header ads

অসমীয়া কবিতা I এটি কন্ঠ নোহোৱা হ'ল I ৰূপালী ভূঞা I ৬ষ্ঠ বৰ্ষ, ১ম সংখ্যা

 এটি কন্ঠ নোহোৱা হ'ল


এটি কন্ঠ নোহোৱা হ'ল
যি কণ্ঠত আছিল 
আই অসমীৰ সাহ,       
আই অসমীৰ মান ।

এটি কন্ঠ নোহোৱা হ ল
যি কণ্ঠত আছিল 
মানুহক সাহস দিয়াৰ গান ।
মানুহক জীৱন দিয়াৰ প্ৰাণ ।

এটি কন্ঠ নোহোৱা হ'ল
যি কণ্ঠ নোহোৱা হোৱাৰ দুখ:ত 
আজি 
শত সহস্ৰ জন দুখত ম্ৰিয়মান ।

এটি কন্ঠ নোহোৱা হ'ল
শুই পৰিল 
কন্ঠটি সাগৰপৃষ্ঠত
যি কণ্ঠ স্তব্ধ 
হোৱাৰ দুখত, শত সহস্ৰজনৰ চকুৰে নিগৰিছে 
অশ্ৰুৰ ধাৰ ।

যি মৃত্যুত শত সহস্ৰ জনৰ চকুৰে নিগৰিছে বাৰিষা বান
সেই মৃত্যুত সঁচাকৈয়ে 
দেৱতাৰ আশীৰ্বাদ আছে ,
সেই মৃত্যু 
পাৰিজাত ফুলৰ দৰে দুষ্প্ৰাপ্য
সেই মৃত্যু সঁচাকৈয়ে
অপৰাজেয় ,
যদিও মৃত্যু আমাৰ চিৰ পৰিচিত এটি শব্দ ।


ৰূপালী ভূঞা 
সহকাৰী শিক্ষয়িত্ৰী
হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : ছমৰীয়া




Post a Comment

0 Comments