সাগৰসম ব্যক্তিত্বৰ মানুহজন গ'লগৈ
আজি ছয়দিনেই হ'ল অনাকাঙ্খিত খবৰটো পোৱাৰ । এতিয়াও মানিব পৰা নাই । প্ৰতিঘৰ মানুহেই ভালকৈ এসাঁজ খাব পৰা নাই , শুৱ পৰা নাই । এই দেৱদূতজন স্বৰ্গবাসী হোৱাৰ দুখত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আত্মহত্যাৰ খবৰ আৰু হাৰ্ট এটেকৰ খবৰ । এই দুখ ইমানেই অসহনীয়। অস্থিৰ মন, অস্থিৰ সময়, শৰীৰটো মনৰ আঘাতেৰে ভাৰাক্ৰান্ত হৈ পৰিছে । মানুহৰ বাবে তেওঁ দেৱদূত আছিল। এজন বহেমিয়ান শিল্পী, মানুহৰ প্ৰতি সমৰ্পিত প্ৰাণ I ভোগবাদী, বা বস্তুবাদী জীৱনৰ প্ৰতি লালসা নথকা, সেয়াই আমাৰ জাতীয় সত্তা, কলিজাৰ স্পন্দন জুবিনদা ।
গানৰ অৰ্থ বুজিব বিচৰা বয়স হৈছেহে তেতিয়া আমাৰ । প্ৰায় তেৰ/ চৈধ্য বছৰ বয়সৰ পৰা জুবিনদাৰ গান শুনি শুনি সপোন আকিঁছিলো বুকুত । প্ৰেমৰ অৰ্থ বুজিব শিকিছিলোঁ জুবিনদাৰ গীতৰ মাজেৰে । তেওঁক এবাৰ ওচৰৰ পৰা দেখা পোৱাটোৱেই আমাৰ বাবে ডাঙৰ সপোন । তেওঁৰ গান শুনিয়েই দুচকুত যৌৱন আঁকিলো । মনবোৰ পাখি লাগি উৰা সময়তে তেওঁ আবেগ হৈ বহিছিল আমাৰ বুকুত । গীতৰ সুৰে সুৰে অনামিকা, মায়া, ৰুণজুন , জোনমণিয়ে আমাৰ বুকুত খাজ কাটি বহিছিল । ইমানেই ভাল পালোঁ আমাৰ প্ৰজন্মৰ বাবে তেওঁ হাৰ্ট থ্ৰব হৈ পৰিল, যিজন অসম সন্তানক গুগুলে 'হামিং কিং অফ ৱৰ্ল্ড' সন্মান দিছে ।এটা বয়সত আমাৰ হাতলৈ ম'বাইল আহিল । ম'বাইলত তেওঁৰ ভিডিঅ' চাই , তেওঁৰ কথা শুনি আকৌ যেন যৌৱনহে ঘুৰাই পালোঁ ।
তেওঁ মানুহক কিমান সহায় কৰে, জীৱ -জন্তুক কিমান ভাল পায় ! আনকি পদপথত বাস কৰা মানুহজনেও তেওঁক বন্ধু বুলি ভাবে , পদপথৰ কাপোৰ -কানি নথকা মানুহজনক জাৰৰ দিনত নিজৰ গাৰ জেকেটটো খুলি পিন্ধাই থৈ আহিব পৰাকৈ মহান আছিল জুবিনদা। কিমানৰ টিউচনৰ মাচুল, কিমানৰ নামভৰ্ত্তিৰ মাচুল, চিকিৎসাৰ টকা জুবিনদাই বহন কৰে। বিপদে-আপদে সকলোৰে আগত থিয় হ'ব পৰা মানুহজনেই আছিল জুবিনদা । আৰ্থিক অনাটনত ডক্টৰ ভূপেন হাজৰিকক পাঁচ লাখ টকা সহায় হিচাপে দি কাকো নক'বলৈ কোৱা মহান মানুহজন আছিল জুবিনদা। সাধাৰণ মানুহৰ সৈতে পাচলিৰ দোকানত বহিও মত বিনিময় কৰে। সকলো মানুহক সমান ব্যৱহাৰ কৰা তেওঁ সাধাৰণ মানুহ নাছিল। মানুহে তেওঁক ঈশ্বৰৰ দৰে জ্ঞান কৰিছিল। সেই মানুহজন শৰতৰ আগমনতে গুচি গ'ল বুকুত অসহনীয় বিষ দি।
