বুলিও যে কিবা এটা থাকে , শিশুটিও নিজস্ব সন্মানৰ গৰাকী , তাকে মানি লবলৈ প্ৰস্তুত নহয় । সমীক্ষাই কয় যে , বিংশ শতিকাৰ শিশু আটাইতকৈ বেছি সংবেদনশীল । এই আটাইবোৰ কাৰণৰ বাবেই সাতে পাঁচে মিলি কেতিয়াবা বহু অমায়িক শিশুৱেও এনেকুৱা কাণ্ড কিছুমান ঘটাই দিয়ে , যাৰ সহজ ব্যাখা পাবলৈ টান । পৃথিৱীৰ প্ৰায়বোৰ দেশতেই আজিকালি বিদ্যালয়সমূহত বিনামূলীয়া কাউন্সেলিঙৰ ব্যৱস্থা আছে । অন্তঃকৰণেৰে বিশ্বাস কৰোঁ , আমাৰ সমাজ আৰু চৰকাৰী বিদ্যালয়বোৰতো তেনে এক ব্যৱস্থাৰ প্ৰয়োজন অচিৰেই হ’ব , কেৱলমাত্ৰ শিশুৰ বাবে নহয় , অভিভাৱকৰ বাবেও । অৱশ্যে যেতিয়ালৈ শিক্ষকে শিক্ষাদানৰ বাহিৰেও নিজকে কেৰাণী , দাটা অপাৰেটৰৰ পৰা আৰম্ভ কৰি অভিভাৱক , সম্প্ৰদায় সকলোৰে কাউন্সেলিঙৰ দায়িত্ব পৰ্যন্ত লৈ থাকিব লগীয়া হ’ব , তেতিয়ালৈ শিক্ষা ব্যৱস্থাৰ ঢাক-ঢোল কেৱলমাত্ৰ কাগজে পত্ৰইহে থাকিব ।
অসমৰ শিক্ষাব্যৱস্থা আৰু চৰকাৰী শিক্ষাখণ্ডক যদি গোটে গোটে দুই ভাগত ভগাব লগীয়া হয় , তেনেহলে দুটা খণ্ডই জলজল পটপটকৈ চকুত পৰিব । ২০১২ত টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ নিযুক্তিৰ আগৰছোৱা আৰু পাছৰছোৱাকাল । তেতিয়া বা এতিয়াও এইসকল প্ৰাৰ্থীক টেট্ টেট্নী বুলি হঁহাসকলেও এই কথা নুই কৰিব নোৱাৰে । এইসকল শিক্ষকক অকল শিক্ষক বুলিবলৈ আমাৰ সত্ নাযায় । বহু ভিতৰুৱা গাঁৱত এওঁলোকে শিক্ষাদানৰ বাহিৰেও অন্য বহুধৰণেই সমাজ শুধৰোৱা অথবা উন্নীতকৰণৰ কামত নিজকে নিয়োজিত কৰাই ৰাখিছে । একেবাৰে তৃণমূল পৰ্যায়ত কৰা কামখিনি বাদ দিলেও এওঁলোকে সামগ্ৰিকভাৱে সাধাৰণ মানুহৰ মাজত সোমাই পৰি শিক্ষা , শিক্ষণ আৰু শৈক্ষিক পৰিৱেশৰ যিটো পৰিৱৰ্তন আৰু উন্নয়নৰ ধাৰা বোৱাবলৈ সক্ষম হৈছিল , তাক চৰকাৰী শিক্ষাব্যৱস্থাৰ এক মাইলৰ খুঁটি বুলিয়েই গণ্য কৰা যাব । আৰ্থ সামাজিক আৰু ধৰ্মীয় , বৰ্গীয় ইত্যাদি বিভিন্ন প্ৰত্যাহ্বানবোৰ নেওচি চৰকাৰী শিক্ষাৰ মসৃণ বাট এটা এওঁলোকে বান্ধিছেই , প্ৰয়োজনমাত্ৰ শাসকবৰ্গ আৰু চৰকাৰী ব্যৱস্থাৰ সূক্ষ্মতকৈও সূক্ষ্ম নিখুঁত পৰিচালনা আৰু সদিচ্ছাৰ ।
