header ads

অসমীয়া কবিতা I দেৱদূত মধুকণ্ঠ জুবিন যুগনায়ক I মামণি কলিতা I ৬ষ্ঠ বৰ্ষ ১ম সংখ্যা

 দেৱদূত মধুকণ্ঠ জুবিন যুগনায়ক


হে যুগস্ৰষ্টা অৱতাৰী পুৰুষ ,
তোমাক শতকৌটি প্ৰণাম।

তুমি হীৰা খচিত স্বৰ্ণিল প্ৰতিভা 
তুমি স্বৰ্গ সুশোভিত বৰ্ণিল মহাকাশ
তুমি,তুমি কি নহয়...
মানৱ দৰদী মহানুভৱতাৰ তুমি 
একক ঐক্য সংহতিৰে এটুকুৰা হীৰা।

সমুদ্ৰ ঘৃণীত হ'ল তোমাক আকোঁৱালি ,
বন্ধুত্ব সন্দেহৰ জালত সোমাল 
অভিমন্যুৰ বেষ্টনীত তোমাক লেখি ।
তুমি কিন্তু হেলাৰঙে ওফৰাই দিলা 
কূটিল মানৱক জনমানসত হেয় প্ৰতিপন্ন কৰালা ।
তুমি মহান...,তুমি বিৰল প্ৰতিভাৰ অধিকাৰী...,তুমি উদাৰতাৰ শেষ বিন্দু 
তুমি ঐতিহ্যৰ এক প্ৰতিভূ
তুমি কঢ়িওৱা কিং ফাৰাও টুটেনখামেনৰ মুখাবয়ব ।

ত্ৰৈলোক্য আলোড়িত হোৱাকৈ তুমি 
চিফুংৰ কল্লোলিত সুৰ...
ধুমুহাৰ দৰে আহি সৰগ ৰচি 
লক্ষ্য কৌটি হৃদয় জিনি 
তুমি গুচি গ'লা ...সৰগলৈ।

তুমি তুষাৰপাত,
যিয়ে আৱৰিব পাৰে গিৰি কন্দৰ বন্দৰ সাগৰ...
তুমি উৎপতীয়া সপ্ৰতীভ কেঁচুৱা 
সংগীতৰ তালে তালে মূৰ্চনা তুলি 
তুমি স্বৰ্গ-মৰ্ত্য-পাতাল-আকাশ বগোৱা
এক অদ্ভূত সত্তা 
তুমি চাহেনচাহ 
তুমি জিল্লেল্লাহি
তুমি বঙহৰদেউ __
নিজকে উচ্চ স্তৰত উপবিষ্ট কৰা মহৎ আত্মা ।

তুমি এক ঐশ্বৰিক শক্তি
এক যান্ত্ৰিক প্ৰযুক্তি... 
যুগৰ অৱসান ঘটিল, তুমি সমাধিস্থ হ'লা 
অশ্ৰুৰে সাগৰ মন্থন কৰি 
তুমি সুনীল কণ্ঠ হ'লা। 
তুমি নায়কৰো নায়ক 
বিশ্বনায়কৰ এক অমৰ জ্যোতি তৰংগ 
যি চুব পাৰে নিমিষতে বিশ্বব্ৰহ্মাণ্ড,
তোমাৰ খেয়ালী মনৰ বিশালতা 
সাধাৰণজনে অসাধাৰণ ভাৱে 
উদ্ভাৱন কৰিলে তোমাৰ অকাল বিদায়ৰ দিনা...।

তুমি কৈছিলা __"মোৰ মৃত্যুত জনস্ৰোত ব'ব ,
আকাশে বতাহেও মুষলধাৰে চকুলো টুকিব 
ৰোধিব জন সমূদ্ৰই 
আধুনিক কৃত্ৰিমতা।"

