মহিলা সবলীকৰণ আৰু ড° গণেশ্বৰ চহৰীয়া ছাৰ
মহিলা সবলীকৰণ মানে হৈছে সমাজত নাৰীক সমান অধিকাৰ ,সুযোগ আৰু মৰ্যাদা প্ৰদান কৰা । মহিলা সবলীকৰণ মানে কেৱল নাৰীক স্বাধীনতা প্ৰদান কৰাই নহয় ,তেওঁলোকক শিক্ষা ,স্বাস্থ্য ,অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত আগবাঢ়ি যাবলৈ শক্তিশালী কৰি তোলাকে বুজায় । এখন সমাজ তেতিয়াহে সঠিকভাৱে উন্নত হ'ব পাৰে যেতিয়া সেই সমাজৰ নাৰীসকল সুৰক্ষিত ,শিক্ষিত আৰু আত্মনিৰ্ভৰশীল হয় ।
প্ৰাচীন কালত বহুতো সমাজত নাৰীৰ স্থান সীমিত আছিল । কিন্তু সময়ৰ লগে লগে সমাজত পৰিৱৰ্তন আহিছে আৰু নাৰীয়ে বিভিন্ন ক্ষেত্ৰত নিজৰ সামৰ্থ্য প্ৰমাণ কৰিছে ।শিক্ষা ,ৰাজনীতি,উদ্যোগ ,সংস্কৃতি ,আদি সকলো ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।
নাৰী সবলীকৰণৰ বাবে শিক্ষাই আটাইতকৈ গুৰুত্বপূৰ্ণ । শিক্ষাই নাৰীক আত্মবিশ্বাসী আৰু স্বাৱলম্বী কৰি তোলে । শিক্ষিত নাৰী এজনীয়ে কেৱল নিজৰ জীৱনেই উন্নত নকৰে ,নিজৰ পৰিয়াল আৰু সমাজকো উন্নত কৰে । সেইবাবে কোৱা হয় ---" এগৰাকী শিক্ষিত নাৰী মানে এটা শিক্ষিত পৰিয়াল ।"
সমাজত নাৰীৰ প্ৰতি সন্মান আৰু সমান সুযোগ নিশ্চিত কৰা সকলোৰে দায়িত্ব । চৰকাৰ ,সমাজ আৰু পৰিয়াল সকলোৰে সহযোগিতাতেই প্ৰকৃত মহিলা সবলীকৰণ সম্ভৱ । যি সমাজে নাৰীক সন্মান কৰে ,সেই সমাজেই উন্নতিৰ পথত আগবাঢ়ে ।
সেয়ে আমি সকলোৱে নাৰীৰ অধিকাৰ সুৰক্ষিত কৰি তেওঁলোকক শিক্ষা ,সুযোগ আৰু সন্মান দিয়াৰ বাবে আগবাঢ়ি আহিব লাগে ।
এই সকলোবোৰ কথা সাৰোগত কৰি সামাজিক দায়িত্ব পালন কৰিছিল প্ৰয়াত ড° গণেশ্বৰ চহৰীয়াদেৱে । এগৰাকী সৎ ,দক্ষ আৰু ব্যাৱহাৰিক জ্ঞানেৰে পৰিপুষ্ট, ড° চহৰীয়া ছাৰ শিক্ষাবিদ হিচাপে কামৰূপ জিলা, অসম তথা দেশৰ হকে কাম কৰি গৈছিল ।
তেওঁ কৰ্ম জীৱনত এগৰাকী শিক্ষক,জ্ঞান বিজ্ঞান সমিতি অসমৰ প্ৰধান সচিব ,জন শিক্ষণ সংস্থান কামৰূপৰ সঞ্চালক ,ৰাজ্যিক সম্পদ কেন্দ্ৰ অসমৰ অধ্যক্ষ,কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ইত্যাদি পদত থাকি পুৰুষৰ সমানে ফেৰ মাৰিব পৰাকৈ নাৰী সবলীকৰণৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছিল ।
মহিলাসকলক কৰ্মক্ষেত্ৰত সকলো দিশতে মুকলিমূৰীয়াভাৱে কাম কৰাৰ পৰিবেশ সৃষ্টি কৰিব পৰাকৈ বিভিন্ন লিখনিৰ জৰিয়তে তেখেতে সজাগতাৰ সৃষ্টি কৰিছিল । এই ইচ্ছাৰ বহি:প্ৰকাশ ঘটিছিল জন শিক্ষণ সংস্থান কামৰূপৰ সঞ্চালকৰ পদ অলংকৃত কৰি মহিলাসকলক আগবঢ়াই দিয়াত । জনশিক্ষণ সংস্থান কামৰূপত সঞ্চালক হিচাপে থাকি ড° গণেশ্বৰ চহৰীয়াদেৱে বিশেষভাৱে বহু মহিলাক সবলীকৰণ কৰাৰ লগতে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ সক্ষম হৈছিল ।