header ads

অসমীয়া প্ৰৱন্ধ I আধ্যাত্মিকতা আৰু জুবিন গাৰ্গ I চয়নিকা মালাকাৰ I ৬ষ্ঠ বৰ্ষ ১ম সংখ্যা

 আধ্যাত্মিকতা আৰু জুবিন গাৰ্গ


             আমাৰ সকলোৰে মৰমৰ, বুকুৰ আপোন জুবিন গাৰ্গ। তেওঁ কাৰোবাৰ বাবে আছিল জুবিন দা, কাৰোবাৰ বাবে গ'ল্ডি দা আৰু কাৰোবাৰ বাবে কেৱল জুবিন।

              সহজ-সৰল ব্যক্তিত্বৰ অধিকাৰী জুবিন দাৰ বাহুত মহাদেৱৰ এটা টেট্যু দৃশ্যমান আছিল। ইয়াৰ দ্বাৰা আমি নি:সন্দেহে ক'ব পাৰো যে, তেওঁ মহাদেৱৰ ভক্ত আছিল। তদুপৰি তেওঁ ডিঙি আৰু হাতত বহুতো অলংকাৰ পৰিধান কৰিছিল, ইয়াৰে প্ৰায়বোৰ অলংকাৰত আধ্যাত্মিকতাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে ভান্তেৰ আঙুঠি আদি। জুবিন দাৰ বাহুৰ টেট্যু আৰু অলংকাৰ আদিয়ে প্ৰমাণ কৰে যে তেওঁ আধ্যাত্মিকভাৱে সংযুক্ত আছিল। আধ্যাত্মিকতা শক্তিৰ বাবেই তেওঁ মৃত্যুৰ পুৰ্বেই মৃত্যুৰ পিছৰ অসমখনক অনুভৱ কৰিব পাৰিছিল। তেওঁ কৈছিল যে তেওঁৰ মৃত্যুত অসমখন এসপ্তাহৰ বাবে বন্ধ হৈ পৰিব। সঁচাকৈ অসমখন আজিও স্বাভাৱিক ৰূপলৈ ঘূৰি অহা নাই। দ্বিতীয়তে,আজিৰ পৰা প্ৰায় ১২ বছৰ পূৰ্বে জুবিন গাৰ্গে যোৰহাটৰ পৰা এটা অনুষ্ঠান কৰি ওভতাৰ সময়ত সোনাপুৰৰ এটুকুৰা নিজান ঠাইত কিছু সময়ৰ বাবে জিৰণি লৈছিল আৰু বৰ্তমান সোনাপুৰৰ সেই ঠাই টুকুৰা তেওঁৰ স্থায়ী ঠিকনা হৈ পৰিছে। ই এক কেনে সংযোগ।

          তেওঁৰ সৃষ্টিত প্ৰকৃতিৰ প্ৰভাৱ বিদ্যমান। বৰষুণক লৈ তেওঁ গীত ৰচিছিল, আকাশখন গাত ল'ব বিচাৰিছিল, সাগৰৰ বুকুত শুব বিচাৰিছিল আৰু চিলনীৰ জাকৰ সৈতে উৰিব বিচাৰিছিল। ইয়াৰ পৰা বুজিব পাৰি যে তেওঁ প্ৰকৃতি প্ৰেমী আছিল। আমি সাধাৰণ মানুহে মায়াত আবদ্ধ হৈ থকাৰ ফলত হয়তো কোনোবাটো ঠাইত তেওঁক বুজিবলৈ অসমৰ্থ হৈছিলো । কিন্তু, প্ৰকৃতিয়ে তেওঁৰ এই ভালপোৱা অনুভৱ কৰিব পাৰিছিল। সেয়ে তেওঁৰ মৃত্যুত তেখেতে গীতত উল্লেখ কৰাৰ দৰেই তেওঁক ধুই যাবলৈ কেৱল সৰুসজাই ষ্টেডিয়ামত এজাক বৰষুণ নামি আহিছিল, আৰু আকাশত ৰামধেনু দেখা দিছিল। সৰুতে শুনিছিলোঁ, যেতিয়া কোনো মহান লোকে শৰীৰ এৰে, তেতিয়া সেই মহান আত্মাটোক পৰম ধামলৈ লৈ যাবলৈ আকাশত ৰামধেনু ওলায়, কথাষাৰ কিমান সত্য নাজানো যদিও তেওঁ বিচৰা ধৰণে সাগৰৰ বুকুত শুই গ'ল চিৰদিনৰ বাবে। প্ৰকৃতিৰ লগত সংগতি ৰাখি আৰু এষাৰ কথা মই এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ। এবাৰ হেনো জুবিন দাই খাৰঘূলিত নিজে ৰোপণ কৰা গছবোৰক Hockey Stick ৰে কোবাইছিল আৰু কৈছিল, 'ইহঁত আজিকালি বৰ দুষ্ট হৈছে।' তেওঁ প্ৰকৃতিৰ লগত কথা পাতিছিল ।

