সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা — নামেই অসমীয়া জাতিৰ পৰিচয়
একোটা জাতিক চিৰপ্ৰৱাহমান কৰি ৰাখে কিছুমান বিশেষ ব্যক্তিয়ে । তেওঁলোকৰ চিন্তা ভাৱনা , মানৱীয় প্ৰমূল্যবোধ , সামাজিক দায়বদ্ধতা আদি গুণে এটা জাতিক মহীয়ান কৰি থৈ যায় । তেওঁলোকৰ কৰ্মৰাজী এটা জাতিৰ পৰিচয় হৈ পৰে । তেনে ব্যক্তি মৃত্যুৰ পিছতো সমাজৰ সমুখত জীয়াই থাকে । তেনে এজন ব্যক্তি হ’ল সুধাকণ্ঠ , ভাৰতৰত্ন উপাধিৰে খ্যাত ড০ ভূপেন হাজৰিকা । অসমীয়া সমাজ জীৱনক যুগমীয়া কৰি থৈ যোৱা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ , মাধৱদেৱ ,সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা , ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিছতেই অসমীয়া জাতিৰ স্বকীয় ধাৰা আগুৱাই নিবলৈ আন এজন যুগনায়ক আগবাঢ়িল আৰু তেওঁ হ’ল ড০ ভূপেন হাজৰিকা । ১৯৯৬চনৰ ২০ জুনৰ পৰা ২০১১ চনৰ ৫ নৱেম্বৰলৈকে অসমীয়া জাতিক তেওঁ সন্মুখৰ পৰা নেতৃত্ব দিছিল । মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱে ১৬ শতিকাত আৰম্ভ কৰা যুগ ড০ ভূপেন হাজৰিকাই তেওঁৰ গীতৰ মাজেৰে অসমীয়া জাতিক প্ৰাধান্য দি আগবঢ়াই নিছিল । তেওঁৰ নামেই এতিয়া আমাৰ জাতিৰ পৰিচয় ।
ভূপেন হাজৰিকাৰ প্ৰতিটো বাক্যই একোটা কবিতা বা গান হব পাৰে । তেওঁৰ ভাষণ, শুনিবলৈ সমগ্ৰ অসমৰ জাতি ধৰ্ম , বৰ্ণ নিৰ্বিশেষে সকলো হিলদোল ভাঙি
ওলাই আহিছিল । মন্ত্ৰমুগ্ধ কণ্ঠৰ বাবেই তেওঁক সুধাকণ্ঠ বুলি কোৱা হৈছিল । মানৱতাবাদী গুণ তেওঁৰ গাত থকা বাবেই তেওঁ শান্তি , একতা , ভাতৃত্ববোধৰ ওপৰত কেইবাটাও গান গাইছিল ।তেওঁৰ লেখাবোৰত সামাজিক দায়বদ্ধতা প্ৰকাশ পাইছিল ।জ্যোতিপ্ৰসাদ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যত আহিয়েই তেওঁৰ জীৱনৰ গতি সলনি হৈছিল ।তেওঁৰ গীতবোৰত মানৱতাৱাদী ,ভাতৃত্ববোধৰ আশা পোৱা যায় । গীতবোৰত নিস্পেষিত জনতা বা খাতি খোৱা লোকৰ বাবে আবেদন আছিল আৰু এই বাৰ্তা দেশ-বিদেশলৈ অৰ্পণ কৰিছিল ।গীতবোৰ তেওঁ অসমীয়া ভাষাত ৰচনা কৰিছিল আৰু গানবোৰো অসমীয়াতে গাইছিল ।
