জীৱনৰ জুবিন
নৱোদয়ৰ ৭ বছৰীয়া হোষ্টেল জীৱনত ক্ষণে ক্ষণে লগৰী আছিল তেওঁৰ গান । মায়া, শিশু , শব্দ , যন্ত্ৰ , ৰুমাল আদি এলবামৰ গীতৰে ভৰি পৰিছিল সময় । ৰাতিপুৱা ৭ বজাৰ আগে আগে স্কুল যাবলৈ বুলি ইউনিফৰ্ম পিন্ধি ওলাই থাকোঁতে হোষ্টেলত এজাক ছোৱালীয়ে কিৰিলি পাৰি গাইছিলো...
' ৰাতিপুৱা শুই উঠি যাবৰে যে হয় স্কুললৈ
গধুৰ গধুৰ পঢ়াৰ বোজা
কঢ়িয়াওতেই গ'ল দিন দূৰলৈ...'
আমিবোৰে যেন গানটোৰ মাজত নিজকে বিচাৰি পাইছিলো ।
আমাৰ স্কুল চৌহদত দুজোপা বৰ ধুনীয়া কৃষ্ণচূড়া আছিল, যেতিয়া তাৰ তলত জিৰণিৰ সময়ত আমি আড্ডা মাৰিছিলো, মাজৰে কোনোবা এজনে গাই দিব..
"কৃষ্ণচূড়াৰ তলত স্কুলৰ দুপৰীয়া
ক্লাছৰ ফাঁকে ফাঁকে কতনো উমাল কথা..."
আৰু আটাইৰে হাঁহিবোৰে প্ৰাণ পাইছিল।
যেতিয়া যোৱা ২০২৪ ৰ ৬ অক্টোবৰত স্কুলৰ ৰূপালী জয়ন্তীত গৈছিলো তেতিয়া একেটা গানৰে পিছৰ শাৰী কেইটাই মনত অতীতৰ জোৱাৰ আনিছিল..
"লুটিয়াই চালে জীৱনী পাওঁ মাথোঁ...."
স্কুলত এটা music পিৰিয়ড থাকিছিল, যিটো music ৰ বহী বনাইছিলো, প্ৰায়ভাগ গানেই জুবিন গাৰ্গৰ আছিল।
সেই সময়ত মোৰ প্ৰিয় আছিল..
"পোহৰৰে চাকিগছি আমি জ্বলামেই এদিন জ্বলাম
সুৰে সুৰে গীত ৰচি আমি গানেৰে জীৱন জুৰাম.."
দ্বাদশ শ্ৰেণী পাছ কৰালৈকে জুবিন গাৰ্গ মোৰ মনত শিপাব ধৰিছিল..' এদিন লগ পোৱা হ'লে!'
মানে তেওঁক কোনোবা দূৰ আকাশৰ নক্ষত্ৰ যেন লাগিছিল, যেন মোৰ দৰে সাধাৰণ এজনীয়ে ঢুকি পোৱাটো সম্ভৱ নহয়।
কিন্তু দেখিছিলো তেওঁক, একেবাৰে ওচৰৰ পৰা, ২০১৪ চনত, মিৰ্জাত হোৱা road show ত। তেওঁক সন্মুখৰ পৰা দেখা পোৱা সময়খিনি সপোন সপোন যেন লাগিছিল । সেই ৰাতি তেওঁ গাইছিল-
".. আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুৱৰে মন"
কোনেনো জানিছিল যে এদিন 'শব্দ ' 'বাস্তৱ ' হ'ব!!