          যেতিয়া পৃথিৱীত অশান্তিৰ সৃষ্টি হৈছিল তেতিয়া শান্তি প্ৰতিষ্ঠাৰ অৰ্থে পৰমপিতা পৰমআত্মাই ( সকলো আত্মাৰে পিতা) যীশুখ্ৰীষ্টক পঠিয়াইছিল। সেয়ে যীশুখ্ৰীষ্টই সদায় নিজকে ঈশ্বৰৰ পুত্ৰ বুলি পৰিচয় দিছিল। ঠিক একেদৰে বৰ্তমান সময়ত সমাজত যি ব্যভিচাৰ আদিৰ সৃষ্টি হৈছে তাৰ বিৰুদ্ধে মাত মাতিবলৈ হয়তো পৰমপিতা পৰমআত্মাই জুবিন দাক আমাৰ মাজলৈ পঠিয়াইছিল।সেই অনুসৰি জুবিন দাই নিৰ্ভীক আৰু নিস্বাৰ্থভাৱে সাধাৰণ লোকসকলক সহায় কৰি গৈছিল। বিপদৰ সময়ত জনসাধাৰণে সদায় তেওঁক ওচৰত পাইছিল। কেৱল যে জুবিন দাই মানুহক ভাল পাইছিল আৰু মানুহৰ হকে কাম কৰিছিল তেনে নহয়। তেওঁ পশু-পক্ষীকো সমানে মৰম কৰিছিল। এই বিষয়ে বৰ্তমানে আমি তেওঁৰ বহুতো ঘটনা শুনিবলৈ পাইছোঁ। সেয়ে জুবিন দাৰ মৃত্যুত পশু-পক্ষীয়েও তেওঁক শ্ৰদ্ধাজ্ঞলি দিয়া দেখা পোৱা গৈছে।

       জুবিন দা নি:সন্দেহে মহান আত্মা। এইখিনিতে উল্লেখ নকৰি নোৱাৰো যে, মহান আত্মা মানে এইটো নহয় যে তেওঁ কেৱল ধৰ্মহে প্ৰচাৰ কৰিব বা এইটো নহয় যে তেওঁ কোনো শুভ্ৰ বগা বৰণৰ বা গেৰুৱা বৰণৰ সাজে পৰিধান কৰিব। তেওঁ আমাক জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে জীয়াই থাকিবলৈ শিকাই গ'ল।

        আত্মা হৈছে এটা চৈতন্য শক্তি। শক্তিৰ কেতিয়াও মৃত্যু নহয়, ই এটা ৰূপৰ পৰা আন এটা ৰূপলৈ পৰিৱৰ্তন হয়। ঠিক একেদৰে এই মহান আত্মাটোৱে যি বস্ত্ৰ পৰিধান কৰিছিল সেই বস্ত্ৰখনৰ মৃত্যু হৈছে, আত্মাটোৰ হোৱা নাই আৰু এই বস্ত্ৰখনৰ নামেই আছিল "জুবিন"।

           আমি সকলোৱে জানো যুগ চাৰিটা ( সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি)। এই যুগ চাৰিটাৰ পুণৰাবৃত্তি হৈ থাকে। যুগৰ পুণৰাবৃত্তি হৈ পুনৰ আকৌ যেতিয়া কলি যুগ আহিব, জুবিন দাৰ লগত আকৌ আমাৰ মিলন হওঁক , তাৰেই আশা ৰাখিলোঁ ।

চয়নিকা মালাকাৰ I

সহকাৰী শিক্ষয়িত্ৰী I

খোপনিকুছি নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়I

শিক্ষাখণ্ড : হাজো I

Post a Comment

1 Comments

  1. Nibedita Sarma KalitaNovember 26, 2025 at 4:34 PM

    ভাল লাগিল পঢ়ি চয়নিকা। ভাল লিখিছা।

    ReplyDelete