তেওঁ আছিল অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন। গীতৰ মাজেৰে পৰিৱৰ্তনকামী চিন্তা-চেতনাৰ ঢৌ প্ৰৱাহিত কৰিব পৰা এক সত্বা । গীতৰ মাধ্যমেৰে অসমীয়া জাতিক সকিয়াই থৈ যাব পৰা তেওঁ মহান দাৰ্শনিক আছিল । ভৱিষ্যতক লৈ তেওঁ সপোন দেখিছিল। সেয়েহে সজাগ জনতাক ওলাই আহিবলৈ আহ্বান জনাইছিল—
“আহ আহ ওলাই আহ সজাগ জনতা
আহ আহ ওলাই আহ পোহৰ আনোতা
ৰামৰে দেশতে থকা ৰাৱন বধোতে
যায় যদি যায় জীৱনতো যাওক
সমুখৰে সেনাপতি থমকি জিৰালে
কিনো হ'ব সেনানীয়ে ভাবিলে
…..…”
তেওঁৰ জীৱনটোৱেই আছিল সংগ্ৰাম। জীৱনৰ বাটত তেওঁ বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছিল। কিন্তু থমকি ৰোৱা নাছিল কোনোদিন। পুত্ৰ হৈ তেওঁ আই মাতৃৰ বাবে মৰিব পাৰিছিল। তেওঁ গাইছিল —
“বুকু হম হম কৰে মোৰ আই
কোনে নিদ্রা হৰে মোৰ আই
পুত্র হৈ মই কি মতে তৰোঁ
আই তোৰে হৈ মই মৰো
……”
অসমীয়া সংগীত , কলা , চলচিত্ৰ আদিত তেওঁৰ যি অৱদান সেই অৱদান সমূহ জাতিৰ সম্পদ ৰূপে আজিও আমাৰ মাজত জীয়াই আছে । তেওঁৰ গীতবোৰত একতা আৰু সংস্কৃতিৰ সমন্বয়ৰ উমান পোৱা যায়। তেওঁ গাইছিল —
“হে হে হে ঢোলে বাগৰে “
তেওঁৰ অন্য এটা গান —
“ মানুহে মানুহৰ বাবে যদিহে
অকণো নেভাৱে ।
অকণি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া
মানুহে মানুহৰ বাবে …”
এই গীতটিত তেওঁৰ মানৱ প্ৰেম প্ৰকাশ পাইছে ।
সুন্দৰক আৰাধনা কৰা তেওঁ আছিল বহুতৰ প্ৰেৰণা,উৎসাহৰ আৰু আশাৰ প্ৰতীক।তেঁৱেই গাইছিল এই গীত-
“অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ
অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ —“
গোটেই জীৱন চলাথ কৰি তেওঁ অসমৰ দৰে দেশ ক'তো পোৱা নাছিল। অসমৰ বিনন্দীয়া পৰিৱেশে চিৰকাল তেওঁক অভিভূত কৰি ৰাখিছিল ।
ব’হাগ আছিল তেওঁৰ প্ৰিয় ঋতু। শৰতৰ নিশা তৰাই সজোৱা আকাশত বিচাৰি পাইছিল নিজ মাতৃভূমিক। পাহাৰ-ভৈয়ামে ৰামধেনুৰ দৰে মৰমৰ মিলন সেঁতু তেওঁ গঢ়িছিল। লুইতৰ পাৰত ৰৈ তেওঁ প্ৰণিপাত কৰি গীতৰ মাজেৰে কৈছিল-
“জন্ম ললোঁ ইয়াতেই,
ইয়াতেই যেন মৰো।”
অসম আৰু অসমীয়াক প্ৰাণ ভৰি ভালপোৱা মানুহ জনে মানুহৰ বাবে সহানুভূতিৰে অকণো নাভাবিলে কোনে ভাবিব বুলি কৰি যোৱা প্ৰশ্ন চিৰ শ্বাশ্বত হৈ ৰৈ গ’ল। তেওঁৰ গীতত আছিল সেই বাণী, যি বাণীয়ে মানুহক মানুহ হ'বলৈ প্ৰেৰণা দিছিল-
“মানুহে মানুহক বেচিব খুজি
মানুহে মানুহক কিনিব খুজি
পুৰণি ইতিহাস দোহাৰিলে
ভুল জানো নহ'ব কোৱা সমনীয়া
…………..”
