header ads

অসমীয়া প্ৰবন্ধ, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, ভাস্কৰ তালুকদাৰ,৬ষ্ঠ বছৰৰ ২য় সংখ্যা,

 সুধাকণ্ঠ ড° ভূপেন হাজৰিকা




“ মহাবাহু ব্ৰহ্মপূত্ৰ মহামিলনৰ তীৰ্থ

কত যুগ ধৰি আহিছে প্ৰকাশী

সমন্বয়ৰ অৰ্থ । “


       ব্ৰহ্মপুত্ৰৰ নদী উপত্যকাৰ সৌন্দৰ্যত মোহিত হৈ যিজন ব্যক্তিয়ে ব্ৰহ্মপুত্ৰ নদীখনক যুগ যুগ ধৰি সমন্বয় আৰু সৌন্দৰ্যৰ প্ৰতীক বুলি ব্যক্ত কৰিছে আৰু যাৰ কণ্ঠ, গীত আৰু সুৰত আশাৰ ৰেঙণি আছে, মুক্তিৰ সোৱাদ আছে আৰু মানৱতাৰ কথা আছে এই প্ৰবাদপ্ৰতীম ব্যক্তিগৰাকীয়ে হ’ল সুধাকণ্ঠ ড° ভূপেন হাজৰিকা । বিশ্ববৰণ্য শিল্পী, সুধাকণ্ঠ, অসম ৰত্ন তথা ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱলৈ জন্ম শতবাৰ্ষিকীৰ একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ।

       জন্ম :- ড° ভূপেন হাজৰিকাৰ জন্ম ১৯২৬ চনৰ ৮ চেপ্তেম্বৰ তাৰিখে তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ এক সম্ভ্ৰান্ত পৰিয়ালত হৈছিল । তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা । নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকাৰ মুঠ দহজন সন্তানৰ জ্যেষ্ঠ সন্তান আছিল ড° ভূপেন হাজৰিকা । নীলকান্ত হাজৰিকা এজন শিক্ষক আৰু দক্ষ প্ৰশাসক আছিল । শান্তিপ্ৰিয়া হাজৰিকা এগৰাকী সুকণ্ঠী নামতী আছিল ।

       শিক্ষা :- ড° ভূপেন হাজৰিকাৰ পিতৃ নীলকান্ত হাজৰিকাই চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইলৈ বদলি হৈছিল । সেয়েহে তেখেতে স্কুলীয়া শিক্ষা গুৱাহাটী, ধুবুৰী আৰু তেজপুৰ চহৰত গ্ৰহণ কৰিব লগা হৈছিল । তেখেতে গুৱাহাটীৰ ভৰলুমূখ প্ৰাথমিক বিদ্যালয়ৰপৰা প্ৰাথমিক শিক্ষা লাভ কৰে । ১৯৪০ চনত তেজপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত কলা শাখাত নামভৰ্তি কৰে । ১৯৪২ চনত কটন কলেজৰপৰা কলা শাখাত ইণ্টাৰমেডিয়েট পৰীক্ষাত উত্তীৰ্ণ হয় । সেই সময়ত দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল আৰু ইয়াৰ প্ৰভাৱ অসমতো পৰিছিল । ফলত কটন কলেজ বন্ধ হৈ গৈছিল । সেইবাবে ড° ভূপেন হাজৰিকাই দেউতাকৰ অনুমতি লৈ বেনাৰসলৈ যায় আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে । ১৯৪৪ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰপৰা দৰ্শন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৪৬ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰপৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । ১৯৪৯ চনত আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত ‘ভাৰতত প্ৰাপ্তবয়স্কৰ শিক্ষাত গণ মাধ্যমৰ ভূমিকা’ (Role of Mass Communication in India’s Adult Education) বিষয়ত গৱেষণা কৰে আৰু ১৯৫২ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে ।

       বৈবাহিক জীৱন :- ড° ভূপেন হাজৰিকাই ১৯৫০ চনৰ ১ আগষ্টত ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ পৰিয়ালৰে জীয়ৰী প্ৰিয়ম্বদা পেটেলক বিয়া কৰায় । ১৯৫২ চনত তেওঁলোকৰ এটা পুত্ৰ সন্তানৰ জন্ম হয় আৰু তেওঁৰ নাম হ’ল তেজ হাজৰিকা । কিন্তু ড° ভূপেন হাজৰিকা আৰু প্ৰিয়ম্বদা পেটেলৰ সম্পৰ্ক বেছিদিন নিটিকিল । ১৯৬২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় । বিবাহ বিচ্ছেদৰ মূল কাৰণ আছিল এই যে এজনে আনজনক ভিন্ন পথৰ যাত্ৰী বুলি ভাৱি লোৱা ।

       কৰ্ম জীৱন :- ড° ভূপেন হাজৰিকাই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি গুৱাহাটীৰ ভোলানাথ বৰুৱা মহাবিদ্যালয় ( বি বৰুৱা কলেজ )ত ছয়মাহ অধ্যাপনা কৰিছিল । ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত উক্ত অনুষ্ঠানত সংক্ষিপ্ত কাৰ্যকালৰ বাবে কৰ্মৰত আছিল । ১৯৪৯ চনৰ চেপ্তেম্বৰ মাহত আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰীৰ গৱেষণামূলক অধ্যয়নৰ বাবে যাত্ৰা কৰিছিল আৰু তাৰপৰা  ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৫৪ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপকৰ দায়িত্ব সাময়িকভাৱে গ্ৰহণ কৰিছিল যদিও কিছু দিনৰ পিছতেই চাকৰি এৰি সংগীতকে জীৱনৰ সাৰথি কৰি বাছি লৈছিল ।

