header ads

অসমীয়া প্ৰবন্ধ, ২১ শতিকাৰ ইণ্টাৰনেট আৰু জেন জি, বন্দনা কলিতা, ৬ষ্ঠ বছৰৰ ২য় সংখ্যা,

 ২১ শতিকাৰ ইণ্টাৰনেট আৰু জেন জি




"অভাৱেই আৱিস্কাৰৰ মূল" এই কথাষাৰক শুদ্ধ প্ৰমাণিত কৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই  ন ন আৱিস্কাৰেৰে মানুহৰ সামাজিক আৰু অৰ্থনেতিক জীৱনলৈ বিভিন্ন ক্ষেত্ৰত পৰিবৰ্তন কঢ়িয়াই আনিছে।২১ শ শতিকাৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে বিজ্ঞানৰ অন্যতম অৱদান "ইণ্টৰনেট"।ই হৈছে "নেটৱৰ্কৰ নেটৱৰ্ক" যাৰ যোগেদি প্ৰতিদিনে অসংখ্য তথ্যৰ আদান প্ৰদান কৰা হয়।ইয়াৰ কেইটিমান উদাহৰণ হ'ল-পৃথিৱীৰ নানা প্ৰান্তৰ পৰা খবৰ সংগ্ৰহ,বৈজ্ঞানিক গৱেষণা পত্ৰৰ অধ্যয়ন আৰু প্ৰয়োজন অনুসৰি সেয়া সংগ্ৰহ কৰা,কম্পিউটাৰ গেমচ,পঢ়া-শুনা সম্পৰ্কীয়  তথ্য সংগ্ৰহ আদি।বৰ্তমান সময়ত ইণ্টাৰনেট অবিহনে যেন মানৱ জীৱন আধৰুৱা হৈ পৰিছে।

            সাম্প্ৰতিক সময়ত ইণ্টাৰনেটৰ আটাইতকৈ বেছি ব্যৱহাৰ হোৱা দেখা গৈছে ছচিয়েল মিডিয়াত যাৰ কুপ্ৰভাৱে মানুহক,বিশেষকৈ নৱ প্ৰজন্মক(যাক আমি জেন জি বুলি কওঁ) বাৰুকৈয়ে গ্ৰাস কৰিছে।কিশোৰ-কিশোেৰীসকলে আজিকালি খেলা-ধূলাৰ  পৰিবৰ্তে ম'বাইল ইউটিউবত ভিডিঅ',গেমিং আদিতহে বেছি গুৰুত্ব দিয়ে যাৰ ফলত তেওঁলোকৰ মহজুৰ বিকাশত ক্ষতি হয় আৰু এনেদৰে নৱপ্ৰজন্মক শিক্ষা আৰু ভৱিষ্যত অন্ধকাৰৰ দিশে গতি লাভ কৰিছে।বৰ্তমান সময়ত PUBG,FREE-FIRE ৰ দৰে গেমচ্,Instagram Reels বনোৱাৰ প্ৰতি আসক্তিয়ে জেন-জি'ক(Gen-z) অন্ধকাৰময় এটা যুগলৈ ঠেলি দিছে।যিকোনো Trend অনুকৰণ কৰাৰ বাবে মানুহৰ দুৰ্বলতা বাঢ়িছে।আজিকালি কিতাপ পঢ়াৰ মাদকতা,মানুহৰ লগত কথা পতাৰ মাদকতা নোহিৱা হ'বলৈ ধৰিছে।বৈজ্ঞানিক ষ্টিফেন হকিঙে কৈ থৈ গৈছে  যে পৃথিৱীত প্ৰযুক্তিবিদ্যাৰ উন্নতি হৈয়ে গৈ থাকিব আৰু মানুহবোৰ দিনক দিনে এলেহুৱা হৈ পৰিব আৰু এটা সময়ত সকলো পংগু হ'বগৈ।এই কথা ফলিয়াবলৈ যেন বেছি দিন নাই।আজিকালি সকলোৱে এটা চুকত ম'বাইলটো লৈ ইণ্টাৰনেটৰ পৃথিৱীত উটি-ভাহি থাকি ভাল পায়।ব্যক্তিগত জীৱনৰ সকলোবোৰ কথা আনকি কিবা এটা খালেও জনপ্ৰিয় App  সমূহৰ জৰিয়তে ৰাজহুৱা কৰাটো যেন নিয়ম হৈ পৰিছে।

        ইয়াৰ পৰিনতিস্বৰূপে  বিশ্বৰ মানুহৰ বাঢ়িছে মনৰ বেমাৰ যেনে-depression(হতাশা),anxiety (উদ্বিগ্নতা) আৰু অসহিষ্ণুতা।এই বেমাৰৰ কোনো বয়স নাই।যুৱচামৰ পৰা বয়সস্থ সকলো  মানুহৰ মনত হতাশা, খিঙীয়া স্বভাৱ,উদ্বিগ্নতা আদিয়ে ঠাই লৈছে।

                      বিশেষকৈ জেন-জিৰ ওপৰত ইণ্টাৰনেটৰ প্ৰভাৱ লক্ষণীয়।ম'বাইল চাবলৈ নিদিলে মাক-দেউতাকক খং কৰা,Youtube,Instagram,Snapchat আদি App বোৰত ব্যস্ত হোৱাটো যেন নিত্য-নৈমিত্তিক ঘটনাত পৰিণত  হৈছে।বিদ্যালয়ৰ পাঠ্যক্ৰমৰ বিষয়ে নেজানিলেও তেওঁলোকে ম''বাইলৰ বিষয়ে সবিশেষ  জানে।ইণ্টাৰনেট জগতৰ এটা সমস্যা হৈছেচযে ইয়াৰ কোনো বাধা নিষেধ নাই,যিকোনো বয়সৰ মানুহে ইয়াত উপলব্ধ সকলো তথ্য অনায়াসে চাব পাৰে।সকলো বস্তুৰে ভাল আৰু বেয়া গুণ থাকে।মানুহে বেয়াখিনি আঁতৰাই ভালখিনি গ্ৰহণ কৰিলে উপকৃত হ'ব।যিহেতু বৰ্তমান যুগটোৱেই প্ৰযুক্তুবিদ্যাৰ যুগ,গতিকে আমি ইয়াৰ লগত খোজ মিলাই যাবই লাগিব।আজিৰ ল'ৰা-ছোৱালীয়ে ভাল-বেয়া নজনাকৈ ম'বাইল আৰু ইণ্টাৰনেটৰ জগতৰ গভীৰতাত বুৰ গৈছে,তেওঁলোকক শুদ্ধ আৰু সঠুক পথত অনাৰ দায়িত্ব মূলতে আভিভাৱক,শিক্ষাখণ্ড আৰু সমাজৰ।অভিভাৱক সকলে তেওঁলোকৰ ল'ৰা-ছোৱালীয়ে ম'বাইলত কি  কৰি আছে বা চাই আছে সেই সম্পৰ্কে সজাগ হোৱাটো অতি প্ৰয়োজনীয়।

            সাম্প্ৰতিক সময়ত বতৰ বিজ্ঞান,বিভিন্ন উদ্যোগৰ কাম-কাজ,গৱেষণা,বৈজ্ঞানিক কৃষি পদ্ধতি,online courses(SWAYAM portal),Online Library(NDLI),পুলিচ তদন্ত,ব্যৱসায়-বানিজ্যৰ কাম আদি এনে কোনো ক্ষেত্ৰ নাই য'ত ইণ্টাৰনেটৰ ব্যৱহাৰ নাই।ছচিয়েল মিডিয়াৰো ভাল দিশ আছে,বিভিন্ন প্ৰতিভা বিকাশিত কৰাত বা সাহিত্য চৰ্চা কৰাত ইয়াৰ সহায় ল'ব পাৰি।বিশেষকৈ যিকোনো ধৰণৰ সানাজিক সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ইয়াৰ ভূমিজা অকল্পনীয়।ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন অনলাইন পৰীক্ষাত অৱতীৰ্ন হ'ব পাৰি,বিভিন্ন দেশৰ ভাষা শিকিব পাৰি(উদাহৰণস্বৰূপে Duolingo app);মুঠতে ইণ্টাৰনেটৰ সুবিধা অনেক।

             গতিকে,কুপ্ৰভাৱৰ পৰা মুক্ত থাকি,অতি সাৱধানে আমি পাৰ্যমানে আমি ইন্টাৰনেটৰ সুফলসমূহ গ্ৰহণ কৰাটো উচিত।জেন-জিক গ্ৰাস কৰি অন্ধকাৰময় পৃথিৱী এখনলৈ ঠেলি দিয়াৰ আগতেই নৱপ্ৰজন্ম সতৰ্ক হ'বৰ হ'ল।ইন্টাৰনেটৰ বেয়া দিশবোৰ বৰ্জন কৰি ভাল দিশবোৰ অাকোৱালি ল'লে সফলতাৰ পোহৰেৰে আজিৰ নৱপ্ৰজন্ম কাইলৈ দেশৰ দায়িত্বশীল নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ব।

   SWAYAM-ভাৰতীয় চৰকাৰী কাৰ্যসূচী য'ত নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে বিভিন্ন পাঠ্যক্ৰম,ভিডিঅ',বক্তৃতা,অধ্যয়ন সামগ্ৰী আৰু পৰীক্ষা বিনামূলীয়াকৈ উপলব্ধ ।

      NDLI-National Digital Library of India.এইটো শিক্ষণ সম্পদৰ এটা ভাৰ্চুৱেল ভঁৰাল ,যিটোৱে শিক্ষাৰ্থী সকলৰ বাবে বহুতো সেৱা প্ৰদান কৰে।ইয়াক ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে NMITC ৰ জৰিয়তে মেণ্টৰ কৰে।



বন্দনা কলিতা


সহকাৰী শিক্ষয়িত্ৰী

পি এম শ্ৰী ছাটাবাৰী আঞ্চলিক হাইস্কুল

শিক্ষাখণ্ড : বকো


Post a Comment

0 Comments