সাক্ষাৎকাৰঃ
গ্ৰীষ্মবন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ বিভিন্ন ঠাইত আৰম্ভ হোৱা কৰ্মশালাসমূহৰ দৰে উত্তৰ গুৱাহাটীস্থিত ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা পিংকুমণি চৌধুৰী বাইদেউৰ নেতৃত্বত তিনিদিনীয়াকৈ মহাবিদ্যালয়খনৰ প্ৰাঙ্গণত যোৱা ৫ /০৮/২৫ ইং তাৰিখৰ পৰা ৭/০৮/২৫ ইং তাৰিখলৈ সুকনানী মহিলা ওজাপালি কৰ্মশালা আয়োজন কৰা হয় ৷ কৰ্মশালাখনিত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে পদ্মশ্ৰী বঁটা প্ৰাপক গুৰু দ্ৰোণ ভূঞাদেৱ ৷ এই সুযোগতে শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ উদ্যোগত প্ৰকাশিত হৈ অহা ই-আলোচনী জ্ঞানমত তেখেতৰ এটি সাক্ষাৎকাৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে প্ৰকাশ কৰাৰ কথা উল্লেখ কৰাত তেখেতে ইতিবাচক সহাঁৰিৰে সাক্ষাৎকাৰটি প্ৰদান কৰে ৷ তলত সাক্ষাৎকাৰটিৰ সম্পাদিত ৰূপ পাঠকসকললৈ বুলি আগবঢ়াই দিলোঁ ৷
১নং প্ৰশ্নঃ 'ওজাপালি' অসমৰ এক পৰম্পৰাগত লোকনৃত্য । ওজাপালি পৰিবেশন কৰোঁতে গোৱা গীতসমূহৰ বিষয়বস্তু সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিছোঁ ।
উ:- পোন প্ৰথমে মই জ্ঞানম ই-আলোচনীৰ সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ ৷
ওজাপালি পৰিৱেশন কৰোঁতে গোৱা গীতসমূহৰ বিষয়বস্তু কিছু সুকীয়া ৷ সুকনানী ওজাপালিয়ে বিশেষকৈ সুকবি নাৰায়নদেৱৰ দ্বাৰা ৰচিত ‘পদ্মা পুৰাণ’ৰ গীতসমূহ পৰিৱেশন কৰে আৰু ব্যাস সংগীত ওজাপালিয়ে ৰামায়ণ , মহাভাৰত আৰু পুৰাণৰ পদসমূহ পৰিৱেশন কৰে । সুকনানী ওজাপালিত বেউলা-লক্ষীন্দাৰৰ কাহিনীৰ উপৰিও মনসা পূজাৰ বিভিন্ন দিশ সম্পৰ্কে উপস্থাপন কৰা হয় ।
২নং প্ৰশ্নঃ ওজাপালিৰ পৰিবেশন শৈলী কিছু সুকীয়া । এই বিষয়ে অকণমান জনাব নেকি ?
উ:- ওজাপালিৰ পৰিৱেশন শৈলী আন নৃত্য -গীতৰ তুলনাত কিছু সুকীয়া ৷ ওজাপালিয়ে কোনো কাহিনীক নৃত্য , গীত , অভিনয় আৰু কথোপকথনৰ যোগেদি দৰ্শকৰ মাজত সুন্দৰকৈ ফুটাই তোলে ৷ কথোপকথনৰ মাজত দাইনা পালিজনে কিছু খুহুতীয়া কথাৰে দৰ্শকসকলৰ মাজত হাস্যৰসৰ সৃষ্টি কৰে । এক কথাত ক'বলৈ গ'লে ওজাপালি হৈছে পৰম্পৰাগত পৰিৱেশ্য কলাৰ এক অৰ্ধ নাটকীয় ৰূপ । ইয়াত দাইনা পালি জন হৈছে ওজাজনৰ সোঁ-হাত স্বৰূপ ।
৩নং প্ৰশ্নঃ সুকনানী ওজাপালি কি ? আপুনি কেনেধৰণে সুকনানী ওজাপালিৰ লগত জড়িত হৈ পৰিল ?
