প্ৰাণৰ জুবিন, গানৰ জুবিন
বিংশ শতাব্দীৰ শুই পৰা ভাগৰুৱা সময়
তোমাৰ গীতত বৈ আহিল হেঁপাহ
বেদনাৰ মাজতো জীৱনৰ বাবে এবুকু আশা
তোমাৰ গানৰ সুৰত জাগে এনে কি শক্তি
শোষিত মানুহৰ হিয়াত বাজি উঠে মুক্তি।
তোমাৰ গীতেই আছিল তোমাৰ বিপ্লৱৰ ভাষা,
প্ৰেম, প্রতিবাদ, ভক্তি
সকলো মিলাই একাকাৰ কৰি
তুমি যে জগাই তুলিলা
মহাজীৱনৰ সমন্বয়ৰ মেলা ।
তোমাৰ সাহসী গৰ্জনত কঁপি উঠিছিল মঞ্চ
ভ্ৰষ্টাচাৰ আৰু অন্যায়ৰ বিৰুদ্ধে সৰৱ তোমাৰ কণ্ঠ
কাকো খাতিৰ নকৰা
অথচ জনতাৰ বাবে হিয়া উজাৰি দিয়া।
ধুমুহাৰ সৈতে নাচি নাচি
এন্ধাৰৰ সৈতে যুঁজি যুঁজিও ভাগৰি নপৰা
জীৱনৰ সৈনিক তুমি
আজি যে শুই পৰিলা সাগৰ তলিত
গাত মেৰিয়াই লৈ আকাশ ।
হে অমৃত সন্তান,
তোমাক হেৰুৱাই আজি
শোকত ম্ৰিয়মান তোমাৰ মাতৃভূমি
তোমাক কেনেকৈ জনাওঁ বিদায়
তুমিতো নাছিলা অকল গীতৰ শৰাই
তুমি আছিলা অসমীয়াৰ আত্মাৰ চিঞৰ
তোমাতেই বিলীন হৈ আছিল
সহস্ৰ জনতাৰ বুকুৰ নিশ্বাস ।
হে ঈশ্বৰ পুত্ৰ,
অসমীয়াই তোমাক নজনায় বিদায়
তুমি মিলি আছা আমাৰ হৃদয়ে হৃদয়ে
তুমি মিলি আছা অসমী আইৰ আকাশে বতাহে
তুমি আছা প্ৰভাতী সুৰুযৰ হেঙুলীয়া আভা হৈ
জোনাক হৈ তুমিয়েই পোহৰাই ৰাখিবা
আমাৰ এন্ধাৰ নিশাৰ বাট ।
লভিতা মেধী
সহকাৰী শিক্ষয়িত্ৰী
পীতাম্বৰ আদৰ্শ হাইস্কুল
শিক্ষাখণ্ড : ৰঙিয়া


0 Comments