header ads

অসমীয়া প্ৰৱন্ধ I কাহানিও ঘূৰি নহা বাটত হেৰাই গ’ল প্ৰাণৰ শিল্পীগৰাকী I মল্লিকা শৰ্মা I ৬ষ্ঠ বৰ্ষ ১ম সংখ্যা

 কাহানিও ঘূৰি নহা বাটত হেৰাই গ’ল প্ৰাণৰ শিল্পীগৰাকী 



 “ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন”
ধুমুহাৰ স’তে যুঁজ দি ভাগৰি পৰিল ঈশ্বৰ পুত্ৰ । প্ৰতিগৰাকী অসমীয়াৰ বুকুত অস্তৰাগৰ হাহাকাৰ তুলি গুচি গ’ল আমাৰ হিয়াৰ আমঠু । মায়াবিনী ৰাতিৰ বুকুত কত যে সৃষ্টি শীলতাৰে অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি সমগ্ৰ বিশ্বতে অসমীয়া জাতিক একক আৰু অনন্য হিচাপে পৰিচয় দি গ’ল জুবিন গাৰ্গে । সাগৰ তলিত শুব বিচাৰি সাগৰ তলিত চিৰ নিদ্ৰাত বিলীন হ’ল যুগ নায়ক ৷ প্ৰতিঘৰ অসমীয়াৰ পৰা হেৰাই গ’ল চোতালৰ জোনাক । পৰম্পৰাগত অসমীয়া সংগীতৰ ধাৰাক পাশ্চাত্য সংগীতৰ সৈতে সংমিশ্রণ কৰি অসমীয়া সংগীতক এক নতুন মাত্ৰা প্ৰদান কৰিছিল জুবিন গাৰ্গে । ভূপেন হাজৰিকাৰ পিছেতই অসমীয়া সংগীতক বিশ্ব দৰবাৰত চিনাকি কৰাই দিছিল প্ৰাণৰ শিল্পী গৰাকীয়ে ৷ প্ৰায় ৪০ টা ভাষাত ৩৮০০০ ৰো অধিক গান ৰচনা কৰাৰ লগতে নিজ কন্ঠৰ যাদুৰে জাতি-ধৰ্ম নিৰ্বিশেষে অসম তথা ভাৰতৰ সংগীতপ্রেমীক একত্ৰিত কৰিবলৈ সক্ষম হৈছিল জুবিন গাৰ্গে । মাত্র ১৯ বছৰ বয়সতে অনামিকা কেছেটৰ জৰিয়তে আৰম্ভ কৰা সংগীতৰ যাত্ৰাত তেওঁ কেতিয়াও থমকি ৰ'ব লগীয়া হোৱা নাছিল । জুবিন গাৰ্গৰ প্ৰতিটো গীতেই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকৰ বাবে আছিল সঞ্জীৱনী সুধা । এটাৰ পিছত আনটো যুগজয়ী গান সৃষ্টি কৰি তেওঁ অসমৰ সংগীত জগতৰ হাৰ্ট থ্ৰ’ব আখ্যা লাভ কৰিছিল । কেৱল সংগীতেই নহয় জুবিন গাৰ্গে অসমীয়া চলচ্চিত্ৰ উদ্যোগটো ঠন ধৰিবলৈ নিজেই চলচ্চিত্র নির্মাণ কৰিছিল , লগতে অভিনয়ো কৰিছিল । শেহতীয়াভাৱে ‘ৰৈ ৰৈ বিনালে’ ছবিখন সমগ্র অসমৰ ছবিঘৰ সমূহত সগৌৰৱেৰে চলি আছে । মুক্তিৰ আগৰে পৰাই এই ছবিখনে সৰ্বাধিক টিকট বিক্ৰীৰ অভিলেখ ৰচিছে । ছবিখন মুক্তিৰ দিনটোত পুৱা ৪.