শিক্ষাবিদ ড০ গণেশ্বৰ চহৰীয়া সশ্ৰদ্ধ সোঁৱৰণ
আমি নগৰবেৰাবাসী হোৱা সূত্ৰে ড০ গণেশ্বৰ চহৰীয়দেৱৰ বিষয়ে বহু আগৰ পৰাই জানিছিলো। দুই এখন সভা-সমিতিত লগো পাইছিলো। সৌজনমূলক দুই এষাৰ কথা-বতৰা পতাও হৈছিল। অৱশ্যে কামৰূপৰ শিক্ষা বিষয়া হিচাপে যোগদান কৰাৰ পাছতহে তেওঁক বহু ওচৰৰ পৰা পালোঁ। এক বিভাগীয় কামত আমাৰ কাৰ্যালয়ত ড০ গণেশ্বৰ চহৰীয়া দেৱক নিকত ভাৱে লগ পোৱাৰ সৌভাগ্য হৈছিল। কোৱা বাহুল্য যে সেই লগ পোৱাৰ সান্নিধ্যই আমাৰ মাজত যি এৰাব নোৱাৰা বান্ধোনৰ সাঁকো নিৰ্মাণ কৰিছিল সেয়া আজিও সজীৱ হৈ আছে , সজীৱ হৈ থাকিব চিৰদিন, চিৰকাল।
কামৰ মাজেৰে সহস্ৰজনৰ সৈতে আত্মীয়তাৰ সেতু নিৰ্মাণ কৰা ড০চহৰীয়াই আমিবোৰকো তেনে এক আত্মীয়তাৰ বান্ধোনেৰে বান্ধি ৰাখিছিল। সেই বান্ধোনত কোনো কৃত্ৰিমতা নাছিল, নাছিল কোনো ব্যক্তিস্বাৰ্থ অথবা তোষামোদ। নিজৰ কামেৰে সকলোৰে প্ৰতি থকা ভালপোৱাৰ নিদৰ্শন দাঙি ধৰিছিল। এয়া কবলৈ গ'লে বৰ্তমান সময়ৰ এক বিৰল আদৰ্শ। সৃষ্টিশীল মন এটা লৈ অহৰহ সৃষ্টিৰ তাড়নাত দৌৰি থকা ড০চহৰীয়াই জাতিটোৰ ভাষা- সংস্কৃতিলৈ দি থৈ গ'ল অনেক বহুমূলীয়া অৱদান। সৌ সিদিনা অসমৰ এগৰাকী বিশিষ্ট ভাষাবিদ শ্ৰী প্ৰমোদ ভট্টাচাৰ্য্য দেৱে কৈছিল যে ,ড০গণেশ্বৰ চহৰীয়ৰ দৰে পণ্ডিত অসমত বিৰল। তেখেতৰ কৰ্ম আৰু কৃতিৰ সেয়ে যথাযথ মূল্যায়নৰ আৱশ্যকতা আছে বুলি শ্ৰী ভট্টাচাৰ্য্য দেৱে মন্তব্য আগবঢ়াইছিল।
সদা হাঁহিমুখীয়া ড০ চহৰীয়াই যিকোনো সমস্যাৰ সমাধানৰ আঁত সৰলকৈ বিচাৰি উলিয়াব পাৰিছিল। 'জ্ঞানম'ৰ কাৰ্য ৰূপায়নৰ ক্ষেত্ৰতো এনে ধৰণৰ উদ্যোগ লোৱা আমি দেখিছিলো। এই ক্ষেত্ৰত মূল উদ্দেশ্যৰ পৰা তেওঁ আঁতৰি অহা নাছিল। সেয়ে তেওঁ সকলোৰে সমাদৰ বুটলিবলৈ সক্ষম হৈছিল। শৈক্ষিক উন্নয়ন গোট, কামৰূপৰ কাৰ্য ৰূপায়নৰ ক্ষেত্ৰতো তেওঁ সদায় ইতিবাচক দিশেৰে কামবোৰ আগুৱাই নিবলৈ যত্ন কৰিছিল। কৃতি শিক্ষক শ্ৰী অমিয় কুমাৰ ৰয়ৰ সৈতে তেওঁ লোৱা ঐকান্তিক প্ৰচেষ্টাৰ ফলশ্ৰুতিত 'সফলতাৰ সৰু বৰ আলিয়েদি' শীৰ্ষক বহু মূল্যৱান পুথিখনে প্ৰকাশৰ বাট দেখিছিল। ড০ চহৰীয়াক মুখ্য দায়িত্ব অৰ্পনেৰে শৈক্ষিক উন্নয়ন গোটে অভিভাৱকৰ হাতপুথি শীৰ্ষক এখনি পুথি প্ৰকাশৰ প্ৰচেষ্টা হাতত লৈছিল। ড০ চহৰীয়াৰ অকাল বিয়োগৰ বাবে সেই কাম আধৰুৱা হৈ আছে।
