মানৱ জুবিন গাৰ্গ
১৮ নৱেম্বৰ, ১৯৭২ চন । মেঘালয়ৰ তুৰাত এটি দেৱ শিশুৰ জন্ম হৈছিল। আন আন সাধাৰণ শিশুৰ দৰেই সেই শিশুটিয়েও পিতৃ-মাতৃসহ পৰিয়ালৰ সদস্যৰ মাজতে শৈশৱ, কৈশোৰ পাৰ কৰি যৌৱনত ভৰি থৈছিল। সাধাৰণভাৱে বিকশিত শিশুটিৰ মনোজগতখন কিন্তু শৈশৱ-কৈশোৰৰ পৰাই অন্যতকৈ ব্যতিক্ৰম আছিল। বিচিত্ৰ সূতাৰে তেখেতৰ মনোজগতখন গঁথা আছিল। তেওঁৰ কৰ্ম, আচাৰ-আচৰণত সেয়া লাহে লাহে প্ৰতিফলিত হ'বলৈ ধৰিলে। তেখেতৰ পাৰিপাৰ্শ্বিক সমাজখনৰ ভিন্ন ৰুচিৰ মানুহে তেনে আচৰণক ভিন্ন মতবাদলৈ ৰূপান্তৰিত কৰিলে। তাৰে মাজত পৰিশীলিত সমাজৰ অনুশীলনকাৰীসকলে ব্যতিক্ৰমী বেশ-ভূষাৰ বাবে তিৰ্যক মন্তব্যৰে উপচাই দিয়াৰ বিপৰীতে এচামে তেওঁক তেওঁৰ আবুৰ নোহোৱাকৈ আত্মপ্ৰকাশ কৰা সত্বাটোকে হৃদয়ত লৈ ফুৰিলে। সেই প্ৰতিক্ৰিয়াৰ প্ৰতি অকণো ভ্ৰূক্ষেপ নকৰাকৈ প্ৰতিগৰাকী সাধাৰণ মানুহৰ চকুত পৰাকৈ তেওঁ গীত গাই, গীত লিখি, চিনেমা পৰিচালনা তথা অভিনয়ৰ মাজেৰে নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিলে। এটা সময়ত তেৱেঁই হ’লগৈ 'The Zubeen Garg'.
প্ৰকৃতিৰ পৰা প্ৰেমলৈকে বিষয়বস্তু লৈ লোকগীতৰ পৰা শাস্ত্ৰীয় সংগীত-পাশ্চাত্য সংগীতলৈকে সুৰ-বাদ্য সংগত কৰি গীত সৃষ্টি কৰা গায়ক, ৰচক, সুৰকাৰ জুবিন গাৰ্গৰ গান অসমৰ বিয়াঘৰত, সভাঘৰত উধাই-মুধাই বাজিল। ছবিঘৰত তেওঁৰ চিনেমা চলিল। অসমীয়াৰ বাপতি-সাহোন বিহু, শাৰদীয় দুৰ্গা পূজা, কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ কি জন্মবাৰ্ষিকী, কি শতবাৰ্ষিকী সকলোতে তেওঁ সংগীতানুষ্ঠানৰ ঢল উঠিল। তেওঁৰ গীতে মঞ্চৰ উজাগৰী শ্ৰোতা-দৰ্শকক মনোৰঞ্জন দিলে, আহ্লাদিত কৰিলে। জুবিন ক্ৰমান্বয়ে ‘সাংস্কৃতিক সন্ধিয়া’ৰ এক এৰাব নোৱাৰা অংশ হ’ল। তদুপৰি সদা ব্যতিক্ৰমী শিল্পীগৰাকীয়ে গীত পৰিৱেশনৰ মাজতে মঞ্চত খুঁটা বগাই, কেতিয়াবা মাইক্ৰ’ফোন দলিয়াই, আকৌ কেতিয়াবা দুভৰিত দুপাট ভিন্ন জোতা পিন্ধি মানুহক কৌতুহলৰো সীমা নোহোৱা কৰিলে। স্ব-ভূমি আৰু স্ব-জাতিৰ সংশয়ৰ সময় অহা বুলি ভাবিলে স্পষ্ট কণ্ঠেৰে শাসনত থকা লোকসকলক প্ৰশ্ন কৰিও লোকচক্ষুৰ দৃষ্টিগোচৰ হ’ল। তেনে সময়তো জুবিন একেই পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হ’ল। প্ৰায় বেছিভাগ সময়তে শিশুসুলভ চঞ্চলামিৰে উৰি ফুৰা প্ৰাপ্তবয়স্ক জুবিন গাৰ্গক হকে-বিহকে গালি পাৰিলে। জুবিনক ‘সপোনৰ বীৰ’ৰ স্থান দিয়া কিশোৰ তথা যুৱপ্ৰজন্মক বিপথে নিয়া বুলিও জগৰীয়া কৰিলে। আন এচামে ঘৰৰ অঁকৰা ল’ৰা বুলি