       সাংস্কৃতিক অৱদান :- ড° ভূপেন হাজৰিকাই নিজৰ ঘৰখনতেই সংগীত সাধনাৰ শুভাৰম্ভ কৰিছিল । তেখেতে  ১৯৩০ চনৰ ৩০ অক্টোবৰৰ দিনা গুৱাহাটী কটন কলেজিয়েট হাইস্কুলত অনুষ্ঠিত এখন ৰাজহুৱা সভাত 'কি সতে হিয়াৰে..' শীৰ্ষক এটা গীত পৰিৱেশন কৰিছিল । সেইখন সভাৰেই বিশিষ্ট অতিথি আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা । বেজবৰুৱাদেৱে ড° ভূপেন হাজৰিকাৰ কণ্ঠত গীতটি শুনি অতি আনন্দিত হৈছিল আৰু তেখেতক প্ৰশংসাৰে উপচাই চুমা খাইছিল । লক্ষ্মীনাথ বেজবৰুৱাই তেখেতক কলিকতাৰ সুগায়ক 'মাষ্টাৰ মদন'ৰ লগত তুলনা কৰিছিল । ১৯৩৬ চনত তেজপুৰত পঢ়ি থকা সময়তেই তেখেতে বৰ্ণিল সাংস্কৃতিক জীৱনৰ পাতনি মেলে । তেজপুৰত থকা সময়ত অসমীয়া সাংস্কৃতিক জগতৰ বাটকটীয়া শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্যৰে অনুপ্ৰাণিত হয় । ১৯৩৭ চনত অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণানুকীৰ্তনেৰে 'কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান..' গীতটি ৰচনা কৰি গীতিকাৰ জীৱনৰ পাতনি মেলিছিল । সেই বছৰতে তেখেতে  দ্বিতীয়টো গীত 'অগ্নিযুগৰ ফিৰিঙতি মই..' ৰচনা কৰিছিল ।

       ড° ভূপেন হাজৰিকাই ‘অ’ মইনা কেতিয়া আহিলি তই..’ গীতটোত প্ৰথম সুৰ দিছিল । গীতটো তেখেতৰ পিতৃ নীলকান্ত হাজৰিকাদেৱে ১৯৩৪ চনত ৰচনা কৰিছিল আৰু গীতটোত তেখেতৰ ভগ্নী যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাই কণ্ঠদান কৰিছিল ।

       এই শিল্পীজনাই ১৯৩৬ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত কলিকতালৈ গৈ ‘জয়মতী’ কথাছবি আৰু ‘শোণিত কুঁৱৰী’ নাটকত কণ্ঠদান কৰিছিল । তাৰ পিছত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত 'কাষতে কলচী লৈ যায় ঐ ৰচকী বাই..' আৰু 'উলাহতে নাচি বাগি হলি বিয়াকুল..' গীত দুটা বাণীবদ্ধ কৰোৱাইছিল । ১৯৩৯ চনত তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় কথাছবি ‘ইন্দ্ৰমালতী’ত এটা গৰখীয়া ল’ৰাৰ  চৰিত্ৰত অভিনয় কৰিছিল আৰু 'বিশ্ববিজয়ী নৱজোৱান..'  শীৰ্ষক গীতটিত কণ্ঠদান কৰিছিল ।

       ১৯৪৮ চনত ড° ভূপেন হাজৰিকাই 'সতী বেউলা' নামৰ কথাছবিখনত প্ৰথমবাৰৰ বাবে সংগীত পৰিচালনা কৰিছিল । তেখেতে সংগীত পৰিচালনা কৰা আন আন অসমীয়া কথাছবিসমূহ হ’ল : ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত পিয়লি ফুকন (১৯৫৫), ধুমুহা(১৯৫৭), কেঁচা সোণ(১৯৫৯) আৰু পুৱতি নিশাৰ সপোন(১৯৫৯), সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ দ্বাৰা পৰিচালিত মণিৰাম দেৱান(১৯৬৩) আৰু প্ৰতিধ্বনি(১৯৬৪), স্ব-পৰিচালিত লটি-ঘটি(১৯৬৬), পুলক গগৈৰ দ্বাৰা পৰিচালিত খোজ(১৯৭৫), আব্দুল মজিদৰ দ্বাৰা পৰিচালিত চামেলি মেমচাব(১৯৭৫), বনহংস(১৯৭৭) আৰু বনজুই(১৯৭৮), জীৱন বৰাৰ দ্বাৰা পৰিচালিত পলাশৰ ৰং(১৯৭৬), গৌৰী বৰ্মনৰ দ্বাৰা পৰিচালিত অকণ(১৯৮০) আৰু যুগে যুগে সংগ্ৰাম(১৯৮৬), জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত অপৰূপা(১৯৮৩), প্ৰবীণ বৰাৰ দ্বাৰা পৰিচালিত অংগীকাৰ(১৯৮৫), হেম বৰাৰ দ্বাৰা পৰিচালিত সংকল্প(১৯৮৬), ভৱেন দাসৰ দ্বাৰা পৰিচালিত মা(১৯৮৬), অনিল মিত্ৰৰ দ্বাৰা পৰিচালিত প্ৰতিশোধ(১৯৮৭), ৱাইছকুৰ্ণী বৰাৰ দ্বাৰা পৰিচালিত প্ৰিয়জন(১৯৯৩), শিৱপ্ৰসাদ ঠাকুৰৰ দ্বাৰা পৰিচালিত অশান্ত প্ৰহৰ(১৯৯৪) আৰু পানী(১৯৯৫) । ৰাজশ্ৰী প্ৰডাকচনৰ ‘তকদীৰ’ নামৰ জনপ্ৰিয় হিন্দী ছবিখন ‘ভাগ্য’ নামেৰে প্ৰথম অসমীয়া ডাবিং কথাছবি হিচাবে ১৯৬৮ চনৰ ১২ এপ্ৰিলত গুৱাহাটীৰ মেঘদূত চিত্ৰগৃহত মুক্তি পায় । আনন্দ বক্সীয়ে ৰচনা কৰা তকদীৰৰ গীতবোৰ সুধাকণ্ঠদেৱে অসমীয়ালৈ ৰূপান্তৰ কৰে ।

       ইয়াৰোপৰি, এই শিল্পীজনাই কেইখনমান হিন্দী আৰু বঙালী কথাছবিৰ লগতে একোখনকৈ ভোজপুৰী, কাৰ্বি আৰু বড়ো ভাষাৰ কথাছবিতো সংগীত পৰিচালনা কৰিছিল । হিন্দী কথাছবিকেইখন হ’ল : আত্মা ৰাম পাডুকনৰ দ্বাৰা পৰিচালিত আৰোপ(১৯৭৩), স্ব-পৰিচালিত মেৰা ধৰম মেৰী মা(১৯৭৫), জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত অপেক্ষা(১৯৮৪), কল্পনা লাজমীৰ দ্বাৰা পৰিচালিত  এক পল(১৯৮৬), ৰুদালি(১৯৯২), দৰমিয়া(১৯৯৭), দমন(২০০০), কিউ(২০০৩) আৰু চিংগাৰ(২০০৬), লেখ টেণ্ডনৰ দ্বাৰা পৰিচালিত মিল গেয়া মঞ্জিল মুঝে(১৯৯৭), সাই পাৰাঞ্জাপেৰ দ্বাৰা পৰিচালিত সাজ(১৯৯৭) আৰু এম এফ হুছেইনৰ দ্বাৰা পৰিচালিত  গজগামিনী(২০০১) ।

