header ads

অসমীয়া কবিতা, দেউতা, স্বপ্না হাজৰিকা, ৬ষ্ঠ বছৰৰ ২য় সংখ্যা,

 দেউতা

(পিতৃসদৃশ ভদ্ৰ চাৰৰ সোঁৱৰণত)




দেউতা,বুকুৰ মাজত থকা এক দপদপনিৰ নাম।
ওঁঠৰ ফাঁকত জিলিকি থকা এক নিভাঁজ অভিমান,
দেউতা যাৰ নাম।
দেউতা,এটি সপোন আপোন শত নিশাৰ অক্ষত আকাশৰ।
হাকুটিৰে হাকুটিয়াই তৰা সৰাব খোজা
দেউতা মোৰ প্ৰাণৰ পোৱালমনি,
"নোৱাৰোঁ" বুলিব নোখোজা সাহসৰ এধানি
পাহুৱাল প্ৰকাশৰ ধ্বনি, মোৰ দেউতা
দেউতা,তই তিৰবিৰ তৰাৰ এফাঁকি সুবাসভৰা কবিতাৰ কলি।
হাজাৰ কিন্তু আৰু কিয়বোৰ নেওচি মোক জিলিকাই ৰখা
হেংদাঙৰ হেৰাই যাব নোখোজা সুবাস সোণোৱালী দেউতা তই মোৰ উশাহৰ এনাজৰী। 
কপালত অহৰহ ঘামৰ কপালি পিন্ধি 
নিজক জগাই ৰাখি 
নিচুকনি গীত গাই সযতনে আমাক শুৱাই ৰাখা 
তই আমাৰ আয়ুসৰেখা অ' দেউতা।
বজাৰত হেজাৰ বেজাৰ বেচি সুখৰ সোনাৰুৰে 
মৰমৰ মালা গাঁঠি মন মতলীয়া কৰা
এটি আলাসৰ আকাশবন্তি তই দেউতা।
তোৰ আঙুলিৰ ফাঁকত পোনাকনৰ জীৱনৰ বুৰঞ্জী বোলোৱা ৰং
বুকুৰ জোলোঙাত জাপি-কুচি আমাক ভৰাই ৰখাজনেই
তই দেউতা,মাজে মাজে খুলি চোৱা আশা 
আদৰ-সাদৰবোৰ চিকুণাই চাং পাতে অহৰ্নিশে 
পকোৱা আলিবাটত পোনাকনৰ হিচাপ-নিকাচৰ ।
হাচতিত হালধীয়া ৰং বান্ধি, মাথো সেউজীয়া সেউজীয়া আৰু সেউজীয়া উৎসাহ লৈ
তই সদায় থাক পদূলিৰ পোহৰ হৈ
যদিওবা কেতিয়াবা আহে ঘোৰ বিপদৰ সুৰ
সাগৰৰ সামৰ্থৰে ৰোধিবি 
সেই জোৱাৰ আৰু ভাটাবোৰ 
শত প্ৰণিপাতো কম যেন লাগেচোন 
কলিজাতে বান্ধি লওঁ দে তোক
মৰমৰ দেউতা ঐ ।


স্বপ্না হাজৰিকা
সহকাৰী শিক্ষয়িত্ৰী
২৭০ নং শ'লমাৰী প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড : কৰৰা




Post a Comment

0 Comments