ড° গণেশ্বৰ চহৰীয়া মহোদয়ৰ সান্নিধ্য স্মৰণ আৰু একাঁজলি শ্ৰদ্ধাঞ্জলি
১০ জানুৱাৰী,২০২৬ তাৰিখে শৈক্ষিক গোট, জ্ঞানমৰ হোৱাটছাপ গ্ৰুপত এটি বাৰ্তা (মেছেজ) পালো- আমাৰ সন্মানীয় সদস্য নব নাথে জনাইছে যে, “এটি দুখৰ খবৰ আছে যে যোৱাকালি আমাৰ সন্মানীয় উপদেষ্টা মহোদয় শ্ৰদ্ধাৰ ড° গণেশ্বৰ চহৰীয়া চাৰ বকো বজাৰৰ সমীপত দুচকীয়া বাহনৰ সৈতে ৰাস্তাত পিছল খাই পৰি আঘাতপ্ৰাপ্ত হয়। X - Ray তথ্য অনুসৰি তেখেতৰ বাও ভৰিৰ ওপৰৰ ফালে কিছু আঘাত দেখা গৈছে। আজি বকো আয়ুসকল্প নাৰ্চিং হোমত ডাক্তৰে ৩ মাহৰ বাবে বিচনাত বিশ্ৰামৰ পৰামৰ্শ দিয়ে। এতিয়া তেখেত সুস্থ আৰু নিজা বাসভৱনত আছে।“
ড° চহৰীয়া মহোদয়ক ৩ মাহ বিচনাত জিৰণীৰ বাবে ডাক্তৰে পৰামৰ্শ দিছে বুলি জানিব পাৰিয়ে মনটো বৰ গধুৰ লাগিল । অতি বেছি ব্যস্ত ব্যক্তিগৰাকী কেনেদৰে বিচনাত থাকিব ! কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি হিচাপে ‘চিৰচেনেহী মোৰ ভাষা জননী’ৰ বাবে বহু ন ন পৰিকল্পনা হাতত লৈছে ।
১২ জানুৱাৰী২০২৬ তাৰিখে বিভাগীয় কামৰ বাবে বকোলৈ যাওতে ড° গণেশ্বৰ চহৰীয়া মহোদয়ৰ বাসগৃহত খবৰ লবলৈ বুলি গৈছিলো । তেখেত বিচনাত শুই থকা কোঠাটোলৈ সোমাই ‘ছাৰ’ - বুলি মাত লগাওতে ছাৰে বিচনাতে মুৰটো মোক পিছ কৰি ঘুৰাই দি ক্ষন্তেক পিছত আকৌ মোলৈ চাওতে দেখিলো- ছাৰ চকু পানী টুকিছে । মইও অলপ সময়ৰ বাবে অপ্ৰস্তুত হলো । চকুপানী খিনি ধৰি ৰাখি কি কম কি নকম ভাবি পোৱা নাছিলো যদিও কিবাকৈ নিজকে স্থিৰ কৰি শান্তনা হিচাপে কলো-ছাৰ চিন্তা নকৰিব ,অতি সোনকালে ভাল হব । দুদিন মান আপুনি জিৰণী লওক । ছাৰে কম সময়তে বহুত কাম কৰিবলগীয়া যে আছে তাৰেই হিচাপ দিলে । মোৰ বিভাগীয় ব্যস্ততাৰ হেতুকে সোনকালে আহিব ওলালো –মাত দিলো-“ ছাৰ যাও”। ছাৰে মোক কৈছিল – “চাহ খাই যাব ,আপোনাৰ খং কমিছে নে ?” ছাৰ খং নহয় সেয়া আছিল আভিমান বুলি কৈ ওলাই আহিলো । মনটো বহুত বেয়া লাগিল । তথাপিও কেতিয়াও ভৱাই নাছিলো যে সেয়াই হব পাৰে চহৰীয়া মহোদয়ৰ পৰা পোৱা শেষ মাতষাৰ । তেখেতক লগ পাই আহি নিশাই জ্ঞানম গ্ৰুপত লিখিলো- আটাইয়ে যাতে চহৰীয়া মহোদয়ৰ খবৰ কৰে আৰু ভগৱানৰ ওচৰত চহৰীয়া মহোদয়ৰ আশুআৰোগ্য কামনা কৰিলোঁ ।
