header ads

অসমীয়া প্ৰৱন্ধ I গণশিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণত I বিচিত্ৰ কুমাৰ I ৬ষ্ঠ বৰ্ষ ১ম সংখ্যা

 গণশিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণত 



           অলপতে এক আছুতীয়া সাক্ষাৎকাৰত জুবিন গাৰ্গে নিজেই কৈছিল যে, "মই আগতে বহুত ওপৰৰ স্কেলত গান গাইছিলোঁ , কিন্তু এতিয়া মই বুজি পালোঁ, মানে পঞ্চাছ বছৰ বয়সৰ পিছত তলৰ স্কেলৰ গান গালে বেছি আৰাম আৰু শব্দবোৰৰ ভাৱৰ অৰ্থও ভালকৈ প্ৰকাশ পায়।" গতিকে ইয়ে প্ৰমাণ কৰিছিল যে বয়সৰ জোখাৰে জুবিনে এতিয়া কথাবোৰ বুজি পাই আহিছিল।

          জুবিন নামৰ অৰ্থও তেওঁ নিজেই ব্যাখ্যা কৰিছিল যে জুবিন মানে হল 'তৰোৱাল'। পাৰ্চীসকলৰ ভগৱানে ব্যৱহাৰ কৰা তৰোৱালখনৰ নাম আছিল জুবিন। আন এক তথ্য মতে জুবিন গাৰ্গৰ নামকৰণ কৰা হৈছিল ভাৰতৰ প্ৰখ্যাত সঙ্গীত শিল্পী জুবিন মেহতাৰ নামেৰে । নাম দুটাৰ উৎসৰ পৰা গম পোৱা যায় যে দুয়োটা উৎসই 'জুবিন' অৰ্থৰ সৈতে মিলি গৈছে। আন অৰ্থত সঁচাকৈয়ে সংগীতৰ ক্ষেত্ৰত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে জুবিন এখন চোকা তৰোৱাল আৰু ৰাজপুত্ৰ , জুবিন মেহতাৰ দৰে এগৰাকী প্ৰসিদ্ধ শিল্পী হোৱাৰ দিশে গতি কৰি নামৰ তাৎপৰ্য বহন কৰি ৰাখিব পাৰিছিল।