       তেখেতে সংগীত পৰিচালনা কৰা বঙালী কথাছবিকেইখন হ’ল : জীৱন তৃষ্ণা(১৯৫৭), কড়ি ও কমল(১৯৫৭), অসমাপ্ত(১৯৫৭), জোনাকীৰ আলো(১৯৫৮), দুই বেচেৰা(১৯৫৯), এখানে পিঞ্জল(১৯৭১), দম্পতী(১৯৭৫), সীমানা পেৰিয়ে(১৯৭৫), নাগিনী কন্যাৰ কাহিনী(১৯৭৯) আৰু কালো সিঁদূৰ(১৯৮৪) । ভোজপুৰী ভাষাত ‘সঠ মাইয়া কী মহিমা’(১৯৭৯), কাৰ্বি ভাষাত ‘ৰিং আং তং’(১৯৮৭) আৰু বড়ো ভাষাত ‘জিউনি চিমাং’(১৯৮৭) নামৰ কথাছবিকেইখনত সংগীত পৰিচালনা কৰিছিল । তেখেতে দুখন হিন্দী ধাৰাবাহিকতো সংগীত পৰিচালনা কৰিছিল । ধাৰাবাহিক দুখন হ’ল : লোহিত কিনাৰে(১৯৮৮) আৰু ডউন ।

       ১৯৫৬ চনত ড° ভূপেন হাজৰিকাই  ‘এৰাবাটৰ সুৰ’ কথাছবিখন নিজে পৰিচালনা কৰি বোলছবি পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল । তেখেতৰ স্ব-পৰিচালিত আন কেইখন অসমীয়া কথাছবি হ’ল : শকুন্তলা(১৯৬১), প্ৰতিধ্বনি(১৯৬৪), লটি-ঘটি(১৯৬৬), চিকমিক বিজুলী(১৯৬৯), ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী(১৯৭৬), মন প্ৰজাপতি(১৯৭৯) আৰু চিৰাজ(১৯৮৮) । তেখেতৰ স্ব-পৰিচালিত একমাত্ৰ হিন্দী কথাছবিখন হ’ল ‘মেৰা ধৰম মেৰী মা ‘(১৯৭৫) । এই কথাছবিখন অৰুণাচল প্ৰদেশৰ প্ৰথম কথাছবি আছিল ।

       সাহিত্যৰ ক্ষেত্ৰত অৱদান :- সাহিত্যৰ ক্ষেত্ৰত ড° ভূপেন হাজৰিকাৰ যথেষ্ট অৱদান আছে । অসমীয়া সাহিত্যৰ ক্ষেত্ৰত তেখেতে গীতিকাৰ, কবি, গদ্যলেখক আৰু সাংবাদিক হিচাপে পৰিচয় ৰাখি থৈ গৈছে । ১৯৫৫ চনৰ ফেব্ৰুৱাৰী মাহত তেখেতৰ প্ৰথমখন গীতৰ পুথি 'জিলিকাব লুইতৰে পাৰ' প্ৰকাশ পায় । হেমাংগে বিশ্বাসে সম্পাদনা কৰা এই গ্ৰন্থখনত তেখেতৰ ২৬ টা গীত সন্নিবিষ্ট কৰা হৈছে । ১৯৬২ চনত চীন-ভাৰত যুদ্ধৰ পটভূমিত পাঁচটা গীতেৰে ৰচিত 'সংগ্ৰাম লগ্নে আজি' নামৰ দ্বিতীয়খন গীতৰ পুথি প্ৰকাশ পায় । ১৯৬৪ চনত এই শিল্পীজনাৰ তৃতীয়খন গীতৰ পুথি 'আগলি বাঁহৰে লাহৰি গগনা' প্ৰকাশ পায় । এই গ্ৰন্থখনত তেখেতৰ ১২ টা গীত সন্নিবিষ্ট কৰা হৈছে । ১৯৮০ চনত 'বহ্নিমান ব্ৰহ্মপুত্ৰ' নামৰ আন এখন গীতৰ পুথি প্ৰকাশ পায় । অসম আন্দোলনৰ পটভূমিত ৰচিত এই পুথিখনত ৩৬ টা গীত সন্নিবিষ্ট কৰা হৈছে । ১৯৯৩ চনত সুধাকণ্ঠদেৱৰ  ‘গীতাৱলী’ নামৰ এখন গীতৰ পুথি প্ৰকাশ পায় । এই পুথিখন তেখেতৰ গীতসমূহৰ এক সংকলন । এই পুথিখন সূৰ্য হাজৰিকাই সম্পাদনা কৰিছিল ।

       ১৯৬৭ চনত তেখেতৰ প্ৰথমখন প্ৰৱন্ধ পুথি 'সুন্দৰৰ ন দিগন্ত' প্ৰকাশ পায় । বিভিন্ন পটভূমিত ৰচনা কৰা প্ৰৱন্ধ পুথিখনত ১১ টা উচ্চমানবিশিষ্ট প্ৰৱন্ধ সন্নিবিষ্ট কৰা হৈছে । ১৯৮০ চনত ১৫ টা গভীৰ বিশ্লেষণাত্মক আৰু ব্যাখ্যাপূৰ্ণ তথ্যৰে ভৰপূৰ 'সুন্দৰৰ সৰু বৰ আলিয়েদি' নামৰ দ্বিতীয়খন প্ৰৱন্ধ পুথি প্ৰকাশ পায় । ১৯৮১ চনত বিভিন্ন বিষয়ৰ চিন্তা-গধূৰ প্ৰৱন্ধৰে ভৰপূৰ ড° ভূপেন হাজৰিকাৰ তৃতীয়খন প্ৰৱন্ধ পুথি 'সময়ৰ পখী ঘোঁৰাত উঠি' প্ৰকাশ পায় । শিশুসকলৰ বাবে ১৯৭৬ চনত  'ভূপেন মামাৰ গীতে মাতে অ আ ক খ..' নামৰ এখন শিশু আলোচনী ৰচনা কৰিছিল । তেখেতৰ আত্মজীৱনীখনৰ নাম হ’ল 'মই এটি যাযাবৰ' ।

