হাৰ্টথ্ৰৱ জুবিন গাৰ্গ
অসমৰ এগৰাকী কিংবদন্তি শিল্পী, গায়ক,সুৰকাৰ, গীতিকাৰ, অভিনেতা, পৰিচালক, বাদ্যযন্ত্ৰী, চলচ্চিত্ৰ প্ৰযোজক, সমাজকৰ্মী আছিল,যি তেওঁৰ বহুমুখী প্ৰতিভাৰে অসমীয়া, বাংলা আৰু হিন্দী চলচ্চিত্ৰ জগতত এক বিশেষ স্থান অধিকাৰ কৰিছিল তেওঁ আমাৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱ।
জন্মঃ ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গদেৱৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম হৈছে মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃৰ নাম স্বৰ্গীয়া ইলি বৰঠাকুৰ।
শিক্ষাঃ পিতৃৰ চাকৰি সূত্ৰে জুবিন গাৰ্গদেৱে অসমৰ বিভিন্ন ঠাইত শৈশৱ কালটো অতিবাহিত কৰিছিল। তেওঁ যোৰহাটৰ চিনামৰাত প্ৰাথমিক শিক্ষাৰ পাতনি মেলিছিল যদিও পিছলৈ পিতৃৰ চাকৰি বদলি হোৱাত কৰিমগঞ্জলৈ যাবলগীয়া হয়। পিছলৈ তেওঁ তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হয়। যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ গুৱাহাটীৰ ভোলানাথ বৰুৱা মহাবিদ্যালয়ত স্নাতক বিজ্ঞান শাখাত নামভৰ্তি কৰিছিল যদিও তেওঁ শিক্ষা আধৰুৱা কৰি সংগীত জগতত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰে।
সাংগীতিক যাত্ৰাঃ ১৯৯২ চনত বি. বৰুৱা মহাবিদ্যালয়ৰ পৰা প্ৰতিনিধিত্ব কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য সঙ্গীত পৰিবেশনৰ একক শাখাত স্বৰ্ণ পদক অৰ্জন কৰাটোৱেই আছিল জুবিন গাৰ্গদেৱৰ জীৱনৰ গতিপথ সলনি কৰাৰ আচল বিন্দু। ইয়াতেই তেওঁ কণ্ঠশিল্পী ৰূপে জীৱনত প্ৰথমবাৰৰ বাবে সফলতা আৰু বিশ্বাসৰ সোৱাদ পায়। ১৯৯২ চনৰ দুৰ্গা পূজাৰ সময়ত এন. কে. প্ৰডাকচনৰ বেনাৰত মুক্তি পোৱা প্ৰথম গীতৰ এলবাম 'অনামিকা'ই তেওঁক পেছাদাৰী সংগীত শিল্পীৰূপে প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ছোৱাত জোনাকী মন, মায়া, আশা, মুক্তি, পাখি,শিশু, মা আদিকে ধৰি বহুতো শ্ৰব্য সংকলনত কণ্ঠ নিগৰাইছে। বাংলা চলচ্চিত্ৰ 'শুধু তুমি'ৰ বাবে জুবিন গাৰ্গে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। হিন্দী ভাষাৰ 'য়া আলি' গীতটোৰ বাবে ২০০৬ চনত তেওঁ গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত নেপথ্য কণ্ঠশিল্পী বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি Echoes of Silence ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰজত কমল বঁটাও লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়।২০২৪ চনৰ ২৭ মে'ত USTM-য়ে ডি. লিট ডিগ্ৰী প্ৰদান কৰে। ২০২৫ চনত গুৱাহাটীৰ বেলতলা ব'হাগী উৎসৱ উদ্যাপন সমিতিয়ে জীৱন জোৰা সাধনাৰ বাবে ড° ভূপেন হাজৰিকা বঁটা প্ৰদান কৰে। তেওঁ প্ৰায় ৪০ টা ভাষাত ৩৮ হাজাৰৰো অধিক গীতত কণ্ঠদান কৰি বিশ্ববিখ্যাত হৈ পৰে।
