header ads

অসমীয়া কবিতা I মানুহ I নৱ কুমাৰ নাথ I ৬ষ্ঠ বৰ্ষ ১ম সংখ্যা

 মানুহ



তাত হিন্দু নাছিল, তাত মুছলমান নাছিল
তাত খ্ৰীষ্টিয়ানো নাছিল
আছিল মাথোঁ মানুহ আৰু মানুহ ,
চকুলোৰে স্নান কৰা লেখ মানুহ ।

মিছা ৰং, মিছা নামৰ উপাধি
প্ৰট'কল সামৰি
মিচিকিয়া হাঁহিৰে সকলোকে আদৰি
উপলব্ধিৰ সুৰত বাজে 
সকলোৰে মুখে মুখে 
"মায়াবিনী ৰাতিৰ বুকুত "।
এয়া যে ক্ষণ মানুহ হোৱা গৌৰৱৰ
এয়া হওঁক নতুন জাগৰণ
নতুন দৰ্শন ।

জুবিনবাদী দৰ্শনৰ আৰম্ভণি
দূৰত্ব আঁতৰিব
মৰমবোৰ বাঢ়িব ,
খোজ খোজ মিলোৱা পেটুৱা সমাজৰ 
বিৰুদ্ধে বজ্ৰ কণ্ঠ নিগৰিব । আজি প্ৰান্তে প্ৰান্তে 
মানুহবোৰ মিলিব এনেকৈয়ে 
মানুহবোৰ মিলিব এনেকৈয়ে ।

চকুলোৰে ধুই লওঁ আজি নিজক ।

নৱ কুমাৰ নাথ
সহকাৰী শিক্ষক
বকো মজলীয়া বিদ্যালয় 
শিক্ষাখণ্ড : বকো

Post a Comment

0 Comments