       ইয়াৰোপৰি, ১৯৯৩ চনত তেখেতৰ ‘কৃষ্টিৰ পথাৰে পথাৰে’, ‘জ্যোতি ককাইদেউ’, ‘বিষ্ণু ককাইদেউ’, ‘ব’হাগ মাথোঁ এটি ঋতু নহয়’, ‘বহ্নিমান লুইতৰ পাৰে পাৰে’, ‘নন্দনতত্বৰ কৰ্মীসকল’, ‘সোঁৱৰণী মোৰ ৰঙালী জীৱনৰ’ আৰু ‘মোৰ দেশ : মোৰ মনৰ কথা’  প্ৰৱন্ধ পুথি প্ৰকাশ পায় । ১৯৭৬ চনত তেখেতৰ ভ্ৰমণ কাহিনী ‘দিহিঙে দিপাঙে’ প্ৰকাশ পায় । গতি, বিন্দু, আমাৰ প্ৰতিনিধি আৰু প্ৰতিধ্বনি নামৰ চাৰিখন আলোচনীও তেখেতে সম্পাদনা কৰিছিল ।

       ৰাজনৈতিক জীৱন :- ড° ভূপেন হাজৰিকাই ৰাজনীতিৰ ক্ষেত্ৰখনতো খোজ পেলাইছিল । তেখেতে  ছাত্ৰাৱস্থাৰপৰাই ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈছিল । তেখেতৰ মনত সুনেতৃত্বৰে  ছাত্ৰসকলক পৰিচালনা কৰাৰ বাসনা এটা জাগ্ৰত হৈছিল । সেয়েহে তেখেতে ছাত্ৰসকলৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিপক্ষৰ প্ৰতিদ্বন্দীক শোচনীয়ভাৱে পৰাস্ত কৰি ছাত্ৰৰ কমন ৰুমৰ সম্পাদকৰূপে নিৰ্বাচিত হৈছিল । ড° ভূপেন হাজৰিকাই ১৯৬৭ চনত ৰাইজৰ বিপুল  দাবীত নাওবৈচা সমষ্টিৰপৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল । তেখেতে এজন বিধায়ক হিচাপে অসমৰ সাংস্কৃতিক জগতখনৰ উন্নতিৰ হকে বহুতো কাম হাতত লৈছিল । তেখেতে বিধায়ক হৈ থকা সময়তে গুৱাহাটীৰ কাহিলীপাৰাত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিওটিৰ নিৰ্মাণৰ আৰম্ভণি হৈছিল । ৰবীন্দ্ৰ ভৱনৰ বাৰাণ্ডাতে এটি আৰ্ট গেলাৰিও খোলা হৈছিল । অৱশ্যে পিছৰ ৰাজনৈতিক কালছোৱা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বাবে বৰ সুখকৰ নাছিল । তেখেতে ২০০৪ চনৰ লোকসভা নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হৈছিল যদিও পৰাজয় বৰণ কৰিছিল । হয়তো গানৰ এইগৰাকী পূজাৰীক অসমবাসীয়ে ৰাজনীতিবিদ হিচাপে আদৰি ল’বলৈ যথেষ্ট টান পাইছিল । তেখেতৰ কণ্ঠত মুগ্ধ গৰিষ্ঠসংখ্যক শ্ৰোতাৰে এয়াই অভিমত আছিল ।

       গীতিকাৰ আৰু সংগীতকাৰ ড° ভূপেন হাজৰিকা :- অসমৰ সংগীতৰ আকাশত সদায়েই জিলিকি থকা এটি ভোটাতৰা হৈছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা । তেখেতে ওপজা মাটিৰ পৰা বিশ্বখনৰ য’লৈকে গৈছিল তাৰেই আকাশ–বতাহ, সমাজ, সভ্যতা, সংস্কৃতি আদিক  আঁকোৱালি লৈ গীত ৰচনা কৰিছিল আৰু মৃত্যুপৰ্যন্ত গাই গৈছিল । ড° ভূপেন হাজৰিকাই নিজে ৰচনা কৰা গীতবোৰক অসমীয়া সংগীত জগতত ‘ভূপেন্দ্ৰ সংগীত’ নামেৰে জনা যায় । সুধাকণ্ঠদেৱে তেৰটা ভাষাত গীত ৰচিছিল । তেখেতৰ গীতসমূহ ভাৰতবৰ্ষৰ অন্যান্য ভাষালৈ অনুদিত হোৱালৈ চাই তেখেত যে কিমান উচ্চস্তৰৰ শিল্পী আছিল তাক সহজে অনুমান কৰি ল’ব পাৰি । তেখেতৰ ভাষাজ্ঞান কিমান প্ৰখৰ, শব্দৰ ওপৰত কিমান দখল আছিল তেখেতৰ গীতসমূহেই জ্বলন্ত উদাহৰণ ।

       সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতসমূহত মানুহক ভালপোৱাৰ কথা, প্ৰেম বা একতাৰ এনাজৰীৰে জাতি-জনগোষ্ঠীক বান্ধি ৰখাৰ কথা, খাটি খোৱা মানুহৰ জীৱনৰ সংগ্ৰামৰ কথা, বৰলুইতৰ দুয়োপাৰ উজ্জ্বলাই তোলাৰ কথা বৰ্ণিত হৈছে । ইয়াৰোপৰি তেখেতৰ গীতসমূহত ইতিহাস, বিজ্ঞান, ভূগোল, ৰাজনীতি, সমাজনীতি আদি প্ৰতিটো বিষয় মূৰ্তমান । তেখেতৰ গীতৰ বিষয়বস্তু কাল্পনিক নহয়, বাস্তৱ । প্ৰতিটো গীতৰ কথাই সমাজলৈ একো একোটা বাৰ্তা দি যায় । এই শিল্পীজনাৰ গীতে জাতি, ধৰ্ম, বয়স, সময়, স্থান আদিৰ প্ৰাচীৰ ভাঙি এক  সাৰ্বজনীন জনপ্ৰিয়তা লাভ কৰিবলৈ সমৰ্থ হৈছিল বাবেই তেখেতে  গণশিল্পী আখ্যা পাইছিল ।

       ড° ভূপেন হাজৰিকাই নিউইয়ৰ্কত থকাৰ সময়তে আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মানৱতাবাদী শিল্পী পল ৰ’বচনৰ দ্বাৰা যথেষ্ট ঘনিষ্ঠ হৈ পৰিছিল, যিয়ে তেখেতক সংগীতক 'সমাজ পৰিৱৰ্তনৰ আহিলা' হিচাবে ব্যৱহাৰ কৰিবলৈ যথেষ্ট অনুপ্ৰাণিত কৰিছিল । সেই লৈ তেখেতে নিজৰ টিপ্পনীত লিখিছে, "মই আছিলোঁ একলব্য আৰু মোৰ বাবে তেওঁ আছিল দ্ৰোণাচাৰ্য । মোৰ ডাঙৰ সৌভাগ্য যে তেনে এগৰাকী মহান ব্যক্তিৰ সান্নিধ্য পালোঁ  ।"

