বিহংগম দৃষ্টিৰে সংগীতৰ ভগৱান
‘গানে কি আনে সুৰৰ সোপানে সোপানে’— গীতটিৰ কথা হীৰেন ভট্টাচাৰ্যদেৱৰ । সুৰ আৰু কণ্ঠ জুবিন গাৰ্গৰ । এই মুহূৰ্তত গীতটি বৰকৈ মনলৈ আহিছে । জুবিন গাৰ্গৰ মৃত্যুৱে দেখুৱাই গ'ল গীতৰ শক্তি । গানে নানে কি ? গানে শাওণৰ আকাশৰ দৰে কান্দে , বিজুলী চমকেৰে হাঁহে । পল ৰৱচনে কোৱা কথাষাৰো মনলৈ আহিছে ‘songs are my weapon’ । গীত মোৰ অস্ত্ৰ । লো এটুকুৰাৰ পৰা অস্ত্ৰ সাজিবলৈ হ'লে আমাক কমাৰশাল লাগিব । পল ৰবচনৰ বাবে সেই কমাৰশাল আছিল ১৯ শতিকাৰ বৰ্ণ বৈষম্যৰে জৰ্জৰিত আমেৰিকাখন । ভূপেন হাজৰিকাৰ বাবেও আছিল । জ্যোতিপ্ৰসাদ , বিষ্ণুৰাভাৰ সময়ৰ অসমখন আছিল বৃটিছ সাম্ৰাজ্যবাদ আৰু দেশীয় সামন্তবাদেৰে পীড়িত কৰা অস্থিৰ অসম । ভাৰতৰ স্বাধীনতা আন্দোলন আৰু গণনাট্য সংঘৰ সৈতে সংপৃক্ত হোৱা সময়খিনিয়ে ভূপেন হাজৰিকাক গণশিল্পীৰ মান্যতা আৰু ঐশ্বৰ্য দিছিল । সেয়ে দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মানুহজন হেৰাই যোৱা সময়খিনিত লাখ লাখ অসমবাসীৰ মাজত শোকৰ বন্যা বৈছিল । জজ্ খেলপথাৰত কেবাদিনো আটোমটোকাৰীকৈ ৰখা চিৰনিদ্ৰিত ভূপেন হাজৰিকাজন হৈ পৰিছিল এক জীৱন্ত ভাস্কৰ্য । পিতৃদেৱ কপিল বৰঠাকুৰৰ ঘৰখনৰ সাংস্কৃতিক পৰিমণ্ডল , ভূপেন হাজৰিকাৰ সৈতে থকা ঘনিষ্ঠতা , প্ৰচুৰ অধ্যয়নলিপ্সাই জুবিনক আৰ্তজনৰ দুখত দুখী হ'বলৈ প্ৰেৰণা যোগাইছিল । গীতেৰে তেওঁলোকৰ পোৱা-নোপোৱাৰ হুমুনিয়াহবোৰ তুলি ধৰিবলৈ সাহস দিছিল ৷ এনেকি শাসনযন্ত্ৰৰ ভণ্ডামিবোৰ গীতেৰে দ্বিধাহীনভাবে প্ৰকাশ কৰিছিল । আনহাতে ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ মাজতো জুবিন গাৰ্গৰ আছিল অত্যন্ত অধ্যয়ন পিপাসু মন । অসমীয়া সাহিত্যৰ উপৰিও দেশী বিদেশী ভাষাৰ কিতাপ অধ্যয়নে জুবিন বৰঠাকুৰক জুবিন গাৰ্গ হিচাপে গঢ়িছিল । সেয়ে তেওঁ কৈছিল , ‘এটা জাতিক অকল গামোচাই বচাব নোৱাৰে । কিতাপেহে এটা জাতিক বচাব পাৰে ।’ মোবাইলে গ্ৰাস কৰা যুগত আজিৰ প্ৰজন্মই জুবিন গাৰ্গৰ পৰা ল'বলগীয়া এইটো এটা তাৎপৰ্যপূৰ্ণ কথা ।
জুবিন গাৰ্গৰ শেষ যাত্ৰা আছিল পৃথিৱীৰ ভিতৰতে চতুৰ্থ আৰু এচিয়াৰ ভিতৰত প্ৰথম জনবহুল শেষযাত্ৰা । ইয়াৰ কাৰণ কি ?