উঃ- পৰম্পৰাগত পৰিৱেশ্য কলাৰ এটি আপুৰুগীয়া সম্পদ হৈছে সুকনানী ওজাপালি । এইবিধ ওজাপালি বিশেষকৈ মনসা পূজা , দূৰ্গা পূজা , সৰস্বতী পূজা , লক্ষী পূজা , কালি পূজা ইত্যাদি সকলো পূজাপাৰ্বণৰ লেখীয়া বিষয়সমূহৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ।
মই এইক্ষেত্ৰত কেনেধৰণে জড়িত হ'লো সেই সম্পৰ্কে ক'বলৈ গ'লে এটি দীঘলীয়া অধ্যায় হ'ব । আমাৰ ঘৰত সৰুৰে পৰাই মই এটি সাংস্কৃতিক পৰিবেশৰ মাজত ডাঙৰ-দীঘল হৈছিলোঁ ৷ কাৰণ মোৰ পিতা যাত্ৰা পাৰ্টীৰ পৰিচালক আছিল । প্ৰথমাৱস্থাত মই পিতাৰ সৈতে সমাজত দুই এখন নাটক কৰি ৰাইজৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হওঁ । তাৰ পাছত লাহে লাহে মোৰ মনটো ওজাপালিৰ প্ৰতি ধাৱিত হ'ল । ইয়াৰ কাৰণটো হৈছে আমাৰ গাঁৱৰ নামঘৰত সংগীত নাটক অকাডেমী বঁটা প্ৰাপক মোৰ গুৰু শ্ৰদ্ধাৰ প্ৰয়াত ললিত চন্দ্ৰ নাথ ওজাদেৱৰ দলটিয়ে তাত ওজাপালি পৰিৱেশন কৰি আছিলোঁ । তাত মোৰ পিতা আৰু মইও তেখেতসকলৰ ওজাপালিৰ পৰিৱেশন অতি মনোযোগেৰে চাই আছিলোঁ । মই একান্ত মনেৰে ওজাপালি চাই থকা দেখি ঘৰত আহি পিতাই মোক সুধিলে ,"তই ওজাপালি শিকিবি নেকি ?” মই শিকিম বুলি একেষাৰতে পিতাক উত্তৰ দিলোঁ । তাৰ পিছত পিতাই মোক গুৰু ললিত চন্দ্ৰ নাথ ওজাদেৱৰ হাতত গতাই দিলে । এনেদৰেই মোৰ ওজাপালি যাত্ৰাৰ আৰম্ভণি হৈছিল । তাৰ পিছত মই প্ৰয়াত চন্দ্ৰকান্ত নাথ ওজাদেৱৰ দলত জড়িত হৈ বিভিন্ন প্ৰান্তত ওজাপালি পৰিৱেশন কৰি ৰাইজৰ পৰা সমাদৰ বুটলিবলৈ সক্ষম হৈছিলোঁ । মোৰ ঢোলৰ গুৰু সংগীত নাটক অকাডেমী বঁটা প্ৰাপক প্ৰয়াত কিনাৰাম নাথ দেৱ , খুটি তালৰ গুৰু শ্ৰদ্ধাৰ শশীন্দ্ৰ ডেকা দেৱ । সুকনানী ওজাপালিৰ এই জয়যাত্ৰাত মই মোৰ গুৰু সকলক আজিও শ্ৰদ্ধাৰে সোঁৱৰো ।
৪ নং প্ৰশ্নঃ 'দেওধনী নৃত্য'ৰ বিষয়ে আমাৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলক আভাস এটা দিব নেকি ?
উ:- অসমৰ পৰম্পৰাগত পৰিৱেশ্য কলাৰ এক অবিচ্ছেদ্য অংগ হৈছে ‘দেওধনী নৃত্য’। সুকনানী ওজাপালিৰ সৈতে এই নৃত্য ওতঃপ্ৰোতভাৱে জড়িত । দেওধনী শব্দটোৰ অৰ্থ প্ৰসংগত বিভিন্নজন পণ্ডিতে বিভিন্ন ধৰণে মত পোষণ কৰা দেখা যায় । মহেশ্বৰ নেওগৰ মতে দেওধনী শব্দটো মূলতঃ দুটা শব্দৰ পৰা হৈছে । শব্দ দুটা হ'ল দেৱ আৰু ধ্বনি ৷ দেৱ শব্দৰ অৰ্থ হ'ল ভগৱান আৰু ধ্বনি মানে নাৰী । আনহাতে সংস্কৃত ভাষাত ভগৱান বুজোৱা দেৱ আৰু শব্দ বুজোৱা ধ্বনিৰ পৰা দেওধনীৰ উৎপত্তি হৈছে বুলি বহুতে মত পোষণ কৰে । এক কথাত ক'বলৈ গ'লে দেওধনী শব্দৰ অৰ্থ হৈছে ভগৱান বা দেৱতাৰ শব্দ বা কথা । আনহাতে আখ্যান মতে দেওধনী শব্দটোৰ অৰ্থ বেলেগ । ইয়াৰ গোটেই কাহিনীটো ক'বলৈ গ'লে এটি দীঘলীয়া অধ্যায় হ'ব । গতিকে থূলমূলকৈ মই স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই নৃত্যটিৰ বিষয়ে সংক্ষিপ্ত আভাস এটি দিবলৈ যত্ন কৰিছোঁ ৷ চান্দ সদাগৰৰ সাতজন