তেনেদৰে তেওঁ গাইছিল -
“আমি একেখন নাওৰে যাত্ৰী “এই গীতটোৰ দ্বাৰা ভূপেন হাজৰিকাই আমি সকলো মানৱ জাতি যে এক জাতি , আমাৰ মাজত যে কোনো জাতি ভেদ নাই তাকে বুজাব বিচাৰিছে ।
উত্তৰ পূৱ ভাৰত হৈছে এখন বৈচিত্ৰময় ঠাই । ইয়াত অসমীয়া, বড়ো, মিচিং , কাৰ্বি , ৰাভা , কুকি , নাগা আদি লোকসকল
আছে ।তেওঁ গীতসমূহৰ দ্বাৰা একতা , মানৱতাৰ দ্বাৰা উত্তৰ পূৱ ভাৰতক শক্তিশালী কৰিবলৈ চেষ্টা কৰিছিল । এই জনগোষ্ঠী সমূহৰ সাংস্কৃতিক পৰম্পৰাক একত্ৰিত কৰি জনগোষ্ঠীসমূহক বিশ্বৰ আগত সাৰ্বজনীন কৰি তুলিব বিচাৰিছিল।ভূপেন হাজৰিকা দেৱে বুজি পাইছিল যে এই গোটসমূহৰ মাজত ঐক্য আৰু সংহতি থকাটো খুবেই প্ৰয়োজন । তেওঁ জাতি , ধৰ্ম , বৰ্ণ - নিৰ্বিশেষে এখন শ্ৰেণীবিহীন সমাজ গঠনৰ পোষকতা কৰিছিল। গীতৰ দ্বাৰা পাহাৰ - ভৈয়ামৰ মাজত সম্প্ৰীতিৰ এনাজৰী ডাল কটকটীয়া কৰি ৰাখিব বিচাৰিছিল । বিশেষকৈ তেওঁৰ কেইটামান গীতে পাহাৰ ভৈয়ামৰ মাজত থকা সম্প্ৰীতিৰ কথাই আমাক সোঁৱৰাই থাকে -
“আজি তুমি হ’লা অসমৰ ন’বোৱাৰী
জোঁৱাই হ’লো মই টুৱেনচাঙৰ -“
“ আজি প্ৰতিধ্বনি শুনো —“
“ শ্বিলংৰে মনালিছা লিংড—
মনত আছেনে তোমাৰ ?”
এনেধৰণৰ গীতবোৰে পাহাৰ -ভৈয়ামৰ সম্প্ৰীতিৰ সূতা ডাল ধৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে । “
১৯২৬ চনৰ ৮ চেপ্তেম্বৰত জন্ম হোৱা
ড০ ভূপেন হাজৰিকা চিনেমা, ৰাজনীতি, সংগীত, সাহিত্য সকলোতে আছিল তেওঁৰ দখল। অসমৰ ৰাইজৰ বাবে তেওঁ আছিল হিয়াৰ আঁমঠু। তেওঁ অসমীয়া জাতিক বুজি পাইছিল। জ্যোতি-বিষ্ণুৰ সংগই তেওঁক প্ৰগতিবাদী কৰি তুলিছিল। বাটৰ মানুহো তেওঁৰ আপোন মানুহ আছিল। য'তেই ৰং আছিল, ত'তেই তেওঁৰ মন আছিল। ঘৰৰ সন্মুখত বাগিচাৰে ভৰি থকা মৰহা ফুলৰ পাপৰি দেখি তেওঁ চিন্তিত হৈছিল। তেওঁ বিচৰা নাছিল ঘৰ। কিন্তু তেওঁ বিচাৰি ফুৰিছিল মানুহৰ বাবে কিবা এটা কৰাৰ চিন্তাৰে বিপ্লৱৰ অগ্নি বুকুত সাৱতি পৰিৱৰ্তনৰ সপোন দেখা এটা নতুন পথ।
তেওঁ প্ৰেমিক আছিল। তেওঁৰ উশাহ আছিল কহুৱা কোমল। হাঁহিৰে তেওঁ হৃদয় ভৰাই তুলিছিল। কাৰোবাৰ কোমল উশাহক লৈ তেওঁ গাব পাৰিছিল মৰম সনা গীত ।
ধুমুহাক তেওঁ ভয় কৰা নাছিল। ধুমুহাকে তেওঁ কৈছিল-
“ধুমুহা মই কৈ যাম তোক মোৰ গতি…। “
সৃষ্টিৰ বাবে তেওঁ পুৰণিৰ লগতে নতুনক আদৰি ল'ব জানিছিল। দূৰন্ত বিশাল প্ৰেমে অনন্ত আকাশ চুইছিল।
তেওঁ যে অসমৰে নহয় ভাৰতৰ ৰত্ন সেই কথা সকলোৱে বুজি পাইছিল ।আই মাতৃৰ চৰণ পখালি তেওঁ জীৱন দি মাতৃভূমিৰ ধাৰ শুজিব খুজিছিল- '
আই তোক কিহেৰে পূজিমে
আই তোৰ চৰণে দুখনি
আই অ' কিহেৰে পূজিমে তোক
আই অ' জীৱন দি পূজিমে তোক
…………..”