১৫ জানুৱাৰী,২০২৬ তাৰিখে, আকৌ এটা মেছেজ পালো যে, আমাৰ শ্ৰদ্ধাৰ উপদেষ্টা ড° গনেশ্বৰ চহৰীয়া মহোদয়ৰ ষ্ট’ক হৈছে দিছপুৰ GNRC চিকিৎসালয়ত ভৰ্তি কৰিছে । মহোদয় গুৰুতৰ্ ভাৱে অসুস্থ ।
১৬ জানুৱাৰী২০২৬ তাৰিখে সন্ধিয়া দিছপুৰ GNRC চিকিৎসালয়লৈ গৈ মহোদয়ক দেখা কৰিলোঁ । চহৰীয়া মহোদয়ৰ সহধৰ্মিনী ড° বিজয়া ডেকা বাইদেউ মই যোৱা বুলি মহোদয়ক কোৱাৰ লগে লগে চকু মেলি মুৰটো দুবাৰমান দাঙি মোৰ ফালে চাবলৈ যেন চেষ্টাহে কৰিলে । মাত দিব নোৱাৰিলে । বাইদেউৰ লগত কথা পাতি কিছু সময় থাকি ভাৰাক্ৰান্ত মনেৰে গুছি আহিলো।
১৭ জানুৱাৰী২০২৬ তাৰিখে নিশা ১২ বজাত সেই অনাকাঙ্খিত অতি মৰ্মান্তিক খবৰটো পালো যে, আমাৰ অতিকৈ শ্ৰদ্ধাৰ ড° গনেশ্বৰ চহৰীয়া মহোদয় আৰু আমাৰ মাজত নাই । দুখ আৰু শোকত বাৰুকৈয়ে ম্ৰিয়মান হলো । মানি লব নোৱাৰা অথচ সেয়াই সত্য- হয়, মহোদয় আৰু ঘুৰি নাহে গুছি গল অজান দেশলৈ , এৰি গ'ল সহধৰ্মিনী ড° বিজয়া বাইদেউ আৰু একমাত্ৰ পুত্ৰৰ লগতে অসংখ্যক গুণমুগ্ধক চিৰদিনলৈ । মহোদয় যেন শান্তিৰ শীতল কোলাত শুই পৰিল অনন্তকাললৈ ।
জ্ঞান প্ৰজ্ঞাৰ সাধক ড° গণেশ্বৰ চহৰীয়া মহোদয় হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ,কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি, শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ উপদেষ্টা, শৈক্ষিক উন্নয়ন গোটৰ লগতে বিভিন্ন সংস্থাৰ লগত জড়িত এগৰাকী সৎ আৰু নিষ্ঠাবান ব্যক্তি । তেখেত স্বভাৱতে বৰ মৰমীয়াল, অমায়িক, শিশুসুলভ, হাঁহিমুখীয়া, অতি শান্ত প্ৰকৃতিৰ ব্যক্তি । এনে বহু মহান ব্যক্তিত্বৰ অধিকাৰী চহৰীয়া মহোদয় অতি কৰ্তব্যপৰায়ন,সময়ানুবৰ্তিতা মানি চলা,কষ্টসহিষ্ণু আৰু যুক্তিবাদী আছিল । মহোদয়ৰ লগত কথা পাতিলে বহু কথা শিকিব পাৰি,জ্ঞান পাব পাৰি । সদায় সত্য পথ দেখাইছিল আৰু যোগাত্মক দৃষ্টি ভংগীৰে চিন্তা কৰি কথা কৈছিল বাবে মহোদয়ক যিকোনো কথা বা সিদ্ধান্ত লোৱাৰ আগতে আলোচনা কৰিছিলোঁ। তাৰোপৰি তেখেতৰ ব্যৱহাৰ আছিল বন্ধুসুলভ আৰু ৰসিক ।
বিশিষ্ট শিক্ষাবিদ, সু সাহিত্যিক, কামৰূপৰ ৰত্ন ড° গণেশ্বৰ চহৰীয়া মহোদয় কামৰূপ শৈক্ষক ক্ষেত্ৰখনৰ লগতে সাহিত্য- সাংস্কৃতিক পথাৰখনত যথেষ্ট অৰিহণা যোগাই থৈ গৈছে । কামৰূপ জিলাৰ শিক্ষা বিভাগৰ বিভাগীয় কাম- কাজৰ লগত জড়িত হৈ আছিল। তাৰোপৰি জিলা পৰ্যায়ৰ বিভিন্ন সমিতিৰ উপদেষ্টা অথবা সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ লগতে তেখেতক বিভিন্ন গুৰুত্বপূৰ্ণ সভা সমিতিত অতিথি, নিৰ্দ্দিষ্ট বক্তা, বিশিষ্ট অতিথি ৰূপে পাইছিলোঁ । তেখেত এগৰকী সু-বক্তা আৰু কথা-বতৰাত সাৱলীল আছিল । সংগীততো দখল আছিল । সমগ্ৰ দক্ষিণ কামৰূপত বিভিন্ন জাতি জনগোষ্টীৰ লগত শিক্ষা, সাহিত্য- সংস্কৃতিৰ ক্ষেত্ৰত এক নিবিড় সম্পৰ্ক ৰাখিছিল । ছাৰৰ লগত কথা পাতি জানিব পাৰিছিলোঁ যে, তেখেতে দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৱৰ্তী বহু অঞ্চল পৰিদৰ্শন কৰি শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে সমন্বয়ৰ সেতু গঢ়াৰ প্ৰয়াস কৰিছিল ।
শৈক্ষিক ক্ষেত্ৰখনৰ লগতে শৈক্ষিক গোট, জ্ঞানম, কামৰূপত তেখেতৰ অৱদান আছিল অপৰিসীম । তেখেত জ্ঞানমৰ এগৰাকী শ্ৰদ্ধাৰ উপদেষ্টাই আছিল এনে নহয়, জ্ঞানম পৰিয়ালৰ প্ৰতিগৰাকী সন্নানীয় সদস্যৰ বাবে আছিল এগৰাকী দায়িত্বশীল অভিভাৱক তথা মাৰ্গ দৰ্শক। প্ৰানভৰি ভাল পাইছিল জ্ঞানমক । জ্ঞানমৰ সকলো সদস্যকে যোগাত্মক দৃষ্টিৰে সম মৰ্যদা দিয়াৰ উপৰিও সকলোকে সমানে সন্মান দিছিল । তদ্ৰূপ জ্ঞানম পৰিয়ালৰ সকলো সদস্যই চহৰীয়া মহোদয়ক অশেষ শ্ৰদ্ধা, ভক্তি আৰু সন্মান দিছিল আৰু ভাল পাইছিল।
জ্ঞানমক লৈ বহুত আশা আৰু সপোন দেখা আৰু সপোন দেখিবলৈ উৎসাহ দিয়া ব্যক্তিগৰাকী যে আজি আমাৰ মাজত নাই ভাবিলে বুকুখন বিষাই যায় ।
