header ads

অসমীয়া প্ৰবন্ধ, সাম্প্ৰতিক সময় আৰু দেৱী পূজাৰ প্ৰাসংগিকতা ___এক পৰ্যালোচনা, মামণি কলিতা, ৬ষ্ঠ বছৰৰ ২য় সংখ্যা,

 সাম্প্ৰতিক সময় আৰু দেৱী পূজাৰ প্ৰাসংগিকতা ___এক পৰ্যালোচনা




য়া দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্থিতা

নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নম:

মা দুৰ্গা শক্তিৰ অধিস্তাত্ৰী দেৱী।

অসুৰ বিনাশৰ উদ্দেশ্যে দেৱী দুৰ্গাৰ সৃষ্টিৰ প্ৰয়োজন অহাৰ দৰে আজিৰ সাম্প্ৰতিক সামাজিক পৰিস্থিতিত দেৱী পূজাৰ জৰিয়তে দেৱীৰ আশীষ লাভ কৰি শক্তিমন্ত হৈ নিজৰ লগতে দহকো সুৰক্ষা প্ৰদান কৰাৰ এক আধ্যাত্মিক চিন্তাৰ প্ৰায়োগিক প্ৰয়োজনীয়তা উপলব্ধি কৰা হ'ল। এয়া আজিৰ চিন্তা নহয় , যুগ যুগ ধৰি ধৰাতলৰ বিভিন্ন ঠাইত এই পূজা-অৰ্চনা চলি আহিছে।

বৈচিত্ৰ্যৰ মাজত ঐক্য ৰাখি আমি ভাৰতীয় হিন্দু ধৰ্মাৱলম্বী , শক্তিত বিশ্বাসী শাক্তপন্থীয়ে আন আন দেৱী পূজাৰ দৰে দেৱী দুৰ্গাৰ পূজাও মহা আয়োজনেৰে , ৰীতিগত ভাৱে পালন কৰি আহি আছোঁ। জন্মসূত্ৰেই জনাই নজনাই আৰাধনা কৰি আহিছোঁ দেৱীৰ। জোনাক ৰাতিৰ সন্ধিয়া পিতায়ে আমাক চোতালত বহুৱাই লৈ 'মদ্ভাগৱত গীতা'কে ধৰি ধৰ্মীয় শাস্ত্ৰ সমূহ 'পুথি পঢ়া' পৰ্বৰ মাজেদি আমাৰ আধ্যাত্মিক ধাৰণা প্ৰকট কৰি তুলিছিল। আমি বুজাই নুবুজাই শুনি শুনি শিকি গৈছিলোঁ বহু কাহিনী । আই-বোপায়ে পালন কৰা পূজা-উৎসৱ আদি পালনৰ যোগেদি আমিও মানসিক শক্তি লাভ কৰা যেন অনুভৱ কৰিছিলোঁ সেইকালৰ পৰাই। কথা হ'ল আজিও তেনে এক পৰিবেশৰ মাজত ধৰ্ম আচৰণ কৰি আছোঁ যদিও সামাজিক পৰিবেশে যেন কথাবোৰৰ অৰ্থ অলপ সুকীয়াকৈ দিবলৈ লৈছে।

👉দেৱী মা দুৰ্গা সঁচাকৈয়ে প্ৰতিভূ অৰ্থত এগৰাকী নাৰী নে !

👉আন্মোক্তাৰ ৰূপ লৈ কিয় বাৰে বাৰে ধৰালৈ আহিব লগীয়া হৈছিল __ইও এক প্ৰশ্ন !

👉অসুৰ নিধনৰ বাবে কিয় কেৱল নাৰী ৰূপত সৰ্বশক্তিৰ ৰক্ত সন্মিলিত কৰা হৈছিল !

👉 যদি সঁচা অৰ্থত নাৰীপূজা কৰাই হয়, তেন্তে সমাজত নাৰীৰ ওপৰত আজিও কিয় দমন-শোষণ চলি আছে !

👉কালী, সৰস্বতী, লক্ষ্মী , দুৰ্গা ইত্যাদি নাৰী পূজাৰ চৰ্চা কৰা স্থলীতেই নাৰীয়ে কিয় কাৰোবাৰ কামনাৰ বলি হৈ অকাল মৃত্যুক আকোঁৱালি ল'ব লগা হৈ আছে !

