শ্রদ্ধার্ঘ্য : ড° গণেশ্বৰ চহৰীয়া ছাৰৰ সমীপেষু
শ্ৰদ্ধাৰ ড° গণেশ্বৰ চহৰীয়া ছাৰ,
আপুনি কেৱল এজন ব্যক্তি নহয়,
আপুনি আছিল অসমীয়া সাহিত্য, জ্ঞান
আৰু সমাজ-সচেতনতাৰ এক প্ৰোজ্জ্বল বন্তি ।
অসম সাহিত্য সভাৰ কামৰূপ জিলাৰ সভাপতিৰূপে
আপোনাৰ নেতৃত্বই দিশ দেখুৱাইছিল বহুজনক,
জ্ঞান-বিজ্ঞান সমিতি অসম,
জন শিক্ষণ সংস্থান কামৰূপ,
ৰাজ্যিক সম্পদ কেন্দ্ৰ অসম
আৰু জ্ঞানম-কামৰূপ
--- এই সকলোতে
আপোনাৰ চিন্তা, পৰিশ্ৰম আৰু দায়বদ্ধতাই
আজিও কথা কয় নীৰবে অথচ সজোৰে ।
প্ৰথমে আপোনাক লগ পাইছিলোঁ
জ্ঞানম-কামৰূপৰ প্ৰাংগণত,
সিদিনাই অনুভৱ কৰিছিলোঁ—
আপোনাৰ কথাত আছিল গভীৰতা,
চকুত আছিল শিক্ষকসুলভ মহত্ব,
আচৰণত আছিল এক সৰল মহানতা ।
জ্ঞান বিলোৱাৰ আনন্দত
আপুনি সদায় আছিল অগ্ৰসৰ,
সমাজ গঢ়াৰ সপোন ৰচি
আপুনি যে কেতিয়াও নহ'ল ক্লান্ত ।
আজিও আপোনাৰ শিক্ষা,
আপোনাৰ আদৰ্শ আৰু স্মৃতিয়ে
আমাক পথ দেখুৱাই যাব,
নতুন প্ৰজন্মক যোগাই যাব শক্তি ....
শান্তিত বিশ্ৰাম লওঁক, হে মহান,
আপুনি দিয়া পোহৰ কেতিয়াও নহ'ব স্তিমিত, প্ৰশমিত ।
শ্ৰদ্ধা, কৃতজ্ঞতা আৰু গভীৰ ভালপোৱাৰে
আপোনাক জনালোঁ সহস্ৰ প্ৰণাম .....
ৰণ্টুমণি ডেকা
ভিতৰখোলা মধ্য ইংৰাজী বিদ্যালয় শিক্ষাখণ্ড : কমলপুৰ
0 Comments