পৰম আত্মা
হে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ , তুমি পৰম আত্মা ,
তোমাৰ গানকে তোমাক শুনাই
সাগৰে দিলে আলফুলে শুৱাই ,
আকাশী পথেৰে, জোনাকী বাটেৰে ,
চিলা চিলা হৈ উৰুৱাই ,
ৰ'দ আৰু বতাহৰ কতনো ঢৌ ,
বাটৰে শেষতে বাট চাই চাই
হেজাৰ জনতাৰ
নিদ্ৰাবিহীন ঢৌ ,
মায়াবিনী ৰাতিৰ প্ৰচণ্ড ঢৌ ।
জোন ! নিৰৱে থাকিব নোৱাৰিলে ,
ধুৱাই দিলে তোমাৰ নিথৰ দেহ ,
চকুলোৰ বৰষুণ ,
ৰামধেনুৱে আঁকি দিলে
হেজাৰ ঢৌ ।
ভাগৰুৱা আত্মাই শান্তি বিচাৰি পোৱা
ক্ষণিকৰ ঠাইখন হ'ল ,
তোমাৰ চিৰশান্তিৰ ,
শেষ ঠিকনা সোণাপুৰ ৷
হে বাদশ্বাহ , সম্ৰাট
তোমাৰ হাতৰ আঙুলিত ,
ইজিপ্তৰ ৰজাৰ ঠিকনা ।
হে মহান শিল্পী ,
তুমিটো নাছিলা সাধাৰণ আত্মা ,
তুমি আছিলা ,
ভগৱানে পঠোৱা পৰম আত্মা ,
যাৰ বাবে আজি তোমাৰ সমাধিস্থলী
ৰূপান্তৰ হৈছে পবিত্ৰ তীৰ্থভূমিলৈ ।
হে প্ৰাণৰো প্ৰাণৰ দেৱদূত জুবিন গাৰ্গ
শত কোটি প্ৰণাম তোমাক ।
অৱসৰী প্ৰধান শিক্ষয়িত্ৰী I
পি এম শ্ৰী ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয় I
শিক্ষাখণ্ড : হাজো I


0 Comments