       ১৯৭২ চনৰ ১৮ নবেম্বৰত জুবিন গাৰ্গৰ জন্ম হৈছিল। সৰুৰে পৰা ঘৰখনত সঙ্গীতৰ পৰিৱেশতে ডাঙৰ-দীঘল হোৱা জুবিনৰ সঙ্গীতৰ ক্ষেত্ৰত মাকৰ অৱদান আছিল অতুলনীয় ,অপৰিসীম। আন কথাত ক'বলৈ গ'লে মাকেই আছিল জুবিনৰ সঙ্গীতৰ প্ৰথম গুৰু। যিহেতু জুবিনৰ দেউতাক চাকৰি সূত্ৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিব লগাত পৰিছিল যাৰ বাবে হয়তো জুবিন বা আন পৰিয়ালৰ সদস্যক চোৱা-চিতা কৰাৰ দায়িত্ব মাকৰ ওপৰত পৰিছিল। সৰুতে কিন্তু জুবিন এজন বাদ্যযন্ত্ৰী হিচাপেহে আত্মপ্ৰকাশ কৰিছিল।সেইবাবে হয়তো দেউতাকে পাঁচ বছৰমান বয়সতে সৰু কী-বোৰ্ড এখন কিনি দিছিল। আনুষ্ঠানিকভাৱে সঙ্গীত শিকাৰ ক্ষেত্ৰত তেওঁ তবলা শিকিছিল কৰিমগঞ্জত, ৰবীন বেনাৰ্জীৰ ওচৰত। বিজনীত থাকোঁতে হাৰমণিয়াম শিকিছিল গুৰু ৰমণী ৰয়ৰ ওচৰত। সেই তেতিয়াই গুৰু ৰমণী ৰয়ৰ পৰা গোৱালপৰীয়া, কামৰূপীয়া আদি লোকগীতৰ পাঠ আৰম্ভ কৰিছিল। সেই সময়ত কিন্তু জুবিনৰ সঙ্গীতৰ ক্ষেত্ৰখনত কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নাছিল। নিজৰ একাগ্ৰতা আৰু সঙ্গীতৰ প্ৰতি থকা অগাধ ধাউতিৰ বাবে কী-বোৰ্ড, গীটাৰ,তবলা, কংগো,নাল,ঢুলকী, ড্ৰাম আদি নিখুঁত ভাৱে বজাব পাৰিছিল। গতিকে দেউতাকৰ ভাষাতে ক'ব পাৰি যে গান জুবিন গাৰ্গৰ তেজতে আছে। সেয়ে দেউতাকে সৰু কালতে জুবিনৰ অন্তৰাত্মাত সোমাই থকা গীতৰ সুৰ হয়তো শুনিছিল। এই ক্ষেত্ৰত জুবিন গাৰ্গেও দেউতাকৰ কথাখিনি আশীৰ্বাদ হিচাপে লয়। সঙ্গীতৰ প্ৰতি থকা তেওঁৰ দায়িত্ব আৰু কৰ্তব্য মৃত্যুলৈকে পালন কৰি মাক-দেউতাকৰ প্ৰতি কৃতজ্ঞতা আৰু শলাগ জনাইছিল আৰু তেওঁৰ সঙ্গীত যাত্ৰা অধিক বৰ্ণিলময় কৰি তুলিবলৈ চেষ্টা কৰিছিল।

         ১৯৯২ চনত জুবিন গাৰ্গৰ প্ৰথম গীতৰ এলনাম অনামিকাই মুক্তি লাভ কৰিছিল । নিজৰ ভিতৰতে অনামিকাই অভিলেষ স্থাপন কৰিছিল আৰু জুবিন গাৰ্গ সঙ্গীতৰ এক উজ্বল তাৰকাৰ শাৰীলৈ উন্নীত হৈছিল। তাৰ পিছত হয়তো আৰু জুবিন গাৰ্গে পিছলৈ উভতি চোৱাৰ অৱকাশ নাপালে, শ্ৰোতা,দৰ্শক, অনুৰাগী আৰু সময়ে তেওঁক বহু ওপৰলৈ লৈ গ'ল। মাত্ৰ বিশ বছৰ বয়সতেই এনেকুৱা এটা কাম কৰা বৰ আচৰিত কথা। সকলোৱে একেমুখে, একেলগে জুবিনক এক নতুন প্ৰতিভাসম্পন্ন কণ্ঠ শিল্পী বুলি স্বীকাৰ কৰিছিল। সেই তেতিয়াই জুবিনে গীতেৰে আপ্লুত কৰিছিল সকলোৰে মন-মগজু, হৃদয়, যাৰ গান আছিল শাশ্বত, অক্ষয়, অব্যয়। তেওঁৰ গীতত দেখা গৈছিল সৰ্বসাধাৰণ মানুহৰ সুখ-দুখ,প্ৰাপ্তি-অপ্ৰাপ্তি, আনন্দ-বিষাদ,প্ৰেম-বিৰহ, নিসংগতা আৰু অসহায়তাৰ কথা।

         সেই অনামিকাৰ পৰা বৰ্তমান সময়লৈকে জুবিন গাৰ্গৰ সফলতাৰ আঁৰত থকা কথাবোৰ ভাবি চোৱাৰ সময় আহি পৰিছে আৰু যুৱ প্ৰজন্মই এনে কি গুণৰ বাবে জুবিন গাৰ্গে ইমান সঙ্গীতৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে তাক জনাটো প্ৰয়োজন। এই ভাল লগা গুণ বা দিশটোৰ পৰ্যালোচনা কৰিলে সেইবোৰ গুণ দেখা যায় যিবোৰ গুণে তেওঁক আৰু ওপৰলৈ আগুৱাই যোৱাত সহায় কৰিছিল। 

