header ads

অসমীয়া প্ৰবন্ধ,ড. গণেশ্বৰ চহৰীয়া : সাহিত্যৰ পৰা শিক্ষাৰ ক্ষেত্ৰলৈ, পৰেশ বৈশ্য, ৬ষ্ঠ বছৰৰ ২য় সংখ্যা

 ,

ড. গণেশ্বৰ চহৰীয়া : সাহিত্যৰ পৰা শিক্ষাৰ ক্ষেত্ৰলৈ

     

      . গণেশ্বৰ চহৰীয়া আমাৰ জিলাৰ বৌদ্ধিক জগতখনৰ এক অতি পৰিচিত নাম । কেইবা দশকজুৰি তেখেতে  শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰখনত বিচৰণ কৰি ইয়াৰ উত্তৰণত অভূতপূৰ্ব বৰঙণি আগবঢ়াই গৈছে । অকল কামৰূপকেন্দ্ৰিকেই নহয়, ৰাজ্যিক পৰ্যায়তো এই ক্ষেত্ৰ দুটাত তেখেতৰ খোপনি আছিল । প্ৰচাৰবিমুখ এইগৰাকী সাহিত্যিক, শিক্ষাবিদে নীৰৱে নিজৰ ভালপোৱা কামবোৰ কৰি গৈছিল । ড .গণেশ্বৰ চহৰীয়াৰ সৈতে মোৰ প্ৰায় তিনি দশক ধৰি সান্নিধ্য আছিল । 

       ড. চহৰীয়াই অসম সাহিত্য সভাক প্ৰাণ ভৰি ভাল পাইছিল । অসম সাহিত্য সভাই যেতিয়াৰপৰাই  বিতৰ্কৰ সন্মুখীন হৈছিল, তেতিয়াৰ পৰাই মোৰ দৰে বহুতেই অসম সাহিত্য সভাৰ কাম- কাজৰ পৰা আঁতৰত আছিল । সেয়া অসম সাহিত্য সভাক বেয়া পাই নহয়, সাহিত্য সভাৰ এচাম কৰ্মকৰ্তাৰ কাম-কাজক ভাল পোৱা নাছিলোঁ। পাছৰফালে যেতিয়া অসম সাহিত্য সভাই আৰু অধিক সমালোচনা মুখৰ হৈছিল, তেতিয়া মই প্ৰায়েই ড. চহৰীয়াক সাহিত্য সংগঠক হিচাপে অসম সাহিত্য সভাৰ পৰা নিলগত থাকি  সৃষ্টিশীল কামত মগ্ন হ'বলৈ পৰামৰ্শ দিছিলোঁ । আনকি ৰাজহুৱা অনুষ্ঠানত লগ পালেও কেতিয়াবা কেতিয়াবা এই কথাটো তেখেতক কৈছিলোঁ । কিন্তু তেখেতে উত্তৰত মোক প্ৰায়েই কৈছিল: 'সাহিত্য সভাক মই অন্তৰৰ পৰা ভাল পাওঁ । ই মোৰ blood ত সোমাই পৰিছে । ইয়াৰ পৰা আঁতৰি অহাৰ মন নাই । সঁচাকৈয়ে চহৰীয়াই অন্তৰৰ নিভৃত কোণৰ পৰাই অসম সাহিত্য সভাক সেৱা আগবঢ়াই গৈছিল । অৱশ্যে এটা কথা ঠিক যে তেখেতে সাহিত্য সভাৰ মঞ্চখনৰ হৃত মৰ্যাদা ঘূৰাই আনিবলৈ যথেষ্ট চেষ্টা কৰিছিল । তাৰ বাবে তেখেতক সদায় স্মৰণ কৰিব লাগিব ।

           তেখেতে অসম সাহিত্য সভাৰ অন্তৰ্গত কামৰূপ জিলা সাহিত্য সভাক অধিক বৌদ্ধিক আৰু প্ৰাণৱন্ত কৰিবলৈ সভাপতি হিচাপে যৎপৰোনাস্তি চেষ্টা কৰিছিল । ভালেমান নতুন আংগিকৰ বৌদ্ধিক কামৰ অনুশীলন আৰম্ভ কৰিছিল । কিন্তু তেখেতৰ অকাল মৃত্যুৱে জিলা সাহিত্য সভাক অভিভাৱকহীন কৰি থৈ যায় । সৃষ্টিশীল কামতো তেখেতে অৱদান আগবঢ়াই গৈছে । তেখেতে কম সংখ্যক গ্ৰন্থ ৰচনা কৰি থৈ গৈছে যদিও সেইসমূহৰ  বৌদ্ধিক মূল্য কম বুলিব নোৱাৰি ।

