` বোধিদ্ৰুমৰ অম্লান ছাঁ
“মৃত্যুওটো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা
নিৰ্লোভ ভাস্কাৰ্য্য”
সুগন্ধি পখিলাৰ কবি হিৰেণ ভট্টাচাৰ্যৰ এই কবিতাফঁকিৰ বাস্তৱ ৰূপ দি কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে দূৰ-দিগন্তলৈ নীৰবে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ড° গণেশ্বৰ চহৰীয়াদেৱে গুচি গ'ল।
মানুহ জন্ম হয় একো নোহোৱাকৈয়ে, কিন্তু মৃত্যু হয় এটি নামৰ সৈতে। You are born without any thing but die with your name. The name must not be a word, it must be History. যদু, মধু আমি সাধাৰণ মানুহবোৰ মৰোঁ। কিন্তু কিছুমান ব্যক্তি নিজৰ কৰ্মৰাজিৰে হৈ পৰে অমৰ। ড° গণেশ্বৰ চহৰীয়া তেনে এগৰাকী ব্যক্তি। সুন্দৰ সুঠাম চেহেৰাৰে দুটি উজ্বল আলোক-সন্ধানী চকুৰে ১৯৬০ চনত দৰং জিলাৰ নৱ শক্তিপাৰা (ৰাজহ গাঁও ঢেকীপাৰা)ত জন্ম গ্ৰহণ কৰা ড° গণেশ্বৰ চহৰীয়া নিজস্ব সুকীয়া প্ৰতিভাৰে সময় বালিত পদ চিহ্ন ৰাখিব পাৰিছিল। জন্মৰ পৰা মৃত্যুলৈ এই দীঘলীয়া পৰিক্ৰমাৰ ক্ষন্তেকীয়া সময়খিনিত ব্যস্ততাৰ মাজেৰে যিসকল ব্যক্তিয়ে ন-ন চিন্তা আৰু কৰ্মেৰে সমাজৰ আগত আদৰ্শ দাঙি ধৰিব পাৰিছিল, নৱ প্ৰজন্মৰ পথ প্ৰদৰ্শক হ’ব পাৰিছিল, তেওঁলোকেই একো একোগৰাকী সফল ব্যক্তি। ড° গণেশ্বৰ চহৰীয়া তেনে এগৰাকী সফল ব্যক্তি। তেখেতৰ দেউতাকৰ নাম আছিল প্ৰয়াত লোকেশ্বৰ চহৰীয়া আৰু মাতৃৰ নাম আছিল প্ৰয়াত মাধুৰী চহৰীয়া।
হাইস্কুলীয়া শিক্ষা জন্ম জিলাতে সমাপ্ত কৰি উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ আহে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম. এছ. চি., এল. এল. বি, বি. এড. আৰু পি. এইচ. ডি. ডিগ্ৰী অৰ্জন কৰিছিল। ইয়াৰ পিছত তেখেতে বিষয় শিক্ষক হিচাপে ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মুকালমুৱা আৰু হেক্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাম কৰিছিল।২০০৫ - ২০০৮ লৈ জন শিক্ষণ সংস্থান,কামৰূপত সঞ্চালক হিচাপেও বহুতো আদৰ্শনীয় কাম কৰিছিল। তেখেতে নগৰবেৰাৰ অৱস্থিত বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়তো অংশকালীন প্ৰবক্তা হিচাপে কাম কৰিছিল। শ্ৰদ্ধাৰ ছাৰে ২০২০ চনত হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ইয়াৰ পিছতো তেখেতৰ শৈক্ষিক পথাৰখন চিৰ সেউজ কৰি ৰাখিবলৈ অবৈতনিক ভাৱে কলেজ অব এডুকেশ্বন, বকোৰ প্ৰতিষ্ঠাপক সচিব, ভাৰপ্ৰাপ্ত অধ্যক্ষ, বকো কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।