        আমাৰ ব্যক্তিগত অনুভৱেৰে ক'ব বিচাৰো যে জুবিন গাৰ্গৰ ইমান জনপ্ৰিয়তা বা সফলতাৰ আঁৰত তলত উল্লেখ কৰা কাৰকবোৰে যথেষ্টভাৱে গুৰুত্ব পাইছিল ; যাৰ বাবে জুবিন,জুবিন হৈয়ে আছে আৰু হৈয়ে থাকিব।

বৃত্তি নিৰ্বাচন: মানুহৰ জীৱনৰ আটাইতকৈ সফলতাৰ আঁৰত থকা মুখ্য কথাটোৱেই হ'ল বৃত্তি নিৰ্বাচন। এই বৃত্তি নিৰ্বাচন কৰিব নোৱাৰাৰ বাবে বহুতো মানুহৰ ব্যক্তিগত জীৱনত হতাশা নামি অহা দেখা যায়। জুবিন গাৰ্গ বৃত্তি নিৰ্বাচনত আছিল অলৰ-অচৰ। নহ'লেনো 'গীতেৰেই জিনিম জগত ' কথাষাৰ মূলমন্ত্ৰ হিচাপে লৈ পৰীক্ষাৰ প্ৰশ্নকাকত ফালি পৰীক্ষা হলৰ পৰা ওলাই অহা ল'ৰাটো আজি সঙ্গীতৰ ৰাজপুত্ৰ হ'ব পাৰেনে ? সেয়া হ'ল জুবিনৰ সঠিক বৃত্তি নিৰ্বাচন আৰু সফলতাৰ প্ৰধান আৰু প্ৰথম খোজ।

সু-কণ্ঠৰ অধিকাৰী: বিশ্ব শিল্পী 'ভূপেন হাজৰিকা' দেৱৰ পিছতে এজন সু-কণ্ঠৰ অধিকাৰী শিল্পী হ'ল জুবিন গাৰ্গ। শিল্পী এজনৰ থাকিবলগীয়া গুণৰ এই চিৰসত্য কথাটো জুবিনৰ ক্ষেত্ৰত এশ শতাংশই শুদ্ধ, যাৰ কণ্ঠৰ বাবে আজি মুগ্ধ লাখ লাখ অনুৰাগী,শ্ৰোতা, দৰ্শক।

শুদ্ধ উচ্চাৰণ: শিল্পী এজনৰ থাকিবলগীয়া আন এটা গুণ হ'ল শব্দৰ সঠিক আৰু শুদ্ধ উচ্চাৰণ। আজিকালি এনেকুৱা বহুত কণ্ঠশিল্পী আছে যিয়ে কণ্ঠ সাধনা নকৰাকৈয়ে নিজকে ডাঙৰ কণ্ঠশিল্পী বুলি পৰিচয় দিব বিচাৰে। জুবিনে শব্দ উচ্চাৰণৰ ক্ষেত্ৰত বহুত সাৰ্থকতা আৰু সফলতা লাভ কৰিছিল,যাৰ বাবে হয়তো গীত এবাৰ ৰেকৰ্ডিং কৰাৰ পিছত দুবাৰ আৰু ৰেকৰ্ডিং কৰাৰ প্ৰয়োজন নাছিল।উচ্চাৰণৰ ক্ষেত্ৰত জুবিন অদ্বিতীয়।