ইয়াৰে মাজত আমি যদি নাম লওঁ বকো অঞ্চলৰ স্বৰ্ণলতা ৰয় ,তেখেতে আজিৰ তাৰিখত নিজাববীয়াকৈ এখন টেইলৰিঙৰ এখন দোকান স্থাপন কৰাৰ উপৰিও বহু মহিলাক প্ৰশিক্ষণ প্ৰদান কৰি আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত সহায় সহযোগ কৰিছে । আনহাতে আমি কামৰূপ জিলাৰ যদি আন এখন ঠাই ছয়গাঁওৰ কথা কওঁ ছয়গাঁওত ৰশ্মি কলিতা, তেখেতকো ড° গণেশ্বৰ চহৰীয়া ছাৰে জনশিক্ষণৰ কাৰ্য্যসূচীৰ জৰিয়তে কাটিং টেইলৰিঙৰ প্ৰশিক্ষণৰ জৰিয়তে স্ব- নিৰ্ভৰশীল কৰাৰ উপৰিও ৰশ্মি কলিতাই আজি ছয়গাঁও অঞ্চলত নিজাববীয়াকৈ মাটি কিনি নিজৰ গিৰীয়েকক ই-ৰিক্সা কিনি দি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন হাজাৰগৰাকী মহিলাক তাৰ উদাহৰণ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছে । আমি যদি কামৰূপ জিলাৰ ৰঙিয়ালৈ যাওঁ তাত অৰ্পনা তালুকদাৰ ,তেওঁ এগৰাকী উদ্যমী মহিলা ,আগতে বিশেষভাৱে একো নাছিল ঘৰতেই কাম কৰি আছিল । এতিয়া জনশিক্ষণৰ কাৰ্য্যসূচীৰ জৰিয়তে ট্ৰেইনিং প্ৰদান কৰি এতিয়া তেওঁ আচলতে আজিৰ তাৰিখত স্বাৱলম্বী হৈছে আৰু কেবাগৰাকীও মহিলাক সাহসেৰে ওলাই আহি কাম কৰাৰ যিটো উদ্যমিতা বিকাশ ,সেই উদ্যমিতা বিকাশত যিখিনি বৰঙণি আগবঢ়াইছে এই ক্ষেত্ৰত ড° গণেশ্বৰ চহৰীয়া ছাৰৰ ভূমিকা অনন্য । গতিকে মহিলা সবলীকৰণৰ ক্ষেত্ৰত আজি তেখেতৰ জৰিয়তে হোৱা কামৰূপ জিলাৰ যিটো উন্নয়ন সেইটো আমি সকলোৱে স্বীকাৰ কৰিব লাগিব । এনেদৰেই তেখেতে মহিলাসকলক বৃত্তিমুখী শিক্ষাৰ জৰিয়তে মহিলা সবলীকৰণৰ সফলতা প্ৰমাণ কৰিবলৈ 'মহিলা সবলীকৰণ' শীৰ্ষক মূল বিষয় হিচাপে লৈ গৱেষণা কৰাৰ বাবে ড° চহৰীয়া মহোদয়ে তেখেতৰ সহধৰ্মিনীক আকৰ্ষিত কৰিছিল । তেখেতৰ সহধৰ্মিনী বিজয়া ডেকা চহৰীয়া বাইদেউক ,ড° বিজয়া ডেকা চহৰীয়ালৈ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যি নিদৰ্শন আগবঢ়াই গ'ল সেয়া এক মহিলা সবলীকৰণৰেই চাক্ষুস প্ৰমাণ । তেওঁ কৰি থৈ যোৱা কৰ্মৰাজিক স্থায়ী মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰত ড° বিজয়া ডেকা চহৰীয়া বাইদেউ এক জলন্ত উদাহৰণ । আজি এই ৮ মাৰ্চ 'আন্তৰ্জাতিক নাৰী দিৱস' উপলক্ষে সমগ্ৰ দেশৰ নাৰী সমাজক তেওঁলোকৰ স্বাধীনতা ,কৰ্মোদ্যম ,সহিষ্ণুতা আৰু ত্যাগৰ প্ৰতি শ্ৰদ্ধা জনাইছো । এই চেগতে প্ৰয়াত ড°গণেশ্বৰ চহৰীয়াদেৱকো মহিলা সবলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে শলাগ লৈছো ।
শ্ৰী চবিন দাস
প্ৰকল্প বিষয়া ,জনশিক্ষণ সংস্থান কামৰূপ,অসম

0 Comments