👉ঘৰে-বাহিৰে , বাটে -ঘাটে , আনকি কৰ্মস্থলীতো নাৰী কিয় আজিও সুৰক্ষিত নহয় !

এই ধৰণৰ বিভিন্ন চিন্তাৰ উদ্ৰেক ঘটাটো স্বাভাৱিক। কিয়নো আমি অধ্যয়ন কৰি দেখিছোঁ দেৱী মা দুৰ্গাই অসুৰ বিনাশৰ বাবে ন বাৰকৈ নটা ৰূপ অৰ্থাৎ অৱতাৰ ধাৰণ কৰিবলগীয়া হৈছিল।

দেৱী দুৰ্গাৰ ন টা ৰূপ ক্ৰমে_(নৱৰাত্ৰি)__

১/ শৈলপূৰ্তি __পৰ্বত কন্যা , যিয়ে মনোবল বৃদ্ধি কৰাৰ আশীৰ্বাদ দিয়ে।

২/ ব্ৰহ্মচাৰিণী__যিয়ে ব্ৰহ্মাক জ্ঞান দিয়ে। মন: সংযোগ বৃদ্ধি কৰাৰ আশীৰ্বাদ দিয়ে।

৩/ চন্দ্ৰঘণ্টা ___সাংসাৰিক কষ্টৰ পৰা মুক্তি দিয়াৰ আশীৰ্বাদ দিয়ে।

সিদ্ধি প্ৰদানৰ আশীৰ্বাদ দিয়ে।

৫/ স্কন্দমাতা ___ঘৰৰ অশান্তি নাশৰ পৰা ৰক্ষা কৰে।

৬/ কাত্যায়নী ___শত্ৰু নাশ কৰে।

৭/ মা -কালি ___সকলো আশীৰ্বাদ কৰে।

৮/ মহাগৌৰী প্ৰসন্নমূৰ্তি __বিবাহজনিত সমস্যা দূৰ কৰে।

৯/ সিদ্ধি দাত্ৰী ___সৰ্বসিদ্ধি প্ৰদান কৰে।

          এই নৱৰাত্ৰিত মা দুৰ্গাৰ আৰাধনা , মা ভগৱতী পূজা , গণেশ-কাৰ্ত্তিক , লক্ষ্মী-সৰস্বতীৰ পূজা-পাৰ্বণ কৰা হয়।

            ধৰালৈ অসুৰৰ অত্যাচাৰৰ সমস্যা আহে ,আমি জানো। আজি আহিছে এনে নহয় , ধৰাৰ সৃষ্টিৰ আদি কালৰ পৰাই সমস্যাও লগে লগে আহি আছে । কথা হ'ল সমস্যা ভয়াবহ হোৱাৰ সময়ত দেৱ-দেৱীৰ সকলে উপাই বিহীন হৈ আদি গুৰু ব্ৰহ্মাৰ সহায় বিচাৰে আৰু ব্ৰহ্মাই বিষ্ণু আৰু মহেশ্বৰৰ সহায় লৈ সমস্যা সমাধানৰ ব্যৱস্থা কৰে। সৃষ্টি-স্থিতি আৰু সংহাৰ_ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰতে নিৱিষ্ট থকা হেতু দায়বদ্ধ হৈ ত্ৰিগুৰুৱে উপায় অৱলম্বন কৰে। দেৱী দুৰ্গাৰ সৃষ্টিৰ আঁৰতো তেনে উদ্দেশ্যই নিহিত হৈ আছে। যেতিয়া ধ্যান যোগী হৈ অসুৰ মহিষাসুৰ ধ্যানত পৰিছিল তেতিয়া ব্ৰহ্মাই দেখা দি , কি বৰদান বিচাৰি ধ্যানমগ্ন হ'ল_সেই কথা মহিষাসুৰক সুধিলে। মহিষাসুৰে ক'লে যে তেওঁ অমৰ হ'ব বিচাৰে। তেতিয়া ব্ৰহ্মাই ক'লে _"অসম্ভৱ। এই ধৰালৈ অহা সকলো জীৱৰে এদিন মৃত্যু ঘটিব , ই নিশ্চিত।" তেতিয়া মহিষাসুৰে ক'লে যে তেওঁ ত্ৰিলোক অৰ্থাৎ স্বৰ্গ মৰ্ত্য আৰু পাতালত একছত্ৰী সম্ৰাট হ'ব বিচাৰে । যুদ্ধ কৰি হওঁক , তেওঁক যাতে ত্ৰিলোকৰ কোনেও দিনত বা ৰাতিৰ সময়ত মৃত্যুদণ্ড দিব নোৱাৰে , সেই বৰদান লাগে । তেতিয়া ব্ৰহ্মাই উপাই বিহীন হৈ __হ'ব বুলি কৈ অন্তৰ্ধ্যান হ'ল।

