অসমত এটা বাঘ আছিল
অসমৰ স্বাভিমান, গৌৰৱ, সৃষ্টিৰ আঁকৰ আছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ৷ এইগৰাকী মহান শিল্পীৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নৱেম্বৰৰ দিনটোত ৷ এই দিনটোৰ এক বিশেষত্ব এয়ে যে উক্ত দিনটোতেই বাঘ (Royal Bengal Tiger)ক ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল ৷ সঁচাকৈয়ে জুবিন দাই অসম জননীত বাঘ হিচাপে জন্মিছিল যিয়ে কাকো ভয় নকৰিছিল ,কাকো খাতিৰ নকৰিছিল ৷ নিজৰ মনৰ মালিক আছিল আৰু যিটো মনে বিচাৰিছিল স্বাধীনভাৱে কৰি দেখুৱাইছিল ৷ এইগৰাকী মহান শিল্পীৰ পিতৃ মোহিনীমোহন বৰঠাকুৰ এগৰাকী চৰকাৰী বিষয়া হোৱা হেতুকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বদলি হৈ থাকিবলগীয়া হৈছিল ৷ গতিকে মাতৃ ইলি বৰঠাকুৰেই জুবিন গাৰ্গ ,ভগ্নী জংকী বৰঠাকুৰ আৰু পামী বৰঠাকুৰক প্ৰতিপালন কৰি মানুহ হিচাপে গঢ় দিয়াত আগভাগ লৈছিল ৷ জুবিন বৰঠাকুৰৰ পৰা জুবিন গাৰ্গ হোৱাৰ মূলতে মাতৃ ইলি বৰঠাকুৰ ৷ মাকৰ পৰাই জুবিনে সংগীতৰ আদিপাঠ গ্ৰহণ কৰিছিল ৷ আৰম্ভণিতে জুবিন এগৰাকী বাদ্যযন্ত্ৰী আছিল ৷ সকলো বাদ্যযন্ত্ৰ তেখেতে নিখুঁতভাৱে বজাব পাৰিছিল ৷
জুবিন গাৰ্গ ছাত্ৰ হিচাপে মেধাসম্পন্ন আছিল ৷ মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ যোৰহাটৰ জে বি কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ পাছত গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী গ্ৰহণৰ বাবে নামভৰ্তি কৰিছিল ৷ কিন্তু এবাৰ পৰীক্ষা হলৰ পৰা আধাতে গুচি অহাত শিক্ষকে তেওঁ কিদৰে ভৱিষ্যত গঢ় দিব বুলি প্ৰশ্ন কৰাত একেমুখে সংগীতৰ মাধ্যমেৰেই জীৱন গঢ়াৰ কথা প্ৰকাশ কৰিছিল । আজি এইগৰাকী শিল্পী কেবল অসমতে নহয় সমগ্ৰ বিশ্বতে এগৰাকী সু-গায়ক ,গীতিকাৰ, সংগীত পৰিচালক, অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক হিচাপে চিনাকি মুখ ৷
১৯৯২ চনৰ অনামিকা শ্ৰব্যকেছেটটিৰ পৰাই অসমত এগৰাকী নতুন ৰকষ্টাৰ চিনাকি হৈ পৰিছিল জুবিন গাৰ্গ নামেৰে ৷ অসমীয়া নৱ প্ৰজন্মৰ মাজত হাৰ্টথ্ৰৱ হিচাপে নিজকে পৰিচিত কৰি ৰাখিছিল ৷ অসমীয়া বৰগীত ,বিহুগীতৰ লগতে অন্যান্য থলুৱা গীত-মাত নৱপ্ৰজন্মৰ মাজত নতুন ৰূপত পৰিৱেশন কৰি জনপ্ৰিয় সংগীত শিল্পী হিচাবে দাঙি ধৰিব পাৰিছে এইগৰাকী মহান শিল্পীয়ে ৷ এইগৰাকী মহান শিল্পী সম্পৰ্কে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱে কৈছিল,“জুবিনৰ কন্ঠত এনে এটা বস্তু আছে,যিটো আন কাৰো নাই”৷ সঁচাকৈয়ে জুবিন দাই গীত গাওঁতে যিদৰে হামিং তোলে এয়া কাৰো বাবে