ৰৈ যোৱা সময়ৰ গান
(সূৰ্যকন্ঠলৈ সবিনয়ে)
উনৈশ
শোকবোৰে গোটমাৰি সাগৰ তলি পাইছিল
সাগৰত পানী নাছিল, আছিল বিষ
কুম্ভীলক কেইটাই চটফটাই আছিল,
সাগৰখন শুকাই গৈছিল
মুকুতা ডোখৰ সাগৰৰ বুকুত জলমলাই আছিল
বিশ
লক্ষ লক্ষ চকু এঠাইত লগ লাগিছিল
চকুবোৰ অঙঠা আৰু এঙাৰ হৈছিল
মুকুতাক বিচাৰি চকুবোৰে হাহাকাৰ কৰিছিল
সাগৰখন ৰব পৰা নাছিল, উজাই আহিছিল
ধাৰাষাৰ চকুপানীত সাগৰখন ডুব গৈছিল
একৈশ
পাতবোৰ সৰিলে শুনা পোৱা গৈছিল
সমগ্ৰ পৃথিৱী কাহ পৰি জিন গৈছিল
পথবোৰ ৰৈ গৈছিল, পথিক কোনো নাছিল
মায়াবিনী পলবোৰত কোনো শব্দ নাছিল
হৃদয়বোৰ মুকুতা হৈ পৰিছিল
বাইশ
সহস্ৰ কন্ঠত এটা বৰ্ণময় মিছিল হৈছিল
মিছিলটো ক্ৰমশঃ এটা গান হৈ পৰিছিল
গানটোৱে মুকুতা ডোখৰ চুবলৈ উদ্বাউল হৈছিল
হেংদাং, হেংদাং - চৌদিশে বাজিছিল,
গানটো সকলোৱে পাৰ্চীত আওৰাইছিল
তেইশ
ধৰ্ম বুলিবলৈ জাতি বুলিবলৈ এডোখৰ মুকুতা আছিল
লেলিহান জুইত মুকুতা ডোখৰ সূৰ্যসম হৈ পৰিছিল
ৰৈ যোৱা সময়ত জাতিটোৱে সংজ্ঞা বিচাৰি পাইছিল
সূৰ্যকন্ঠ সূৰ্যকন্ঠ চৌদিশে প্ৰতিধ্বনিত হৈছিল
সূৰ্যকন্ঠই হৃদয়বোৰক সাহসী কৰি তুলিছিল I
অপূৰ্ব ঠাকুৰীয়া I
বিদ্যালয়সমূহৰ পৰিদৰ্শক I
মৰিগাঁও জিলা I


0 Comments