জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তি আৰু প্ৰতিচ্ছবি
কেতিয়াবা কিছুমান কথা ৰাজহুৱাভাৱে ক'বলৈ মন যায়। পিছে বৰ্তমান সময়ত দেখোন ক'লেও বিপদ আৰু নক'লেও মনে নামানে। আমি দেখা পাইছোঁ জুবিন গাৰ্গৰ দেহাৱসান হোৱাৰ পাছত তেওঁৰ প্ৰতিমূৰ্ত্তি আৰু প্ৰতিচ্ছবি বনোৱাৰ এখন অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈছে । কোনে কিমান সোনকালে বনাব পাৰে , তাৰেই প্ৰতিযোগিতা। পিছে এই প্ৰতিযোগিতাত ভাগ ল'বলৈ যাওঁতে তেওঁলোকৰ কামবোৰ যেন অপৈণত হাতেৰে বনোৱা , খৰখেদাকৈ তৈয়াৰ হ'ল এনেকুৱা অনুভৱ হৈছে । প্ৰতিমূৰ্ত্তি সজা বা চিত্ৰ অংকন কৰা এইবোৰ এক শিল্পকলা। ই ঘৰ সজাৰ দৰে নহয় যে ইটা,চিমেণ্ট, বালি দি তৎক্ষণাৎ এখন দেৱাল গাঁঠি দিম। এটা মূৰ্ত্তি সজা বা এখন চিত্ৰ অংকন কৰাটো এজন প্ৰকৃত শিল্পীৰ বহুদিনৰ সাধনাৰ ফচল । এটা মূৰ্ত্তি বা এখন ফটোত মুখমণ্ডল আৰু চকুযুৰি অঁকাই আটাইতকৈ কঠিন কাম। গোটেই শৰীৰটো বনাব পাৰে, কিন্তু সঠিক মুখৰ ভংগিমা আৰু চকুৰ চাৱনি দিয়া কামটো বৰ কঠিন। এখন ছবি জীৱন্তভাৱে তুলি ধৰে মুখমণ্ডল আৰু চকুযুৰিয়ে। গতিকে এইবোৰ কাম বৰ সাৱধানেৰে কৰিব লাগে।
মাজতে কিছুমান মূৰ্ত্তি ততাতৈয়াকৈয়ে সজা দেখা পালোঁ, যাক লৈ পাছত সামাজিক মাধ্যমত বিৰাট সমালোচনা হৈছে।
আজি মেদাম টুছুৰ মমৰ মিউজিয়ামত একোটা একোটা মূৰ্ত্তি সাজিবলৈ বহু বছৰ লয়। তেনেস্থলত আমাৰ ইয়াত কেৱল আৱেগৰ বশৱৰ্তী হৈ অতি কম সময়ৰ ভিতৰতে কিছুমান অপৰিপক্ক কাম হোৱা দেখা পাইছোঁ। যিটো এজন অভিজ্ঞ শিল্পীয়ে কেতিয়াও নকৰে বা কৰা উচিত নহয়। মাজতে নাজিৰাত চাওলুং চুক্যাফাৰ এটা প্ৰতিমূৰ্তি সজা হৈছিল। সেই সময়ত নিৰ্বাচন সমাগত বাবে খৰধৰকৈ সজা হৈছিল। গতিকে তাত বহুতো ক্ৰুটি থাকি গ'ল। আনকি সেই প্ৰতিমূৰ্তিটোৰ আকৃতি আৰু দেহৰ অবয়ব দেখাত একেবাৰে চুক্যাফাৰ দৰে নাছিল। তাক লৈ পাছত সামাজিক মাধ্যমত বিৰাট বিতৰ্ক হোৱা দেখা পাইছিলোঁ। শুনিছোঁ এতিয়া সেই ঠাইত আগৰ মূৰ্ত্তিটো আঁতৰাই আকৌ নতুনকৈ এটা মূৰ্ত্তি সজা হৈছে ।
এইখিনিতে মই মোৰ মনৰ ভাৱ এটা ব্যক্ত কৰিবলৈ লৈছোঁ। আমি যেতিয়া এটা মূৰ্ত্তি সাজোঁ বা এখন ফটো আকোঁ, তাত এক প্ৰাণ থকা বুলি মনেৰে মানি লওঁ। যিদৰে মাটিৰ মূৰ্ত্তি এটা সজাৰ পাছত তাত প্ৰাণ প্ৰতিষ্ঠা কৰি পূজা কৰা হয়। সেইবাবে আমি সেই মাটিৰ মূৰ্ত্তিটোকেই জীৱন্ত ভগৱান বুলি গণ্য কৰোঁ। গতিকে সেই প্ৰাণ থকা মূৰ্ত্তিটোৰ মুখখন দেখাত একে নহ'ল বুলি ডিঙিটো কাটি পাছত আকৌ ঠিক কৰি লগাই দিয়া নহয়। এনে কৰা মানে সেই মানুহজনক পুনৰ হত্যা কৰা হয়। ফটোৰ ক্ষেত্ৰতো ঠিক একেই কথা। গতিকে ইয়াৰ দ্বাৰাই মই এইটোকেই ক'ব বিচাৰিছোঁ যে এইবোৰ কাম খৰধৰকৈ কৰা উচিত নহয়।
