প্ৰেৰণা আৰু পথপ্ৰদৰ্শক: ড° গণেশ্বৰ চহৰীয়া ছাৰ






মানৱ জীৱনৰ দীঘলীয়া যাত্ৰা পথত কিছুমান ব্যক্তিত্ব এনে থাকে, যিসকলে নিজৰ কৰ্ম, আদৰ্শ আৰু স্নেহেৰে আনৰ জীৱন আলোকিত কৰি তোলে। মোৰ জীৱনত তেনে এজন মহান ব্যক্তি আছিল ড° গণেশ্বৰ চহৰীয়া ছাৰ। তেওঁ মোৰ প্ৰত্যক্ষ শিক্ষক নাছিল যদিও মোৰ জীৱনৰ সঠিক গতিপথ নিৰ্ধাৰণ কৰাত তেওঁৰ ভূমিকা অসামান্য।

বকো অঞ্চলৰ এজন আদৰ্শবান শিক্ষক হিচাপে তেওঁৰ খ্যাতি আগৰে পৰাই শুনিছিলোঁ। ২০০৯ চনত বি.এড কলেজত এটা পদ খালী আছে বুলি গ'ম পাই ইণ্টাৰভিউ দিছিলোঁ। কেইদিনমানৰ পিছত এদিন ছাৰে ফোন কৰি ক’লে—“তুমি নিৰ্বাচিত হৈছা, অহাকালিৰ পৰা আহিবা, ক্লাছ ল’ব লাগিব।” সেই সৰল বাক্যখিনিয়ে যেন মোৰ জীৱনৰ এক নতুন অধ্যায়ৰ দুৱাৰ মুকলি কৰিলে।

তাৰ পিছত দীঘলীয়া সময়ছোৱা মই ছাৰৰ সান্নিধ্যত বি.এড কলেজত প্ৰায় ৯ বছৰ শিক্ষকতা কৰাৰ সুযোগ লাভ কৰিছিলোঁ। সেই সময়খিনি মোৰ জীৱনৰ এক অমূল্য অধ্যায়। ছাৰৰ নেতৃত্বত কাম কৰি মই শিকিলোঁ যে এজন শিক্ষক হ’বলৈ কেৱল পাঠদানৰ দক্ষতাই যথেষ্ট নহয়; শিক্ষকৰ আচৰণ, দায়িত্ববোধ, সময়নিষ্ঠা আৰু নৈতিকতা—এই সকলোবোৰ মিলিয়েই এজন সত্যিকাৰ শিক্ষকৰ পৰিচয় গঢ়ে।

মোৰ কঠোৰ পৰিশ্ৰমী স্বভাৱ আৰু নিষ্ঠাৰে পালন কৰা দায়িত্বৰ বাবে ছাৰে সদায় মোক প্ৰশংসা কৰিছিল। কৰ্মৰত সময়ত তেওঁৰ মুখৰ পৰা ওলোৱা প্ৰশংসাৰ বাক্যবোৰে মোক অধিক দায়িত্বশীল আৰু আত্মবিশ্বাসী কৰি তুলিছিল। বিশেষকৈ যেতিয়া কোনো অনুষ্ঠান বা সভাত তেওঁ মোৰ কামৰ স্বীকৃতি দিছিল, তেতিয়া মই বুজিছিলোঁ যে শিক্ষক হিচাপে মোৰ পথ সঠিক।

কলেজৰ পৰা ওলাই অহাৰ পিছতো ছাৰৰ স্নেহ আৰু আশীৰ্বাদ কেতিয়াও কম হোৱা নাছিল। য’তেই লগ পাইছিলোঁ, তাতেই তেওঁ আগৰ দৰে উৎসাহ দিছিল, নতুন কাম কৰিবলৈ প্ৰেৰণা দিছিল। তেওঁৰ সেই অকৃত্ৰিম উৎসাহ মোৰ বাবে আছিল এক অদৃশ্য শক্তি, যিয়ে মোক আগবাঢ়িবলৈ সদায় অনুপ্ৰাণিত কৰিছিল।

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছতো হয়তো মই আৰু আগবাঢ়িবলৈ সাহস নকৰিলোঁহেঁতেন। কিন্তু ছাৰৰ অটল বিশ্বাস—“তুমি পাৰিবা”—এই শব্দখিনিয়ে মোৰ অন্তৰত দৃঢ় আত্মবিশ্বাস জগাই তুলিছিল। তেওঁৰ সহায় আৰু অনুপ্ৰেৰণাৰ ফলতেই মই ডক্টৰেট ডিগ্ৰীৰ বাবে নামভৰ্তি কৰিবলৈ সাহস কৰিছিলোঁ। তেওঁ কেৱল মানসিকভাৱে নহয়, আৰ্থিকভাৱেও সহায় কৰিছিল। আজিও তেওঁ দিয়া লেপটপটো ব্যৱহাৰ কৰি থাকোঁ—যেন সেইটো কেৱল এটা যন্ত্ৰ নহয়, তেওঁৰ বিশ্বাস আৰু আশীৰ্বাদৰ প্ৰতীক।

আজিৰ দিনত তেওঁ আমাৰ মাজত শাৰীৰিকভাৱে উপস্থিত নাই—এই কথা হৃদয়ে সহজে মানি ল’ব নোৱাৰে। তথাপিও মই দৃঢ় বিশ্বাস কৰোঁ, এজন সত্যিকাৰ শিক্ষক কেতিয়াও অন্তৰ্ধান নহয়। তেওঁৰ নীতি, আদৰ্শ আৰু শিক্ষণ শিষ্যৰ জীৱনত সদায় জীয়াই থাকে। মোৰ জীৱনৰ প্ৰতিটো সাফল্য, প্ৰতিটো আগবঢ়া পদক্ষেপতেই মই ছাৰৰ স্নেহ আৰু আশীৰ্বাদ অনুভৱ কৰোঁ।

সঁচাকৈয়ে, ড° গণেশ্বৰ চহৰীয়া ছাৰ মোৰ জীৱনৰ প্ৰেৰণা আৰু পথপ্ৰদৰ্শক হিচাপে চিৰদিন জীয়াই থাকিব। তেওঁৰ ওচৰত মই চিৰঋণী।

ড° বৰ্ণালী ৰাভা 

সহকাৰী অধ্যাপিকা 

লক্ষীপুৰ মহাবিদ্যালয়