       সুধাকণ্ঠদেৱৰ গীতত নদীৰ ভূমিকা বিদ্যমান । তেখেতে নদীক কেতিয়াবা পটভূমি হিচাপে, কেতিয়াবা প্ৰতীক হিচাপে, কেতিয়াবা অলংকাৰ হিচাপে গীতত স্থান দিছে । তেখেতৰ গীতত নদীৰ এই বৈচিত্ৰ্যময় ৰূপত মানৱ জাতিৰ সুখ-দুখ, হাঁহি-কান্দোন, আশা-আকাংক্ষা, পোৱা-নোপোৱা, সন্ত্ৰাস, হিংসা, ৰাষ্ট্ৰৰ ষড়যন্ত্ৰৰপৰা মুক্ত হোৱাৰ বাসনা, নি:কিন, দৰিদ্ৰ সকলো শ্ৰেণীৰ লোকৰে চিত্ৰ প্ৰকট হৈ পৰিছে । সুধাকণ্ঠদেৱৰ এই নদীকেন্দ্ৰিক গীতসমূহত যে কেৱল অসম বা ভাৰতবৰ্ষৰ নদীয়েহে যে স্থান পাইছে তেনে নহয়, পৃথিৱীৰ কেইবাখনো বৃহৎ নদীৰ কথাই তেখেতৰ গীতত এক অনন্য সুৰত বাজি উঠিছে । বৰলুইত, লুইত, বুঢ়ালুইত অথবা ব্ৰহ্মপুত্ৰ অসমীয়া জাতিৰ প্ৰাণ । অসমৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নৈখনে ভূপেন হাজৰিকাৰ গীতত বিশেষ স্থান অধিকাৰ কৰিছে ।

       অসমীয়া সমাজত নাৰীৰ এক স্বকীয় আসন আছে । সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ  গীতত নাৰীয়ে বিশেষ প্ৰাধান্য লাভ কৰিছে । তেখেতৰ গীতত অসমীয়া নাৰী অতীজৰে পৰা যে স্বাধীন আৰু যুক্তিবাদী মনৰ এই কথা প্ৰকাশিত হৈছে । মাতৃৰ ৰূপত নাৰী, প্ৰকৃতিৰ ৰূপত নাৰী, প্ৰেমিকাৰ ৰূপত নাৰী, ৰহস্যময়ী নাৰী, সমাজ-সংস্কাৰকামী নাৰী, বিৰহিণী নাৰী, গ্ৰামীণ নাৰী আদি বিভিন্ন ৰূপত এই শিল্পীজনাৰ গীতত নাৰীৰ বিশ্লেষণ প্ৰতিফলিত হৈছে । ইয়াৰোপৰি জনজাতীয় আৰু জনগোষ্ঠীয় নাৰীয়েও বিশেষ স্থান অধিকাৰ কৰিছে ।

       সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতত পৰিৱেশ সচেতনতা আৰু পৰিৱেশ চিন্তন মনকৰিবলগীয়া । তেখেতৰ গীতত প্ৰকৃতিৰ বৰ্ণনা আৰু প্ৰকৃতি-মানুহৰ সম্পৰ্ক বোধৰ সাধনাই বহনক্ষম পাৰিপাৰ্শ্বিক জীৱনশৈলীৰ বাস্তৱ ৰূপ ফুটাই তোলে । তেখেতে প্ৰকৃতিৰ বিভিন্ন উপাদানক লৈ বিভিন্ন গীত ৰচনা কৰিছে । এই শিল্পীজনাৰ গীতত কঁহুৱা, শেৱালি, মদাৰ, পলাশ, শুকুলা মেঘ, ধৰিত্ৰী আদিৰ বৰ্ণনাৰ পয়োভৰ দেখা যায় ।

       তেখেতে গীতৰ মাজেৰে প্ৰতিটো ঋতুকেই স্পৰ্শ কৰিছে । বিহু অসমীয়া জাতিৰ আত্মশক্তি, জাতিটোৰ সৃজনীমনৰ প্ৰকাশ , তেনে এক দৃষ্টিভংগীৰে সুধাকণ্ঠদেৱে গীত ৰচনা কৰি সকলোকে নৱ চিন্তাৰে আগুৱাই যোৱাৰ পথ দেখুৱাই গৈছে ।

       সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই শিশুৰ বাবেও বহুতো গীত ৰচনা কৰিছিল । তেখেতৰ গীতবোৰত শিশুসকলৰ বাবে এক বিশেষ স্থান আছিল । তেখেতৰ গীতবোৰে শিশুসকলক মনোৰঞ্জনৰ লগতে মূল্যবোধৰ শিক্ষা দিছিল । গীতবোৰৰ মাজেৰে শিশুসকলক অসমৰ সংস্কৃতি, পৰিৱেশ আৰু ঐতিহ্যৰ সৈতে পৰিচিত কৰাইছিল ।

       ভূপেন হাজৰিকাৰ গীতত শব্দ সংযোজন ৰীতি : সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই গীতত ব্যৱহাৰ কৰা প্ৰতিটো শব্দই অৰ্থজ্ঞাপক । শব্দৰ যথাৰ্থ প্ৰয়োগে গীতসমূহলৈ সৌন্দৰ্য আনিছে । তেখেতৰ গীতত নিভাঁজ অসমীয়া শব্দৰ সংযোজন ঘটিছে । সংস্কৃত বা আৰ্যমূলীয় শব্দৰ ভিতৰত তৎসম, অৰ্ধ তৎসম, যুৰীয়া তৎসম, অনাৰ্যমূলীয় শব্দ, ধাৰ কৰা শব্দ আদিৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায় । তৎসম শব্দ ; যেনে : পুষ্প, বজ্ৰ, অনল, ভ্ৰমৰ আদি । অৰ্ধ তৎসম শব্দ ; যেনে: সৰগ, শকতি, পৰশ, ধৰম আদি । যুৰীয়া তৎসম শব্দ; যেনে : অহোৰাত্ৰি, বহ্নিমান, হংসগামিনী, ময়ূৰপংখী আদি । অনাৰ্যমূলীয় শব্দ; যেনে : মাইহাং, হেংদান, আবু আদি । ধাৰ কৰা শব্দ; যেনে : মানুষ, দুনীয়া, শিশিৰ, অটোৰিক্সা আদি । তেখেতে গীতত ব্যৱহাৰ কৰা শব্দবোৰ ভালদৰে সংগ্ৰহ কৰাৰ লগতে ভালদৰে সংৰক্ষণ কৰিলে সেইবোৰো অভিধানৰ একোটা অধ্যায় হ’ব পাৰে ।