সামৰি থ’লে। এনেধৰণৰ পৰিচয়ৰেই মূলতঃ তেখেতৰ জীৱিত কালটো বহুল চৰ্চিত আৰু জনপ্ৰিয় হৈ থাকিল। ১৯ ছেপ্তেম্বৰ, ২০২৫ ইংৰাজী তাৰিখে অসম তথা অসমবাসীক সচকিত কৰি তেখেত পৰলোকগামী হ’ল। তাৰ পৰৱৰ্তী সময়ত সৃষ্ট পৰিস্থিতিয়ে বিশ্বকে তেখেতৰ বিদেহ যাত্ৰাৰ ভূ পোৱালে। লগে লগে পৰ্দা ঠেলি ‘জুবিন’ৰ মণিকুঠৰীৰ ব্যক্তিগৰাকীও ৰাজহুৱা হ’ল। তেওঁৰ মৃত্যুৰ পিছত অসমৰ এগৰাকী প্ৰথিতযশা সাহিত্যিকে সামাজিক মাধ্যমত এৰি দিয়া সাক্ষাৎকাৰৰ মাজেৰে জুবিনৰ অচিনাকি সত্বাটোক অনুধাৱন কৰি সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিল। পূৰ্বতে নেদেখা আৱেগিক, বিষাদগ্ৰস্ত, নিসংগ আৰু ক্ষোভিত জুবিনক জনতাই দেখিলে। বহেমিয়ান জীৱন অতিবাহিত কৰা জুবিন আচলতে মানুহে ভবাৰ ধৰণে সম্পূৰ্ণ নাছিল। জীৱিত কালত তেওঁক আৰু তেখেতৰ কৰ্ম-কীৰ্তিৰ যিটো দিশ নুবুজাৰ বাবে অপাৰগ দৰ্শকে আত্মগ্লানিত চটফটাবলগীয়া হ’ল , সেইটো হৈছে তেওঁৰ মানৱতা।
বিজ্ঞান-প্ৰযুক্তিৰ সহায়ত, সামাজিক মাধ্যমৰ জৰিয়তে পৃথিৱীবাসীয়ে জুবিনৰ মানৱতাৰ নিদৰ্শন স্ব-চক্ষুৰে প্ৰত্যক্ষ কৰিলে। মানুহজনে যে তেওঁৰ শক্তিয়ে অতালৈকে আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াই গৈছিল সেই কথাও জানিলে। জুবিনে নিজে দিয়া সাক্ষাৎকাৰ নতুবা আনে তেওঁৰ সান্নিধ্যৰ বিষয়ে দিয়া সাক্ষাৎকাৰত লোকৰ ঘৰত কাম কৰি নিৰ্যাতিত কন্যা শিশুটিক জীয়েকৰ
মৰ্যাদা দিয়াৰ পৰা হস্পিটেলত অচিনাকী ব্যক্তিৰ চিকিৎসাৰ খৰচ বহন কৰালৈকে, অন্ধ কিশোৰীগৰাকীক ৰঙীন পৃথিৱীখন দেখুওৱালৈকে মানুহৰ আস্থাশীলতাক তেওঁ গভীৰ দায়িত্বসহকাৰে পালন কৰাৰ কাহিনী মানুহে এপলক নয়নেৰে চাই ৰ’ল। পিছে জুবিনৰ উদাৰতাও ঢাক খাই নাথাকিল। জুবিনে কৈ যোৱা “মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা” –এই শাৰীকেইটা যোৱা প্ৰায় ডেৰটি মাহে অসমৰ বাটে-ঘাটে, গাড়ীয়ে-মটৰে এক অমোঘ মন্ত্ৰ হৈ বাজিছে। জুবিনৰ মন-মগজুত এই মন্ত্ৰৰ অৰ্থ আমাৰ অনুধাৱন ক্ষমতাতকৈ অধিক গভীৰ ৰূপত বহি আছিল। তেওঁ হয়তো মৰ্মে মৰ্মে উপলব্ধি কৰিছিল, যি জাতিৰ ধাৰণাই, ধৰ্মৰ আখৰাই কাৰোবাক ক’ৰবাত এচুকত বহি উচুপিবলৈ বাধ্য কৰিছে, ভগৱানৰ নামত মৃত্যুৱে খেলিছে, তেন্তে তেনে জাতি, ধৰ্ম অথবা ভগৱানৰ প্ৰয়োজনেই বা ক’ত? অৱশ্যে তেওঁ অস্বীকাৰ কৰিলেও সমাজক সুস্থিৰ কৰিব পৰা জাতীয় চেতনা বা ধৰ্মীয় চেতনা আমাক লাগে। কিন্তু তাৰ নামত হিংসা কেতিয়াও কাম্য নহয়। অহিংসুক জুবিনৰো পৃথিৱীৰ প্ৰতিগৰাকী ‘মানুহ’ৰ প্ৰতি মৰম দেখিলোঁ, জীৱ-জন্তুৰ প্ৰতিও আৱেগ দেখিলোঁ।