মই আৰু মোৰ ৰূমমেট একেবাৰে শেষলৈকে আছিলোঁ, পুৱতি নিশা যেতিয়া তেওঁ যাব ওলাল, পিছে পিছে দৌৰি গৈ জোৰেৰে তেওঁৰ সোঁহাতত ধৰিছিলো, এক বুজাব নোৱাৰা আবেগ, এতিয়া যে সকলোৱে কৈ আছে তেওঁৰ হাতৰ স্পৰ্শ বেলেগ, সঁচাকৈয়ে বেলেগ আৰু তাৰ পিছৰ পৰা তেওঁ মোৰ বাবে 'জুবিন গাৰ্গ' গুচি "জুবিন দা" হৈ পৰিল।
বছৰ বাগৰে, জীৱন আগুৱাই, চন ২০১৮, জুন মাহৰ কোনোবা এটা দিন । এক বিশেষ কামত মই মোৰ দাদাৰ লগত খুব পুৱাই নাৰেঙ্গী গৈ আছিলোঁ। মাজতে দাদাই খাৰঘূলিত থকা জুবিন দাৰ ঘৰ (ষ্টুডিঅ) টো দেখাব নিছিল, বাহিৰত দাদাৰ isuzu গাড়ীখন ৰখোৱা আছিল, পৰিবেশটো ইমান শান্তিপূৰ্ণ!! গাড়ীখনৰ গ্লাচত কোনোবাই ডাঙৰকৈ লিখি থৈছিল...ZUBEEN
সময়ৰ নাটনিৰ বাবে আমি বাহিৰৰ পৰাই উভতিব লগা হৈছিল। মনত বেয়া লাগিলেও ভাবিছিলো- একো নহয়, তেওঁৰ গাড়ীখন ওচৰৰ পৰা দেখাটোও মোৰ বাবে বহুত!!
মাজতে আৰু এটা হাঁহি উঠা সৰু ঘটনা ঘটিছিল। চন ২০১৬, এদিন মোৰ ৰূমমেট চন্দনাই এটা ফোন নম্বৰ দি ক'লে এইটো জুবিন দাৰ নম্বৰ। মই বিশ্বাস কৰা নাই, বোলো তুমি মোৰ লগত ধেমালি কৰি আছা, তাই কলে যে নহয় সঁচাকৈয়ে হয়, আপুনি ফোন কৰি চাওঁক। মইও ঠিক আছে বুলি কৈ লগে লগে ফোন লগালোঁ। প্ৰথমবাৰত বিজি পালোঁ, আকৌ কৰিলোঁ.. সেই কথোপকথনৰ প্ৰতিটো শব্দ মন মগজুত আজিও সজীৱ..
:হেলো.
:হেলো, কোনে কৈছা?
:হেলো জুবিন দা হয়নে?
:ও হয়, তুমি কোনে কৈছা??
নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাছিলো, আকৌ সুধিছিলো..
:সঁচাকৈ জুবিন দা আপুনিয়ে হয়নে?
:ও হয়, কিয় বিশ্বাস হোৱা নাই নেকি? নাই হোৱা যদি আহি যাবা খাৰঘুলি ষ্টুডিঅত, লগ পাম।
মুখৰ মাত হেৰাইছিল মোৰ, দূৰ আকাশৰ উজ্জ্বল নক্ষত্ৰই
ইমান সহজকৈ কথা পাতে???? কোনোমতে "হ'ব দিয়ক' বুলি কৈ বিছনাতে ধপংকৈ বহি পৰিছিলো । মোৰ অৱস্থা দেখি চন্দনাই হাঁহি হাঁহি কৈছিল 'দেখিলে এতিয়া, মোক ধেমালি কৰা বুলি কয়!!!' আমি আলোচনা কৰিছিলোঁ যাম বুলি, কিন্তু সেয়া হৈ নুঠিল কেতিয়াও। নম্বৰটো ছেভ কৰিছিলোঁ। মাজে মাজে WhatsApp ৰ DP চাও, তেতিয়া মিচন চাইনা চিনেমাখনৰ কাম চলি আছিল, তাৰেই ফটো DP ৰাখিছিল তেওঁ। পিছলৈ মাৰ লগত চিনেমাখন চাব গৈছিলো।
লাহে লাহে জীৱন 'জুবিনময় ' হৈ পৰিছিল, ২০২০ চনৰ এটা খুব কঠোৰ পৰিস্থিতিত মোৰ প্ৰতিপল সংগী হৈছিল..
"এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জুৰোৱা গান
ই জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান.."
২০২৩ চনত মোৰ দাদাৰ ডাঙৰ পথ দুৰ্ঘটনা এটা হৈছিল, তেতিয়া মোৰ সাহস হৈছিল..
"যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে
যদি আশাৰ চাকিটি উমি উমি জ্বলে
তথাপি বন্ধু আগুৱাই যাবা
পিছলৈ ঘূৰি নাচাবা..."
এবাৰ ২০১১চনত খুৰা, মা আৰু দাদাই মোক বন্ধৰ পিছত হোষ্টেলত থ'ব গৈছিল, ওৰে ৰাস্তা প্ৰায় ৪ ঘণ্টা গাড়ীত এটাই গান বাজিছিল.."ৰং দিয়া মৰম.." ।
মুঠতে আনন্দ, বিষাদ, বিহু, নৱবৰ্ষ...সকলোতে ৰজনজনাইছিল কেৱল তেওঁৰেই সৃষ্টিৰাজি। যোৱা কিছু বছৰত ৰাতিপুৱা শুই উঠিয়ে "অ' যাদৱ উঠা বনমালী" আৰু "পাৱে পৰি হৰি" শুনাটো একপ্ৰকাৰ অভ্যাসত পৰিণত হৈছিল।
অসমত বানপানী হলে বানাক্ৰান্তৰ কাষত, কাৰোবাৰ চিকিৎসাৰ বাবে, কাৰোবাৰ পঢ়া খৰচ, কাৰোবাৰ সংকটৰ সময়ত, মুঠতে জাতি ধৰ্মৰ ভেদাভেদ নাৰাখি কেৱল মানুহ হিচাপে সকলোকে সহায় কৰিছিল।
'গায়ক জুবিন ' আৰু 'মানৱ জুবিন ' দুয়ো গৰাকীৰে কৰ্মত শিৰ নত হয় বাৰে বাৰে। তেওঁ আছিল প্ৰকৃতিপ্ৰেমীও। জীৱ জন্তুৱে তেওঁক আঁকোৱালি লৈছিল, তেওঁৰ মৰম বুজিছিল, নিজৰ সুৰেৰে বতাহক মাতিব পৰা জুবিন গাৰ্গ সঁচাকৈয়ে আছিল "ঈশ্বৰপুত্ৰ"।
দাদাৰ কথা কৈ শেষ কৰিব নোৱাৰিম, ভগবান আছিল তেওঁ, আমি বুজি পোৱাত পলম কৰিলোঁ। বগলী, কুকুৰ, গৰু, চৰাই, বান্দৰ আদিয়ে তেওঁক শেষ শ্ৰদ্ধা জনাবলৈ অহাটো আমি সকলোৱে প্ৰত্যক্ষ কৰিলোঁ। এয়া জানো ঐশ্বৰিক নহয়?? আজি সমগ্ৰ বিশ্বত তেওঁৰ নামৰ জয়ধ্বনি। ১৯৫ খন দেশৰ ১২৪ খনেই ইন্টাৰনেটত চাৰ্চ কৰা জুবিন দাক গুগলে Humming King of World উপাধি প্ৰদান কৰিলে। এটা দুখ মৃত্যু পৰ্যন্ত থাকি যাব - কিয় এই মানৱৰূপী ভগৱানক এদিন ভালদৰে লগ নকৰিলোঁ!!!
