সুৰৰ সূৰ্য অস্ত গ'ল
কোনো দিনেই
উদয় নোহোৱাৰ প্ৰতিশ্ৰুতিৰে
সূৰ্যটো অস্ত গ'ল ,
নিৰৱে সাগৰ তলিত
শুই থাকিল ।
আমিও বাটৰ কাষত বাট চাই
ৰৈ থাকিলো ,
মায়াবিনী ৰাতিৰ বুকুত
সুৰ শুনিবলৈ
সেই সুৰেই নোহোৱা হ'ল ,
মাথো ৰৈ ৰৈ বিনাই
গুছি গ'ল উদাসীনি গাৰ্গী ।
সকলো নিমাত নিস্তব্ধ
এটা হামিং নোহোৱা হ'ল
তেওঁ হেনো সম্ৰাট আছিল ,
পাখি মেলি উৰি গ'ল
গল্ডি , ক'ত তেনেহ’লে শুনিম
সেই মৃত্যু জিনাৰ
অমৃত গান ।
সহকাৰী শিক্ষক
বিৰোগাঁও মজলীয়া বিদ্যালয়
শিক্ষাখণ্ড : ৰামপুৰ


1 Comments
ভাল লাগিল।
ReplyDelete