এনেকৈ চালে তেওঁ পৰলোকগামী হোৱাৰ পৰৱৰ্তী সময়চোৱাত সামাজিক মাধ্যমযোগে যিখন মানৱীয় ছবি প্ৰকাশ পালে, সেয়া সাধাৰণ মানুহৰ কল্পনাৰ বাহিৰৰ বুলিব পাৰি। সেয়ে, আমাৰ মনত এটা প্ৰশ্নৰ উদয় হ’ল- এয়া জানো এজন ‘মানুহ’ৰ বাবে সম্ভৱ? নহয়, মুঠেই নহয়। লগে লগে আমাৰ দুৰ্বল মনত তেওঁ হৈ পৰিল ভগৱান, ঈশ্বৰৰ মানৱীয় ৰূপ। শংকৰদেৱ, যীশুখ্ৰীষ্টৰ পৰা বুদ্ধদেৱলৈকে সকলোৱে স্পৰ্শ কৰিব নোৱাৰা সত্বাৰ বাবেই ভগৱান নাইবা ভগৱানৰ অৱতাৰ হিচাপে স্তুতি পাই অহা, তেওঁলোক আচলতে মানুহ নে ভগৱান তেনে প্ৰশ্নবোধকতাৰ সৃষ্টি কৰা আমি দেখিছোঁ। এতিয়া জুবিনকো তেখেতৰ বিশাল ব্যক্তি সত্বাৰ বাবে ভগৱানৰ সমতুল্য স্থান আমি তেখেতৰ অৱদানৰ সৰ্বোচ্চ স্বীকৃতি দিয়া বুলি আস্বস্ত হৈছোঁ যদিও আওপকীয়াকৈ আমি কিন্তু তেখেতৰ বিশালতাখিনিক সংকীৰ্ণ কৰিহে পেলালোঁ। কিয়নো ভগৱান ভগৱানেই হয়। আমি ভগৱান হ’বলৈ বিচৰাতো অকল্পনীয়। জুবিনৰ ক্ষেত্ৰতো আমি প্ৰত্যেকে জুবিন গাৰ্গক এগৰাকী মানুহ হিচাপে অন্তৰত প্ৰতিষ্ঠা কৰি তেওঁৰ চিন্তাৰ কৰ্ষণ কৰিব পাৰোঁ। তাৰ বাবে ফুলাম চোলা, বিসংগতিপূৰ্ণ জোতাৰ দৰে বেশভূষা অনুসৰণ কৰাৰ প্ৰয়োজন নাই। আমি তেওঁৰ উদাৰতাখিনি, সহৃদয়তাখিনি, মানৱতাখিনিৰ কচৰৎ কৰিব পাৰোঁ। আমি ইজনে আনজনৰ প্ৰতি সহনশীল হ’ব পাৰোঁ। আমি দায়িত্বশীল হ’ব পাৰোঁ প্ৰকৃতিৰ প্ৰতি। তেখেতৰ মৃত্যুত দুখিত, ব্যথিত হোৱা প্ৰত্যেকেই যদি সেইখিনি কৰোঁ, তেন্তে সেইখনেই হ’ব সৰগসদৃশ অসম। আমি জুবিনৰ অন্তিম শয়নত উবুৰি খাই পৰা মানুহখিনিয়ে জুবিনৰ কোনখিনি হেৰুৱাই ব্যথিত হৈছোঁ, সেয়াও এবাৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। বহুলভাৱে জনপ্ৰিয় কেৱল গায়ক জুবিনক স্মৰণ নকৰি তেওঁ বিচৰাৰ দৰে আমাৰ কৰ্মত, আৰ্তজনক আগবঢ়োৱা সহায়ৰ হাতখনত জুবিনক জীয়াই ৰাখিব লাগিব। তেওঁক ঈশ্বৰৰ শাৰীলৈ নি স্তুতি কৰাতকৈ তেওঁৰ মানৱীয় প্ৰমূল্যক তুতি কৰিব পাৰিলেহে মানৱ সমাজ উপকৃত হ’ব, সংযমী হ’ব। সেয়ে কওঁ, বৰ্তমান সময়ত আমি তেওঁৰ মানৱ গুণৰহে অনুৰাগী হ’ব লাগে। তাকে নকৰি অতিমানৱ সজাই সত্তাটোকে ধুঁৱলি-কুঁৱলি কৰাতো মুঠেই যুক্তিসংগত নহয় । সেয়ে, মানুহৰ পৰা প্ৰকৃতিলৈকে হেৰুৱাৰ বেদনা প্ৰকাশ কৰা মানৱ জুবিনৰ উদাৰতা, সহৃদয়তা, আস্থাশীলতা আদি দিশত দৃষ্টি প্ৰদান কৰাৰ প্ৰয়োজনবোধ কৰিলোঁ ।
সহকাৰী শিক্ষয়িত্ৰী I
চিমিনা আঞ্চলিক উচ্চতৰ মাধ্যমিক হাইস্কুল I
শিক্ষাখণ্ড : ৰামপুৰ I


0 Comments