জ্ঞানমৰ সঁচা অৰ্থত এগৰাকী উপদেষ্টাই নহয় পিতৃ স্বৰূপ আছিল । জ্ঞানম আজি যেন পিতৃহাৰা হোৱা বুলি কলেও ভুল নহব। তেখেতে দি যোৱা দিহা পৰামৰ্শ অনুসৰি জ্ঞানমৰ বিভিন্ন কাৰ্যসূচী/অনুষ্ঠান সফল ৰূপায়ন সম্ভৱ হৈছিল । তাৰোপৰি প্ৰতিটো কাৰ্যসূচী /অনুষ্ঠানতে তেখেত সক্ৰিয়ভাৱে অংশগ্ৰহন কৰিছিল । চহৰীয়া ছাৰে অংশগ্ৰহন কৰা শৈক্ষিক গোট জ্ঞানমৰ শেষৰ দুটা স্মৰনীয় কাৰ্যসূচী আছিল- আমাৰ হিয়াৰ আমঠু প্ৰানৰ শিল্পী জুবিন গাৰ্গ দেৱ মহাপ্ৰয়ানৰ পিছত তেখেতেৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ গৰিমা গাৰ্গ মহোদয়াৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা পত্ৰ প্ৰদান কৰা আৰু আনটো আছিল পি এম শ্ৰী নহিৰা গুইমাৰা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত জুবিন গাৰ্গৰ বাবে শ্ৰদ্ধাঞ্জলি তথা জুবিন গাৰ্গ দেৱৰ নামত উচৰ্গিত ৬ষ্ঠ বৰ্ষৰ ১ম সংখ্যা উন্মোচনী অনুস্থানত অংশগ্ৰহন । ছাৰে সকলো সভা সমিতি বা কাৰ্যসূচীত সদায় সময়তকৈ আগত উপস্থিত হৈছিল ।
আনৰ দুখত দুখী আৰু আনৰ সুখত সুখী চহৰীয়া মহোদয় জ্ঞানমৰ আটায়েৰে ঘৰুৱাভাৱে সম্পৰ্ক ৰক্ষা কৰিছিল । তেখেতৰ সান্নিধ্যই আমাক ধন্য কৰিছে । শৈক্ষিক গোট জ্ঞানম, কামৰূপক লৈ কৰা পৰিকল্পনাবোৰ আধৰুৱা হৈ ৰল । চহৰীয়া ছাৰৰ পৰিকল্পনাৰ ফচল হিচাপে ৰৈ গল- শৈক্ষিক গোট, জ্ঞানম কামৰূপৰ দ্বাৰা প্ৰকাশিত –“কামৰূপৰ ঐতিয্য” পুস্তিকাখন ।
ড° গনেশ্বৰ চহৰীয়া মহোদয়ৰ অকাল বিয়োগত তেখেতক আমি আজি স্মৰণ কৰিব লগাটো অতিকৈ দুখজনক, বৰ মৰ্মান্তিক আৰু অসহনীয়। ছাৰ আপুনি আজি আমাৰ মাজত নাই যদিও আপোনাৰ দিহা-পৰামৰ্শসমূহ আৰু আপুনি যোগোৱা কৰ্মপ্ৰেৰণাৰ বাবে আমাৰ মাজত চিৰদিন জীয়াই থাকিব। আপোনাৰ সপোন বাস্তবাৱিত কৰিবলৈ আমি সকলোৱে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব লাগিব ।
ছাৰ আমি জ্ঞানমে অজানিতে কৰা ভুলৰ মাৰ্জনা বিচাৰিছোঁ ।
শেষত আমাৰ অতি শ্ৰদ্ধাৰ ড° গনেশ্বৰ চহৰীয়া মহোদয়লৈ যাচিলোঁ একাজলি শ্ৰদ্ধাঞ্জলি । তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আপুনি যতেই আছে সুখত থাকক সেয়াই ভগৱানৰ ওচৰত আন্তৰিকতাৰে প্ৰাৰ্থনা জনালোঁ ।
ফুলপাহি নাথ
তত্বাৱধায়িকা
শৈক্ষিক গোট 'জ্ঞানম'


0 Comments