কৰ্ম নকৰি কেৱল চিন্তা আৰু ভাৱনাৰে কোনো ব্যক্তিয়ে জীৱনত আকাঙ্খিত ফল আশা কৰিব নোৱাৰে। ন-ন চিন্তাই মানুহক সপোন দেখুৱায় আৰু কৰ্মই সেই. সপোনক দিঠক কৰে। কৰ্মৰ মাজেৰে জীৱনৰ মহত্বপূৰ্ণ পৰিসমাপ্তি ঘটে। সমাজৰ বাবে কিবা নহয় কিবা কৰি যোৱাৰ মানসেৰে তেখেতে সপ্তম শ্ৰেণীত পঢ়ি থকাৰ পৰাই বিভিন্ন আলোচনী, বাতৰি কাকত আদিত লেখা আৰম্ভ কৰিছিল। সাহিত্যৰ পথাৰখনত তেতিয়াই মেলা গজালি ক্ৰমে ক্ৰমে ফুল-ফল ধাৰণ কৰি বিশাল বটবৃক্ষ হৈ পৰিল। তাৰ পৰাই সৃষ্টি হৈ থাকিল ন-ন চিন্তাৰ ফচল। তেখেতৰ প্ৰকাশিত গ্ৰন্থৰাজি হ’ল —
(১) পঞ্চায়ত পৰিকল্পনা (প্ৰশিক্ষণ হাতপুথি)
(২) পঞ্চায়তত আমাৰ কাম কি (প্ৰশিক্ষণ হাতপুথি)
(৩) জোনে গা-ধোৱা গধূলি (কবিতাপুথি)
(৪) ড° ভড্লা মোদি ভেংকটৰাও : জীৱন আৰু আদৰ্শ
(৫) প্ৰজ্ঞাজ্যোতিৰ আলিয়েদি — প্ৰবন্ধ পুথি
(৬) শিক্ষা বৈভৱ — প্ৰবন্ধপুথি
(৭) ভক্তি চিন্তা (আধ্যাত্মিক প্ৰবন্ধৰ পুথি)
(৮) সংস্কৃতিৰ পথাৰত — সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি
(৯) সুবাসিত সংস্কৃতি — সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি
(১০) প্ৰেৰণাৰ উৎস অমলপ্ৰভা (সম্পাদনা)
(১১) সাধনাৰ ৰূপৰেখা
সঁচা কথা ক’বলৈ গ’লে তেখেত নিজেই এটা বৰ্ণিল অনুষ্ঠান আছিল।
অসম সাহিত্য সভাৰ প্ৰতি চহৰীয়া ছাৰৰ সৰুৰে পৰাই এক বিশেষ আবেগ আছিল। জাতি, মাটি, নিজৰ মাতৃভাষা লৈ তেখেত বিশেষ ভাৱে সচেতন আছিল। বকোৰ ডাকুৱাপাৰাত স্থায়ী ভাৱে বাস কৰি লোৱাৰ পিছত, সেই অঞ্চলটোৰ শিক্ষা-সংস্কৃতি ক্ষেত্ৰখনত এগৰাকী নমস্য কাণ্ডাৰী আছিল। সমাজৰ চালিকা শক্তি ৰূপে কিবা নহয় কিবা কৰাৰ হেঁপাহ দিনে-নিশাই পুহি ৰাখিছিল। জীৱনত আনন্দ বা যন্ত্ৰণা, কোনোটোৱে বিভ্ৰান্ত নহৈ তেখেতে কেৱল পালন কৰি গৈছিল কৰ্তব্য। চহৰীয়া ছাৰৰ সাহিত্য সৃষ্টিৰ প্ৰধান উৎস আছিল জন্মগত অনুভূতি, প্ৰচুৰ অধ্যয়ন, সমাজৰ প্ৰয়োজন আৰু জীৱনৰ পৰা পোৱা অভিজ্ঞতা। তেখেত একেৰাহে অসম সাহিত্য সভাৰ আজীৱন সদস্য, হিতৈষী সদস্য, কাৰ্য্যনিৰ্বাহক সদস্য, আহ্বায়ক, সংবিধান প্ৰস্তুতি উপসমিতি অসম সাহিত্য সভা (বৰ ডুমছা অধিৱেশন), আহ্বায়ক, জনগোষ্ঠীয় ইতিহাস প্ৰকাশ উপসমিতি, অসম সাহিত্য সভা পঢ়ি থকা কালত ভাৰত স্কাউট এণ্ড গাইডচৰ অধীনস্থ মঙ্গলদৈ মহাবিদ্যালয় অন্তৰ্গত "চিলাৰায় ৰভা " দলৰ ৰ'ডাৰ আছিল আৰু মৃত্যুৰ আগমুহূৰ্তলৈ কামৰূপ জিলা সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰি আছিল।