দক্ষিণ কামৰূপৰ উত্তৰণৰ কাৰণে ড০গণেশ্বৰ চহৰীয়াই মনতে যেন এক সংকল্প বান্ধি লৈছিল। অঞ্চলটোৰ উত্তৰণৰ নিমিত্তে কাম কৰি থকা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সংগঠনৰ সৈতে জড়িত থাকি ভালেমান উদ্যোগ হাতত লৈছিল। আনকি এনে বহু অনুষ্ঠানৰ জন্মৰ সৈতে ড০ চহৰীয়া জড়িত আছিল, যাৰ সুফল আজি অঞ্চলবাসীয়ে পাবলৈ সক্ষম হৈছে। বছৰে বছৰে আয়োজিত হৈ অহা বকো গ্ৰন্থমেলা ড০ চহৰীয়াৰ সুন্দৰ কামবোৰৰ অনন্য নিদৰ্শন। এনেবোৰ সমাজ হিতকৰ কামৰ বাবে ড০ চহৰীয়া অঞ্চলবাসীৰ হৃদয়ত সদায় জীয়াই থাকিব।
ড০গণেশ্বৰ চহৰীয়া এগৰাকী অধ্যয়ন প্ৰিয় ব্যক্তি আছিল। তেওঁৰ ঘৰখনেই আছিল এক সুসংহত পুথিভঁৰাল। প্ৰতিটো কক্ষ কিতাপ আলোচনীৰে ঠাহ খাই আছে। বহু আপুৰুগীয়া আলোচনী এই পুথিভঁৰালত সংৰক্ষিত হৈ আছে। এয়া অতি মহৎ কাম বুলি আমাৰ মনে ধৰে। নিজৰ গাঁথিৰ ধনেৰে এনেদৰে গঢ়ি তোলা পুথিভঁৰালটো উত্তৰ প্ৰজন্মৰ বাবে অনেক সমলৰ ভাণ্ডাৰ বুলি ক'ব পাৰি। তাৰোপৰি, ড০চহৰীয়াৰ দ্বাৰা লিখিত আৰু সম্পাদিত ভালেমান পুথি আছে। এই পুথি সমূহেও জাতিটোৰ ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰিছে।
এগৰাকী নিষ্ঠাবান সমাজ সংগঠক, সু-সাহিত্যক, শিক্ষাবিদ ড০চহৰীয়াৰ পৰা সমাজখনে ভালেখিনি পাব পৰা থল আছে। যি কামৰ সোপান তেওঁ ইতিমধ্যে নিৰ্মাণ কৰি বহু দূৰ আগুৱাই গৈছিল। তেওঁৰ অকাল বিয়োগ সেয়ে সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ অবৰ্তমান যেন আমি এতিয়াও মানি ল'ব পৰা নাই। তেওঁ ৰোপন কৰা সমাজ হিতকৰ কামৰ গছ পুলি বোৰক সাৰ-পানী দি ফলে-ফুলে জাতিষ্কাৰ কৰি তুলিব পাৰিলেহে যথাৰ্থতে তেওঁৰ সপোন বোৰক সাকাৰ কৰি তোলা হ'ব, সেয়াই হ'ব তেওঁৰ প্ৰতি প্ৰকৃত সন্মান আৰু ভালপোৱাৰ সঁচা প্ৰতিদান। সেই কাম হৈ উঠক, তেনে আশা নিশ্চয় কৰিব পাৰোঁ। ড০ চহৰীয়াই ভালপোৱাৰ আবেশেৰে বান্ধি ৰখা আমিবোৰ তাৰবাবে নিশ্চয় দায়বদ্ধ হৈ থাকিব লাগিব।।
ড০অপূৰ্ব ঠাকুৰীয়া
মূখ্য উপদেষ্টা,
শৈক্ষিক গোট,জ্ঞানম, কামৰূপ
মৰিগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক,


0 Comments