সেউজীয়া আত্মাৰ সাধু
শিল্পী গুচি যায়, ৰৈ যায় মাথোঁ তেওঁৰ সৃষ্টি....
জুবিন দা,
অসমৰ খবৰ পোৱা নে তুমি ?
যোৱা পাঁচটা দিন ধৰি অসমখন স্তব্ধ হৈ পৰিছে ।
প্ৰতিখন ঘৰতে আজি কোনোবা আত্মীয়ৰ বিয়োগ ঘটিছে ।
প্ৰতিখন ঘৰতে প্ৰতিটো গলিতে দিনে-ৰাতিয়েই কেৱল সেমেকা চকুৰে, উচুপি উচুপি এটাই প্ৰাৰ্থনা......
আমাৰ ইয়ালৈ উভতি অহাৰ দিনা...
গোটেই অসমখনে তোমাৰ পাছে পাছে আহিছিল...
বেয়া পাইছোঁ তোমাক...
যাওঁ বুলিয়েই গুচি গ'লা জোনবাইৰ দেশলৈ...
বহুত কথা; ক'বলৈ থাকি গ'লও তোমাক ।
আমি কিমান মৰম কৰোঁ তোমাক, ক'বলৈ থাকি গ'ল ।
তোমাৰ হাতত ধৰি জাতিটোৰ এটা প্ৰজন্মই খোজ দিব শিকিছিল হে,
তুমি হাতখন এৰুৱাই দিলা...
জাতিটো নিঠৰুৱা হ'ল !
বেয়া পাইছোঁ তোমাক !
তোমাৰ বাবে এটা প্ৰাৰ্থনা কৰিবলৈও সময় নিদিলা ?
তোমাক যে ক'বলৈ থাকি গ'ল _
তুমি গোৱা গানবোৰৰ কথা ।
তোমাৰ গানবোৰ আমাৰ বাবে
কেৱল সুৰেৰে সজোৱা শব্দই নাছিল...
আছিল আবেগ, আছিল সপোন ।
আমাৰ সুখতো তুমি আমাৰ দুখতো তুমি ।
যোৱাৰ পাছতো তুমি সকলোকে এক কৰি থৈ গ'লা ।
জুবিন দাদা -- তুমি ঠিকেই কৈছিলা
"মোৰ কোনো জাতি নাই
মোৰ কোনো ধৰ্ম নাই
মোৰ কোনো ভগৱান নাই
মই মুক্ত
মই কাঞ্চনজংঘা ।"
সঁচাকৈয়ে তুমি আমাৰ কাঞ্চনজংঘা ।
চিৰকাল ইউকেলিপটাচৰ দৰে ওখ হৈ ৰোৱা ।
এইবাৰ জানা, অসমলৈ চাগে বিহুও নাহিব ।
বৰদৈচিলাজনী আজি মৌন হৈ গ'ল ।
ব'হাগীজনীৰো কান্দি কান্দি চকু ওখহি গ'ল....
নাহৰ জোপাও নুফুলোঁ বুলিছে ।
গাবলৈ যে তুমি নাথাকিবা....
"ও নাহৰ ফুলাৰ বতৰ ।"
দুভৰিত দুপাত জোতা পিন্ধি
সাতটা ৰং থকা ফুলাম চোলা এটা পিন্ধি,
গান গাবলৈ আৰু কোনো নাহে ।
ল'ৰাবোৰে গছত উঠি অনুষ্ঠানত চাবলৈও
আৰু হেঁপাহ নকৰে ।
জানানে? তুমি আমাৰ স্বাভিমান আছিলা ।
মানুহে এতিয়া আলেকজেণ্ডাৰ, নেপোলিয়ন নহয়,
তোমাৰ কাহিনীও শুনিব ।
আমাৰ উত্তৰ পুৰুষক আমি
অসমৰ হাবিত থকা সিংহটোৰ কাহিনী শুনাম ।
যাৰ এটা এটা গোঁজৰণিয়ে পৃথিৱী কঁপাইছিল ।
বৰ সোনকালে গুচি গ'লাও তুমি ।
ৰজাৰ দৰে থাকি ৰজাৰ দৰেই গ'লাগৈ ।
যোৱা গৈ, বৰ কষ্ট হৈছিল তোমাৰ
শান্তিৰে থাকা ।
আমি মনত পেলাম তোমাক প্ৰতি শৰতৰ প্ৰভাতী ফুলত
মনত পেলাম তোমাক প্ৰতি শাৰদী জোনালী নিশাত
ৰঙা বেলি লহিয়ালেও তোমাক দেখিম
জোনবাইৰ দেশতো তোমাকেই দেখিম ।
চিলাখন উৰিলেও তোমাৰ মুখখন বিচাৰিম....
ৰঙা ৰুমালখনতো তোমাৰ প্ৰেম কাহিনী পঢ়িম ।
মাজুলীলৈ গ'লে তোমালৈ বৰ মনত পৰিব অ' ।
নিমাতী ঘাটলৈ চাগে যাব নোৱাৰিম ।
গণেশগুৰি, চান্দমাৰী সকলোতে তোমাক বিচাৰিম ।
জুবিন দাদা --
চকুৰ পানীয়ে পলশ পেলোৱা আমাৰ মনবোৰত
তুমি সদায়ে এজোপা নাহৰ হৈ জীয়াই থাকিবা ।
তোমাৰ গানবোৰ শুনি শুনি ডাঙৰ হ'ব নাহৰ জোপা ।
এটা সেউজীয়া আত্মা হৈ আমাৰ মনবোৰ
সেউজ কৰি ৰাখিবা চিৰদিন চিৰকাল ।
পল্লৱী পাঠক ।
সহকাৰী শিক্ষয়িত্ৰী ।
পুখুৰীপাৰ মধ্য ইংৰাজী বিদ্যালয় ।
শিক্ষাখণ্ড : ছয়গাঁও ।


0 Comments