header ads

শিক্ষাৰ্থীৰ শিতান, ৰতনপুৰ হ'লগৈ তৰনপুৰ, শ্রী নয়না দাস, ৬ষ্ঠ বছৰৰ ২য় সংখ্যা,

 ৰতনপুৰ হ'লগৈ তৰনপুৰ



এখন গাঁৱত এহাল বুঢ়া-বুঢ়ী বাস কৰিছিল । এদিনাখন বুঢ়া-বুঢ়ীয়ে তেওঁলোকৰ দুজন পুতেকৰ সৈতে ফুৰিবলৈ গৈছিল । তেওঁলোক এখন নতুন চহৰলৈ গৈছিল আৰু চহৰখনত আছিল বুঢ়া-বুঢ়ীৰ সম্পর্কীয় আলহী । বুঢ়া-বুঢ়ীৰ এটা বেমাৰ হৈছিল । যাৰ ফলত বহুত সোনকালে কথাবোৰ পাহৰি গৈছিল । আলহী জনে চহৰখনৰ নাম কৈছিল ৰতনপুৰ, কিন্তু তেওঁলোকে নামটো পাহৰি তৰনপুৰ বুলি কৈ থাকিল । সিহঁতে চহৰখনত প্রথমবাৰ অহা বাবে তেওঁলোকৰ কাষেৰে গৈ থকা মানুহ এজনক সুধিলে- 'অ বোপাই, তৰনপুৰ কোনফালে যাব লাগে জানা নে? মানুহজনে আচৰিত হৈ সুধিলে- এই চহৰখনত দেখোন তৰনপুৰ নামৰ একো ঠাইয়েই নাই । আপোনালোকে কলৈ যাব বিচাৰিছে? তেনেতে বুঢ়ীয়ে কলে, আমাৰ এইখন চহৰত এজন আলহী আছে । আমি তালৈকে যাওঁ ।  মানুহজনে সুধিলে, আপোনালোকৰ ওচৰত আলহীজনৰ ফোন নং আছে নে নাই? বুঢ়ীয়ে কলে, মই নাজানো বোপাই, মোৰ লৰা দুটাইহে জানে । হঠাৎ সেই সময়তে আলহীজন উপস্থিত হোৱাত আচল কথা ওলাই পৰিল । তৰনপুৰেই ৰতনপুৰ বুলি জানি মানুহজনে আমোদ পালে ।আলহী মানুহজনে  বুঢ়া-বুঢ়ীক তেওঁৰ ঘৰলৈ আথেবেথে  লৈ যায় ।



শ্রী নয়না দাস

অষ্টম শ্ৰেণী

চম্পকনগৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়

শিক্ষাখণ্ড : ছয়গাওঁ

Post a Comment

0 Comments