           আন এক কাহিনী অনুসৰি ৰম্ভই সন্তান লাভৰ ফল খাই আহি সংগম লিপ্ত দুই ম'হক তেওঁৰ পিনে খেদি অহা ভয়ংকৰ জন্তু, যেন ভাৱ হৈ মতা ম'হটোক হত্যা কৰাত মাইকী ম'হ জনীৰ কথা ৰাখিব যাওতেই মহিষাসুৰৰ জন্ম হয়। ম'হ আৰু মানুহৰ সংগমত জন্ম হোৱাত ম'হ আৰু মানুহৰ লক্ষণ বহন কৰি আকৃতিত এক অবিনাশী অসুৰ হৈ পৰিল মহিষাসুৰ। স্বৰ্গ-মৰ্ত্য-পাতালত নিজৰ আসুৰিক অত্যাচাৰেৰে তল-ওপৰ লগাবলৈ ধৰিলে। ত্ৰাহি মধুসূদন দেখি জীৱকুলে ব্ৰহ্মা-বিষ্ণু- মহেশ্বৰৰ সহায় বিচাৰিলে। তেতিয়া আলোচনা কৰি ব্ৰহ্মা , বিষ্ণু আৰু মহেশ্বৰৰ লগতে সকলো দেৱতাৰে ৰক্ত(বীৰ্য) একথূপ কৰি সৃষ্টি কৰা হ'ল এক অপৰূপা মোহময়ী নাৰী যিয়ে ৰূপ ল'লে দহখন হাত লৈ দুৰ্গা দেৱী ৰূপে। অৱশ্যে দুৰ্গম নামে অসুৰক বধ কৰা বাবে দুৰ্গা নামে পৰিচিত হয় বুলিও শ্ৰী শ্ৰী চন্দী মাৰ্কণ্ডেয় পুৰাণত উল্লেখ আছে । দুৰ্গা নামৰ এক ব্যুৎপত্তিগত অৰ্থ হৈছে __

দ ৰে দৈত্য নাশক,

উ ৰে ( উ কাৰ) বিঘ্ন নাশক,

ৰ ৰে (ৰেফ) ৰোগ নাশক,

গ ৰে পাপ নাশক

আ ৰে শত্ৰু নাশক

       এই দীপলিপ ষোড়শীক দেখি মহিষাসুৰ মোহিত হ'ল আৰু সেয়ে " নাৰী হত্যা মহাপাপ "__এই কৰ্ম নকৰি বিবাহৰ প্ৰস্তাৱ দি গোপনে দুৰ্গাক বশ কৰাৰ অভিসন্ধি ৰচিলে মহিষাসুৰে । দেৱী দুৰ্গাইও নিজৰ উদ্দেশ্য সিদ্ধিৰ অৰ্থে চৰ্ত দিলে যে যুদ্ধত দেৱীক পৰাস্ত কৰিব পাৰিলেই দেৱী দুৰ্গাই অসুৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'ব। এইদৰে দুয়োৰে মাজত তুমুল ৰণ হ'ল আৰু একেৰাহে ন দিন যুদ্ধ কৰি অষ্টমী তিথিৰ দিনা মহিষাসুৰৰ মাতৃক বধ কৰিলে দেৱীয়ে । কিয়নো মাতৃক বধ কৰিব নোৱাৰিলে মহিষাসুৰক বধ কৰিব নোৱাৰে। তেতিয়াৰ পৰাই অষ্টমী তিথিৰ দিনা ম'হ বলি দিয়ে ঠাই বিশেষে। এনেদৰে নৱমী তিথিৰ দিনা মহাদেৱে দিয়া ত্ৰিশূলেৰে দেৱীয়ে মহা অসুৰৰ বুকু ভেদিলে।

