হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ
তুমি সুবাস সৃষ্টিৰে
তুমি প্ৰকাশ মুকুতিৰে
সঁচা নিভাজ সপোনৰে
তুমি সাহস জীৱনলে
মৰণকো জিনিবলে
তুমি পোহৰ যুগে যুগে
নানা জাতি নানা ৰূপে”
অসমীয়া জাতিৰ আৱেগ, জাতিৰ গৌৰৱ, জাতিৰ স্বাভিমান আৰু অসমীয়া জাতীয় সত্তাক এক নতুন ৰূপ দিবলৈ সক্ষম হোৱা তথা অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক প্ৰতিটো বিষয়ত জাতিটোৰ হকে মাত মাতিবলৈ প্ৰতিটো সময়তে সজাগ আৰু সচেতন হৈ থকা অসমীয়া সংগীত আৰু চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰতিভাৱান শিল্পী আছিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ ।
১৯৭২ চনৰ ১৮ নৱেম্বৰ তাৰিখে মেঘালয় ৰাজ্যৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হৈছিল । তেখেতৰ প্ৰকৃত নাম আছিল জুবিন বৰঠাকুৰ । তেখেতে নিজৰ নামৰ পিছত গোত্ৰ গাৰ্গ লিখিছিল । জুবিন গাৰ্গৰ নামটো ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী জুবিন মেহতাৰ নামেৰে নামাকৰণ কৰা হৈছিল । তেখেতৰ পিতৃৰ নাম আছিল মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল স্বৰ্গীয়া ইলি বৰঠাকুৰ । তেখেতৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ কৰ্মসূত্ৰে এজন দণ্ডাধীশ আছিল । মোহিনী মোহন বৰঠাকুৰে কপিল ঠাকুৰৰ ছদ্মনামত কবিতা আৰু গল্পও লিখিছিল । জুবিন গাৰ্গৰ মাতৃ স্বৰ্গীয়া ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্ৰী আৰু সু-গায়িকা আছিল ।
জুবিন গাৰ্গৰ পিতৃ মোহিনী মোহন বৰঠাকুৰে চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইলৈ বদলি হৈছিল । সেয়েহে তেখেতৰ স্কুলীয়া শিক্ষা যোৰহাট, বিজনী, তামুলপুৰ আৰু কৰিমগঞ্জত গ্ৰহণ কৰিব লগা হৈছিল । জুবিন গাৰ্গে যোৰহাটৰ কাৰ্মেল ইংলিচ মিডিয়াম স্কুলৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰে । বিজনী বান্ধৱ উচ্চ মাধ্যমিক বিদ্যালয়ত যষ্ঠ আৰু সপ্তম শ্ৰেণীত অধ্যয়ন কৰে । তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অষ্টম, নৱম আৰু দশম শ্ৰেণীত অধ্যয়ন কৰে । ১৯৮৮ চনত জুবিন গাৰ্গে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কৰিমগঞ্জ মহাবিদ্যালয়ত বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰে । তাৰ পিছত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত স্নাতক বিজ্ঞান শাখাত নামভৰ্তি কৰে । তেওঁলোকৰ পৰিয়ালে গুৱাহাটীত স্থায়ীভাৱে বসতি কৰিবলৈ গুচি অহাৰ কাৰণে জুবিন গাৰ্গে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰপৰা গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়লৈ বিদ্যায়তনিক ঠিকনা সলনি কৰিব লগা হৈছিল । কিন্তু সংগীতৰ ক্ষেত্ৰখনৰ লগত সম্পূৰ্ণৰূপে নিজকে নিয়োজিত কৰিব লগা হোৱাত তেখেতে কলেজীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে । তেখেতৰ স্নাতক শিক্ষা আধৰুৱা হৈ থাকিল ।
জুবিন গাৰ্গে তিনি বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰিছিল । তেখেতক মাকে প্ৰথম গানৰ প্ৰশিক্ষণ দিছিল । পণ্ডিত ৰবীন বেনাৰ্জীয়ে তেখেতক ১১ বছৰ ধৰি তবলা শিকাইছিল । তাৰ পিছত গুৰু ৰমণী ৰায়ৰ ওচৰত অসমীয়া লোক সংগীত শিকি এই শিক্ষা অব্যাহত ৰাখিছিল ।
২০০২ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে জুবিন গাৰ্গে গোলাঘাটৰ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াক বিয়া কৰায় ।
জুবিন গাৰ্গেই নিজৰ ঘৰখনতেই সংগীত সাধনাৰ শুভাৰম্ভ কৰিছিল । ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা যুৱ মহোৎসৱত পাশ্চাত্য সংগীত শাখাত একক পৰিৱেশনত স্বৰ্ণ পদক লাভ কৰি কণ্ঠশিল্পীৰূপে জীৱনত প্ৰথমবাৰৰ বাবে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল ।
১৯৯২ চনত জুবিন গাৰ্গৰ প্ৰথমটো এলবাম ‘অনামিকা’ মুক্তি হোৱাৰ লগে লগে তেখেতে পেছাদাৰী সংগীত জগতত অভিষেক ঘটায় । তেখেতৰ আন আন অসমীয়া এলবামসমূহ হ’ল - অনুৰাধা, মায়া, আশা, জুবিনৰ গান, ৰং, মুক্তি, জানমণি, শব্দ, স্নিগ্ধ জোনাক, মেঘৰ বৰণ, পাখি, ৰাংঢালী, সপোন, হিয়া মন, শিশু, বান্ধৈ, আকৌ হিয়া মন, চিনাকি মন, পকা ধানে ৰিঙিয়ায়, লাজুকী মন, যন্ত্ৰ, ডেউকা, চিনাকি সুৰ, আছেনে কোনোবা হিয়াত, মুখা, সন্ধ্যা, বৰষুণ, উন্মনা মন, ৰিঙা ৰিঙা মন, দিলৰুৱা, উৰণীয়া মন, জোনাকী মন, ৰুমাল, মোৰ প্ৰিয় গীত, অভিমানী মন, মোৰ গানত জ্বলে, অবুজন মন, গান, সোণালী মন, ৰুণজুন, ৰক, বাঁহী, পথ, কিং, ৰংমন, মনে মনে, নিৰিবিলি গধূলি, আলসুৱা মন, চিনাকি সুৰ, ভৰ-দুপৰীয়া, হিৰ’, সপোনৰ সুৰ, কোন তুমি, সন্ধ্যাতৰা খণ্ড-১, সন্ধ্যাতৰা খণ্ড-২, পাৰিজাত, মা আৰু চিলা ।
১৯৯৫ চনত জুবিন গাৰ্গে বলীউডত নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ মুম্বাইলৈ গৈছিল । তাত তেখেতে চান্দনী ৰাত, চন্দা, য়ুহি কভী, স্পৰ্শ, শ্ৰদ্ধাঞ্জলি খণ্ড-১, শ্ৰদ্ধাঞ্জলি খণ্ড-২, শ্ৰদ্ধাঞ্জলি খণ্ড-৩ আদি একাধিক হিন্দী এলবাম বাণীবদ্ধ কৰিছিল।