তেওঁৰ গানবোৰ আছিল আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান। সংঘাতৰ জীৱনত তেওঁ গানকেই সৰ্বোচ্চ বুলি জ্ঞান কৰিছিল। নিজকে তেওঁ অসমৰ ডেকা ল'ৰা, অগ্নি বুলি কৈ চিত্ৰকৰ, কাৰিকৰ, খনিকৰ ৰূপে অংকিত কৰিছিল। বিস্তীৰ্ণ পাৰৰ অসংখ্য জনৰ হাঁহাকাৰ শুনি তেওঁ বুঢ়া লুইতক প্ৰশ্ন কৰা মানুহ। মানৱতাৰ পতন দেখিও বুঢ়া লুইত কিয় বৈ আছা বুলি তেওঁ সুধিব জানিছিল আৰু চিৰ যুগমীয়া ঢৌ তুলি নতুন পানচৈত উঠি তেওঁ নতুনৰ সন্ধান কৰিছিল। আশাৰ বালিত তেওঁ ঘৰ সাজিছিল। তেওঁ কৈছিল- তেওঁৰ সৈতে ছাঁ আছে, তেওঁ অকলশৰীয়া নহয়।
সামাজিক সমস্যাক লৈ তেওঁ আছিল সচেতন।
জনসংখ্যা বৃদ্ধি যে এদিন আমাৰ বাবে এক ভয়ানক সমস্যা হ'ব, সেই উপলব্ধিৰে তেওঁ গাইছিল- '
“কাজিৰঙা কাজিৰঙা
কাজিৰঙা ভয়াবহ নহয়
নহয় অভয়াৰণ্য
ইয়াতকৈও ভয়াবহ জানা
পৃথিৱীৰ জন অৰণ্য…।”
গুৱাহাটী বিশ্ববিদ্যালয়ক লৈ তেওঁৰ আছিল বহু আশা। এই বিশ্ববিদ্যালয়ক লৈ ৰাইজৰ আশা আছিল আৰু তেওঁ সেই আশাকেই গীতৰ ৰূপ দিছিল-
“জিলিকাব লুইতৰে পাৰ
এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয় জেউতি নিজৰাৰে ধাৰ
শত শত বন্তিৰে জ্ঞানৰে দীপালীয়ে জিলিকাব
লুইতৰে পাৰ.....।”
"সুধাকণ্ঠ" নামে পৰিচিত, ভূপেন হাজৰিকা দেৱে গীতৰ মাধ্যমেৰে অসমীয়া জাতিক ভাৰতবৰ্ষৰ ভিতৰত এক বৰ্ণিল সংস্কৃতিৰ প্ৰতিনিধি হিচাপে প্ৰতিষ্ঠা কৰিছিল। তেওঁ অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত ঐক্য আৰু একতাৰ বাণী প্ৰচাৰ কৰিছিল আৰু অসমীয়া জাতিক এক সংস্কৃতি সম্পন্ন জাতি হিচাপে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছিল । তেওঁৰ কৰ্মই অসমীয়া ভাষা, সংস্কৃতি আৰু অসমীয়া জাতিক ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক স্তৰত এক সুকীয়া পৰিচয় দিছিল । অসমীয়া জাতিক বিশ্বৰ আগত পৰিচয় কৰি দিয়া ড০ ভূপেন হাজৰিকা অসমীয়া জাতিৰ হিয়াৰ আমঠু , অসমীয়া জাতিৰ প্ৰাণ । তেওঁ আমাৰ জাতিৰ পৰিচয় । আজি বিশ্বই তেওঁক অসমীয়াৰ সুসন্তান বুলিয়ে চিনি পায় । তেওঁ অসমীয়া জাতিৰ উশাহ । এই গৰাকী ব্যক্তি আমাৰ সদায় চিৰনমস্য ।
অসমীয়া জাতি যিমান দিনলৈ থাকিব ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা আমাৰ মাজত সিমান দিনলৈকে জীয়াই থাকিব । তেওঁৰ কৰ্মৰাজী আমি অনুধাৱন কৰি আগবাঢ়ি যাব লাগিব আৰু বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্মই তেওঁৰ সুবিশাল কৰ্মৰাজিক জীয়াই ৰাখি অসমীয়া জাতিটোক মহীয়ান কৰি তুলিব লাগিব ।
কিৰণ দাস
স্নাতকোত্তৰ শিক্ষয়িত্ৰী
ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : হাজো


0 Comments