১৯ ছেপ্টেম্বৰ অসমৰ বাবে এটি অভিশপ্ত দিন, ২৩ ছেপ্টেম্বৰত লক্ষ লক্ষ জনৰ কত অনুভৱ, অনুভূতি জ্বলি গ'ল, হেৰাই গ'ল আমাৰ "চোতালৰ জোনাক" , দুচকু দুগাল তিয়াই পেলোৱা অশ্ৰু উৰি গল বাষ্প হৈ, অসমবাসীয়ে "বিনালে ৰৈ ৰৈ"।
কিন্তু সময় গতিশীল, কৰ্ম, ধৰ্ম সকলো চলি থাকিল, চলি থাকিব, কিন্তু যিটো শূণ্যতাৰ সৃষ্টি হল সেয়া অপূৰণীয় । কিন্তু এই মৃত্যুৱে অসমক দিলে এক নৱপ্রভাত, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিশ্বৰ চুকে কোণে, সুৰে সুৰে প্ৰতিধ্বনিত হল তেওঁৰ "মায়াবিনী", সোণাপুৰত সৃষ্টি হল অকল্পনীয় "পুণ্যভূমি"। চছিয়েল মিডিয়াত জাগ্ৰত হ'ল কত সুপ্ত চিত্ৰ, কবিতা আৰু অজস্ৰ লিখনি। এইবোৰৰ মাজতে আমাৰ 'হিয়াৰ আমঠু 'জুবিন দা হৈ থাকিব চিৰযুগমীয়া। মই কৰ্মৰত বিদ্যালয় খনত এজোপা আমলখি ৰুইছোঁ তেওঁৰ নামত, পিছৰ প্ৰজন্মইও যাতে ক'ব পাৰে এয়া আমাৰ জুবিন দাৰ নামৰ আমলখি বুলি।
এই লিখনিৰ জৰিয়তে মই সেই দুগৰাকী মহান ব্যক্তিক ( প্ৰয়াত ইলি বৰঠাকুৰ আৰু শ্ৰী মোহিনীমোহন বৰঠাকুৰ) সশ্ৰদ্ধ প্ৰণাম জনালোঁ যিয়ে জুবিন দাৰ দৰে "স্বৰ্ণ অলংকাৰেৰে" অসমক বিশ্বৰ দৰবাৰত সুশোভিত কৰিলে। আৰু এগৰাকী মহীয়সী নাৰী - গৰিমা শইকীয়া গাৰ্গ (বৌ) ক অলেখ অযুত মৰম ও শ্ৰদ্ধা, তেওঁৰ ত্যাগ অতুলনীয়, তেওঁ আমাৰ আদৰ্শ, ঈশ্বৰে তেওঁক শক্তি দিয়ক।
শেষত ---
জুবিন দা, তুমি ঈশ্বৰপুত্ৰ,
তুমি অদ্বিতীয়, অনন্য, অনন্ত।
তুমি আছিলা, আছা, থাকিবা চিৰদিন, চিৰকাল।
তুমি বাজি থাকিবা তেতিয়ালৈ
যেতিয়ালৈ থাকিব শেষ উশাহ।
তোমাৰ সুৰ, লয়, শব্দৰ সমন্বয়..
নাজানো কি ঐশ্বৰিক শক্তিৰ সৃষ্টি আছিল
সংগীতৰ এই ধাৰ..
কিন্তু..
তুমিয়েইতো কৈছিলা -
"সাগৰত একো নাই, its a dead end"
তেন্তে কিয় সেই সাগৰক দি গ'লা
তোমাৰ ' শেষ পৰশ, শেষ উশাহ আৰু শেষ সুবাস ' ??
I will never go বুলি কৈ
তুমি কেতিয়াও উভতি নহা বাটেৰে গুচি গ'লা।
শূণ্যতাৰ মাজত আজিও অসম আছে উচুপি
এই শূণ্যতা পূৰ্ণ নহ'ব কদাপি।
য'তে আছা কুশলে থাকিবা
ৰাইজৰ মৰমবোৰ চাই চাই ,
তোমাৰ শিশুসুলভ হাঁহিটো আকৌ মিচিকিয়াবা
ভুল কৰা দেখিলে 'কোন ও এইটো গৰুটো '
বুলি ডবিয়াই দিবা
(জানা এতিয়া তুমি আগতকৈও শক্তিশালী)
আমাৰ সপোনত আহি
কথা ক'বা, গান গাবা, ধেমালি কৰিবা
য'তে আছা, কুশলে থাকিবা,
আমাক আশীৰ্বাদ কৰিবা,
গৰিমা বৌক সাহস দিবা।
আশা কৰোঁ ,
বৈতৰণীৰ সিপাৰে লগ পাম এদিন
হৃদয়ত জীয়াই থাকিবা তুমি চিৰদিন।
জয় জুবিন দা
জয় আই অসম।।
সহকাৰী শিক্ষয়িত্ৰী
পি: এম: শ্ৰী ছাটাবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : বকো


0 Comments