জুবিন গাৰ্গে ২০০০ চনত মুনিন বৰুৱাৰ ‘হিয়া দিয়া নিয়া’ নামৰ কথাছবিখনৰ যোগেদি সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল । তেখেতে সংগীত পৰিচালনা কৰা আন আন অসমীয়া কথাছবিসমূহ হ’ল – তুমি মোৰ মাথোঁ মোৰ, দাগ, শেষ উপহাৰ, নায়ক, কন্যাদান, জীৱন নদীৰ দুটি পাৰ, প্ৰেম আৰু প্ৰেম, জোনাকী মন, জুমন সুমন, প্ৰিয়া মিলন, বিধাতা, অগ্নিসাক্ষী, জোনাকবিহীন এই জীৱন, বাৰুদ, ৰং, দীনবন্ধু, অধিনায়ক, আমি অসমীয়া, মন যায়, এখন নেদেখা নদীৰ সিপাৰে, ৰ’দৰ চিঠি, গানে কি আনে, মিছন চাইনা, প্ৰিয়াৰ প্ৰিয়, দি আণ্ডাৰৱৰ্ল্ড, ৰত্নাকৰ, কাঞ্চনজংঘা, প্ৰতিঘাত, ডক্টৰ বেজবৰুৱা ২, দা শ্লেমবুক, ৰাঘৱ, চিকাৰ, ভাইমন দা আৰু যোদ্ধা । ইয়াৰোপৰি, এই শিল্পীজনাই হিন্দী আৰু বঙালী ভাষাৰ কথাছবিতো সংগীত পৰিচালনা কৰিছিল । হিন্দী কথাছবিকেইখন হ’ল- ষ্ট্ৰিংছ আৰু দিল ত’ দীৱানা হ্যে । বঙালী কথাছবিকেইখন হ’ল- শুধু তুমি, মন নিয়ে, কাছে এসো তুমি আৰু সামসাৰা ।
জুবিন গাৰ্গে ২০০০ চনত ‘তুমি মোৰ মাথোঁ মোৰ’ কথাছবিখন নিজে পৰিচালনা কৰি বোলছবি পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল । তেখেতৰ স্ব-পৰিচালিত আনকেইখন অসমীয়া কথাছবি হ’ল - মিছন চাইনা আৰু কাঞ্চনজংঘা ।
জুবিন গাৰ্গ সাহিত্য জগতৰ লগতো জড়িত হৈ আছিল । অসমীয়া সাহিত্যৰ ক্ষেত্ৰত তেখেতে গীতিকাৰ আৰু কবি হিচাপে পৰিচয় ৰাখি থৈ গৈছে । তেখেতে ৰচনা কৰা পুথিকেইখন হ’ল : শব্দ অনুভূতি, জুবিনৰ পদ্য আৰু জুবিনৰ পদ্য (২য় সংস্কৰণ) ।
জুবিন আৰু গান যেন একোটা মুদ্ৰাৰ দুটা পিঠি । জুবিন গাৰ্গে প্ৰায় ৪০ টা ভাষাত ৩৮,০০০ গীত গাই অভিলেখ সৃষ্টি কৰিছিল । জুবিন গাৰ্গৰ গীতৰ নিজস্ব সৃষ্টিৰ এক সুকীয়া পৰিচয় আছে য’ত তেখেতৰ নিজস্ব কথা, সুৰ আৰু সংগীতে এক বিশেষ স্থান দখল কৰিছে । তেখেতৰ কণ্ঠত বিহুগীত, বৰগীত, লোকগীত, আধুনিক গীত, বনগীত আদি আৱেগ আৰু আনন্দৰ সুৰেৰে ভৰপূৰ । তেখেতে সমগ্ৰ অসমৰ বিহু অনুষ্ঠান আৰু অন্যান্য সাংস্কৃতিক উৎসৱত কেৱল অসমীয়া গীতেই নহয়, হিন্দী, বাংলা আৰু অন্যান্য ভাষাতো গীত গাইছিল । তেখেতে আন্ত:ৰাষ্ট্ৰীয় আৰু বহি:ৰাজ্যত অসমীয়া আৰু ভাৰতীয় সংগীতক প্ৰতিনিধিত্ব কৰি আহিছে । জুবিন গাৰ্গৰ গীতত প্ৰেম, আৱেগ, সমাজৰ যন্ত্ৰণা, জীৱনৰ গভীৰতা আদি অনুভৱ প্ৰকাশ পাইছিল ।