পুত্ৰ আছিল ৷ তেখেতসকলৰ নাম আছিল ক্ৰমে শ্ৰীকৰ , শ্ৰীধৰ , গুৱাকৰ , শশধৰ , দূৰ্গাবৰ , মধুকৰ আৰু শেষ পুত্ৰ লক্ষীন্দৰ । সদাগৰৰ ছয়জন পুত্ৰৰ বিয়েই (বিয়া) ৰাতিৰ দিনাই এজন এজনকৈ মৃত্যু হোৱাত একেবাৰে শেষৰজন পুত্ৰ লক্ষীন্দৰক বেউলাৰ সৈতে বিয়া কৰোৱাই এটা মেৰঘৰ বান্ধি তাত থ'লে । পদ্মাৰ চলনাৰ বলি হৈ কেশাই-কমাৰ মিস্ত্ৰীয়ে মেৰঘৰটোত এটা সৰুকৈ ছিদ্ৰ ৰাখিছিল যাতে বিধিৰ লিখন মতে কালিনাগে বিয়েই (বিয়াৰ)ৰাতিৰ দিনাই লক্ষীন্দৰক দংশিব পাৰে । ইয়াৰ মাজত আৰু বহুতো কথা সোমাই আছে । এনেকৈ সৰ্পদংশনত লক্ষীন্দৰৰ মৃত্যু হোৱাত বেউলাই সাতডাল কলৰ ভেল (ভুৰ)সাজি চৰী-বৈঠা নোহোৱাকৈ গুঞ্জৰী সাগৰৰ মাজেৰে উজিয়াই (উজাই) ভুৰ লৈ গৈ দেৱপুৰীত উপস্থিত হয়গৈ । তেতিয়া শিৱ আৰু তেত্ৰিশ কৌটি দেৱতাৰ আগত লক্ষীন্দৰৰ মৃত শৰীৰৰ উৱলি জহি-খহি যোৱা অৱশিষ্ট বোৰ দলিয়াই দিলে । তাত বেউলাই নৃত্য-গীত কৰাত সকলো দেৱতা সন্তুষ্ট হৈ লক্ষীন্দৰক পুনৰ জীৱন দান দিয়াৰ উপৰিও ছয় ভ্ৰাতৃকো বেউলাই পুনৰ জীৱিত কৰি আনে । গতিকে সতী বেউলাই দেৱপুৰীত নৃত্য-গীত কৰি মৃত স্বামী লক্ষীন্দৰক পুনৰ জীৱন দান দি উভতাই অনাৰ বাবে এই নৃত্যটিক দেওধনী নৃত্য বা দেৱ ধ্বনি নৃত্য বা বেউলা নাচ বোলা হয় ।
৫। আপুনি বহু বছৰ ধৰি 'ওজাপালি'ৰ লগত জড়িত হৈ আছে । নৱপ্ৰজন্মই 'ওজাপালি'ক কি ধৰণে লৈছে ? তেওঁলোক আগ্ৰহী নে ?
উ:- বৰ্তমান নৱ প্ৰজন্মৰ ল'ৰা-ছোৱালীবোৰ ওজাপালি আৰু দেওধনী নৃত্যৰ প্ৰতি যথেষ্ট আগ্ৰহী ৷ আমাৰ জীৱিত কালতেই যদি উঠি অহা ল'ৰা-ছোৱালীবোৰক এই বিষয়ে নিশিকাও তেন্তে অসমত যে ওজাপালি আৰু দেওধনী নৃত্য বোলা এটা কৃষ্টি আছিল এই বিষয়ে ভৱিষ্যত প্ৰজন্মই কোনো কথা বুজিব নোৱাৰিব । গতিকে বৰ্তমান যুৱ প্ৰজন্মই এই বিষয়ত অত্যাধিক গুৰুত্ব দিব লাগিব । এইক্ষেত্ৰত অভিভাৱকসকল সদায় সজাগ আৰু সচেতন হ’ব লাগিব ।
৬। আমাৰ ছাত্ৰ-ছাত্ৰীসকলক গঢ় দিয়াৰ ক্ষেত্ৰত আমাৰ পৰম্পৰাগত গীত-মাত তথা নৃত্যৰ ভূমিকা আপুনি কি বুলি ভাৱে ?
উ:- ছাত্ৰ-ছাত্ৰীসকলক গঢ় দিয়াৰ ক্ষেত্ৰত পৰম্পৰাগত গীত-মাত তথা নৃত্যৰ ভূমিকা অপৰিসীম ৷ কাৰণ বৰ্তমান বিশ্ববিদ্যালয়বোৰত পৰম্পৰাগত পৰিৱেশ্য কলা বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ পৰা ভৱিষ্যত প্ৰজন্মই শিকিবলগীয়া কথা বহুত আছে বুলি মই ভাবোঁ । বৰ্তমানে পৰম্পৰাগত গীত-মাত তথা নৃত্যই বিশ্ব দৰবাৰত এখন মঞ্চ পাবলৈ সক্ষম হৈছে । এই পৰম্পৰাগত পৰিৱেশ্য কলাৰ এটি সুন্দৰ ভৱিষ্যত আছে । গতিকে বৰ্তমানৰ নৱ-প্ৰজম্মই এই পৰম্পৰাগত পৰিৱেশ্য কলা-সংস্কৃতি সমূহ শুদ্ধ আৰু পৰিমাৰ্জিতভাৱে শিকিবলৈ আগবাঢ়ি আহক তাকেই মই কামনা কৰিছোঁ । কাৰণ বৰ্তমানৰ এই কৃষ্টিসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ দায়িত্ব কেৱল ভৱিষ্যত প্ৰজন্মৰ হাতত ৷
গিৰিন দাস
সমল কেন্দ্ৰ সমন্বয়ক
কৰৰা শিক্ষাখণ্ড


0 Comments