header ads

অসমীয়া প্ৰৱন্ধ I জুবিন গাৰ্গঃ সাগৰত হেৰাই যোৱা এক উজ্জ্বল নক্ষত্ৰ I ৰূপৰেখা দেৱী I ৬ষ্ঠ বৰ্ষ ১ম সংখ্যা

 জুবিন গাৰ্গঃ সাগৰত হেৰাই যোৱা এক উজ্জ্বল নক্ষত্ৰ



       সমগ্ৰ অসমবাসীৰ বাবে একবিংশ শতিকাৰ আটাইতকৈ হৃদয়বিদাৰক ঘটনাটোৱেই হ'ল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছিংগাপুৰত হোৱা অস্বাভাৱিক মৃত্যুৰ ঘটনা । মানি ল'ব পৰা নাছিলো তেওঁৰ আকস্মিক প্ৰস্থান । ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ খবৰটো যেন মিছা হওঁক । কিন্তু নিয়তিৰ হয়তো সেয়ে ইচ্ছা আছিল । অতি কম সময়ত সাগৰসম সংগীতৰ কৰ্মৰাজিৰে জনতাৰ অন্তৰত স্থান ল'ব পৰা এই মহান শিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ ৰাজ্যখনৰ প্ৰতিজন লোকৰ অন্তৰে কান্দি উঠিছিল । সময় যেন ৰৈ গৈছিল । অসমে যেন হৃদস্পন্দন হেৰুৱাই পেলাইছিল । বৰ্তমানো যেন প্ৰকৃতিস্থ হ'ব পৰা নাই অসমবাসী । এক বিশাল শূণ্যতাই যেন সকলোকে গ্ৰাস কৰি পেলাইছে ।কেৱল মানুহৰ ক্ষেত্ৰতে নহয় , প্ৰকৃতিৰ জীৱ-জন্তু , আকাশ-বতাহ সকলো যেন এজন অতিমানৱ হেৰুওৱাৰ বেদনাত স্তব্ধ ৷   
        জুবিন গাৰ্গৰ জীৱন গাঁথা এতিয়া প্ৰতিজন অসমীয়াৰ চকুৰ আগত ৷ নব্বৈৰ দশকত সংগীতৰ এক নতুন ধাৰা সৃষ্টি কৰি জনপ্ৰিয় হৈ পৰা শিল্পীগৰাকী ১৯৯২ চনত তেওঁৰ প্ৰথম এলবাম 'অনামিকা' মুক্তি পোৱাৰ লগে লগে তেওঁ পেছাদাৰী সংগীত জগতত সোমাই পৰে । এই অগতানুগতিক এলবামটো অতি কম সময়ৰ ভিতৰতে সমগ্ৰ উত্তৰ-পূৱ ভাৰতত জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছিল । সেই সময়ত তেওঁৰ সুৰীয়া কণ্ঠই সংগীত জগতত আলোড়নৰ সৃষ্টি কৰিছিল । তাৰ পিছত তেওঁ আৰু পিছলৈ ঘুৰি চাব লগা নহ'ল ৷ নিজৰ নামতে প্ৰায় চল্লিশটাকৈ এলবাম কৰাৰ উপৰিও ভালেকেইখন হিন্দী , বঙালী আৰু ২৪ খনতকৈ অধিক অসমীয়া চলচিত্ৰত সংগীত পৰিচালনাৰে তেওঁ সংগীত জগতত এক সুকীয়া স্থান লাভ কৰিলে । তেওঁ ৪০ টা ভাষাত ৩৮ হাজাৰৰো অধিক গীত গাইছিল । তাৰোপৰি তেওঁ একাধিক চলচ্চিত্ৰত অভিনয়ো কৰিছিল । শেহতীয়াকৈ তেওঁ কেইবাখনো চলচ্চিত্ৰ নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰৰ প্ৰতি ৰাইজৰ আগ্ৰহ ঘূৰাই অনাত সফল হৈছিল । এই সাধনাৰ স্বীকৃতি স্বৰূপে ভালেমান সন্মান তথা বঁটা তেওঁ অৱশ্যে জীৱনকালতে পাইছে । মৃত্যুৰ পিছতো তেওঁ অমৰত্ব লাভ কৰিলে । শেষ যাত্ৰাত অংশ লোৱা অনুৰাগীৰ সংখ্যা হিচাপত পৃথিৱীৰ ইতিহাসত চতুৰ্থ স্থান পাবলৈ সক্ষম হোৱা প্ৰাণৰ শিল্পীজন সংগীত শিল্পীৰ হিচাপত দ্বিতীয় আৰু এচিয়াৰ ভিতৰত প্ৰথম । বিশ্বৰ প্ৰায় ১১৪ খন দেশেই ইণ্টাৰনেট আৰু সামাজিক মাধ্যমত জুবিন গাৰ্গৰ বিষয়ে অধ্যয়ন আৰু আলোচনা কৰিছে ৷ সম্প্ৰতি Google য়ে তেওঁক ‘The Humming King of the World’ স্বীকৃতি দিছে । শিল্পীগৰাকীৰ ইচ্ছানুসৰি তেওঁৰ মৃত্যুত সহস্ৰজনে গোৱা ‘মায়াবিনী’ গীতটি বৰ্তমান ইংৰাজী ভাষাতো উপলব্ধ হৈছে ।
         অসাধাৰণ প্ৰতিভাশালী শিল্পীজনে উত্তৰণৰ এই পৰ্য্যায় পাবলৈ যি পৰিৱেশ পাব লাগিছিল সেইখিনি সৌভাগ্যক্ৰমে তেওঁ পাইছিল বুলি নিজে উল্লেখ কৰিছে ৷ পিতৃ মেজিষ্ট্ৰেট হোৱা বাবে তেওঁ অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন মানুহৰ সংস্পৰ্শলৈ আহিব পাৰিছিল । বিভিন্ন ভাষা শিকাৰ সুবিধা পাইছিল । পিতৃ এগৰাকী অধ্যয়নশীল ব্যক্তি , কবি , লেখক । মাতৃ এগৰাকী সুগায়িকা , অভিনয়শিল্পী , নৃত্যশিল্পী আছিল । মাতৃৰ ককাকৰ দিনৰে হাৰমণিয়াম এখন তেওঁৰ ষ্টুডিঅ'ত এতিয়াও থকা বুলি উল্লেখ কৰিছে ৷ মাতৃ আছিল তেওঁৰ সংগীতৰ প্ৰথম শিক্ষাগুৰু ৷ তেৱেই শিশু জুবিনক হাৰমণিয়াম , তবলা বজাবলৈ শিকাইছিল । পিছলৈ তেওঁ গুৰু ৰবীন বেনাৰ্জীৰ ওচৰত তবলা আৰু তাৰ পিছত গুৰু ৰমণী ৰায়ৰ ওচৰত সংগীত শিক্ষা গ্ৰহণ কৰিছিল । আশীৰ দশকৰ সাৰুৱা সময়ছোৱাতে প্ৰথমে তেওঁ বাদ্যযন্ত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে । তাৰ পিছত যোৰহাটৰ জে বি কলেজত প্ৰথম গায়কৰূপে আত্মপ্ৰকাশ কৰা জুবিনৰ কণ্ঠৰ যাদুত সকলো মুগ্ধ হৈ পৰে । 