       তাৰোপৰি, তেখেতৰ কিছুমান গীতত ফঁকৰাযোজনা আৰু খণ্ড বাক্যক নিজস্ব প্ৰয়োগ ৰীতিৰে নতুন বাক্য গাঁথনিৰ সৃষ্টি কৰি ব্যৱহাৰ কৰা দেখা যায় । উদাহৰণস্বৰূপে; ‘শৃগালৰ জাক জাক সিংহৰ এটাই ভাল’ , ‘এনে আইতা নাচনী তাতে নাতিনীৰ বিয়া’ , ‘দুই ম’হৰ যুঁজত আজি বিৰিণা মৰে’ আদি । তেখেতে কিছুমান গীতত জতুৱা ঠাঁচ ব্যৱহাৰ কৰা দেখা যায় । উদাহৰণস্বৰূপে; লাজুকী লতা, কঁহুৱা কোমল, আলসুৱা মেঘ, শেৱালি কোমল আদি ।

       বঁটা আৰু সন্মান :- ড° ভূপেন হাজৰিকা কেৱল অসম আৰু ভাৰতৰে নহয় তেওঁ এজন বিশ্বৰ খ্যাতনামা শিল্পী । তেখেতে অসমক বিশ্বৰ প্ৰেক্ষাপটত জিলিকাই তুলিবলৈ সক্ষম হৈছিল । তেখেতে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ।

       ড° ভূপেন হাজৰিকাই ১৯৬১ চনত ‘শকুন্তলা’ কথাছবি, ১৯৬৪ চনত ‘প্ৰতিধ্বনি’ কথাছবি আৰু ১৯৬৬ চনত  ‘লটি-ঘটি’ কথাছবিৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰে । এই শিল্পীজনাই ১৯৭৩ চনত বাৰ্লিনত অনুষ্ঠিত আন্তৰ্জাতিক যুৱ মহোৎসৱত বিশেষ আমন্ত্ৰিত প্ৰতিনিধিৰূপে যোগদান কৰি সংগীত পৰিৱেশন কৰে আৰু স্বৰ্ণ পদক লাভ কৰে ।

       ড° ভূপেন হাজৰিকাই ১৯৭৫ চনত আব্দুল মজিদ পৰিচালিত ‘চামেলি মেমচাব’ কথাছবিৰ সংগীত পৰিচালনা কৰি শ্ৰেষ্ঠ সংগীত পৰিচালকৰূপে নিৰ্বাচিত হয় আৰু ১৯৭৬ চনত ‘চামেলি মেমচাব’ কথাছবিৰ সংগীত পৰিচালনাত কৃতিত্বৰ পৰিচয় দিয়া ববে ২৩ সংখ্যক ৰাষ্ট্ৰীয় কথাছবি মহোৎসৱত বছৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰূপে ৰাষ্ট্ৰপতিৰ স্বৰ্ণকমল    বঁটা, ১৯৭৭ চনৰ ২ এপ্ৰিলৰ দিনা ৰাষ্ট্ৰপতিৰপৰা ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ সন্মান ‘পদ্মশ্ৰী’ বঁটা , ১৯৭৭ চনত বাংলাদেশত নিৰ্মিত ‘সীমানে পেৰিয়ে’ কথাছবিৰ সংগীত পৰিচালনা কৰি বাংলাদেশ চলচ্চিত্ৰ শিল্প সংস্থা আৰু বাংলাদেশৰ সাংবাদিক সংস্থাৰদ্বাৰা শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা , ১৯৭৭ চনত “মেৰা ধৰম মেৰী মা” কথাছবিৰ  সংগীত পৰিচালনাৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰৰপৰা সোণৰ পদক লাভ কৰে । তেখেতে ১৯৭৮ চনৰ ১০ চেপ্তেম্বৰ তাৰিখে ইংলেণ্ডত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে সংগীত পৰিৱেশন কৰি বি বি চিৰ দ্বাৰা অভিনন্দিত হয় ।

       ১৯৭৮ চনত তেখেতৰ 'আমি এক যাযাবৰ' নামৰ এখন  বাংলা এল পি ৰেকৰ্ড  প্ৰকাশ পায় আৰু সেইখন সৰ্বাধিক বিক্ৰী হোৱাৰ বাবে এইচ এম ভিৰ পৰা তেখেতে গোল্ডেন ডিক্স, ১৯৭৮ চনত সৰ্বভাৰতীয় সমালোচক সংস্থাৰদ্বাৰা ভাৰতৰ শ্ৰেষ্ঠ লোকসংগীত শিল্পীৰূপে সন্মান, ১৯৭৮ চনত “ভূপেন মামাৰ গীতে মাতে অ আ ক খ” নামৰ শিশু আলোচনীখনৰ বাবে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ, ১৯৭৯ চনত ‘নাগিনী কন্যাৰ কাহিনী’ আৰু ‘মহুৱা সুন্দৰী’ নামৰ দুখন মঞ্চ নাটকৰ সংগীত পৰিচালনা কৰি শ্ৰেষ্ঠ সংগীত পৰিচালকৰূপে ‘দিশাৰী পুৰস্কাৰ’ আৰু ‘ঋত্বিক ঘটক বঁটা’ আৰু ১৯৭৯ চনত ‘All India Critic’s Association’ ৰ বঁটা লাভ কৰে ।

       ড° ভূপেন হাজৰিকাই ১৯৮০ চনৰ ১ অক্টোবৰত জাপানৰ ROON নামৰ এটা সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা জাপানলৈ আমন্ত্ৰিত হয় । তেখেতে জাপানলৈ গৈ বিভিন্ন ঠাইত গীত পৰিৱেশন কৰি শ্ৰোতা জনতাক মুগ্ধ কৰে । ROON নামৰ সাংস্কৃতিক গোষ্ঠীটোৱে ভূপেন হাজৰিকাক ‘বিশ্বৰ অন্যতম কন্ঠ শিল্পী, সুৰ শিল্পী আৰু পৃথিৱীৰ অন্যতম সাংস্কৃতিক ৰাষ্ট্ৰদূত’ হিচাপে সন্মান জনায়। তেখেতে ১৯৮৩ চনত উৎকৃষ্ট চলচ্চিত্ৰ নিৰ্মাণৰ উদ্দেশ্যে আৰ্থিক অনুদান আগবঢ়োৱা N.F.D.C.ৰ Script Committee’ ৰ সদস্যৰূপে নিৰ্বাচিত হয় ।

