header ads

অসমীয়া কবিতা I হে মহানায়ক, তোমাক জনালোঁ শ্ৰদ্ধাঞ্জলি I কিৰণ দাস I ৬ষ্ঠ বৰ্ষ ১ম সংখ্যা

 হে মহানায়ক , তোমাক জনালোঁ শ্ৰদ্ধাঞ্জলি


সুৱদি মাত
পৰাণ জুৰুৱা 
মৌ -সনা মাত ,
হিয়াৰ আমঠু 
আই অসমীৰ হীৰা 
তুমি আমাৰ স্বাভিমান , 
আমাৰ সম্পদ 
শিৰে শিৰে তোমাৰেই গান ,
মোহাছন্ন সকলো তোমাৰেই কণ্ঠত 
নতুন প্ৰজন্মৰ 
হিয়াৰ আমঠু 
কি যাদু তোমাৰ !
লক্ষ লক্ষ জনতাৰ 
হৃদয় জিকিলা 
সাহসী , স্পষ্টবাদীতাৰ এক নিদৰ্শন 
 দৰিদ্ৰ জনৰ অনুভৱী স্বত্বা 
তুমিয়ে আমাৰ জাতিৰ অলংকাৰ 
উদাত্ত কণ্ঠে জাতি - ঊপজাতিৰ মাজত 
সমন্বয়ৰ সেতু বান্ধিলা 
অসহায় , নিছলাৰ বন্ধু আছিলা 
তুমি আমাৰ আৱেগ 
থাকিবা সদায় প্ৰতিটো 
প্ৰজন্মৰ মাজত , 
সাগৰ ভাল পোৱা তুমি 
সাগৰৰ বুকুত শুই থাকিলা 
তোমাৰ মৃত্যুত হেৰাল 
অমিয়া কণ্ঠ ,
তুমি বিহীন আমি 
আহত হৈ ৰ’লোঁ
তোমাক হেৰুৱাৰ বেদনাত 
দগ্ধ আমাৰ হিয়া 
চিৰপ্ৰবাহমান জ্যোতি তুমি 
থাকিবা সদায় আমাৰ হৃদয়ত, 
তোমাৰ আলোকেৰে 
জিলিকি থাকিব লুইতৰ পাৰ 
হে শিল্পী , প্ৰণাম তোমাক 
প্ৰণাম তোমাক ৷

কিৰণ দাস 
স্নাতকোত্তৰ শিক্ষয়িত্ৰী
ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : হাজো

Post a Comment

0 Comments