সম্ভৱ নহয় ৷ এয়া যেন এক ঐশ্বৰিক দান ৷ এইগৰাকী মহান শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ বহু দূৰদূৰণিৰ পৰা লোক আহি লোকে-লোকাৰণ্য হৈ পৰিছিল ৷ অনুষ্ঠান পৰিৱেশনৰ মাজতে তেওঁ সমাজ-সংস্কৃতি,পৰিৱেশ-প্ৰকৃতি আৰু মানুহ সম্পৰ্কে বহুতো বাণী প্ৰচাৰ কৰি থৈ গৈছে ৷ তেওঁ ৰাজহুৱা হিচাপে কথাবোৰ কোনো সমালোচনাৰ প্ৰতি সংশয় নাৰাখি মুক্তকন্ঠে প্ৰকাশ কৰিছিল ৷ তেওঁ ৰাইজক কৈছিল, “কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে”৷ তেওঁ সকলোকে কিতাপ পঢ়ি জ্ঞান বৃদ্ধি কৰি সমাজৰ হিতৰ প্ৰতি কাম কৰিবলৈ পৰামৰ্শ দিছিল ৷ জুবিন দাই সহস্ৰাধিক কিতাপ অধ্যয়ন কৰিছে ৷ তেওঁৰ জ্ঞানৰ পৰিধি গীতি-সাহিত্যত পোৱা যায় ৷
জুবিন দা যে কেবল এগৰাকী গায়ক , সংগীতকাৰ এনে নহয়, তেওঁ আছিল এগৰাকী আজন্ম প্ৰকৃতি প্ৰেমী আৰু মানৱ দৰদী ব্যক্তি ৷ তেওঁ বাটেৰে গৈ থাকোতে যদি আঘাতপ্ৰাপ্ত যিকোনো জীৱ-জন্তুৰ সন্মুখীন হয় তেন্তে সেইবোৰৰ চিকিৎসাৰ সু-ব্যৱস্থা কৰি ৰক্ষণাবেক্ষণ দিয়াইছিল ৷ তেওঁৰ এই জীৱ প্ৰেম শিশুকালৰ পৰাই আছিল ৷ এবাৰ শিশু অৱস্থাত দুটি আঘাতপ্ৰাপ্ত পোৱালি বাঘক সুস্থ কৰি বাঘ দুটা লগত ৰাখি পাছত বনত এৰি দিছিল ৷ জুবিন দাই নিজৰ অনুষ্ঠানবোৰত আৰু সাক্ষাৎকাৰবোৰত নাহৰ পুলি ৰুবলৈ আহ্বান জনাইছিল ৷ নাহৰ গছৰ উপকাৰীতা আৰু ব্যৱসায়িক লাভালাভ সম্পৰ্কে তেওঁ সকলোকে সোঁৱৰাই দিছিল ৷ জুবিন দাই সাধাৰণ মানুহৰ মাজত থাকি ভাল পাইছিল ৷ কোনো লোকে তেওঁৰ ওচৰত সহায় বিচাৰি গ’লে খালী হাতে উভতি আহিব লগা নহৈছিল ৷ এইগৰাকী মহামানৱে মুম্বাইৰ দৰে ঠাইত বলিউডৰ সকলো সুযোগ প্ৰত্যাখ্যান কৰি নিজৰ জন্মভূমি অসমী আইৰ কোলাতে উমলি অসমক বিশ্বৰ মানচিত্ৰত জিলিকাই ৰাখিবলৈ আহোপুৰুষাৰ্থ কৰিছিল ৷ তেওঁ প্ৰায় ৪০টা ভাষাত ৩৮০০০ গীত গাই বিশ্ব অভিলেখ সৃষ্টি কৰিছিল ৷
কিন্তু নিয়তিৰ কি পৰিহাস! ছিংগাপুৰলৈ সংগীত পৰিৱেশন কৰিবলৈ গৈ ২০২৫ চনৰ ১৯চেপ্তেম্বৰ দিনটোত সাগৰ তলিত চিৰদিনৰ বাবে শুই পৰিল৷তেওঁৰ এই খবৰ বিয়পি পৰাত কোনেও বিশ্বাস কৰিব পৰা নাছিল ৷ উজাগৰে ৰাতি টিভিৰ সন্মুখত বহি পৰিছিল যাতে কোনোৱে এবাৰ কওঁক খবৰটো মিছা ৷ কিন্তু খবৰটো যেতিয়া সত্য বুলি প্ৰমাণিত হ’ল তেতিয়া তেওঁৰ শেষ দৰ্শনৰ বাবে গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ বাহিৰত ছিংগাপুৰৰ পৰা নশ্বৰদেহ আহি পোৱালৈকে অপেক্ষা কৰি চকুলো বোৱাইছিল ৷ তেওঁৰ পাৰ্থিৱ শৰীৰ বিমান বন্দৰৰ পৰা পুষ্পসজ্জিত বাহনেৰে কাহিলীপাৰাৰ নিজ গৃহলৈ আনোতে প্ৰায় ৮ ঘন্টা সময় লৈছিল ৷ কাৰণ তেওঁক শেষ বিদায় দিবলৈ তেওঁৰ লগত