"প্ৰতি শৰতৰ প্ৰভাতী ফুলে
ক'ব তোমাকেই মোৰ কথা।"....তেওঁ বাৰু জানি শুনি গাইছিল নেকি গানবোৰ। প্ৰতিটো গান সময়ৰ সৈতে মিলি যোৱাকৈ ।
তেওঁৰ অবিহনে আমাৰ শৰত আধৰুৱা , তেওঁৰ অবিহনে আমাৰ ব'হাগ বেসুৰা । এতিয়া কাক লৈ আদৰিম শৰত ? কাক লৈ আপোন পাহৰা হ'ম ব'হাগত ?
তেওঁৰ যাদুকৰী কণ্ঠত প্ৰতিটো গীতেই প্ৰাণ পাই উঠিছিল , প্ৰতিটো গীতেই জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰিছিল।
তেওঁ গাইছিল, " সাতুঁৰিব পাৰি বুলি সাগৰ জানো সাঁতোৰে"। সেই সাগৰেই বুকুত সাবটি ল'লে আমাৰ মহানায়কক। তেওঁৰ গানবোৰে অসমীয়া জাতিৰ বুকু ভেদি গৈছে । অক্লান্ত পৰিশ্ৰম কৰি ঊনৈছ বছৰ বয়সৰ পৰা ত্ৰিছ বছৰীয়া সাংগীতিক যাত্ৰাত চল্লিছ হাজাৰৰো অধিক গান উপহাৰ কেৱল জুবিনদাই হে দিব পাৰে । চল্লিছটা বিভিন্ন ভাষাত তেওঁ কণ্ঠদান কৰিছিল। একে ৰাতিত ছয়ত্ৰিছটা গান ৰেকৰ্ডিং কৰি অভিলেখ গঢ়াজনেই আমাৰ জুবিনদা। তেওঁ অসমীয়া লোক সংগীতক বিশ্বৰ দৰবাৰত চিনাকি কৰি দি সাংগীতিক যাত্ৰা বিশ্বমুখী কৰিছিল। বাৰটাতকৈ অধিক বাদ্যযন্ত্ৰ বজাব পৰা মানুহজনেই আছিল জীৱন্ত কিংবদন্তি জুবিনদা। তেওঁৰ ১৯ বছৰ বয়সতে প্ৰথম এলবাম অনামিকাই জন্ম লাভ কৰিছিল। তাৰ পিছত তেওঁ থমকি ৰোৱা নাই , এটাৰ পিছত এটাকৈ জনপ্ৰিয় গীত উপহাৰ দি অসমৰ পৰিধি পাৰ হৈ ভাৰতবৰ্ষত নিজৰ পৰিচয় গঢ়া মানুহজন জুবিনদা ।
কেৱল গীতৰ মানুহ নাছিল তেওঁ। সংগীত পৰিচালক, বোলছবি পৰিচালক, অভিনেতা ,কবি কি যে নাছিল তেওঁ । তেওঁ আছিল দয়াৰ সাগৰ । ৰাস্তাৰ পৰা আঘাত প্ৰাপ্ত সাপকো ঘৰলৈ লৈ আহি চিকিৎসা কৰিছিল। জীৱ-জন্তু আৰু গছক তেওঁ বহুত ভাল পাইছিল। প্ৰকৃতিয়ে তেওঁৰ ভাষা বুজিছিল। চৌদিশে মাথো শূন্যতা । দুৰ্ধৰ্ষ ষাঁড়গৰু, বান্দৰ, কাউৰী, ঘৰচিৰিকা, হাতী ,কুকুৰ আনকি পানীৰ পৰা উঠি আহি কাছটোৱে জুবিনদাৰ ফটোৰ ওচৰত শ্ৰদ্ধাঞ্জলি জনাইছে । স্বতঃস্ফুৰ্তভাৱে বন্ধ হৈছে দোকান-বজাৰ সকলো । সকলোৱে বুজিছে আমি কাক হেৰুৱালোঁ। কেৱল মানুহৰ প্ৰেমেৰে ধনী হ'ব বিচৰা মানুহজন সঁচাকৈ ধনী হৈ গৈছিল মানুহৰ প্ৰেমেৰে । প্ৰশান্ত সাগৰৰ সমান মৰম বিচৰা মানুহজনে সাগৰৰ দৰে গভীৰ, আকাশৰ সমান বিশাল মৰম অৰ্জন কৰিলে। আৰ্তজনক সহায় কৰি সুখ বুটলিব পৰা মানুহজনেই আছিল জুবিনদা। তেওঁ কৈছিল, " মানুহৰ অন্তৰত দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই। মানুহৰ মুখত হাহিঁ বিৰিঙাব পাৰিলেই ঈশ্বৰক পূজা কৰা হয় ।"
তেওঁ জাতিটোক অধ্যয়নশীল হ'বলৈ কৈছিল, " কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে ।"
শিশুৰ দৰে সৰল আছিল তেওঁৰ মন। যি মন যায় তাকেই কৰিছিল।
মানুহ মৰণশীল। মৃত্যুক এটা শিল্প বুলি আমাৰ হীৰুদাই কৈ গৈছে। জুবিনদাই মৃত্যুক শিল্প হিচাপেও প্ৰতিষ্ঠা কৰি থৈ গ'ল। জাতিভেদ পাহৰি একতাৰ দোলেৰে জাতিটোক বান্ধি থৈ গ'ল। তেওঁ কৈছিল, " মোৰ কোনো জাতি নাই , মোৰ কোনো ধৰ্ম নাই , মই মাথো মানুহ।" মানুহক ভালপোৱা বাবেই তেওঁৰ মৃত্যুত হিন্দু-মুছলমান, ৰাভা-কছাৰীৰ একো বিভেদ নোহোৱাকৈ কেৱল মানুহ ওলাই আহিছিল। আনকি ৰাজনৈতিক ভেদাভেদো তেওঁৰ মৃত্যুৱে মষিমুৰ কৰি পেলাইছিল। সেই দেৱদূতৰ অকালমৃত্যুক অসমবাসীয়ে সহজভাৱে ল'ব পৰা নাই। মৃত্যুৰ পিছতো অভিলেখ গঢ়া মানুহজনক আমি জীয়াই থাকোতে একো দিব নোৱাৰিলোঁ। প্ৰতিজন অসমীয়াৰ প্ৰাণত ৰ'দৰ ফুল ফুলোৱা জুবিনদা নামৰ এই ঐশ্বৰিক সত্তাৰ মৃত্যু নাই। তেওঁ অসমৰ আকাশে-বতাহে গান হৈ বাজি থাকিব। সমগ্ৰ অসমে মাথোঁ ন্যায় বিচাৰিছে।
তেওঁৰ মৃত্যুৰ পিছত জনতাৰ বুকুৰ আবেগেৰে ৰচনা হোৱা কবিতা, প্ৰবন্ধবোৰে এই দু:সময়ৰ ইতিহাস কঢ়িযাব।
শিখা ৰাণী শৰ্মা
সহকাৰী শিক্ষয়িত্ৰী
হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : ছমৰীয়া


0 Comments