header ads

শ্ৰদ্ধাঞ্জলী, ড° গণেশ্বৰ চহৰীয়া ছাৰ,আগুৱাই যোৱাৰ এটি প্ৰেৰণা,কমল দাস, ৬ষ্ঠ বছৰৰ ২য় সংখ্যা

 ড° গণেশ্বৰ চহৰীয়া ছাৰ,আগুৱাই যোৱাৰ এটি প্ৰেৰণা



শ্ৰদ্ধাৰ ড° গণেশ্বৰ চহৰীয়া ছাৰ জ্ঞানৰ এডাল প্ৰকাণ্ড বটবৃক্ষ আছিল। এই বটবৃক্ষৰ ছাঁত জিৰাই দেহ-মন শাত পৰিছিল জ্ঞানমৰ প্ৰতি গৰাকী সদস্যৰ। যদিও আগৰ পৰাই তেখেতৰ বহুত নাম শুনিছিলোঁ বা বিভিন্ন অনুষ্ঠানত তেখেতক দেখিছিলো, কিন্তু জ্ঞানমৰ যোগেদিয়েই পোন প্ৰথমবাৰৰ বাবে চহৰীয়া ছাৰৰ সান্নিধ্য লাভ কৰাৰ সোভাগ্য হৈছিল। জ্ঞানমৰ বহু কেইটা অনুষ্ঠানত চহৰীয়া ছাৰক লগ পাইছিলোঁ,কেতিয়াবা দুই এষাৰ কথা হৈছিল যদিও তেখেতৰ সৈতে দীঘলীয়াকৈ গভীৰ ভাবে কথা পতা বা ভালদৰে চিনাকি হোৱাৰ সোভাগ্য হৈছিল যোৱা বছৰ বকো বি এড কলেজত অনুষ্ঠিত হোৱা জ্ঞানমৰ অভিনন্দন অনুষ্ঠান এটিত। সেইদিনা সময়তকৈ কিছু আগতেই মই গৈ উপস্থিত হৈছিলো, কিন্তু মই গৈ পোৱাৰ আগৰ পৰাই চহৰীয়া ছাৰ তাত উপস্থিত আছিল। সেইদিনাৰ আগলৈ মোৰ বাবে বকো বি এড কলেজ খন সম্পূৰ্ণ অচিনাকি আছিল, গতিকে উপস্থিত হৈ ইফালে সিফালে ঘূৰি থাকোঁতে চহৰীয়া ছাৰে পিছফালৰ পৰা নিজেই মোক মাত দি সুধিলে জ্ঞানমৰ বাকী কোনো আহি পোৱা নাই নেকি? মই আচৰিত হলো, যদিও দুই এটা অনুষ্ঠান আৰু গুগল মিটত ছাৰৰ লগত লগ হৈছিলো,তেওঁ মোক জ্ঞানমৰ সদস্য বুলি যে চিনি পায় সেইটো মই ভাবিবই পৰা নাছিলো। মনটো লগে লগে ভাল লাগি গৈছিল আৰু ছাৰলৈ যথেষ্ট শ্ৰদ্ধা জাগিছিল। সেই যে সেইদিনাৰ চিনাকি, তাৰ পিছত যেতিয়াই লগ পাইছিলোঁ, প্ৰতিটো সান্নিধ্যই যেন তেওঁৰ প্ৰতি শ্ৰদ্ধা বৃদ্ধি কৰিছিল। যেতিয়াই তেখেতক লগ পাইছিলোঁ তেওঁৰ সেই সহজ সৰল ৰসাল কথা বোৰে খুবেই আকৰ্ষিত কৰিছিল তেখেতৰ প্ৰতি। কেতিয়াবা মনত কৌতুহল হৈছিল ছাৰৰ শব্দ ভাণ্ডাৰক লৈ,যেতিয়াই তেখেতে কিবা কয় ইমান ধুনীয়াকৈ আৰু ইমান সুন্দৰ আৰু যথোপযুক্ত শব্দৰ ব্যৱহাৰ কৰিছিল ভাবিলে আচৰিত লাগে। তেখেতৰ বয়সে তেখেতক কেতিয়াও ঢুকি পোৱা নাছিল যেন ভাব হয়, তেখেতে একে বয়সীয়া সকলৰ সৈতে যেনেকৈ মিলিব পৰিছিল একেদৰে আমাৰ দৰে ডেকা সকলৰ লগতো বন্ধুত্বসুলভ ভাবে নিমিষতে মিলি গৈছিল। তেখেতৰ অনবৰতে মুখত ভাঁহি থকা হাঁহি টোৱে সকলোকে মোহিত কৰিব পাৰিছিল। তেখেতৰ গুণ,জ্ঞান,অৰ্হতা আৰু কৰ্মৰাজিৰ বিষয়ে কবলৈ গলে কিজানি শেষেই নহব। সেই বাবেই কিজানি চহৰীয়া ছাৰ আমাৰ মাজত কায়িক ভাবে নথকাৰ পিছতো আমি তেখেতক এক মুহূৰ্তৰ বাবেও বিদায় দিব পৰা নাই। আচলতে আমি কোনেও তেখেতক বিদায় দিবলৈ বিচৰাও নাই। ছাৰৰ লগত হোৱা প্ৰতিটো সান্নিধ্যই যেনেকৈ আমাক উৎসাহিত কৰিছিল আমাক অনুপ্ৰাণিত কৰিছিল, এতিয়াও তেখেতৰ সেই স্মৃতি বোৰে যেন আমাক প্ৰতিটো মুহূৰ্ততে সাহস দি আছে আগুৱাই যাবলৈ! তেখেতৰ সেই হাঁহি ভৰা মুখনি আমাৰ মন আকাশত আজীৱন জিলিকি থাকিব আৰু আমাক অনুপ্ৰাণিত কৰি থাকিব। তেখেতলৈ বহুত বহুত শ্ৰদ্ধা আৰু মৰম....।


কমল দাস

সহকাৰী শিক্ষক, হাতীপাৰা আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়

শিক্ষাখণ্ড : ছয়গাঁও


Post a Comment

0 Comments