ভাষাৰ জ্ঞান: ভাষাৰ জ্ঞান থকাটো শিল্পী এজনৰ বাবে ডাঙৰ কথা। এই ভাষাৰ জ্ঞান জুবিনে মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাতে লাভ কৰিছিল। কিয়নো সেই তেতিয়াই জুবিনে অসমীয়া, ইংৰাজী আৰু বঙালী মাধ্যমত পঢ়িব লগা হৈছিল; যাৰ বাবে জুবিনৰ এটা ভাষাৰ ওপৰত মজবুত ভেটি তৈয়াৰ হৈ গৈছিল। ভাষা শিকাৰ এই আগ্ৰহটোৰ বাবে জুবিনেই হয়তো ভাৰতৰ একমাত্ৰ কণ্ঠশিল্পী,যিয়ে নেকি আজিলৈকে প্ৰায় চল্লিশটা ভাষাত কণ্ঠদান কৰি সঙ্গীত জগতত এটি মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ল।

বাদ্যযন্ত্ৰৰ জ্ঞান: জুবিন বাদ্যযন্ত্ৰ বজোৱাত যথেষ্ট পাৰ্গত আছিল । সেয়ে বোধহয় তেওঁ এজন বাদ্যযন্ত্ৰী হিচাপেহে সঙ্গীত জগতত আত্মপ্ৰকাশ কৰিছিল। 

শিল্পী এজনৰ সফলতাৰ আঁৰত থকা আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল বাদ্যযন্ত্ৰৰ জ্ঞান থকাটো। জুবিন এই ক্ষেত্ৰত ব্যতিক্ৰম, একক আৰু অনন্য। অভিজ্ঞতাৰ পৰা দেখা যায় যে এজন কণ্ঠশিল্পীৰ যদি এই বাদ্যবোৰ বজোৱাৰ জ্ঞান থাকে তেতিয়াহ'লে শিল্পী কণ্ঠই গীতত সুৰ,লয়,গায়ন শৈলীৰ এক সংমিশ্ৰণ ঘটাই শ্ৰোতা- দৰ্শকৰ মন মোহিত কৰিবলৈ সক্ষম হয় আৰু গীতে স্থায়িত্ব লাভ কৰি এই গীতৰ সুৰ চিৰদিন কাণত,মন মগজুত বাজি থাকে।

নিজৰ কামক প্ৰাধান্য দিয়া: দেউতাকৰ ভাষাৰে ক'ব পাৰি যে জুবিনে নিজ মনে যদি কিবা এটা কৰিম বুলি ভাবিছে সেই কামটো সি কৰিবই। লাগিলে যিয়েই বিপদ নাহক কিয়। ইয়াৰ প্ৰমাণ পোৱা যায় অনামিকা এলবামৰ কাম কৰাৰ সময়ত। পকেটত পইচা নাছিল, মাথোঁ মনত সাহস আৰু আত্ম বিশ্বাস। মাকক কোৱাত জমা ধনৰ পৰা ষাঠি হাজাৰ টকা উলিয়াই দিছিল। নিজৰ মনক প্ৰাধান্য দিয়া বাবে হয়তো কামটোত সফলতা লাভ কৰিলে।

গান লিখাৰ সামৰ্থ: এজন শিল্পীৰ যদি গান লিখাৰ সামৰ্থ থাকে তেতিয়া হ'লে শিল্পীজন আগুৱাই যোৱাত সহজ হয়। ভূপেন হাজৰিকা,বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আদি স্বনামধন্য ব্যক্তিসকল নিজে গান লিখি নিজে গীত গোৱাৰ সমৰ্থতাৰ বাবে হয়তো আজিও সঙ্গীত জগতত প্ৰাতঃস্মৰণীয় শিল্পীলৈ উত্তৰণ ঘটিছে। আমি ভাবোঁ জুবিনো ইয়াৰ ব্যতিক্ৰম নাছিল।