    ড.গণেশ্বৰ চহৰীয়া আছিল এগৰাকী কৃতী শিক্ষক, সমাজৰ শিক্ষক । কৰ্মসূত্ৰে বকোৰ বাসিন্দা হোৱা চহৰীয়াই বকো অঞ্চলটোক সাহিত্যৰ দিশৰ লগতে শৈক্ষিক দিশত আগুৱাই নিবলৈ ভালেমান পদক্ষেপ গ্ৰহণ কৰিছিল । দক্ষিণ কামৰূপৰ বিভিন্ন জাতি- জনগোষ্ঠীক সকলো ক্ষেত্ৰতেই আগুৱাই নিবলৈ প্ৰয়াস কৰিছিল । বকোৰ নিচিনা ঠাইত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় স্থাপন কৰি সকলোৰে আদৰ্শ হৈ পৰিছিল । বকোত নিয়মীয়াকৈ গ্ৰন্থমেলা পাতি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ।তেখেতে হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথমতে বিষয় শিক্ষক,পাছত বিদ্যালয়খনৰ শৈক্ষিক তত্বাৱধায়ক/ভাৰপ্ৰাপ্ত অধ্যক্ষ হৈ অৱশেষত অধ্যক্ষ হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ লয় । মই যেতিয়া দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিয়মীয়া অধ্যক্ষ আছিলোঁ, তেতিয়া তেখেতে হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক তত্বাৱধায়ক হৈ আছিল । দুষ্ট চক্ৰৰ ষড়যন্ত্ৰৰ বলি হৈ শিক্ষকতাৰ জীৱনৰ একেবাৰে শেষৰ মাহটোৰ কেইটামান দিনৰ বাবেহে নিয়মীয়া অধ্যক্ষ হৈ অৱসৰ ল'ব লগা হৈছিল । এই বিষয়ত তেখেতে যাতে ন্যায় পাই সেই দিশত আমিও সময়ে সময়ে উচিত পৰামৰ্শ আগবঢ়াইছিলোঁ ।  তেখেতে কেইবছৰমানৰ বাবে জনশিক্ষা বিভাগতো গুৰুত্বপূৰ্ণ পদবীত আছিল । জ্ঞান বিজ্ঞানৰ প্ৰসাৰৰ বাবেও তেখেতে কাম কৰিছিল । আমি কামৰূপৰ কেইগৰাকীমান শিক্ষাসদীয়ে গঠন কৰা শৈক্ষিক উন্নয়ন গোট, কামৰূপৰ লগতো তেখেত জড়িত হৈ পৰিছিল । ড. অপূৰ্ব ঠাকুৰীয়া  সভাপতি, মই কাৰ্যকৰী সভাপতি আৰু ড. চহৰীয়াক উপ-সভাপতি হিচাপে লৈ ২০১৯ চনৰ ২১ ডিচেম্বৰত গঠন কৰা এই মঞ্চৰ পৰাই পৰাই প্ৰকাশ কৰা হৈছিল জিলাখনৰ কেইগৰাকীমান কৃতী শিক্ষকৰ শ্ৰেষ্ঠ শৈক্ষিক অনুশীলনৰ একত্ৰ সংকলন " সফলতাৰ সৰু বৰ আলিয়েদি" নামৰ এখনি উন্নত মানৰ গ্ৰন্থ । এইখন প্ৰকাশৰ ক্ষেত্ৰতো তেখেতে শ্ৰম কৰিছিল । শেহতীয়াকৈ শৈক্ষিক উন্নয়ন গোট, কামৰূপৰ পৰা এখনি অভিভাৱকৰ হাতপুথি প্ৰণয়নৰ পৰিকল্পনা কৰি  সেইখন চুড়ান্ত কৰিবলৈ মোৰ লগতে তেখেতক দায়িত্ব দিয়া হৈছিল । তেখেতেই গোটৰ বিভিন্ন পৰামৰ্শৰ ভিত্তিত প্ৰস্তাৱিত হাতপুথিখনৰ মূল জকাটো লিখি উলিয়াইছিল । কিন্তু সেইখনৰ কামখিনি আধৰুৱা হৈ থকা অৱস্থাতে তেখেতে ইহসংসাৰৰ পৰা বিদায় ল'লে । সেই দুখ নিশ্চয় থাকিয়েই গ'ল । 

    শৈক্ষিক গোট জ্ঞানমৰ ড. চহৰীয়া আছিল অভিভাৱক স্বৰূপ । জ্ঞানমক তেখেতে বিভিন্ন দিহা পৰামৰ্শৰে গতিশীল কৰি ৰাখিছিল । জ্ঞানমৰ উদ্যোগত প্ৰকাশিত ' কামৰূপৰ ঐতিহ্য ' নামৰ গ্ৰন্থখনিৰ ৰূপৰেখা প্ৰস্তুত কৰাতো ড. চহৰীয়াই বিশেষ ভূমিকা লৈছিল । সহজ সৰল প্ৰকৃতিৰ ব্যক্তি আছিল চহৰীয়া । ভাষাৰ ওপৰতো আছিল বিশেষ দখল । এনে এগৰাকী বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সমাজ সংগঠকৰ অবৰ্তমানত আমাৰ সমাজৰ অপুৰণীয় ক্ষতি হ'ল ।


পৰেশ বৈশ্য

বিশিষ্ট শিক্ষাবিদ, কামৰূপ


Post a Comment

0 Comments