৩০ বজাৰ পৰা প্ৰদৰ্শনী আৰম্ভ কৰাৰ অভিলেখ ৰচনা হৈছে । জুবিন আছিল আৰ্তজনৰ ত্ৰাণকৰ্তা । দুখীয়া , অসুখীয়া , অনাথ আদি বিভিন্ন লোকক তেওঁ পাৰ্যমানে সহায় কৰিছিল ।জীৱ-জন্তু , চৰাই-চিৰিকতি , গছ-গছনিৰ প্ৰতি তেওঁৰ আছিল অশেষ মৰম । জুবিন গাৰ্গৰ জ্ঞানৰ ভাণ্ডাৰ যথেষ্ট চহকী আছিল । তেওঁৰ প্ৰতিটো গীত আৰু কবিতাত ব্যবহাৰ হোৱা শব্দ সমূহৰ পৰাই এই বিষয়ে স্পষ্ট উমান পোৱা যায় । জুবিন গাৰ্গে কৈছিল — “কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে ৷” আজৰি সময়ত তেওঁ বিভিন্ন কিতাপ পঢ়ি ভাল পাইছিল আৰু সকলোকে কিতাপ পঢ়িবলৈ অনুপ্ৰেৰণা যোগাইছিল । বিষ্ণু ৰাভা , চে গুৱেভাৰা আৰু চাৰ্লি চেপলিনৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা জুবিনে পৰিচয় দিছিল নিজকে কমৰেড্ হিচাবে । নিজৰ অনন্য প্ৰতিভাৰ বলত ৰাষ্ট্ৰীয় পৰ্যায়তো বিভিন্ন বঁটা আজুৰি আনিবলৈ সক্ষম হৈছিল আমাৰ হিয়াৰ আমঠু গৰাকীয়ে । সমাজত চলি থকা অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ জুবিন গাৰ্গ সদা প্ৰস্তুত আছিল । তেখেতে গানৰ মাজেৰে ৰাইজক অন্যায়ৰ বিৰুদ্ধে সচেতন কৰিবলৈ আৰু নিজ প্ৰাপ্তিৰ হকে মাত মাতিবলৈ উৎসাহিত কৰিছিল । এনে এগৰাকী বহুমুখী প্রতিভাৰ শিল্পীক হেৰুৱাই সমগ্র অসম আজি শোকস্তব্ধ । শেষ যাত্রাত বিশ্বৰ চতুর্থ বৃহৎ সমাবেশ সৃষ্টি কৰি মৃত্যুৰ পিছতো ইতিহাস ৰচি জুবিন গাৰ্গে অসমক বিশ্বৰ আগত গৌৰৱী কৰি তুলিছে । তেখেতৰ মৃত্যুৰ পিছতেই Google য়ে জুবিন গাৰ্গক Humming King of the World হিচাবে স্বীকৃতি দিছে । বিশ্বৰ মুঠ ১৯৫ খন দেশৰ ১১৪খন দেশে জুবিন গাৰ্গক ইন্টাৰনেটত বিচাৰি চলাথ কৰিছে । জুবিন গাৰ্গৰ অকাল আৰু ৰহস্যজনক মৃত্যুৰ শোকে প্ৰতিগৰাকী অসমীয়া অন্তৰত বৃহৎ শূন্যতাৰ সৃষ্টি কৰিছে । তেখেতৰ অমূল্য সৃষ্টিৰাজি সংৰক্ষণ কৰাৰ লগতে তেখেতৰ আদৰ্শসমূহ আমি সাধ্যানুসাৰে অনুসৰণ কৰি সমাজত পোহৰৰ চাকি জ্বলাই তোলাৰ বাবে আমি আটায়ে দায়বদ্ধ হওঁ আহক ।

মল্লিকা শৰ্মা
সহকাৰী শিক্ষয়িত্ৰী ,
সৰপাৰা উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : ৰামপুৰ

Post a Comment

0 Comments