খোজ মিলাবলৈ লোকেলোকাৰণ্য হৈ পৰিছিল গুৱাহাটী মহানগৰ ৷ এক বুজাব নোৱাৰা বিষাদপূৰ্ণ পৰিৱেশ ৷ জুবিন দাই জীয়াই থাকোতেই নিজ মুখে কৈছিল যে তেওঁ মৰিলে ৭দিনলৈ অসম বন্ধ হৈ যাব ৷ সঁচাকৈয়ে তেওঁৰ মৃত্যুত সকলো যেন নিৰ্জীৱ হৈ পৰিছিল ৷ সকলো ফালে অঘোষিত বন্ধ ৷ সৰুসজাইত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি প্ৰদানৰ সু-ব্যৱস্থা কৰিছিল অসম চৰকাৰে ৷ দুদিন নশ্বৰদেহ এইদৰে ৰখাৰ পাছত জুবিন দাৰ পছন্দৰ ঠাই সোণাপুৰৰ এক প্ৰাকৃতিক পৰিৱেশৰ মাজত সৎকাৰ কৰি সকলোৰে ইচ্ছাৰ প্ৰতি সহমত দি চৰকাৰে উক্ত স্থানতে সমাধিক্ষেত্ৰ নিৰ্মাণৰ ব্যৱস্থা কৰে ৷ বৰ্তমান এই স্থানলৈ প্ৰতিদিনে অসমৰ প্ৰতিটো কোণৰ পৰাই বিভিন্নজন আহি প্ৰিয়জনক সেৱা জনাবলৈ হেতাওপৰা লগোৱা দেখা যায় ৷ সকলোৰে উদ্দেশ্য জুবিন দাই যাতে পুনৰ অসমী আইৰ বুকলৈ উভতি আহে ৷ জুবিন দাৰ অবৰ্তমানত তেওঁৰ পত্নী গৰিমা গাৰ্গ সম্পূৰ্ণ ভাগি পৰিছে যদিও জুবিন দাৰ কৰ্মৰাজি জীয়াই ৰখাৰ বাবে অসমীয়া ৰাইজৰ সহযোগত তেওঁ আগবাঢ়িব লাগিব৷ জুবিন দাৰ সপোনৰ বোলছবি 'ৰৈ ৰৈ বিনালে'ৰ আধৰুৱা কামখিনি চলচ্চিত্ৰ খনৰ লগত জড়িত কলা-কুশলী সকলে সময়ত সমাপ্ত কৰি জুবিন দাৰ ইচ্ছাতেই ৩১ অক্টোবৰ তাৰিখটোত মুক্তি দিছিল ৷ বোলছবিখনে অসমৰ বোলছবি উদ্যোগটোত নতুন মাত্ৰা প্ৰদান কৰিলে যিটো জুবিন দাৰ এক সপোন আছিল ৷
জুবিন দা জীৱিতকালত বহুতো সমালোচনাৰ সন্মুখীন হৈছিল ৷ কিন্তু তালৈ তেওঁ তিলমানো কেৰেপ নকৰি নিজৰ কৰ্মত ব্যস্ত আছিল ৷ তেওঁ এবাৰ কোনো এটি অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ সময়তে বাহঁৰ খুঁটাত বগাইছিল ৷ তেওঁ বহু সমালোচকৰ সমালোচনাৰ সন্মুখীন হৈছিল ৷ আচলতে তেওঁ তেনে কৰাৰ কাৰণ এটি আছিল ৷ কাৰণটো হ’ল তেওঁক আমন্ত্ৰণ কৰা সেই অনুষ্ঠানটোত লোকশিল্পী ৰামেশ্বৰ পাঠক দেৱকো আমন্ত্ৰণ কৰা হৈছিল যদিও উদ্যোক্তাসকলে তেওঁক সন্মান নিদিয়াত জুবিন দাই মনত দুখ পাইছিল ৷ উদ্যোক্তাসকলৰ অশ্ৰদ্ধাশীল কামৰ বাবেই তেনে কাৰ্য কৰিছিল ৷ গতিকে জুবিন দা কি মনৰ মানুহ সেয়া সকলোৱে জানিছে ৷ সেয়েহে এইগৰাকী মহামানৱৰ আকস্মিক বিয়োগত সকলোৱে মৰ্মাহত হৈ প্ৰতিটো চুবুৰী আৰু প্ৰতিটো অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা ৰাইজে নিজাকৈ কৰিছে ৷ তেওঁৰ মৃত্যৱে সকলো জাতি ধৰ্মৰ মানুহক এক কৰি তুলিছে ৷ সঁচাকৈ তেওঁৰ সপোন বাস্তৱত ৰূপান্তৰ কৰিবলৈ আমি প্ৰতিজন অসমীয়াই এক হৈ তেওঁ ভালপোৱা কাম কৰি যাব লাগিব ৷
গিৰিন দাস ।
মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ।
শিক্ষাখণ্ড : কৰৰা ।


0 Comments