       ইয়াৰ উপৰিও, এই শিল্পীজনাই ১৯৮৪ চনত ‘কালো সিদূঁৰ’ নামৰ বাংলা কথাছবিখনৰ বাবে বাংলা চলচ্চিত্ৰ প্ৰচাৰ সংসদৰপৰা শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা’ , ১৯৮৫ চনত আমেৰিকাৰ নিউ জাৰ্চি চহৰৰ মেয়ৰৰ পৰা Honourary Citizenship সন্মান , ১৯৮৫ চনত All India Radio ৰ Emeritus Producer ৰূপে স্বীকৃতি, ১৯৮৬ চনত কল্পনা লাজমী পৰিচালিত ‘এক পল’ নামৰ হিন্দী কথাছবিখনত সংগীত পৰিচালনা কৰি কলকাতাৰ Bengal Film Journalist Association ৰ বঁটা, ১৯৮৭ চনত Bengal Film Journalist Association ৰ পৰা ‘ইন্দিৰা গান্ধী স্মৃতি পুৰস্কাৰ’ , ১৯৮৭ চনত অসম চৰকাৰৰ পৰা Man of The Year সন্মান, ১৯৮৭ চনত পশ্চিমবংগত ‘চিত্ৰজগত’ পত্ৰিকাৰপৰা ‘প্ৰমথেশ বৰুৱা পুৰস্কাৰ’, ১৯৮৭ চনত অসম শিল্পী দিৱস সমিতিৰদ্বাৰা আয়োজিত চলচ্চিত্ৰ মহোৎসৱত সন্মান , ১৯৮৭ চনত ‘ৰাষ্ট্ৰীয় একতা বঁটা’, ১৯৮৭ চনত ‘শ্ৰীমন্ত শংকৰদেৱ বঁটা’, ১৯৮৭ চনত ‘সংগীত নাটক অকাডেমী বঁটা’ লাভ কৰে । তেখেতে ১৯৮৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ Assam Society of America, Vedanta Society, Assamese Community, Assam Association of North America, South Asia Forum of USA আদি কেইবাটাও সংস্থাৰদ্বাৰা সন্মানিত হয় ।

       উল্লেখযোগ্য ১৯৯১ চনৰ নৱেম্বৰ মাহত কেৰালাৰ ত্ৰিবান্দ্ৰমত হোৱা আন্তৰ্জাতিক শিশু চলচ্চিত্ৰ মহোৎসৱ উপলক্ষে Indian Children Film Society ৰ দ্বাৰা গঠিত উচ্চতম Board of Directors ৰ তেখেতে সদস্যৰূপে মনোনীত হয় ।

       ড° ভূপেন হাজৰিকাই ১৯৯২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ Assam Society, Tagore Society of Indian Students Association আৰু Cultural Association of Bangladesh ৰ আমন্ত্ৰণত আমেৰিকালৈ গৈ চিকাগো, আটলাণ্টা, নিউজাৰ্চি, পেঞ্চিলভেনিয়া আৰু নিউয়ৰ্কত গীত পৰিৱেশন কৰাৰ উপৰিও বিভিন্ন  সভা সমিতিত অংশগ্ৰহণ কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা বঁটা আৰু সন্মান লাভ কৰে । তেখেতে ১৯৯২ চনত ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা,  ১৯৯২ চনত পশ্চিমবংগ চৰকাৰৰপৰা সংগীত জগতলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱাৰ বাবে বঁটা’ , ১৯৯৩ চনৰ ১৫ ফেব্ৰুৱাৰী তাৰিখে কলকাতাৰ ৰবীন্দ্ৰ সদনত আয়োজিত এক বিশেষ অনুষ্ঠানত বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ ছাত্ৰ মঞ্চৰ পৰা ‘পণ্ডিত মদন মোহন মালব্য’ বঁটা লাভ কৰে । তেখেতে ১৯৯৩ চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতি পদত অধিষ্ঠিত হৈছিল ।

       সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই ১৯৯৩ চনৰ ছেপ্তেম্বৰ মাহত জাপানৰ ফুকোকোত অনুষ্ঠিত ‘এছিয়া পেচিফিক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ ত ‘ৰুদালী’ কথাছবিৰ বাবে বছৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা ,১৯৯৩ চনত ভাৰতৰ শ্ৰেষ্ঠ সংগীত শিল্পীৰূপে ‘বলৰাজ সাহনী বঁটা’, ১৯৯৩ চনত লোকসংগীত আৰু বাংলা সংগীত জগতলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে নিউয়ৰ্কৰ Mitalee Cultural Association ৰ পৰা বঁটা, ১৯৯৪ চনত Bengal Film Journalist Association ৰ পৰা ‘দিশাৰী’ বঁটা লাভ কৰে ।

       ১৯৯৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে  ভাৰত চৰকাৰে ড° ভূপেন হাজৰিকালৈ Golden Citizen of India 1947-97 Award আগবঢ়ায় । ১৯৯৭ চনত কলা সংস্কৃতিলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে তেখেতলৈ ‘Sur Singe Songsad Award’ আৰু ‘Meridian BFJA Award’ আগবঢ়োৱা হয় ।


       এই শিল্পীজনাই ২০০০ চনত মধ্যপ্ৰদেশ চৰকাৰৰদ্বাৰা ঘোষিত ৰাষ্ট্ৰীয় ‘লতা মংগেশকাৰ বঁটা’, ২০০০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানজনক ডক্টৰেট ডিগ্ৰী, ২০০১ চনত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা সন্মানজনক ডক্টৰেট ডিগ্ৰী, ২০০২ চনৰ ২৬ জানুৱাৰী তাৰিখে অসমৰ সংগীত জগতলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে ‘দেশৰত্ন বঁটা’ , ২০০২ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতৰ ৫৬ তম্‌ স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰৰ ‘বিশেষ বঁটা’, ২০০৩ চনত কলা সংস্কৃতিলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ‘Prag Ciene Award’ , ২০০৪ চনত প্ৰসাৰ ভাৰতীৰ পৰা ‘National Artist Award’ , ২০০৭ চনত গীতেৰে-গদ্যৰে সুৰ আৰু কণ্ঠেৰে আজীৱন মানৱ সমাজলৈ আগবঢ়াই অহা সেৱাৰ বাবে ‘All India Minority and Weaker Section Council’ ৰ পৰা ‘Mother Teresa International & Millennium Award’, ২০০৯ চনত অসম চৰকাৰৰ তৰফৰ পৰা ‘অসম ৰত্ন’ সন্মান ,২০১২ চনত মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ সন্মান ‘পদ্মবিভূষণ’ আৰু ২০১৯ চনত মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ লাভ কৰে ।