আজি দুদিনমানৰ আগতে মোৰ বন্ধু তিনিচুকীয়াৰ অনন্ত গগৈৰ ফেচবুক পোষ্টত জুবিন গাৰ্গৰ এখন কেনভাস পেইণ্টিং দেখা পালোঁ। সেই ফটোখনে মোক বিশেষ ভাৱে আকৰ্ষণ কৰিলে। কাৰণ ফটোখনত জুবিন গাৰ্গৰ চকুৰ চাৱনি আৰু হাঁহিটো মই হুবহু জুবিনৰ লগত মিল থকা দেখা পালোঁ। এইকেইদিন সামাজিক মাধ্যমত জুবিনৰ নামত বহুত পেইণ্টিং অঁকা দেখা পাইছোঁ। তাৰে কিছুমান অভিজ্ঞ আৰু কিছুমান ন-শিকাৰুৱে অঁকা। পিছে আমি ন-শিকাৰু সকলক উৎসাহিত কৰিবই লাগিব, নহ'লে তেওঁলোকক কলিতেই মোহাৰি দিয়াৰ দৰে হ'ব। কাৰণ জুবিন গাৰ্গ আমাৰ সকলোৰে বৰ মৰমৰ। বন্ধু অনন্তই পোষ্ট কৰা ফটোখন পাছত আকৌ এবাৰ মোৰ আন এজন বন্ধু সঞ্জীৱ শৰ্মাই আকৌ বিহাৰৰ পৰা পঠাই দিলে। তেতিয়া মই সঞ্জীৱলৈ ফোন কৰি ছবিখন কোনে আঁকিছে সুধিলোঁ। সি ফটোখন তিনিচুকীয়াৰ এজন প্ৰচাৰবিমুখ চিত্ৰশিল্পী লোকেন্দ্ৰ সন্দিকৈয়ে অঁকা বুলি ক'লে। লোকেন্দ্ৰ সন্দিকৈক মই সৰুৰে পৰাই জানো আৰু গোটেই তিনিচুকীয়াত লোকেনদা বুলি বিখ্যাত । লোকেনদা বৰ ষ্টাইলিছ আছিল আৰু নিজৰ বুলেটখন লৈ গোটেই তিনিচুকীয়াত চাল দি ফুৰে। আমি ১৯৭৯ - ১৯৮২ চনলৈ দেউতাৰ কৰ্মসূত্ৰে তিনিচুকীয়াত আছিলোঁ আৰু একেখন স্কুল অৰ্থাৎ চেনাইৰাম স্কুলৰ ছাত্ৰ আছিলোঁ। সেই সময়ত লোকেন সন্দিকৈ এজন বিখ্যাত ভলীবল খেলুৱৈ আৰু অসম চিনিয়ৰ টিমৰ হৈ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিছিল। মই তিনিচুকীয়াত থকাৰ সময়ত বন্ধু অনন্ত, সঞ্জীৱহঁতৰ লগত গৈ লোকেনদাই অঁকা চিত্ৰবোৰ বৰ মনোযোগ দি চাইছিলোঁ। লোকেনদাৰ দৰে কাৰোবাৰ চেহেৰা হুবহু অঁকা চিত্ৰশিল্পী অসমত বহুত কম দেখা পাইছোঁ। লোকেনদা পেশাদাৰী চিত্ৰশিল্পী নহয়, কিন্তু কোনোবাই অনুৰোধ কৰিলে এটি নূন্যতম পাৰিশ্ৰমিক লৈ আঁকি দিয়ে।
যেতিয়া জুবিনৰ ছবিখন লোকেনদাই অঁকা বুলি গম পালোঁ তেতিয়া সঞ্জীৱৰ পৰা তেখেতৰ ফোন নম্বৰটো সংগ্ৰহ কৰি তেওঁৰ লগত কথা পাতিলোঁ। প্ৰথমতে মই মোৰ নিজৰ পৰিচয়টো দিলোঁ আৰু আমি প্ৰায় ৪৩ বছৰৰ মূৰত কথা পাতিলোঁ। মোৰ এটা বেয়া অভ্যাস আছে । মই প্ৰতিভাৱান প্ৰচাৰবিমুখ ব্যক্তি সকলৰ কথা লিখি বৰ ভাল পাওঁ। লোকেন্দ্ৰ সন্দিকৈয়ো এজন প্ৰচাৰবিমুখ চিত্ৰশিল্পী। ছবি অঁকাটো তেওঁৰ হবি। তেখেত এজন নিপুণ চিত্ৰশিল্পী। পাছত তেখেতৰ লগত সেই ছবিখনক লৈ বহুত কথা পতা হ'ল। সেই ছবিখন আকোঁতে তেওঁৰ প্ৰায় পঁচিছ দিনমান সময় লাগিছিল। কাৰণ তৈল চিত্ৰ এখন অংকন কৰোঁতে এটা প্ৰলেপ সম্পূৰ্ণ নুশুকোৱালৈকে অন্য এটা ৰং কৰা নহয়। এনে কৰিলে ৰং এটাৰ আচল ৰংটো ফুটি নুঠে। তাতে তিনিচুকীয়াত বৃষ্টিপাতো বেছি । শিল্পীজনাই সেই ফটোখন আঁকি যাওঁতে জুবিনৰ গীতসমূহ বজাই লয় আৰু সেই গীত শুনি শুনি তেওঁ ৰং তুলিকাত হাত বোলাইছিল। জুবিনৰ গীতসমূহ শুনি যাওঁতে কেতিয়াবা ক'ব নোৱাৰাকৈ তেওঁৰ চকুপানী নিগৰি আহিছিল আৰু " মই নথকাৰ অনুভৱ " গীতটি শুনাৰ লগে লগেই তেওঁ ব্ৰাছডাল হাতৰ পৰা এৰি দিয়ে। সেইসময়ত তেওঁ মূৰটো দেৱালত আঁউজাই চকুদুটা মুদি দিয়ে। এইদৰে আৱেগ ঢালি ছবিখন আঁকি গ'ল। পিছে চকুটো অঁকাৰ পাছত যেন তেওঁ সন্তুষ্ট নহয়। জুবিনক কিয় তেওঁ বিচৰা মতে লুকটো দিব পৰা নাই ? তাক লৈ দুদিন ভাবি থাকিল। চকুটো আকোঁতে নিশ্চয় কৰবাত কিবা এটা ভুল হৈছে । কথাটো ভাবি থাকোঁতে এদিন নিশা এক বজাত মনত খুন্দিয়ালে যে জুবিনৰ বাওঁ চকুৰ বাদুটো ঠিক কৰিব লাগিব । তেতিয়া মাজনিশা হাতত ব্ৰাছডাল তুলি চকুৰ বাদুটো ঠিক কৰাত লাগি গ'ল। আচলতে প্ৰকৃত শিল্পী-সাহিত্যক সকল এনেকুৱাই। সৃষ্টিৰ পথাৰত বিচৰণ কৰি থাকোঁতে কেতিয়াবা হঠাৎ মনলৈ কিবা এটা আহি যায় আৰু সেইয়া মাজনিশা হ'লেও কৰি পেলায়। এতিয়া আপোনালোকে ছবিখন ভালকৈ মন কৰিবচোন, বাওঁফালে থকা চকুৰ বাদুটোৰ তলত অলপ সৰুকৈ এটা বেণ্ড আছে আৰু এই বেণ্ডটো নিদিয়াৰ বাবেই ছবিখন ফুটি উঠা নাছিল। এই কামটো কৰাৰ পাছতেই তেওঁ আত্মসন্তুষ্টি লভিছিল আৰু এইদৰেই এজন শিল্পীৰ হাতত জুবিনে প্ৰাণ পাইছিল। এই পেইণ্টিংখনৰ চাইজ ২.৫ ফুট x ৩.০ ফুট। ছবিখন দেখি মই দহ হেজাৰ টকাত কিনি লম বুলি ভাবিছিলোঁ যদিও এজন জুবিন অনুৰাগীয়ে ইতিমধ্যে পোন্ধৰ হেজাৰ টকাত কিনি লৈ গ'ল।
মই এই কথাখিনি ফটোৰে সৈতে দি লিখাৰ এটা কাৰণ আছে। Perfection কি সকলোৱে জনা উচিত । এইখিনিতে মই সকলো চিত্ৰকলা বা অন্যান্য শিল্পীসকললৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ ------" আপোনালোকে প্লিজ ততাতৈয়াকৈ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নবনাব। আপোনালোকে সময় লৈ ধীৰে- সুস্থিৰে কাম কৰক। কাৰণ জুবিন গাৰ্গ আজি নহয়, যুগে যুগে জীয়াই থাকিব লাগিব। আমি শুদ্ধ জুবিনজনক সকলো ধৰণে অমৰ কৰিব লাগিব।"
শেষত আমি আটাইয়ে ক'ব লাগিব ------" জয়, জুবিন দাৰ জয়।" Justice for Zubeen Garg.
ত্ৰিনয়ন সন্দিকৈ
অসম ভৱন,মুম্বাই
বি. দ্ৰ:- ন-শিকাৰু সকলে শিল্পীজনৰ পৰা পৰামৰ্শ ল'ব পাৰে। মোবাইল নম্বৰ - 9859319809


0 Comments