সুৰ সৃষ্টি ক্ষমতা: গান এটা লিখিলে ন'হব যদিহে ই কোনো শিল্পীৰ সুৰত প্ৰাণ পাই নুঠে। কবিয়ে কোৱাৰ দৰে 'সদায় কাণেৰে শুনা সৰু কথাটিও,গীত হ'লে প্ৰাণ টানি ধৰে।' ভাল গীত এটা সুৰেৰে ভালকৈ সজালে সকলোৱে ভাল পায়,আদৰ কৰে,উচ্চ প্ৰশংসা কৰে,উচ্চ আসনত ঠাই দিয়ে। ভাল গীত এটা নুবুজা হ'লেও সুৰ যদি ভাল হয় সি সকলোৰে মন- প্ৰাণ টানি ধৰে। অশান্ত হৃদয় জুৰ পেলায়। জুবিনৰ গীতসমূহ এই বাবেই ব্যতিক্ৰম,অনন্য আনতকৈ অলপ বেলেগ।

শাৰীৰিক সৌন্দৰ্যতা: শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা দেৱে এষাৰ কথা প্ৰায়ে কৈছিল যে ' আমি শিল্পীসকল ধুনীয়া হৈ থাকিব লাগে'। সঁচা কথা; কাৰণ এই শিল্পীসকলক হাজাৰ হাজাৰ মানুহে অনুকৰণ কৰি থাকে ।কি পিন্ধে,কেনেকৈ পিন্ধে, শালীনতা কিমান বজাই ৰাখি মঞ্চত দৰ্শকৰ আগত অনুষ্ঠান পৰিৱেশন কৰে ইত্যাদি ইত্যাদি। লগতে শিল্পীসকলৰ এটা নিৰ্দিষ্ট সৌন্দৰ্য থকাৰো প্ৰয়োজন, যাৰ ব্যতিক্ৰম জুবিন গৰ্গো নাছিল।

ধৈৰ্যশীলতা: আত্ম বিশ্বাসে মানুহৰ ধৈৰ্য বঢ়ায়। যি মানুহৰ নিজৰ ওপৰত বিশ্বাস নাই, তেওঁ কেতিয়াও ধৈৰ্যশীল হ'ব নোৱাৰে আৰু ধৈৰ্য নহ'লে জীৱনত আগুৱাবলৈ কিছু অসুবিধা হয়। জুবিনৰ ধৈৰ্য আছে । ধৈৰ্য আছে বাবেইটো পৰীক্ষাৰ প্ৰশ্নকাকত ফালি আহিও নিজৰ গানত থকা পাৰদৰ্শিতাখিনি গভীৰ বিশ্বাসেৰে ৰাইজৰ আগত প্ৰকাশ কৰি আজিৰ অৱস্থাত উপনীত হ'ব পাৰিছিল।

আনক সহায় কৰাৰ মানসিকতা: জুবিনৰ দৰে মানুহক সহায় কৰা শিল্পী অসমত কম আছে । প্ৰয়োজনত কাৰোবাক পঢ়াৰ খৰচ দি,কাৰোবাক চিকিৎসাৰ খৰচ বহন কৰি, কেতিয়াবা কাৰোবাৰ ভাতৃ,কাৰোবাৰ পুত্ৰ,কাৰোবাৰ বন্ধু আৰু কেতিয়াবা কাৰোবাৰ পিতৃ হৈও জুবিনে আত্ম-সন্তুষ্টি লাভ কৰিছিল। যাৰ বাবে হয়তো জুবিন গাৰ্গক মাউণ্ট এভাৰেষ্ট বিজয়ী এডমাণ্ড হিলাৰীৰ লগত তুলনা কৰিছিল।