জুবিন গাৰ্গে নিজকে ধৰ্ম-অবিশ্বাসী বুলি গণ্য কৰিছিল । তেখেতে কৈছিল – “ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই , মই মুক্ত , মই কাঞ্চনজংঘা ।“
জুবিন গাৰ্গে বহু সন্মান আৰু বঁটা লাভ কৰিছিল । ২০০৫ চনত ‘শুধু তুমি’ নামৰ কথাছবিখনৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ BFJA বঁটা লাভ কৰিছিল । ২০০৬ চনত Global Indian Film Award, ২০০৭ চনত গেংষ্টাৰ কথাছবিত কণ্ঠদান কৰা য়া আলি গীতটোৰ বাবে শ্ৰেষ্ঠ পুৰুষ কণ্ঠ শিল্পী বঁটা, ২০০৯ চনত ৫৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ‘ইক’জ অৱ চাইলেঞ্চ’ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল । ইয়াৰোপৰি তেখেতে কেইবাবাৰো প্ৰাগ চিনে বঁটা আৰু ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা লাভ কৰিছিল ।
২০২৪ চনৰ ২৭ মে’ত জুবিন গাৰ্গক মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰপৰা সন্মানীয় ডক্টৰ অৱ লিটাৰেচাৰ (ডি লিট ) ডিগ্ৰী প্ৰদান কৰিছিল ।
২০২৫ চনৰ ১৯ ছেপ্তেম্বৰ তাৰিখে ছিংগাপুৰৰ সাগৰ তলিত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ চিৰদিনলৈ শুই পৰিল । তেখেতৰ মৃত্যুৰ খবৰে কেৱল অসম আৰু অসমীয়া জাতিকেই নহয়, সমগ্ৰ ভাৰতৰ সংগীত শিল্পী , সংগীতৰ শ্ৰোতাৰ লগতে লক্ষ লক্ষ সাধাৰণ জনতাক ম্ৰিয়মান কৰি তুলিলে । তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াত প্ৰায় দহ লক্ষাধিক জনতা সমবেত হোৱা পৰিলক্ষিত হয় । একধিক বাতৰিৰ মতে, লিমকা বুক অৱ ৰেকৰ্ড্ছে সমবেত হোৱা লোকৰ সংখ্যাই পৃথিৱীৰ ভিতৰতে চতুৰ্থ সৰ্বাধিক হিচাপে অভিহিত কৰে ।
জুবিন গাৰ্গ আছিল বৰ অসমৰ বটবৃক্ষ আৰু অসমীয়া জাতিৰ আয়ুসৰেখা । এই বটবৃক্ষডালক সংৰক্ষণ কৰাটোহে আমাৰ প্ৰধান দায়িত্ব । তেখেত বৰ্তমান আমাৰ মাজত নাই যদিও তেখেতৰ সৃষ্টিসমূহে সদায় মনত তেখেতৰ উপস্থিতি সোঁৱৰাই থাকিব আৰু আমাক অসমীয়া হিচাপে গৌৰাৱান্বিত কৰি ৰাখিব । নৱ প্ৰজন্মই তেখেতৰ মনৰ পৰিকল্পনাক হৃদয়ৰ অনুভৱৰে বুজি আৰু হৃদয়ংগম কৰি বৃহৎ অসমীয়া জাতি গঢ়িবৰ কাৰণে অংগীকাৰবদ্ধ হোৱা খুবেই প্ৰয়োজন।
শ্ৰীভাস্কৰ জ্যোতি তালুকদাৰ ।
কাৰ্য্যলয় সহায়ক,
বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় ,
কামৰূপ জিলা সংমণ্ডল, আমিনগাঁও ।
( উপৰোক্ত প্ৰৱন্ধটো যুগুত কৰোঁতে বিভিন্ন বাতৰি কাকত আৰু আলোচনীৰ সহায় লোৱাৰ উপৰিও কিছুমান তথ্য ইণ্টাৰনেটৰপৰা সংগ্ৰহ কৰা হৈছে । )


0 Comments