দিন আৰু ৰাতিৰ সন্ধিক্ষণত ভক্ত প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক নৰসিংহ অৱতাৰ লৈ বধ কৰাৰ দৰে মহিষাসুৰকো চেগ বুজি দেৱী মা দুৰ্গাই বধ কৰিলে মহাদেৱে দিয়া ত্ৰিশূলেৰে। স্বৰ্গ মৰ্ত্যলৈ নামি আহিল সুখৰ লহৰ। পিছদিনা মহাদেৱৰ পৰামৰ্শক্ৰমে গংগা নৈত দেৱী মা দুৰ্গাই অন্তৰ্ধ্যান কৰে বাবে অসুৰৰ মূৰ্তি নৈত উটুৱাই দিয়া হয় আৰু অসুৰৰ প্ৰতিমূৰ্ত্তি সাজি জ্বলাই দি সমাজৰ পৰা অসূয়া অপ্ৰীতি নাইকীয়া কৰাৰ প্ৰয়াস কৰা হয়।

        এতিয়া প্ৰশ্ন আহিল নাৰী আৰু নাৰীৰ ৰূপ লাৱণ্যৰ আশ্ৰয় কিয় লোৱা হৈছিল !

👉 নাৰীৰ ৰূপ-লাৱণ্যৰ আশ্ৰয় লৈ অসুৰ নিধন কৰাৰ বাহিৰে আন উপায় নাছিল নেকি !

👉নাৰী হত্যা মহাপাপ যদি হয় তেন্তে শ জনী নিৰ্ভয়া বা শ জনী মৌমিতাক হত্যা কৰি পাপীসকল কেনেকৈ জীয়াই থাকিব পাৰে এই ধৰাত !

তাৰ উত্তৰ একাষাৰে দি সামৰিব লাগিব যে দুৰ্ঘোৰ কলিকাল চলি আছে। সত্য-ত্ৰেতা-দ্বাপৰৰ ৰীতি-নীতি এতিয়া আমাৰ সমাজত নচলে ; কাৰণ নেজ নাইকীয়া অসুৰৰ সংখ্যা বহু বেছি বাঢ়ি গ'ল। দেখাত আসুৰিক ৰং ধং নোহোৱা কিন্তু আসুৰিক আচৰণেৰে একাংশই সমাজলৈ নমাই আনে বিশৃংখলতা । জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ চিন্তাৰ পৰিবৰ্তন ঘটিল, খাদ্যাভ্যাসৰ পৰিবৰ্তন ঘটিল। অভাৱে জুৰুলা কৰিলে, ফলত স্বভাৱ নষ্ট হ'ল। এচাম মানুহৰ বিবেকত ঘূণে ধৰিলে , ঘূণ পোকে ঘৰৰ কাঠ বাঁহ নষ্ট কৰাৰ দৰে , একাংশ দুষ্ট প্ৰকৃতিৰ মানুহেও সামাজিক পৰিবেশ দূষিত কৰে।