এক ইতিবাচক প্ৰতীক আছিল জুবিন: অসম আন্দোলন,সন্ত্ৰাসবাদীৰ দপদপনি আৰু সেই সময়ত ৰাজনৈতিক অস্থিৰতাত অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে সাংস্কৃতিক,অৰ্থনৈতিক, শৈক্ষিক লগতে মানুহৰ দৈনন্দিন জীৱন যাত্ৰাত এক ব্যাঘাত জন্মিছিল। সেই সময়ত জুবিন গাৰ্গৰ দৰে এজন কম বয়সীয়া ল'ৰাই মৃত্যুৰ ক্ষণ গণি থকা অসমত, গান শুনাৰ পৰিৱেশ এটা নথকা অসমত,সমাজ জীৱনত মানুহৰ স্থিৰতা নোহোৱা সময়ত এমুঠি আশাৰ গান গাই মানুহক ইতিবাচক চিন্তাৰ খোৰাক যোগাব পাৰিছিল আৰু সঙ্গীতৰ ধাৰাটোক পৰিৱৰ্তন কৰি দিছিল। যাৰ গীতত আছিল শব্দৰ যাদু,সুৰৰ মায়াজাল,কণ্ঠৰ লহৰ,আশাৰ বতৰা আৰু জীয়াই থকাৰ অযুত প্ৰেৰণা আৰু সম্ভাৱনা। সেয়ে লিখিছিল আৰু 'অনামিকা' নামৰ এলবামটোত গাইছিল -

" মোৰ গানত আছে অনামিকা আশা
সপোনৰ সুৰৰ নুবুজা আশা
মোৰ গানে দিব নতুন ভাষা
নতুন জোনাক নতুন দিশা 
ক্লান্ত বুকুযুৰি ব'ব 
সৃষ্টিৰেই অমল বতাহ " 

ঘৰুৱা পৰিবেশত সাংস্কৃতিক মনোভাৱ: " ঘৰখনেই শিশুৰ শিক্ষাৰ কঠিয়াতলি"। তাহানি বিদ্যালয়ত পঢ়া সময়তে এনেকুৱা ধৰণৰ কথাবোৰ আমাৰ মন-গহনত চিন্তাৰ অব্যৰ্থ বীজ অংকুৰিত হৈ লাহে লাহে পৰৱৰ্তী জীৱনত এই বীজ পৰিস্ফুট হৈ, শিক্ষকতা কৰা জীৱনত ইয়াক বহলভাৱে অনুধাৱন কৰিলোঁ আৰু কথাষাৰৰ ভিতৰত থকা সুন্দৰ ভাবধাৰা বুজি পালোঁ। সঁচাই ,সুন্দৰ পৰিৱেশ এটাই ল'ৰা-ছোৱালীক গঢ় দিয়াত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জুবিনৰ মাক-দেউতাকে এনে এটা ইতিবাচক মানসিকতাৰ জৰিয়তে শিশুকালতে জুবিন গাৰ্গক সঙ্গীতৰ পৰিৱেশৰ গতি প্ৰদান কৰিছিল। বিশেষকৈ জুবিনে কৈছিল যে, 'মোৰ কাৰণে ভগবান মোৰ মা। মোৰ জীৱনত মোৰ মা আটাইতকৈ ডাঙৰ। মায়ে মোক জন্ম দিছে। প্ৰথমতে গান শিকাইছে, তাৰ পিছত আঙুলিত ধৰি ধৰি তবলা শিকাইছে। মায়ে প্ৰথম হাতত ধৰি শিকায়, সেইটো মায়ে কৰিছে। গতিকে মই মাক কেতিয়াও পাৰিব নোৱাৰোঁ। দেউতাক চাকৰিত ব্যস্ত যদিও গান লিখা,কবিতা লিখা,কিতাপ পঢ়া আদি কামত ব্যস্ত থাকিও নিজে হ'ব নোৱাৰা বা কৰিব নোৱাৰা কামটো পুতেকৰ জৰিয়তে কৰিব বিচাৰিছিল। লগতে মাকেও অনুপ্ৰেৰণা হিচাপে গীত গাই জুবিনক এই ক্ষেত্ৰত সহায় যোগাইছিল।