       উপাধি :- ড° ভূপেন হাজৰিকাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা সন্মানজনক উপাধি লাভ কৰিছিল । সেই উপাধিবোৰ হৈছে -


       ১৯৬৮ চনৰ মাৰ্চ মাহত মাজুলীৰ বংশীগোপাল নাট্য মন্দিৰৰ এক বিশেষ অনুষ্ঠানত মাংগলিক ধ্বনিৰে সেই সময়ৰ অসম সাহিত্য সভাৰ সভাপতি আনন্দ চন্দ্ৰ বৰুৱাৰ পৰা ভূপেন হাজৰিকাই ‘সুধাকণ্ঠ’ উপাধি, ১৯৮৮ চনৰ ৭ মাৰ্চ তাৰিখে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰীয় শংকৰদেৱ বিকাশ সমাজৰদ্বাৰা  ‘সংগীত সূৰ্য’ উপাধি, ১৯৯০ চনৰ ১৯ ডিচেম্বৰ তাৰিখে কলকাতাৰ বিৰলা একাডেমী হলত ‘All India Critic’s Association’ ৰ পৰা ‘কলা শিৰোমণি’ উপাধি , ২০০১ চনৰ ১৩ এপ্ৰিল তাৰিখে গুৱাহাটীৰ লতাশিল খেলপথাৰত আয়োজিত বিহু উৎসৱৰ স্বৰ্ণ জয়ন্তীত ‘লুইত ৰত্ন’ উপাধি, ২০০৩ চনৰ ১২ এপ্ৰিল তাৰিখে অসম সত্ৰ মহাসভাৰ পৰা ‘সংগীত চূড়ামণি’ উপাধি আৰু ২০০৮ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে অসম সাহিত্য সভাৰ পৰা ‘সাহিত্যচাৰ্য’ উপাধি লাভ কৰে ।


       মৃত্যু :- সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই প্ৰায় চাৰিমাহ সুদীৰ্ঘ চিকিৎসাৰ অন্তত ২০১১ চনৰ ৫ নৱেম্বৰ তাৰিখে ৮৫ বছৰ বয়সত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত মৃত্যুক সাৱটি লয় । ২০১১ চনৰ ৯ নৱেম্বৰৰ দিনাখন গুৱাহাটী বিশ্ববিদ্যালয়ে দান কৰা মাটিত তেখেতৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় য’ত প্ৰায় পাঁচ লাখ শোকসন্তপ্ত লোকে অংশগ্ৰহণ কৰে ।  জালুকবাৰীস্থিত তেখেতৰ সমাধিক্ষেত্ৰখনত ‘সোণোৱালী সোঁৱৰণি’ নামৰ এটা তিনি মহলীয়া সংগ্ৰহালয়ো আছে য’ত সুধাকণ্ঠদেৱৰ জীৱনৰ লগত জড়িত সামগ্ৰী আৰু আলোকচিত্ৰ আছে ।  তেখেতৰ মৃত্যু দিনটো প্ৰতি বছৰে ‘সুধাকণ্ঠ দিৱস’ হিচাপে পালন কৰা হয় । ২০২৫ চনৰ ৮ চেপ্তেম্বৰ তাৰিখে অসম চৰকাৰৰ উদ্যোগত উদ্‌যাপন কৰা সুধাকণ্ঠদেৱৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সুধাকণ্ঠদেৱৰ  সমাধিক্ষেত্ৰখন ‘ভূপেন হাজৰিকা সমন্বয় তীৰ্থ’ নামেৰে নামাংকিত কৰে ।


       সামৰণি :- সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অসাধাৰণ সংগীত প্ৰতিভা, ৰচনাশৈলীৰ ভাষিক মাধুৰ্য, সুৰ ব্যঞ্জনা, সংগীতৰ প্ৰচাৰ আৰু প্ৰয়োগ বিশ্বতে বিৰল । তেখেত আছিল বৰ অসমৰ বটবৃক্ষ আৰু অসমীয়া জাতিৰ আয়ুসৰেখা । এই বটবৃক্ষডালক সংৰক্ষণ কৰাটোহে আমাৰ প্ৰধান দায়িত্ব । তেখেত বৰ্তমান আমাৰ মাজত নাই যদিও তেখেতৰ সৃষ্টিসমূহে সদায় তেখেতৰ উপস্থিতি সোঁৱৰাই থাকিব আৰু আমাক অসমীয়া হিচাপে সদায় গৌৰাম্বিত কৰি ৰাখিব । নৱ প্ৰজন্মই তেখেতৰ মনৰ পৰিকল্পনাক হৃদয়ৰ অনুভৱেৰে বুজি আৰু হৃদয়াংগম কৰি বৃহৎ অসমীয়া জাতি গঢ়িবৰ কাৰণে অংগীকাৰবদ্ধ হোৱা খুবেই প্ৰয়োজন । 



ভাস্কৰ তালুকদাৰ

তৃতীয় বৰ্গৰ কৰ্মচাৰী

বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়, কামৰূপ


_________


    উৎসসমূহ :  (১) জাৰ্ণাল বায়’গ্ৰাফী ভূপেন হাজৰিকা : ধীৰাজ লহকৰ, ২০০৭ চন ।


                    (২) আজিৰ দৈনিক বাতৰি , ২০১১ চনৰ ৬ নৱেম্বৰ ।


                    (৩) দৈনিক বাতৰিৰ দেওবৰীয়া অনুভূতি : ৩৩ সংখ্যা, ৯ ছেপ্তেম্বৰ, ২০০৭ ।


                    (৪)দৈনিক বাতৰিৰ দেওবৰীয়া অনুভূতি : ২৮০ সংখ্যা, ৪ নৱেম্বৰ, ২০১২ ।


                    (৫) গৰীয়সী : ঊনবিংশ বছৰ, চতুৰ্থ সংখ্যা, জানুৱাৰী, ২০১২ ।


                    (৬) বিশ্বৰত্ন ড° ভূপেন হাজৰিকাৰ জীৱন আৰু সংগীত : ৯ ছেপ্তেম্বৰ, ২০২০ ।


                    (৭) বিশ্ববিদ্যালয়ৰ পৰা বিশ্বাভিমুখে ড° ভূপেন হাজৰিকা : থানেশ্বৰ কুমাৰ ।


                    (৮) কিছুমান তথ্য ইণ্টাৰনেটৰপৰা সংগ্ৰহ কৰা হৈছে ।

Post a Comment

0 Comments