পিতামহ চহৰীয়া দেৱ
ড° গণেশ্বৰ চহৰীয়া দেৱ এগৰাকী বিশিষ্ট শিক্ষাবিদ,সাহিত্যিক আৰু গৱেষক পণ্ডিত আছিল৷এইগৰাকী পুৰোধা ব্যক্তি সান্নিধ্য লাভ কৰাৰ সৌভাগ্য আমাৰ দৰে অভাজনৰো হৈছিল৷
গণ+ঈশ্বৰ=গণেশ্বৰ নামটো সঁচাকৈ এটি বিশেষ নাম যাৰ অৰ্থই জনতাৰ ঈশ্বৰ৷এইগৰাকী মহান ব্যক্তিৰ বিষয়ে লিখাৰ সাহস আমাৰ দৰে অভাজনৰ নাই যদিও তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ বাবে লগ পোৱাৰ সময়কণকেই লিখিত ৰূপ দিব বিচাৰিছোঁ ৷
চাৰে সকলো মানুহক বৃদ্ধই হওক নতুবা ডেকাই হওক কেবল ধনাত্মক চিন্তাৰে উৎসাহিত কৰিছিল ৷ নোৱাৰ বা নোৱাৰোঁ শব্দ যেন চাৰৰ অভিধানত নাছিল ৷ শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ জন্মলগ্নৰে পৰাই চাৰে গোটৰ উপদেষ্টা হিচাপে দায়িত্ব পালন কৰি আমাক সঠিক পথৰ সন্ধান দি আহিছে ৷ তেখেত আমাৰ গোটৰ পিতামহ সদৃশ আছিল ৷ প্ৰতিটো ঘাত-প্ৰতিঘাতৰ সময়ত গোটৰ প্ৰতি গৰাকী সদস্য/সদস্যাক চাৰে বন্ধুত্বসুলভ মনোভাৱেৰে উৎসাহিত কৰি শৈক্ষিক গোট জ্ঞানমক চালুকীয়া অৱস্থাৰ পৰা আজি এটি সুস্থিৰ পৰ্যায়লৈ পৰ্যবসিত কৰি তুলিলে যাৰ বাবে গোটৰ প্ৰতিগৰাকী চাৰৰ ওচৰত ঋণী ৷ চাৰ সময়ৰ প্ৰতি সদায় সচেতন আছিল৷সময় নষ্ট কৰিলে চাৰে বেয়া পাইছিল৷চাৰে বহু কেইটা সামাজিক অনুষ্ঠানৰ দায়িত্ব পালন কৰিছিল যদিও শৈক্ষিক গোট জ্ঞানম কামৰূপৰ প্ৰতিটো অনুষ্ঠানৰ বাবে সময় উলিয়াই উপস্থিত হৈছিল ৷চাৰে সকলো অনুষ্ঠানৰ প্ৰতি দায়বদ্ধতা পালন কৰিছিল বাবে তেখেত সকলোৰে চকুৰ মণি আছিল ৷
সাহিত্য সভাৰ আজীৱন সদস্য হৈ সাহিত্য চৰ্চা নিয়মিত ভাৱে কৰি গৈছিল আৰু কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি হিচাপে নিজৰ দায়িত্ব পালন কৰি গৈছিল ৷ আমিনগাঁওস্থিত সাহিত্য সভাৰ কাৰ্যালয়টো জৰাজীৰ্ণ অৱস্থাৰ পৰা ন-ৰূপ দিবলৈ তেখেতে প্ৰচেষ্টা হাতত লৈছিল ৷ এবাৰ উত্তৰ গুৱাহাটী সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাহিত্য চৰ্চা আৰু সাহিত্য সভা সম্পৰ্কে যি সাৰুৱা ভাষণ আগবঢ়াইছিল সেয়াই উপস্থিত প্ৰতিগৰাকীক মনোমুগ্ধ কৰি তুলিছিল৷আনকি সভাত উপস্থিত থকা দুই এগৰাকী সাহিত্য চৰ্চাবিদে চাৰৰ মোবাইল নম্বৰ মোৰ পৰা সংগ্ৰহো কৰিছিল৷ এইগৰাকী মহান সাহিত্যিকৰ পদধূলি মোৰ ঘৰত পৰাটো মোৰ আৰু পৰিয়ালৰ বাবে সৌভাগ্যৰ কথা ৷ চাৰে ঘৰুৱা পিঠা-পণা খাই ভাল পাইছিল বাবে চাৰক সেইদৰেই আপ্যায়ন কৰিবলৈ চেষ্টা কৰিছিলোঁ৷সেই দিনটোৰ অতিবাহিত কৰা সময়কণ ভাবিলে এতিয়াও শোকে খুন্দিয়ায় ৷চাৰ যে আমাৰ মাজত নাই সেই কথা এতিয়াও মানি ল'ব পৰা নাই ৷ চাৰৰ মৃত্যুক সহজ ভাৱে কোনেও মানি ল’ব পৰা নাই আৰু নোৱাৰেও কাৰণ সকলোৰে মনত চাৰে বেলেগ ৰকমে সাঁচ বহুৱাইছিল ৷
চাৰে নিজৰ ঘৰতে ১৯৭৯ চন মানৰ পৰাই মৃত্যুৰ সময়লৈকে বাতৰি কাকতবোৰ সংগ্ৰহ কৰাৰ উপৰিও বহুতো গৱেষণামূলক পুঁথি সংগ্ৰহ কৰি এটি পুথিভঁৰাল গঢ়ি তুলিছিল ৷ বহুতো গৱেষক ছাত্ৰ-ছাত্ৰীয়ে চাৰৰ উপস্থিতিত এই বাতৰি কাকত আৰু পুথিবোৰ গৱেষণাৰ সহায়ক হিচাপে ব্যৱহাৰ কৰা আৰু চাৰৰ পৰা বহুতো পৰামৰ্শ লাভ কৰাৰ সৌভাগ্য হৈছিল ৷
এইগৰাকী মহান মনিষীয়ে আমাক এইদৰে এৰি ইমান সোনকালে আঁতৰি যাব বুলি কোনেও কল্পনা কৰিব পৰা নাছিলোঁ ৷ তেখেতে সমাজ সংস্কৰণৰ বাবে দেখা সপোনবোৰ বাস্তৱায়িত কৰিবলৈ প্ৰতিগৰাকীয়ে দায়িত্ব পালন কৰিব লাগিব তেতিয়াহে তেওঁলৈ উচিত সন্মান দিয়া হ’ব ৷সদৌ শেষত শ্ৰদ্ধাৰ চহৰীয়া চাৰৰ আত্মাৰ চিৰশান্তি কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ যাতে তেখেতৰ অনুপস্থিতিত তেখেতে দেখা সপোনবোৰ সাৰ্থকতা লাভ কৰে৷
গিৰিন দাস
মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক
কৰৰা শিক্ষাখণ্ড

0 Comments