শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গলৈ
মানুহে হেনো সময়ৰ হিচাপ কৰিব লাগে কামেৰে, বয়সৰ জোখেৰে নহয় । এই কথা সঁচা প্ৰমাণিত কৰি অতি কম বয়সতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ । অসমীয়াৰ হিয়াৰ আমঠু এই মহান শিল্পী গৰাকীৰ সৃষ্টিৰ কথা কৈ শেষ কৰিব নোৱাৰি । গণি শেষ কৰিব নোৱাৰাকৈ সৃষ্টিৰ ভাণ্ডাৰ এৰি থৈ গ'ল অসমীয়াৰ মাজত ।
জুবিনৰ জীৱনলৈ চালে দেখা যায় তেওঁ আছিল এজন জন্মগত শিল্পী ।
তেওঁৰ শৰীৰৰ তেজৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছিল সংগীত । তেওঁ ঘৰতে সংগীতৰ অ-আ, ক-খ শিকিছিল যদিও বিশেষ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল । কিন্তু অবিশ্বাস্য ভাবে অতি কম বয়সতে তেওঁ সকলো বাদ্যযন্ত্ৰতে পাৰদৰ্শী হৈ উঠিছিল । সেইদৰে বিভিন্ন ভাষাত গান গাই অসমৰ লগতে বিশ্ববাসীৰ হৃদয়ত এক সুকীয়া স্থান অধিকাৰ কৰিছিল ।
জীৱিত অৱস্থাত জুবিন গাৰ্গৰ বিভিন্ন বিতৰ্কৰ কথা যিমান প্ৰকাশ হৈছিল, তেওঁৰ মানৱীয় গুণসমূহৰ কথা কিন্তু সিমানেই উহ্য হৈ আছিল। আমাৰ মানুহৰ এটা স্বভাৱ আছে যে জীয়াই থাকোঁতে প্ৰশংসা নকৰি মৃত্যুৰ পিছতহে তেওঁৰ গুণানুকীৰ্তন কৰে । সেইবাবেই আমি তেওঁৰ ভিতৰত থকা প্ৰকৃত জুবিন গাৰ্গজনক যেন চিনিবই নোৱাৰিলোঁ। এতিয়া যিমানেই তেওঁৰ পুৰণি কথাবোৰ ভিডিঅ' আকাৰে ওলাই আছে, সিমানেই যেন আমি মূৰ তল কৰি যাব লগা হৈছে । বিহু মঞ্চত যেতিয়া জুবিনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল, তেতিয়া আমি কেৱল তেওঁক দোষাৰোপ কৰিছিলো । কিন্তু সেই পৰিস্থিতিৰ অন্তৰালত কি ঘটনা জড়িত হৈ আছিল, কোনেও বিশ্লেষণ কৰা নাছিল। আনকি সাংবাদিক সকলেও অনুসন্ধান কৰা নাছিল। প্ৰকৃত মানৱ দৰদী জুবিনজন চোকা সমালোচনাত হয়তো ক্ষত- বিক্ষত হৈছিল, তাৰ খবৰেই বা আমি কিমানে ৰাখিছিলোঁ ।
জুবিন গাৰ্গৰ গীত আমি সকলোৱে শুনি ভাল পাওঁ আৰু গুণগুণাবলৈও চেষ্টা কৰোঁ । কিন্তু তেওঁৰ গীতৰ আঁৰত থকা অন্তৰৰ আকুতি আমি কেইজনে অনুভৱ কৰোঁ !
এটি এটি গীতৰ আঁৰত লুকাই থকা তেওঁৰ মৰ্মবেদনা আমি কিমানে উপলব্ধি কৰিছিলোঁ ।
" গান এটা গোৱানা অ' মা
হাত বুলাই দিয়ানা অ' মা"-- এনে এটি গীত মঞ্চত পৰিবেশন কৰোঁতে তেওঁ ভিতৰি কিমান ভাঙি পৰিছিল, কিমান সাহসৰ প্ৰয়োজন হৈছিল, ভাবিলে বুকু বিষাই যায়। কিন্তু আমি বিচাৰিছিলোঁ কি-- তেওঁ যিহেতু জুবিন গাৰ্গ, তেওঁ গান গাবই লাগিব । সেইবাবেই চাগে তেওঁ মাজে মাজে কৈছিল - জুবিন গাৰ্গ হোৱাটো ইমান সহজ নহয়। সঁচাকৈয়ে সহজ নহয় জুবিন গাৰ্গৰ নিচিনা এগৰাকী শিল্পী হোৱাটো । মাতৃক কম বয়সতে হেৰুৱাই, মাতৃস্নেহৰ পৰা বঞ্চিত মৰম আকলুৱা ল'ৰাটোৱে বিহুবলীয়া ৰাইজৰ মনোৰঞ্জনৰ বাবেই গাই গৈছিল এটাৰ পিছত এটা গান । কেতিয়াবা গাই থকাৰ মাজতে চকুপানী টুকিছিল । অকল মাতৃয়েইতো নহয়-- অনবৰতে ছাৰ দৰে সংগ দি থকা, গানৰ ক্ষেত্ৰখনতো প্ৰেৰণা তথা সাহস যোগাই থকা ভগ্নী জংকীয়েও তেওঁৰ চকুৰ সন্মুখতে সাৱটি লৈছিল অকাল মৃত্যু। ডেৰ বছৰ অগা- পিছাকৈ ঘটা এই দুটা ঘটনাৰ পিছত নিজক থিয় কৰি ৰখাটো সাধাৰণ মানুহৰ সাধ্যৰ বাহিৰত । কিন্তু জুবিন আছিল সঁচাকৈয়ে অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী। যাৰ বাবে এতিয়া মানুহে তেওঁক ঈশ্বৰপুৰুষ বুলি ভাৱিবলৈ বাধ্য হৈছে । কৃষ্ণই যিদৰে বৃন্দাবনৰ গোপ-গোপী, পিতৃ -মাতৃৰ মায়া এৰি নিজৰ কৰ্তব্য সাধনৰ বাবে মথুৰালৈ যাত্ৰা কৰিছিল, ঠিক যেন জুবিনেও নিজৰ কৰ্তব্য সম্পাদনৰ বাবে নিজক সামৰি লৈছিল । নিজৰ দুখবোৰ তৰপে তৰপে ঢাকি গৈছিল নিজৰ অন্তঃস্হলত । আৰু কেতিয়াবা হয়তো তাৰেই বহিৰ্প্ৰকাশ ঘটিছিল। আমি সাধাৰণ মানুহে সেই কথা বুজি পোৱাটো ইমান সহজ নাছিল ।
সহজ নহয় জুবিন গাৰ্গৰ বিষয়ে লিখাটোও । অৰ্দ্ধ শতিকাতকৈ মাত্ৰ দুটা বছৰ বেছিকৈ জীয়াই থকা জুবিনে যিমানবোৰ কাম কৰি থৈ গ'ল সেয়া তুলনাবিহীন । জুবিনৰ পিতৃ কপিল ঠাকুৰে জুবিনৰ জীৱিত কালতেই তেওঁৰ জীৱনী লিখিলে । "পিতৃৰ দৃষ্টিত জুবিন" নামৰ কিতাপখনত পিতৃয়ে লিখিছিল -"জুবিনে এতিয়া অৰ্ধেক জীৱন পাৰ কৰিছে । শ্ৰীঠাকুৰৰ কৃপা আৰু ৰাইজৰ শুভ ইচ্ছাত আৰু অৰ্ধেক জীৱনৰ ফালে আগুৱাই গৈ আছে । এইদৰে দিন যোৱাৰ লগে লগে জীৱন আৰু অধিক কৰ্মবহুল হৈ পৰিব । ভগৱন্তৰ কৃপা হ'লে সুযোগ্য জনে সেইখিনি লিখিব।" কিন্তু ভগৱানে পিতৃ হৃদয়ৰ সেই আশা পূৰণ হ'বলৈ নিদিলে । কপিল ঠাকুৰদেৱে এই কথাও কৈছিল যে পিতৃয়ে পুত্ৰৰ জীৱনী লিখাটো চাগে এয়াই প্ৰথম। এয়াও এক ঈশ্বৰৰ ইচ্ছা বুলিয়েই ক'ব পাৰি । জুবিনেও তেওঁৰ জীৱনী গ্ৰন্থখন দেখি গ'ল । এয়া তেওঁৰ বাবেও কম সৌভাগ্যৰ কথা আছিলনে !
সৌভাগ্য উদয় হৈছিল অসমবাসীৰো । ইমান কম বয়সতে কিংবদন্তিত পৰিণত হোৱা জুবিন গাৰ্গৰ জন্ম হৈছিল আমাৰ এই অসমভূমিত । অসমৰ নাম বিশ্ববাসীৰ আগত চিনাকি দিবলৈ তেওঁৰ কিমান প্ৰচেষ্টা । কিন্তু আমি সেই কথা নুবুজিলোঁ । সেই মাণিক আমি ধৰি ৰাখিবলৈও সক্ষম নহ'লো । যি কাৰণতেই নহওঁক কিয় সেই মাণিক আমাৰ অযত্নৰ ফলতেই আমাৰ আঙুলিৰ ফাঁকেৰে সৰকি গ'ল ।
এতিয়া আৰু অশ্ৰু অঞ্জলি যঁচাৰ বাহিৰে আমি বাৰু কি কৰিব পাৰো । হয়তো নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰো তেওঁৰ পুনৰ্জন্মৰ । ভাৰতীয় আদৰ্শত পুনৰ্জন্মৰ বিশ্বাস কৰা হয় । আমিও কৰযোৰে তাকেই কামনা কৰিলোঁ । শেষত হৃদয় স্পন্দন যুগস্ৰষ্টা জুবিন গাৰ্গলৈ ভক্তি ভৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ ।
সহকাৰী শিক্ষয়িত্ৰী I
চাংসাৰি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় I
শিক্ষাখণ্ড : কৰৰা I


0 Comments