header ads

অসমীয়া কবিতা, নৈখনে বুজে সুকুমাৰ-কণ্ঠৰ পৰিধি, জুনমণি দাস,৬ষ্ঠ বছৰৰ ৩য় সংখ্যা,

 





নৈখনে বুজে সুকুমাৰ-কণ্ঠৰ পৰিধি...

                                               

কলহীৰ দুয়োপাৰে চহা পথাৰবোৰৰ পলসুৱা গোন্ধ

বানে ধুই নিয়া ঘৰবোৰৰ এঘৰত এখনি নাও

নদীশিহুকেইটাই ৰৈ থাকে নাওখন আহক-

নাৱৰীয়াই গায় যাওকহি নাওখেলৰ গীত...

কিন্তু নাই । সুকুমাৰ-কণ্ঠ ক'ৰবাত যেন হেৰাই থাকিল...


সত্ৰ-নামঘৰবোৰত বন্তি জ্বলি আছে ঠিকেই

কিন্তু শুনা নাই  বৰগীতৰ অমিয়া কণ্ঠ...

ৰজনজনাই থকা নাই চৈতেলী নামৰ সুৰ

ক'ত হেৰাল আজি দক্ষিণপেৰীয়া সুকুমাৰ-কণ্ঠ !


দৌল উৎসৱবোৰত কেৱল ফাগুনৰ ধূলি উৰিছে,

শুনা নাই সুকুমাৰ-কণ্ঠৰ হোলী গীত

শুনা নাই খোল-তাল সমৃদ্ধ সংকীৰ্তনৰ হাতচাপৰি


আগচোতালত ঝেঝেৰা নাচ নাচিবলৈ আপুনি নাই

মহোহো গীত গাবলৈয়ো আপুনি নাই

আমি নিৰুপায়, লোক-সংস্কৃতিৰ বাটকটীয়াজন নাই

আজি যে সুকুমাৰ মেধি নাই...


আমি দক্ষিণপেৰীয়া...

নৱ-প্ৰজন্মৰ আপুনি লোক-সংস্কৃতিৰ গুৰু

এতিয়া যেন সকলো উকা হ'ল

আমাৰ লোক-সংস্কৃতিৰ চোতাল...


সুকু দা, আপুনি আদৰ্শ হৈ জিলিকি থাকিব

সংস্কৃতিৰ পথাৰে-পথাৰে ছয়গঞাৰ সন্তান হৈ

কাৰণ- নৈখনে বুজে সুকুমাৰ-কণ্ঠৰ পৰিধি...।

                       



জুনমণি দাস

হিন্দী শিক্ষক

ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়

শিক্ষাখণ্ড : ছয়গাঁও

Post a Comment

0 Comments