          অভিভাৱক হিচাপে জুবিন গাৰ্গৰ পিতৃ-মাতৃৰ পুত্ৰক সহযোগ কৰাৰ যি মানসিকতা সেয়া আছিল অনন্য । মেধাৱী পুত্ৰৰ আনুষ্ঠানিক শিক্ষা অভিভাৱকে আশা কৰা মতে আগনবঢ়া সত্বেও দেউতাকৰ তেওঁৰ লগত সম্পৰ্ক আছিল বন্ধুত্বসুলভ ৷ সৰুৰে পৰা এইজন মহান পিতৃয়ে তেওঁক পাঠ্যপুথিৰ উপৰিও বাহিৰা কিতাপ অধ্যয়ন কৰি জ্ঞানৰ পৰিসৰ বহল কৰাৰ পৰিৱেশ দিছিল । বৰ্তমান সময়ত নম্বৰকেন্দ্ৰিক যি প্ৰতিযোগিতা , অভিভাৱকৰ নিজৰ সন্তানক ডাক্তৰ , ইঞ্জিনীয়াৰ হিচাপে গঢ়ি তোলাৰ যি মানসিকতা তাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মৌলিক বিকাশ বাধাগ্ৰস্ত হোৱাই নহয় , তেওঁলোকে বহুক্ষেত্ৰত দিশহাৰা হৈ নকৰিব লগীয়া কাম কৰাও পৰিলক্ষিত হৈছে । এইক্ষেত্ৰত সমাজৰ সকলো স্তৰৰ লোকৰ মানসিকতা পৰিবৰ্তনৰ লগতে চৰকাৰৰো কিছু কৰণীয় আছে । জুবিন গাৰ্গে নিজে স্নাতক ডিগ্ৰীও সম্পূৰ্ণ নকৰিলে । কিন্তু তেওঁ আছিল অধ্যয়নশীল । সকলো বিষয়ত তেওঁৰ আছিল প্ৰচুৰ জ্ঞান । ছাত্ৰ- ছাত্ৰীক বিভিন্ন কিতাপ পঢ়িবলৈ পৰামৰ্শ দিছিল । তেওঁ ঘৰতে লাইব্ৰেৰী বনাই লোৱাৰ কথা অবগত কৰিছিল । জুবিন গাৰ্গৰ প্ৰকৃতিৰ লগত আছিল নিবিড় সম্পৰ্ক । তেওঁ আছিল অসমখনক মনে প্ৰাণে ভাল পোৱা নিৰ্ভীক , স্পষ্টবাদী এক মানৱ দৰদী শিল্পী । অসাধাৰণ সৃজনীশীল প্ৰতিভাৰ গৰাকী এই শিল্পীজনাৰ কিছু কাম তৰল যেন লাগিলেও সেয়া আছিল তেওঁৰ নিজস্ব শৈলী যিবোৰৰ বাবে তেওঁ সমালোচিত হৈছিল । তথাপিও ৰজাৰ দৰে থাকি ভাল পোৱা জুবিন গাৰ্গ আছিল অসমীয়াৰ প্ৰাণৰ শিল্পী ৷ গানৰ মাধ্যমেৰে তেওঁ বহুকথাই কৈ গৈছে । তেওঁৰ অকাল মৃত্যু অসমৰ বাবে এক অপূৰণীয় ক্ষতি । এনে এক সম্পদ নিঃশেষ কৰাত জড়িত থকা ব্যক্তিসকলে উচিত শাস্তি পোৱাটো কামনা কৰো ৷ অনুভৱ কৰিছো , তেওঁ আছিল ঈশ্বৰে প্ৰেৰণ কৰা এক দেৱদূত যিয়ে তেওঁক কৰিবলৈ দিয়া কাৰ্য (Assignment) সমাপন কৰি উভতি গ'ল । জুবিন গাৰ্গে পুনৰ জনম পালে জুবিন গাৰ্গ হিচাপেই জন্ম ল'ব বিচাৰিছিল । আমিও কামনা কৰো তেওঁ জুবিন গাৰ্গ ৰূপেই পুনৰ আমাৰ মাজলৈ উভতি আহক ।
(তথ্যৰ উৎস : ইণ্টাৰনেট)

ৰূপৰেখা দেৱী
সহকাৰী শিক্ষয়িত্ৰী ,
বকো ছোৱালী হাইস্কুল
শিক্ষাখণ্ড : বকো

Post a Comment

0 Comments