        এই সমস্ত অসূয়া অপ্ৰীতি দূৰ কৰাৰ উদ্দেশ্যে দেৱী দুৰ্গা দশভূজা অৰ্থাৎ দহখন হাতৰ অধিকাৰী। ইয়াৰে ক্ষত্ৰিয়, ব্ৰাহ্মণ, বৈশ্য আৰু শূদ্ৰ _এই চাৰি বৰ্ণৰ দুখনকৈ হাত আৰু নাৰী জাতিৰ ৰক্ষাৰ হেতু নাৰীৰ দুখন হাত। মুঠ অষ্টহস্তযুক্ত অস্ত্ৰসমৃদ্ধ দেৱী মা দুৰ্গা । এই দহখন হাতৰ নাৰী জাতি ৰক্ষাৰ হেতু মহাদেৱে দিয়া ত্ৰিশূল( এহাতে একাংশৰ মতে তিনিটা বস্তুক সূচায় __সত্ত্ব,ৰজ আৰু তম এই তিনি গুণৰ সমষ্টি , আনহাতে একাংশই সৃষ্টি ,স্থিতি আৰু প্ৰলয়ৰ প্ৰতীক বুলিও ক'ব বিচাৰে) মূল নাৰী ৰক্ষাৰ হাতত থাকে। ত্ৰিশূলৰ উপৰিও থাকে এডাল সাপ (শিৱই দিয়া) ; বিষ্ণুৱে প্ৰদান কৰিছিল সুদৰ্শন চক্ৰ ( ব্ৰহ্মাণ্ডৰ প্ৰতীক , দেৱীৰ শক্তিৰ কেন্দ্ৰস্থল , ১০৮ ডাল ধৰাল ফলা থাকে); যমৰাজে দিছিল গদা ( মুহুৰ্ততে মোহ চূৰ্ণ কৰে ), তৰোৱাল এখন ( মৃত্যুৰ পৰিচায়ক, ন্যায়ৰ বিচাৰক বুলি বুজায়); বিশ্বকৰ্মাই প্ৰদান কৰিছিল বহু অস্ত্ৰৰ লগতে কুঠাৰ( নিৰ্মাণ আৰু ধ্বংসৰ পৰিচায়ক); বায়ুদেৱতা পৱনে ধনু্ৰ্বাণ দিছিল ( গতিশক্তিৰ প্ৰতীক); অগ্নিদেৱতাই অগ্নি( জ্ঞান আৰু প্ৰাকৃতিক শক্তিৰ প্ৰতীক,_ অশুভ,ক্লেদ দহনৰ উদ্দেশ্যে); ইন্দ্ৰই প্ৰদান কৰে বজ্ৰ ; জলদেৱতাই শঙ্খ ( প্ৰাণ সূচনাৰ প্ৰতীক); ব্ৰহ্মাই পদ্ম আৰু কমণ্ডলু ( নিৰ্মল সুন্দৰ, চৈতন্যৰ প্ৰতীক)__এই দহো অস্ত্ৰই মনৰ অন্ধকাৰ আৰু জেদ আঁতৰ কৰে।ধৰালৈ শান্তি আৰু আশাৰ বতৰা কঢ়িয়াই আনে। এয়া যুগ যুগ ধৰি উৎসৱ আকাৰে পালন কৰি অহা লোকবিশ্বাস ।

         এই আসুৰিক সমস্যাবোৰ আজিৰ নতুন ঘটনা নহয়। সামাজিক মাধ্যমৰ প্ৰচলনৰ আগতো হয়টো এনে আসুৰিক অত্যাচাৰৰ বলি কোনোবা নাৰী হ'বলগীয়া হৈছিল। কথা হ'ল সেই সময়ত সামাজিক মাধ্যম প্ৰচুৰ প্ৰচাৰ বহুল নাছিল। লাহে লাহে মানুহৰ সংখ্যা বাঢ়ি আহিল, প্ৰচাৰ মাধ্যমৰো প্ৰসাৰ হ'ল। সেই বাবে কথাবোৰ পোহৰলৈ অহাত সহজ হ'ল। বিশেষকৈ মোবাইলৰ জৰিয়তে ঘটনাবোৰ ভাইৰেল হ'বলৈ ধৰিলে।