সেয়াই পৰিস্ফুট,চৌদিশে বাজে তোমাৰে জয়গান। 
চৰাই,কুকুৰ, ঘোঁৰা,বান্দৰ,গৰু 
সকলো মৰ্মাহত তোমাৰ বিয়োগত,
গছ লতিকা জয় পৰি ৰ'ল
তুমি বিহীন শূণ্যতাত 
আমি জাতিটো আহত হৈ ৰ'লো 

এক অপূৰণীয় ক্ষতিগ্ৰস্ততাত 
"তুমি নাই"__,ভাবিলেই মূৰটো আচন্দ্ৰাই কৰি যায়,
হেৰাই যায় ভৰিৰ তলৰ মাটি।
অকৃত্ৰিম সুৰেৰে তুমি চৈধ্য ভুবন জিনিলা 
তোমাৰ শব্দই তুলিলে কৌটি কৌটি অনুৰাগীৰ 
কৰ্ণ কুহৰত বিজুলী কম্পন,
ঝংকাৰিত হ'ল উৎকৃষ্টতম ৰাগ-ৰাগিনী 
যি অকল্পনীয়,যি অবৰ্ণনীয়, যি অভূতপূৰ্ব।
বৰ্ণানাতীত গুণৰাশিৰে তুমি জগত পোহৰালা 
লৈ গ'লা বিশ্বব্ৰহ্মাণ্ডৰ বুকুলৈ ওজন
অসমী আইৰ তেজাল তৰাৰ উদাত্ত কণ্ঠ।

যুগদ্ৰষ্টা তুমি অভিলেখ ৰচিলা মহাপ্ৰয়াণৰ  
মানৱ দৰদী হিয়াৰ আটোলটোলীয়া সুৰেৰে নিগৰালা 
সংগীতৰ অমিয়া ধাৰা...
মায়াবিনী তুমি,অকুণ্ঠ চিত্তৰ মোহ মায়াৰে আমাৰ হৃদয় জিনিলা।

এনে সুৰ শুনা নাই 
এনে শব্দবন্ধন দেখা নাই 
যি বান্ধিৱ পৰা আটোমটোকাৰিকৈ,
নিতোল শব্দবিন্যাস,নিঁখুত বাদ্য সংগত 
এক দৃঢ় মনৰ অনবদ্য প্ৰকাশ 
তোমাৰ পৰিপক্ক সাংগীতিক মাধূৰ্যত আমি শৰবিদ্ধ ।
অসমী আইৰ সুসন্তান ইলী আই , আৰু 
দেউতা কপিলৰ তুমি হৃদস্পন্দন 
স্ব-গৰিমাৰে মহিমামণ্ডিত তুমি ,
তুমি আমাৰ হিয়াৰ আঁমঠু 
কলিজাই কলিজাই এক যত্ বন্ধন।

যুগে যুগে জীয়াই ৰাখিম আমি 
জুবিন নামৰ শলিতা জ্বলাই 
হিয়াই হিয়াই সিৰাই সিৰাই,
তুমি আকৌ আহিবা জ্যোতিষ্মান এক নক্ষত্ৰ 
ধাৰাল তৰোৱাল হৈ ...
তুমি কাটি যাবা মুকুটিৰ বাট 
আৰ্তজনক আগবঢ়াই সহায়ৰ হাত 
বিনাশিবলৈ সমাজৰ পৰা অসূয়া অপ্ৰীতি,
তুমি জোনাক, তুমি ভাস্কৰ 
জ্যোতি স্ফুলিংগ 
যাৰ পোহৰে নকৈ পোহৰাব আমাৰ ব্যথিত হৃদয়,
হৃদয়ে হৃদয়ে জগাব প্ৰণয় 
মানৱতাৰ 
সহনশীলতাৰ 
ঐক্য সংহতি উদাৰতাৰ...
জয় জুবিন জয়,জয় জুবিন জয় ।

মামণি কলিতা
সহকাৰী শিক্ষয়িত্ৰী
শিক্ষাখণ্ড : ৰামপুৰ

Post a Comment

0 Comments