অসমৰ ৰাইজে বিচাৰিছিল জুবিন অকল অসমৰ নহয় সমগ্ৰ ভাৰতৰ বাবে এক সাস্কৃতিক সম্পদ, এটা বৃহৎ অনুষ্ঠান আৰু অসমীয়া জাতিটোৰ বাবে শঙ্কৰদেৱ ,মাধৱদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা,ভূপেন হাজৰিকাদেৱৰ দৰে অসমৰ স্বাভিমান,প্ৰেৰণা আৰু এটা উজ্বল নক্ষত্ৰ ; যিয়ে সদায় ভাৰতবৰ্ষ পোহৰাই ৰাখিব। তেওঁ গণশিল্পীলৈ ৰূপান্তৰিত হ'ল, তাৰে প্ৰমাণ তেওঁৰ মৃত্যুৰ অন্তিম সমদল যাত্রা, যাক লিমকা বুকচ অফ ৰেকৰ্ডছে চতুৰ্থ বৃহৎ সমদল বুলি ঘোষণা কৰিলে । ইয়ে প্ৰমাণ কৰিলে জুবিন গাৰ্গৰ বিশাল, বৰ্ণাঢ্য আৰু বৰ্ণিল সঙ্গীত যাত্ৰাৰ ক্ষেত্ৰখন। ভূপেন দাৰ মৃত্যুত জুবিন দাই কৈছিল অসমৰ নৱ প্ৰজন্মই ভূপেন দাক আগুৱাই লৈ যাব লাগিব। তেতিয়াহে ভূপেন হাজৰিকাৰ গান আৰু সমগ্ৰ সৃষ্টিৰাজিয়ে স্থায়িত্ব লাভ কৰিব। তেখেতৰ গান শুনিলেহে নতুন প্ৰজন্মই ভালদৰে বুজি পাব গানত কি অৰ্থ থাকে । নতুন প্ৰজন্মই বুজি নাপালে গানটোৰ গভীৰলৈ সোমাই যাব নোৱাৰিব। আজি জুবিনৰ মৃত্যুত আমিও সেই একেখিনি কথাকে নতুন প্ৰজন্মক বুজাব লাগিব। ভূপেন দাইও জুবিনক লগ পালেই কৈছিল 'জুবিন মই শুনিছোঁ তুমি বহুত বেছি কাম কৰা,কাম বেছি নকৰিবা, অলপ কমকৈ কৰিবা। নহ'লে মোৰ দৰে অৱস্থা হ'ব। নিজক সময় দিবা।' পৰৱৰ্তী সময়ত জুবিন গাৰ্গে ভূপেন দাৰ এইখিনি কথা মানি চলিছিল নে নাই আমি গম পোৱা নাছিলোঁ। যিহেতু সঙ্গীতৰ সমান্তৰালকৈ সামাজিক ভাবেও শিল্পীসকলৰ এক দায়বদ্ধতা আছে । সেয়ে পুনৰ কওঁ জুবিনৰ পৰাও মানুহে মৃত্যুৰ সময়লৈকে বহু আশা কৰিছিল আৰু আশা কৰাৰ কথাও, যিহেতু তেওঁ অসমৰ গোটেই সাংস্কৃতিক ক্ষেত্ৰখনতে আবদ্ধ হৈ পৰিছিল।

যিয়ে নহওঁক জুবিনৰ মৃত্যুৱে কিন্তু জাতিটোক পুনৰাই একত্ৰিত হোৱাৰ এটা বাট দেখুৱাই থৈ গ'ল। এক বিশাল জনসমুদ্ৰই জুবিনৰ আত্মাক অমৰত্ব প্ৰদান কৰিলে। জুবিনৰ মৃত্যুত অকল যে লাখ লাখ অসমৰ গুণমুগ্ধই হিয়া ঢাকুৰি কান্দিছে এনে নহয়,জুবিনে লালন-পালন কৰা জীৱ - জন্তুবোৰেও নিজৰ গৰাকীৰ মৃত্যুত ম্ৰিয়মান, শোকাতুৰ হৈ পৰিছে। তেওঁৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি-শোক ভাৰতৰ বাদেও আন বহুতো দেশত জনোৱা কাৰ্যই এইটোৱে বুজায় যে জুবিন প্ৰকৃততে কিমান বিশাল, বৰ্ণাঢ্য আৰু বৰ্ণিল সঙ্গীতৰ মূৰ্ত প্ৰতীক আছিল। যাৰ বাবে হয়তো আমিও আজিৰ পৰা বহু বছৰ পিছলৈ গৌৰৱ কৰাৰ,প্ৰেৰণা,উৎসাহ আৰু সাহস পোৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰিম।