         অতি সাম্প্ৰতিক এই ভয়াবহ আতংকময় এটা পৰিবেশ যে গঢ় লৈ উঠা নাই তাক আমি একাষাৰে নুই কৰিব নোৱাৰোঁ। এই সময়ত কাৰ কি কৰণীয় দায়িত্ব তাকো আমি অনুধাৱন কৰাৰ প্ৰয়োজন আহি গৈছে । নাৰী সকলক সমস্যা সমাধানৰ প্ৰতিনিধি বুলি ভবাৰ আৰু ব্যৱহাৰ কৰাৰ আঁৰত নিশ্চয় নাৰীৰ শক্তি অতি প্ৰৱলভাৱে সেই ঋষি- মুনি-তপস্বী আৰু অসুৰ-মহাসুৰৰ দিনতেই গুৰুত্ব সহকাৰে লোৱা হৈছিল। প্ৰজনন ক্ষমতা বহন কৰি সভ্যতাৰ সোঁত বোৱাই ৰখা নাৰী হয়টো শাৰীৰিক ভাৱে দুৰ্বল হয় এটা সময়ত। প্ৰয়োজনত সন্তানৰ বাবে বাঘিনী হোৱাৰ দৰে অসুৰৰূপী দানৱৰ সমুখতো নাৰী অৱলা হৈ ধৰা দি আত্মসমৰ্পন কৰাৰ বিপৰীতে ইচ্ছা শক্তি জগাই তুলি কেতিয়াবা কালিৰ ৰূপো ধাৰণ কৰিব পাৰিব লাগিব। কথিত আছে যে নাৰীৰ মোহময়ী ৰূপ লাৱণ্যৰ ওচৰত সকলো পুৰুষেই বশ হৈ যায়। সেই কাৰণেই হয়তো পৃথিৱীৰ সমস্ত দেৱ দেৱীৰ ৰক্ত( ৰক্ত বীৰ্য ) মিশ্ৰণ কৰি সৃষ্টি কৰা হৈছিল দেৱী মা দুৰ্গাক। ৰূপত মুগ্ধ হৈ অসুৰো বশ হৈছিল। আজিৰ নাৰীয়েও বাহ্যিক দৃষ্টিত দুৰ্গা মাৰ দৰে অপৰূপা নহ'লেও আভ্যন্তৰীণ দৃষ্টিত যাতে মানুহৰ হৃদয় জয় কৰিব পাৰে তাৰ বাবে নিজকে শক্তিশালী ৰূপত সৱলীকৰণৰ চেষ্টা কৰিব লাগে।

তেনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, নিজকে উপযুক্ত কৰি তুলিব লাগে ।

শিক্ষা -দীক্ষাৰ লগতে শাৰীৰিক শক্তি আহৰণৰ কৌশল আয়ত্ব কৰি ; কম্ফু,টাইকোৱানডো শিকি নিজকে ৰণ জিকি অহাৰ কৌশলেৰে উপযুক্ত কৰি গঢ়ি তুলিব লাগে।

আটাইতকৈ লক্ষ্যণীয় দিশটো হ'ল ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰে কৰিব পৰা দায়িত্ব নলৈ অৰ্পণ কৰিছিল দুৰ্গাক। কাৰণ নাৰী হত্যা মহাপাপ সেই সময়ত সকলোৰে কৰ্ণগোচৰ হৈছিল আৰু পুৰুষ হ'লে আকৌ তয়াময়া ৰণ হৈ ৰণত হাৰি যোৱাৰ আশংকাও কৰা হৈছিল নিশ্চয়কৈ। গতিকে...গতিকে, নাৰীৰ শক্তি অতুলনীয় । তাক সকলোৱে অকপতে স্বীকাৰ কৰিব লাগিব। এই শাৰদীয় পূজা-পাৰ্বণেৰে সেয়ে শাক্তপন্থীসকলে দেৱীক সন্তুষ্ট কৰি নিজেও শক্তি আহৰণৰ এক আধ্যাত্মিক প্ৰয়াস কৰে।

