অনুভৱৰ সৰু সৰু কথাবোৰ আৰু ভাল মানুহজন
'ভাল মানুহবোৰ এই পৃথিৱীত বেছিদিন নাথাকে।'
তেওলোকে কিছুমান বিশেষ কাম কৰিবলৈ পৃথিৱীলৈ আহে আৰু হয়তো কামবোৰ সমাপন কৰি আকৌ গুচি যায় ক'ৰবালৈ। সময়ৰ বালিত তেওঁলোকে খোজ এৰি থৈ যায় আন দহজনলৈ। ভাল কামবোৰ কৰি যাবলৈ প্ৰেৰণা যোগাই থৈ যায় আৰু বহুজনক। এই ভাল ভাল কাম কৰা মানুহবোৰকেই আমি ভাল মানুহ বুলি কওঁ। তেওঁলোকৰ চিন্তা, আচাৰ ব্যৱহাৰ, ধ্যান-ধাৰণাৰ সৈতে যেতিয়াই একাত্ম হোৱাৰ সুযোগ পাওঁ তেতিয়াই কোনো বিশেষ সংজ্ঞা নোহোৱাকৈয়েই তেওঁ আমাৰ মনত ভাল মানুহৰ আসনখন অধিকাৰ কৰে।
তেনে এগৰাকী ভাল মানুহ আছিল আমাৰ শ্ৰদ্ধাৰ ড৹ গণেশ্বৰ চহৰীয়া চাৰ। অতি সৰল অমায়িক, মৃদুভাষী মানুহজনৰ হাঁহিটো সদায়েই যেন মুখতেই লাগি আছিল।
চাৰক প্ৰথম লগ পাইছিলোঁ ২০১২ চনৰ মে মাহৰ কোনোবা এটা তাৰিখত । নতুনকৈ চাকৰিত যোগদান কৰিয়েই ষোল্ল দিনৰ এটা ট্ৰেইনিং পাইছিলোঁ বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত । তাতেই সমল ব্যক্তি ৰূপত প্ৰথমবাৰ চিনাকি হৈছিলোঁ চাৰৰ সৈতে । প্ৰথম ভাষণতেই কোৱা কথাষাৰ আছিল-" শিক্ষক সকলৰ পোছাক -পাতি সদায়েই পৰিস্কাৰ পৰিচন্ন আৰু মাৰ্জিত হোৱা উচিত ।" তেওঁৰ কথাবোৰ অতি মনোগ্ৰাহী হোৱাৰ লগতে যথেষ্ট অৰ্থবহ আছিল।
পৰবৰ্তী সময়ত তেওঁক বহুত বাৰ লগ পালোঁ । কামৰূপৰ এটা শৈক্ষিক গোট "জ্ঞানম" ৰ তেখেত উপদেষ্টাৰ পদত আছিল। জ্ঞানমৰ জৰিয়তেই চাৰক আৰু ওচৰৰ পৰা পোৱাৰ সুযোগ পালোঁ । এই সুযোগটোৱে আমাৰ দৰে মানুহবোৰক সমৃদ্ধ কৰিলে। প্ৰতিবাৰেই তেখেতৰ পৰা কিবা নহয় কিবা এটা শিকিলোঁ। সহজ-সৰল জীৱন জীয়ায়ো কেনেকৈ সমাজখনক আগবঢ়াই নিব পৰাকৈ ডাঙৰ ডাঙৰ চিন্তা কৰিব পাৰি তেখেতৰ পৰাই শিকিছিলোঁ।
Simple living but high thinking কথাষাৰ চহৰীয়া চাৰ আৰু বাইদেউৰ ক্ষেত্ৰত যেন সচাঁকৈয়েই প্ৰতিফলিত হয়।
এবাৰ চাৰৰ ঘৰলৈ যাওঁতে তেওঁলোকৰ ঘৰখন চাই অনুভৱ কৰিব পাৰিছিলোঁ যে চাৰ আৰু বিজয়া বাইদেউ জ্ঞানৰ সাগৰতেই ডুবি থাকে । এটা আপুৰুগীয়া লাইব্ৰেৰী দেখিছিলোঁ যত বহু বছৰৰ পৰা প্ৰান্তিক সঁফুৰাকে ধৰি বহুতো আলোচনী আৰু বাতৰি-কাকত বৰ যত্নৰে থোৱা দেখিছিলোঁ। উভতি অহাৰ পৰত বাইদেৱে দিয়া কাপোৰৰ বেগৰ কিতাপৰ টোপোলাটো সচাঁকৈয়ে মনত সাঁচ বহুৱাই থৈ গ'ল।
এনেকৈ চাৰৰ লগত অনুভৱৰ টোপোলাটো গোটাইছিলোহে , এদিন চাৰেই নোহোৱা হৈ থাকিল। ভাল মানুহবোৰ সচাঁকৈয়েই আঁতৰি গ'ল বৰ সোনকালেই ।
চাৰ যতেই আছে , শান্তিৰে থাকক । তাৰেই কামনা কৰিছোঁ।
পল্লবী পাঠক।
সহকাৰী শিক্ষয়িত্ৰী।
শিঙিমাৰী পুখুৰীপাৰ মধ্য ইংৰাজী বিদ্যালয়।
শিক্ষাখণ্ড: ছয়গাঁও

0 Comments