অসমীয়াসকল পৰমুখাপেক্ষী আৰু কৰ্মবিমুখ মেৰুদণ্ডহীন জাতি হিচাপে পৰিগণিত হোৱাৰ সময়ত আৰু তাৰো আগতে অসমীয়া সংগীত জগতক বলিউদী হিন্দী গীতে গ্ৰাস কৰা সময়ত জুবিন গাৰ্গে অসমীয়া কালিকালগা শব্দ সুৰক যাদুকৰী কণ্ঠেৰে তুলি আনি অসমীয়াৰ বুকুৰ বেদীত স্থাপন কৰিছিল । লাহে লাহে পাশ্চাত্য সংগীতৰ পৰীক্ষামূলক সংযোজনে অসমীয়া আধুনিক গীতক এক অভিনৱ মাত্ৰা দিছিল । জুবিন গাৰ্গৰ এই সংগীত সাধনা কেৱল অসমীয়া জাতিৰ প্ৰতি ভালপোৱাই নাছিল , আছিল এক গভীৰ দায়বদ্ধতাও । জুবিন গাৰ্গৰ মৃত্যুৱে একত্ৰিত কৰা জাতি , ধৰ্ম , ভাষা , বৰ্ণহীন অসমখনে সেইকথা আজি মৰ্মে মৰ্মে উপলদ্ধি কৰিছে ৷
জুবিন গাৰ্গ নামৰ প্ৰবাদ পুৰুষজনে শাসকৰ দূৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সদায় মাত মাতি আহিছিল আৰু পিড়ীতৰ হাতত সহায়ৰ হাত থৈছিল । যি নিজকে জাতি নাই , ধৰ্ম নাই , ভগৱান নাই বুলি উদাত্ত কণ্ঠেৰে ঘোষণা কৰি আধুনিক বিজ্ঞানসন্মত উদাৰ আৰু বিশ্বজনীন ভাৱধাৰা লালন কৰিছিল আৰু প্ৰৌজ্বল প্ৰমিথিয়ান জুই একুৰাৰে আমাক আলোকিত কৰি গ'ল ।
বিশিষ্ট কবি নীলিম কুমাৰে কৈছে যে জীৱিত জুবিনতকৈ মৃত জুবিন বেছি শক্তিশালী । আমিও অকপটে স্বীকাৰ কৰো যে জুবিন গাৰ্গ নামৰ সত্তাটোক জীৱিত কালত আমি বুজি নাপালোঁ । সেই দুখ আৰু অপৰাধে আমাক সদায়ে পীড়ন কৰিছে আৰু কৰি থাকিব । আমি বহুতেই তেখেতক এজন মদাহী গায়ক , অভিনেতা , চিত্ৰনিৰ্মাতা বা অন্যায় দেখিলে মুকলিকৈ কৈ দিয়া খেয়ালী মনৰ মানুহ হিচাপেহে জানিলোঁ । অৱশ্যেই এয়া একপ্ৰকাৰ স্বাভাৱিকেই আছিল -কিয়নো জুবিন গাৰ্গৰ ভিতৰৰ চিৰিয়াছ সত্তাটো লুকুৱাই শিশু সুলভ সৰল বা সময়ে সময়ে ধেমেলীয়া চৌখিন জুবিনজনক বিভিন্ন বৈদ্যুতিন ও সামাজিক মাধ্যমে প্ৰতিযোগিতামুলক প্ৰদৰ্শন কৰিবলৈ উঠিপৰি লগাহে আমি দেখিবলৈ পালোঁ ।তেখেতৰ বহেমিয়ান মানৱদৰদী , সৰলমনা মনটোৰ সুযোগ ল'লে ওচৰে-পাজৰে থকা স্বাৰ্থলোভী কিছুৱে , ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে ৷ বিপ্লৱী শিল্পী জ্যোতি-বিষ্ণুৰ প্ৰকৃত উত্তৰাধিকাৰী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি এয়াও শ্লো পইজন যাৰ পৰিণতিত আমি প্ৰাণৰ শিল্পীজনক হেৰুৱালোঁ ।
জুবিন নামৰ মহাসাগৰৰ মুকুতাটোক চিনিব নোখোজাৰ দুখে অসমীয়াক সদায়ে পীড়া দিব ।
প্ৰীতিমণি দাস
সহকাৰী শিক্ষয়িত্ৰী
চম্পকনগৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়
শিক্ষাখণ্ড : ছয়গাঁও


0 Comments