                 শেষত , ধৰ্মপ্ৰাণ ৰাইজলৈ মোৰ একান্ত বিনম্ৰ অনুৰোধ এই যে , ধৰ্মক লৈ গোড়ামী নকৰিব। কিয়নো নিজ নিজ দৃষ্টিভংগত নিজৰটো সদায়ে শ্ৰেষ্ঠ । আন ধৰ্ম আচৰণকাৰীক হীন দৃষ্টিৰে নেচাব। আমাক সংবিধানে জনাই এনেদৰে যে , যদিহে অদূৰ ভৱিষ্যতে সমাজত বিশেষ এটা ধৰ্মীয় আচৰণ সৰ্বজন গ্ৰাহ্য বুলি প্ৰতিপন্ন কৰিব পৰা যায় , ধাৰ্মিক কাম-কাজৰ চৰ্চাৰ মাজদি তেতিয়া হয়তো এটা ধৰ্মই সকলোকে এডাল এনাজৰীৰে নিশ্চয়কৈ নবন্ধাকৈ নেথাকে । আমি সকলোৱে এটা বিশেষ অদৃশ্য শক্তিত বিশ্বাসী। যাক আমি ভিন ভিন নামেৰে নামাকৰণ কৰিছোঁ বা বিভূষিত কৰিছোঁ ভিন ভিন দৃষ্টিৰে । আচৰণ পদ্ধতিও সেয়ে ভিন ভিন হয়। জীৱ মাত্ৰে ভগৱান আছে _আমাৰ অটল বিশ্বাস। কাৰো মনত কষ্ট দি আঘাত কৰি আমি __"আমাৰ ধৰ্ম আচৰণ কৰক বা মানিবই লাগিব" _আদি দাবী কৰাৰ থল আচলতে নাই । যিয়ে যেনেকৈ পৰিবেশ ৰচনা কৰে তেনেকৈ নিজৰ মন-প্ৰাণ শুদ্ধ হোৱাকৈ মুক্তিৰ পথ অৱলম্বন কৰক , তাত কোনেও বাধা আৰোপ কৰাটো অশোভনীয়। কিয়নো যুগ যুগ ধৰি আমি ভাৰতীয়সকলে বৈচিত্ৰ্যৰ মাজত ঐক্য ৰাখি , কোনেও কাকো বাধা নিদিয়াকৈ ধৰ্ম আচৰণ কৰি আছোঁ । তেনেকৈ আত্মসন্তুষ্টি লাভ কৰিবলৈ দিয়া উচিত । সকলোৰে বিশ্বাস এটা বিশেষ শক্তিতহে , মাথোঁ আৰাধনাৰ আচৰণ পদ্ধতি সুকীয়া । সেয়ে সকলোৱে "মানৱতা" শ্ৰেষ্ঠ ধৰ্মক গুৰুত্ব দি আগবাঢ়ক নিজৰ গতিত। এইটো লক্ষ্য ৰাখিব লাগিব যে আমি দেশৰ বা দহৰ হিতৰ বিপৰীতে যদি কিবা অবৈজ্ঞানিক নীতি মানি আইমাতৃ সেউজী ধৰণীৰ কিবা অহিত চিন্তা কৰি আছোঁ অন্ধ ভাৱে অনুকৰণ কৰি , তেন্তে সেইসমূহ সংশোধন কৰা উচিত। ৰীতি-নীতি মানুহে গঢ়া। প্ৰতিটো নীতি তৈয়াৰ কৰিছে মানুহে । গতিকে, পৃথিৱীয়ে ভাৰ সহিব পৰাৰ কথাও আমি চিন্তা কৰা দৰকাৰ। প্ৰতিটো নীতিৰ আঁৰত বৈজ্ঞানিক নিয়ম অন্তৰ্নিহিত হৈ আছে। সেইকাৰণে সুদূৰপ্ৰসাৰী দৃষ্টি ভংগীৰে ধৰ্ম আচৰণ কৰিলে , কোনেও কাকো বাধা দিবলগীয়া নহ'ব বা কোনো অসন্তোষ নহ'বগৈ। সকলোৱে সকলোকে সন্মান জনাওক , নিজেও সন্মান আদায় কৰিবলৈ সক্ষম হৈ শান্তিৰে জীয়াই থকা দিনকেইটা অতিবাহিত কৰক। অন্যথা আপোনাৰ ধৰ্মৰ চৰ্চা ইমানেই গভীৰভাৱে কৰক , কোনেও বাধা নোপোৱাকৈ , যাতে আপুনি আচৰণ কৰা বিধিহে পালন কৰিবলৈ ভক্তপ্ৰাণ ৰাইজ আগ্ৰহী হৈ পৰে। অবৈজ্ঞানিক- ৰক্ষণশীল মনোভাৱ পৰিহাৰ কৰি নিজ নিজ ধৰ্ম আচৰণ কৰিলে পৃথিৱী সুখ-শান্তিৰে ভৰি পৰিব , তাৰেহে চিন্তা সকলোৱে কৰক ।

জয় মা দুৰ্গা ।



মামণি কলিতা

সহকাৰী শিক্ষয়িত্ৰী

বেড়ীগাঁও প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড : ৰাণী


Post a Comment

0 Comments