তুমি
উভতি চোৱা
মায়াবিনীৰ দেশলৈ ,
ধূলি হৈ হৈ উৰি নাযাবা ।
আমাৰ হিয়াৰ ধপধপনি
শুনিবলৈ আকৌ,
উভতি চোৱা ।
অসমীয়াৰ চকুপানী
মচিবলৈ,
অসমীয়াৰ আবেগ
মোহাৰিবলৈ,
অসমীয়াৰ স্বাভিমান
তুমি
উভতি চোৱা ।
অসমী আইৰে সন্তান
তুমি অপৰূপ
জোন যেন মুখনি তোমাৰ
যেন জোনৰ পোহৰ,
সিংহৰ দৰে গৰজি উঠা
তোমাৰ হুংকাৰ
তুমি অনন্ত ,
উভতি চোৱা
মায়া হৈ হৈ আঁতৰি নাযাবা ।
সাগৰৰ দৰে নীলা
গভীৰ বুকুৰ ,
আমিবোৰ তোমাৰ
উশাহ,
আকাশৰ দৰে বিশাল
নীলিমৰ
আমিবোৰ তোমাৰ
ধূলিকণা,
নিজানৰ গানৰ
আমিবোৰ তোমাৰ
বহাগ,
সৰাপাত হৈ হৈ উৰি
নাযাবা
উভতি চোৱা ।
তুমি আমাৰ
আমি তোমাৰ ,
জুবিন তুমি
উভতি চোৱা
আঁতৰি নাযাবা
মায়া হৈ হৈ উৰি নাযাবা ॥
নৱনিতা নাথ
স্নাতকোত্তৰ শিক্ষয়িত্ৰী
হাজো এছ:বি:এছ:কে:আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : হাজো


0 Comments