ভাল লগা কথা এটাৰে লিখাটো সামৰোঁ । অসমীয়া মাধ্যম , শিক্ষানীতিৰ বিতৰ্ক আৰু মন্ত্ৰী পাৰিষদৰ শিক্ষকক লৈ কৰা ৰাজনীতিৰ মেৰপেকবোৰৰ মাজতে নেদেখাকৈ , নজনাকৈ ঢাক খাই যোৱা খবৰ কিছুমান আমাৰ বাবে আশাপ্ৰদ । কৰ্মসূত্ৰে চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয় এখনত কিছুবছৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিলোঁ। আশে-পাশে থকা বহুকেইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাজতো সেই বিদ্যালয়ত এতিয়াও নামভৰ্তিৰ বাবে বাচনি পৰীক্ষা পতা হয় । নামভৰ্তিৰ দুমাহ আগৰ পৰাই প্ৰপত্ৰ পূৰণৰ পৰিৱেশ , শিক্ষাদান ব্যৱস্থা তথা গুৰু-শিষ্য-অভিভাৱকৰ আন্তৰিক সম্পৰ্কৰ যি আদৰ্শ সেই বিদ্যালয়ে দেখুৱাইছে , সি সঁচাকৈয়ে অনুকৰণীয় । তাত বিদ্যালয়ৰ শিক্ষকৰ সমানেই আছে স্থানীয় ৰাইজ আৰু সম্প্ৰদায়ৰ অৱদান । ২০১৪ বৰ্ষতেই এশ বছৰ গৰকা বিদ্যালয়খন হৈছে '৬৮নং খয়ৰুদ্দিন আদৰ্শ প্ৰাথমিক বিদ্যালয়, ধূপধৰা '। অৱশ্যে চৰকাৰী সিদ্ধান্ত আৰু একত্ৰীকৰণৰ মেৰপেচত সেইসময়ত প্ৰায় ৫০০ ছাত্ৰ-ছাত্ৰীৰ বিদ্যাৰ স্থলী বিদ্যালয়খনো ৰহস্যজনকভাৱে পাছত ধূপধৰা হাইস্কুলত চামিল হৈ গ'ল ।
কিন্তু, ওপৰত উল্লেখিত ফলাফল এদিনৰ অথবা এজন মাত্ৰ ব্যক্তি বিশেষৰ বাবে সম্ভৱ নহয় । সঠিক সামাজিক পৰিকাঠামো অবিহনে এই লক্ষ্য কোনোকালে সফল কৰি তোলা সম্ভৱ নহয় – এই কথা মনৰ আগচোতালত ৰাখিলেহে আমি হয়তো সফলতাৰ চিৰি বগাবলৈ সাহস কৰিব পাৰিম । ই তেতিয়াহে সম্ভৱ যেতিয়া শিক্ষকৰ সমানেই স্থানীয় লোক আৰু অভিভাৱকেও স্ব-সমালোচনাৰ মাজেৰে সমাজৰ ঘুণে ধৰা অংশ বুজি লৈ তাৰ প্ৰতিকাৰ হিচাপে শিকন-শিক্ষণ প্ৰক্ৰিয়াত জড়িত হৈ পৰিব আৰু সমাজৰ উত্তৰোত্তৰ উন্নতিৰ কামনাৰে বৰ্গীয় , ধৰ্মীয় চেতনাৰ বাহিৰলৈ আহি প্ৰতিগৰাকী শিশু অথবা উত্তৰ প্ৰজন্মৰ বাবে তৈয়াৰ কৰিবলৈ ল’ব এক সুন্দৰ , নিৰাপদ আৰু আশাৰ পৰিৱেশ ।
প্ৰিয়ংকা দাস
সহ: শিক্ষয়িত্ৰী
হাজো ভি.পি কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড--হাজো
0 Comments