যিজন ব্যক্তিয়ে জীৱিত কালতেই নিজৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছিল , সেইটো এটা ডাঙৰ কথা-- কিমান মৰম,মনৰ আৱেগ আৰু আন্তৰিকতা থাকিলে এজন মানুহক এনেকুৱা পৰ্যায়লৈ নিব পাৰে বাৰু ? ভাবিলে আচৰিত লাগে। দেউতাকে নিজেই কৈছে জুবিনে এটা সামাজিক বিপ্লৱৰ সৃষ্টি কৰিব পাৰে। এতিয়ালৈ বোধহয় কোনো বাপেকে পুতেকৰ জীৱনী লিখা নাই ,জুবিন কিন্তু ইয়াৰ ব্যতিক্ৰম। জুবিনৰ দেউতাকে জুবিনৰ ওপৰত লিখিছে। ইয়ো এক আচৰিত হ'বলগীয়াৰে কথা।

মৃত্যুৰ আগদিনা ছিংগাপুৰত গোৱা সেই গীতটোতে যেন মৃত্যুৰ আকুল আহ্বান শুনিব পাইছিল আৰু Eric Claption and Will Jennings ৰ নিজ পুত্ৰৰ বাবে লিখা বিখ্যাত গীতটো গাইছিল --

'তুমি মোৰ নামটো
ক'ব পাৰিবানে 
মই যদি তোমাক স্বৰ্গত দেখো 
সকলো একেই থাকিবনে
মই যদি তোমাক স্বৰ্গত দেখো 
দুৱাৰৰ সিপাৰে শান্তি
আছে মই নিশ্চিত
আৰু মই জানো,স্বৰ্গত
আৰু কোনো চকুলো নাথাকে।'
এই বিখ্যাত গানটোৰ মাজেৰে জুবিনে কৈ গ'ল সকলো, সঁচা হৈ ৰ'ল এওঁৰ গানৰ প্ৰতিটো শব্দ প্ৰতিটো অৰ্থ।

হীৰেন ভট্টাচাৰ্যদেৱেও কৈছিল, 'জুবিন সঁচাই আচৰিত ইমান কম বয়সতে,ইমান সোনকালে জনপ্ৰিয়তা লাভ কৰা দেখি আচৰিত হওঁ,জুবিন কোনো ৰেডিঅ শিল্পী নহয়,দূৰদৰ্শন শিল্পী নহয়, বা তেনে কোনো বেকগ্ৰাউণ্ডো নাই। জুবিনে যোগ্যতাৰ ভিত্তিত জনপ্ৰিয়তা পাইছে নিঃসন্দেহে।'

  সৰ্বসাধাৰণৰ গীত গাই লুইত পাৰৰ গীত,সুৰ, কলা-সংস্কৃতি সিন্ধু, গংগা, কাবেৰীৰ সৈতে মিলাই টেমছ-মিছিছিপিৰ পাৰত বিলাব খোজা জুবিন গাৰ্গ আজি বিশ্ব দৰবাৰত এজন প্ৰতিষ্ঠিত মহান গণ-শিল্পী।

          
বিচিত্ৰ কুমাৰ I
সহকাৰী শিক্ষক I
মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয় I
শিক্ষাখণ্ড : ৰামপুৰ I

Post a Comment

0 Comments