ৰতনপুৰ হ'লগৈ তৰনপুৰ
এখন গাঁৱত এহাল বুঢ়া-বুঢ়ী বাস কৰিছিল । এদিনাখন বুঢ়া-বুঢ়ীয়ে তেওঁলোকৰ দুজন পুতেকৰ সৈতে ফুৰিবলৈ গৈছিল । তেওঁলোক এখন নতুন চহৰলৈ গৈছিল আৰু চহৰখনত আছিল বুঢ়া-বুঢ়ীৰ সম্পর্কীয় আলহী । বুঢ়া-বুঢ়ীৰ এটা বেমাৰ হৈছিল । যাৰ ফলত বহুত সোনকালে কথাবোৰ পাহৰি গৈছিল । আলহী জনে চহৰখনৰ নাম কৈছিল ৰতনপুৰ, কিন্তু তেওঁলোকে নামটো পাহৰি তৰনপুৰ বুলি কৈ থাকিল । সিহঁতে চহৰখনত প্রথমবাৰ অহা বাবে তেওঁলোকৰ কাষেৰে গৈ থকা মানুহ এজনক সুধিলে- 'অ বোপাই, তৰনপুৰ কোনফালে যাব লাগে জানা নে? মানুহজনে আচৰিত হৈ সুধিলে- এই চহৰখনত দেখোন তৰনপুৰ নামৰ একো ঠাইয়েই নাই । আপোনালোকে কলৈ যাব বিচাৰিছে? তেনেতে বুঢ়ীয়ে কলে, আমাৰ এইখন চহৰত এজন আলহী আছে । আমি তালৈকে যাওঁ । মানুহজনে সুধিলে, আপোনালোকৰ ওচৰত আলহীজনৰ ফোন নং আছে নে নাই? বুঢ়ীয়ে কলে, মই নাজানো বোপাই, মোৰ লৰা দুটাইহে জানে । হঠাৎ সেই সময়তে আলহীজন উপস্থিত হোৱাত আচল কথা ওলাই পৰিল । তৰনপুৰেই ৰতনপুৰ বুলি জানি মানুহজনে আমোদ পালে ।আলহী মানুহজনে বুঢ়া-বুঢ়ীক তেওঁৰ ঘৰলৈ আথেবেথে লৈ যায় ।
শ্রী নয়না দাস
অষ্টম শ্ৰেণী
চম্পকনগৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়
শিক্ষাখণ্ড : ছয়গাওঁ

0 Comments