header ads

অসমীয়া প্ৰবন্ধ ,চহৰীয়া ছাৰ আৰু এটি ফোন কল…, লুকেশ কলিতা, ৬ষ্ঠ বছৰৰ ২য় সংখ্যা

 চহৰীয়া ছাৰ আৰু এটি ফোন কল……



আমি সকলোৱে পঢ়িছো যে শিশু এজনে অনুকৰণ কৰি আৰু কিশোৰ এজনে কোনোবা ভাল পোৱা ব‍্যক্তিৰ ব‍্যক্তিত্বক আদৰ্শ হিচাপে গ্ৰহণ কৰি জীৱনটোক সজাই তুলিব বিচাৰে। সেই বিশেষ ব‍্যক্তিজনৰ দৰে হ’ব বিচাৰে।


এজৱ স্কুলীয়া ছাত্ৰ হিচাপে ছাৰক (ড• গণেশ্বৰ চহৰীয়াদেৱ) লগ পাইছিলো ছমৰীয়া সত্ৰৰ ৰাম সৰস্বতী একাডেমীৰ এখন সাধাৰণ সভাত। সপোন এটাক কেনেকৈ বাস্তৱ ৰূপ দিব পাৰি, কোনবোৰ গুণে মানুহক সৎ আৰু সাহসী কৰি তোলে, সেয়া ছাৰে তেওঁৰ বক্তৃতাৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলক কৈছিল। তেওঁৰ সুললিত, মৃদু কন্ঠেৰে প্ৰদান কৰা বক্তৃতা কৌশলৰ প্ৰতি আগ্ৰহী হৈছিলো, কাৰণ তেওঁ আছিল এজন সু-বক্তা। মই তেওঁৰ ভাষিক জ্ঞান, শব্দ প্ৰয়োগ, কথন কৌশল আৰু উপস্থাপন শৈলীক সদায় আগ্ৰহেৰে লক্ষ‍্য কৰিছিলো। বক্তৃতা প্ৰদানৰ প্ৰতি মোৰ আগ্ৰহ থকা বাবে ছাৰক সেই ক্ষেত্ৰত মই অনুকৰণ কৰিছিলো।

         সময় পাৰ হৈছিল। অধ‍্যয়নৰ বাবে বেছ কিছু বছৰ ঘৰৰ আঁতৰত থকা বাবে ছাৰৰ লগতো যোগাযোগ ব‍্যাঘাত হয়। কিন্তু কলেজ অৱ এডুকেশ্বন,বকোৰ ইংৰাজী বিভাগত প্ৰবক্তা হিচাপে যোগদান কৰাৰ পাছৰে পৰা ছাৰৰ লগত প্ৰত‍্যক্ষ সম্পৰ্ক স্থাপন হয়। তেঁওৰ সান্নিধ‍্য আৰু ব‍্যক্তিত্বৰ পৰশ আমিও পাঁও। তাত কাম কৰা, ছাৰৰ লগত অতিবাহিত কৰা প্ৰতিটো সোনালী ক্ষণেই আজি মনলৈ আহিছে।ছাৰ কলেজখনৰ লগত প্ৰতিষ্ঠাৰে পৰা ৰন্ধ্ৰে-ৰন্ধ্ৰে জড়িত হৈ আছিল। এই সমাজ হিতৈষী ব্যক্তিজনক ওচৰৰ পৰা লগ পাওঁ। তেওঁৰ কথাত কেৱল এটাই কথা মানুহ হাঁৰি যোৱাটো ডাঙৰ কথা নহয়, কিন্তু চেষ্টা নকৰাটো বহুত ডাঙৰ দোষ। তেওঁ হিতৰ হকে, সমাজৰ বাবে, শিক্ষাৰ বাবে নিজেও যুঁজিছিল আৰু আনকো সংগ্ৰাম কৰিবলৈ সাহস দিছিল।


ৰাতিপুৱা মহাবিদ্যালয়লৈ অহাৰ পাছত প্ৰায়ে মোলৈ ফোন কৰিছিল। মৃদু আৰু স্বল্প ভাষাত সুধিছিল আৰু কৈছিল, "আহিছানে?" "মোৰ ৰূমলৈ আহিবাচোন এবাৰ।" তেওঁৰ ফোনকলটোলৈ প্ৰায়ে অধীৰ আগ্ৰহেৰে ৰৈ আছিলো। কাৰণ ছাৰৰ লগত কৰা আলোচনাই, বাৰ্তালাপে আমাক সজীৱ কৰি ৰাখিছিল আৰু প্ৰতিটো ক্ষেত্ৰতে নতুন দিশৰ সন্ধান দিছিল।

সদায় নিজক জয় কৰিবৰ বাবে আমাক কৈছিল। স্বভাৱসুলভ হাঁহিটোৰে তেওঁৰ ব্যক্তিত্বত বিয়পি আছিল অগাধ পাণ্ডিত্য আৰু প্ৰজ্ঞা, সমাজ পৰিৱৰ্তনৰ চিন্তা আৰু চেতনা, শিক্ষকৰ বিপ্লৱ আৰু বৈচিত্ৰ্য। এই ক্ষণজন্মা ব্যক্তিজনৰ আদৰ্শক আমি জীয়াই ৰাখিব লাগিব। তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিলোঁ।



লুকেশ কলিতা

প্ৰাক্তন প্ৰবক্তা, ইংৰাজী বিভাগ

কলেজ অৱ এডুকেশ্বন, বকো



Post a Comment

0 Comments