২০২০ ইং চনত যেতিয়া সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ৰোণা মহামাৰীয়ে সংহাৰ ৰূপ ধাৰণ কৰিছিল, তেতিয়া অসমতো স্কুল-কলেজ বন্ধ হৈছিল। সেই ভয়াবহ সময়তে ছাত্ৰ-ছাত্ৰীসকলে যাতে ঘৰৰ পৰাই কিবা অলপ আহৰণ কৰিব পাৰে তাৰ বাবে সমগ্ৰ শিক্ষা কামৰূপৰ জিলা আঁচনি বিষয়া মাননীয়া ফুল পাহি নাথ বাইদেউৰ সুন্দৰ চিন্তাৰে আৰু সেই সময়ৰ জিলা শিক্ষা বিষয়া শ্ৰদ্ধাৰ অপূৰ্ব ঠাকুৰীয়া ছাৰক মুখ্য উপদেষ্টা হিচাপে আৰু কেইগৰাকীমান শিক্ষক-শিক্ষয়িত্ৰীৰ চেষ্টাত জন্ম হৈছিল শৈক্ষিক গোট ‘জ্ঞানম’ কামৰূপ। ‘জ্ঞানম’ এখন ই-আলোচনী। এই ‘জ্ঞানম’ গোটৰ ড° চহৰীয়া ছাৰ উপদেষ্টা আছিল। ড° চহৰীয়া ছাৰ শৈক্ষিক গোট ‘জ্ঞানম’ৰ মহীৰূহ আছিল। ‘জ্ঞানম’ৰ প্ৰতিটো অনুষ্ঠানত উপস্থিত থাকি গঠনমূলক দিহা-পৰামৰ্শৰে শৈক্ষিক গোট ‘জ্ঞানম’ৰ কাম-কাজসমূহ চলাই নিয়াত সহায় কৰিছিল।
ইয়াৰোপৰি কামৰূপ জিলাৰ প্ৰাক্তন বিদ্যালয়সমূহৰ পৰিদৰ্শক মাননীয় ড° অপূৰ্ব ঠাকুৰীয়া ছাৰে জিলাখনৰ কৃতী শিক্ষকৰ বঁটা পোৱা শিক্ষকৰে গঠিত “শৈক্ষিক উন্নয়ন গোট” (EDG)ৰ ড° চহৰীয়া ছাৰ মুখ্য উপদেষ্টা আছিল। জিলাখনৰ সকলো শৈক্ষিক উত্তৰণ ছাৰ পথ প্ৰদৰ্শক আছিল।
ড° গণেশ্বৰ চহৰীয়া ছাৰৰ সুযোগ্য পত্নী সন্মানীয়া অৱসৰী উপাধ্যক্ষ ড° বিজয়া ডেকা এগৰাকী সাহিত্যিক, সমাজসেৱিকা আৰু অঞ্চলটোৰ ভিতৰতে অগ্ৰণী মহিলা। চহৰীয়া ছাৰৰ সফলতাৰ আঁৰৰ ব্যক্তিগৰাকীয়ে হ’ল পত্নী। তেওঁ উচ্চ শিক্ষিতা হোৱাৰ লগে লগে মানুহৰ বাবে চিন্তা আৰু কাম কৰা এগৰাকী সফল নাৰী। অতি নিষ্ঠাৰে চহৰীয়া ছাৰৰ সকলো কামতে সহযোগ কৰি সেৱা আগবঢ়াইছিল। তেওঁলোকৰ এগৰাকী পুত্ৰ সন্তান আছে। এই সুযোগতে বাইদেউ আৰু পুত্ৰৰ মংগল ভগৱানৰ ওচৰত কামনা কৰিলোঁ।
জিলা, ৰাজ্যিক, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বঁটাৰে বিভূষিত ড°গণেশ্বৰ চহৰীয়া ছাৰৰ অকণমানো নাছিল দম্ভ, অহংকাৰ। জীৱনৰ মোহজাল ফালি মানুহে মানুহৰ বাবে অনুভৱৰে মানুহৰ লগত মিলিব খোজা সংবেদনশীল চেতনাৰ অধিকাৰী আছিল শ্ৰদ্ধাৰ চহৰীয়া ছাৰ। কষ্ট সহিষ্ণুতা, সৰলতা, স্পষ্টবাদিতা, সু-সংস্কৃতিৰে পৰিপূৰ্ণ এখন পবিত্ৰ হৃদয়ৰ নীৰব সাধক আছিল। আদৰ্শনীয় ব্যক্তিত্বই নিজৰ প্ৰজ্ঞাময় জীৱনৰ জ্যোতিৰে সমাজত দহজনক আলোকময় জীৱনৰ সন্ধান দিব পাৰিছিল।
ড° গণেশ্বৰ চহৰীয়া ছাৰক মই যিদৰে জানো, ছাৰৰ সান্নিধ্যৰ অম্লান জ্যোতি মই লিখিবলৈ লোৱাটো কম মৰসাহ নহয়। বহু দশকৰ নহয়, মাত্ৰ কেইটামান বছৰৰ সান্নিধ্যই অতবোৰ মধুৰ স্মৃতিয়ে মোৰ হিয়া মন আৱগত চপচপীয়া কৰি তুলিছে। ছাৰক শ্ৰদ্ধাৰে পিতামহ বুলি মাতিছিলোঁ। এটুকুৰা হীৰা হঠাতে নোহোৱা হ’ল। জিলাখনৰ অপূৰণীয় ক্ষতি হ’ল।
তেখেতৰ মৃত্যুৰ খবৰে আমাক মৰ্মাহত কৰিছে। তেখেতৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক, তাৰেই কামনাৰে একাঁজলি অশ্ৰুসিক্ত অঞ্জলি আগবঢ়াই তেখেতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ।
— সৰস্বতী দত্ত
অৱসৰী প্ৰধান শিক্ষয়িত্ৰী
ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়

0 Comments