অভিনয় জীৱনঃ জুবিন গাৰ্গে ২০০০ চনত এন. কে. প্ৰডাকচনৰ বেনাৰত নিৰ্মিত 'তুমি মোৰ মাথো মোৰ' ছবিত অভিনেতা আৰু পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। পৰৱৰ্তী সময়ত তেওঁ দীনবন্ধু, মন যায়, গানে কি আনে, মিছন চাইনা, দ্যা আন্দাৰ ৱৰ্ল্ড, কাঞ্চনজংঘা, ৰাজনীতি, ডক্টৰ বেজবৰুৱা, ৱাইড এংগল, চিকাৰ আদি চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ অভিনীত শেষৰখন ছবি 'ৰৈ ৰৈ বিনালে' ২০২৫ চনৰ ৩১ অক্টোবৰত মুক্তি লাভ কৰে।
সাহিত্য চৰ্চাঃ জুবিন গাৰ্গদেৱ সাহিত্য জগতৰ লগতো জড়িত হৈ আছিল। ২০১৭ চনত তেওঁৰ কাব্য গ্ৰন্থৰ বাবে সেউজী-সেউজী বঁটা লাভ কৰে। তেওঁৰ প্ৰকাশিত পুথিসমূহ হ'ল শব্দ অনুভূতি, জুবিনৰ পদ্য, জুবিনৰ পদ্য (২য় সংস্কৰণ)
সামাজিক জীৱনঃ জুবিন গাৰ্গৰ সামাজিক জীৱন আছিল জনপ্ৰিয়তা, সামাজিক দায়বদ্ধতা আৰু মানৱীয় আদৰ্শৰ এক মিশ্ৰণ। তেওঁ 'কা' আইন বিৰোধিতা কৰিছিল আৰু অসমীয়াৰ স্বাৰ্থ ৰক্ষাৰ্থে ৰাজনৈতিক মঞ্চ গঠনৰো পৰামৰ্শ দিছিল। তেওঁৰ পশু-পক্ষীৰ প্ৰতি অগাধ মৰম আছিল। আহত পশু-পক্ষীক তেওঁ ঘৰলৈ আনি শুশ্ৰূষা কৰি সুস্থ কৰি তুলিছিল। তেওঁ কেৱল এজন সংগীত শিল্পীয়েই নাছিল, তেওঁ আছিল জনতাৰ সুখ-দুখৰ বিশ্বস্ত সংগী। তেওঁৰ পৰা আৰ্থিক সাহায্য লাভ কৰি বহুতো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ জীৱন গঢ়ি তুলিছিল,ৰোগীয়ে উচিত চিকিৎসা পোৱাৰ সৌভাগ্য ঘটিছিল। তেওঁ ২০০২ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ লগত বিবাহ-পাশত আৱদ্ধ হয়।
মৃত্যুঃ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰ তাৰিখে ছেইণ্ট জ'নছ দ্বীপৰ সমীপত থকা ছিংগাপুৰ প্ৰণালীৰ বুকুত হোৱা এক দূৰ্ঘটনাৰ পাছত জুবিন গাৰ্গৰ মৃত্যু হয়। ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ গুৱাহাটী আহি পোৱাৰ পিছতেই লক্ষাধিক লোকে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এয়া আছিল পৃথিৱীৰ চতুৰ্থ বৃহৎ সমদল। তেওঁক অকালতে হেৰুৱাই অসমীয়া জাতি দুখত ম্ৰিয়মান হৈ পৰিছে। তেওঁ কেৱল এজন গায়কেই নহয়, তেওঁ অসমীয়া সংস্কৃতিৰ এক প্ৰতীক,যি নিজৰ সংগীত আৰু সৃষ্টিৰে অসমীয়া যুৱ প্ৰজন্মৰ বাবে এক প্ৰেৰণা হৈ আছে। সেয়ে তেওঁক যুৱ-প্ৰজন্মই 'হাৰ্টথ্ৰৱ' বুলি অভিহিত কৰিছে ।
দীপমণি দাস
পঞ্চম শ্ৰেণী
দামালচোছ বাপুজী প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড : বকো

0 Comments