header ads

শ্ৰদ্ধাঞ্জলি, পোহৰ বাটৰ ব্যক্তিগৰাকী, মনবীনী দাস, ৬ষ্ঠ বছৰৰ ২য় সংখ্যা,

 

            

            সময় সন্ধিয়া ৭.৩০ বাজিছে। ফোনটো ৰিং হৈছে। ফোনটোৰ সিপাৰৰ পৰা অহা মাতটো অতিকৈ চিনাকি। কিন্তু অতি শ্ৰদ্ধাৰ ব্যক্তিগৰাকীয়ে মোকনো কিয় ফোন কৰিছে, সেই ভাবি অলপ ভয় ভাৱে ক্ৰিয়া কৰি আছে। ইপাৰৰ পৰা ছাৰ বুলি কওতে কেইটামান শব্দ ধীৰ গতিৰে আহিছিল - 'মনবীনী, আজিৰ অনুষ্ঠানটো গাড়ীত শুনি শুনি গৈ আছিলোঁ। ৰেডিঅ'ত শুনি থকা যেন লাগিল। খুব ভাল লাগিল। ভালে থাকা।'

      বাক্যকেইটা মোৰ বাবে সাধাৰণ নাছিল। আগতে মোলৈ কেতিয়াও ফোন কৰি নোপোৱা ড০ গণেশ্বৰ চহৰীয়া ছাৰৰ উৎসাহমূলক শব্দকেইটা কাণত বাজি থাকে। সেয়া আছিল লকডাউনৰ ঠিক পিছৰ সময়ৰ কথা। গুগল মিটৰ জৰিয়তে শৈক্ষিক গোট 'জ্ঞানম'ৰ অনুষ্ঠান এটাত আঁত ধৰাৰ 

প্ৰসংগত ছাৰে ফোন কৰি তেনেদৰে অনুপ্ৰাণিত কৰিছিল।

           যোৱা বছৰৰ বহাগ বিহুৰ সময়ৰ কথা। মই কাম কৰা বিদ্যালখনলৈ সাধাৰণতে তিনিখন গাঁৱৰ পৰা ছাত্ৰ-ছাত্ৰী আহে। তাৰে এখন গাঁৱে ডাঙৰকৈ আয়োজন কৰা অনুষ্ঠান এটাৰ কাৰ্যসূচীত কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি অৰ্থাৎ ড০ গণেশ্বৰ চহৰীয়া ছাৰৰ নাম 'নিৰ্দিষ্ট বক্তা' হিচাপে আছে। সেই একেই অনুষ্ঠানতেই মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ মন্ত্ৰী এগৰাকীকো নিমন্ত্ৰণ কৰা হৈছে। কাৰ্যসূচীখনত ছাৰৰ নাম দেখি মোৰ মনটো উৎফুল্লিত হৈ উঠিছিল। কিয়নো ছাৰৰ সহজ-সৰল তথা আপোনভাৱে কোৱা প্ৰয়োজনীয় কথাবোৰে নিজৰ, পৰিয়ালৰ, ছাত্ৰ সমাজৰ, তথা ৰাইজৰ উপকাৰ সাধে। বিজ্ঞানমনষ্কতাৰে সামাজিকভাৱে ৰাইজক চুই যোৱা মানুহে নিজক তথা সমাজক গঢ়িব পাৰে। বিশিষ্ট শিক্ষাবিদ ড০ গণেশ্বৰ চহৰীয়া ছাৰ এগৰাকী তেনে সমাজ সংগঠক ব্যক্তি। গাঁওখনত ছাৰ নিৰ্দিষ্ট বক্তা হিচাপে আহিবলগীয়া কথাটোৱে সেয়ে মোক সুখী কৰিছিল আৰু লগে লগে মই ছাৰলৈ ফোন লগাইছিলোঁ। ছাৰক ফোনত পালোঁ আৰু অনুষ্ঠানটোলৈ ছাৰ আহিব বাবে যে ভাল লাগিছে, সেয়া জনালোঁ। পিছে আচৰিত কথাটো হ'ল পিছদিনা হ'বলগীয়া অনুষ্ঠানটোৰ তাৰিখ ছাৰে গম পোৱা নাই, যদিওবা আগতেই অনুষ্ঠানটোলৈ আহিব লাগিব বুলি ছাৰলৈ অনুষ্ঠানটোৰ লগত জড়িত দুগৰাকী ব্যক্তিয়ে ফোন কৰিছিল, কিন্তু কাৰ্যসূচী বা তাৰিখ/সময়ৰ কথা জনোৱা নাছিল। মই কাৰ্যসূচীখন হোৱাটছ্‌ এপযোগে ছাৰলৈ পঠিয়াইছিলোঁ আৰু পিছদিনা আগতেই ঠিক হৈ থকা অন্য দুটা অনুষ্ঠান শেষ কৰি গাঁওখনৰ অনুষ্ঠানটোলৈ ছাৰ আহিছিল। মহান মানুহবোৰ ছাগে এনেকুৱা। 

         কথা আৰু কামৰ মাজত মিল থকা মানুহ সদায় প্ৰেৰণাৰ উৎস। ড০ গণেশ্বৰ চহৰীয়া ছাৰৰ কথা আৰু কামৰ মাজত মিল আছিল। সৰু-বৰ সকলো কথাই পাতিব পৰাকৈ তেখেত বন্ধুত্বসুলভ মনোভাৱৰ আছিল, যিয়ে মোৰ দৰে বহুজনক অনুপ্ৰাণিত কৰি আহিছে । সেয়ে তেওঁৰ সান্নিধ্যই, তেওঁৰ কৰ্মই আমাক বাট দেখুৱায় । এই বাট পোহৰৰ। ছাৰ, য'তেই আছে কুশলে থাকে যেন, নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।


- মনবীনী দাস

ঘটনগৰ মধ্য ইংৰাজী বিদ্যালয়

ছয়গাঁও শিক্ষাখণ্ড


Post a Comment

0 Comments