header ads

অসমীয়া প্ৰবন্ধ, এক অপূৰণীয় ক্ষতি , ড০ অপূৰ্ব ঠাকুৰীয়া ,৬ষ্ঠ বছৰৰ ৩য় সংখ্যা,

 এক অপূৰণীয় ক্ষতি 




লোক-সংস্কৃতিৰ বিশিষ্ট সাধক, দক্ষিণ কামৰূপৰ এক উজ্জ্বল ৰত্ন, সমাজ সংগঠক, পৰম সুহৃদ সুকুমাৰ মেধিৰ অকাল বিয়োগত আমি মৰ্মাহত হৈছোঁ । তেখেতৰ আকস্মিক বিয়োগ অকল জিলাবাসীৰ বাবেই নহয় ৰাজ্যখনৰ বাবেও এক বৃহৎ ক্ষতি । তেখেতৰ বিয়োগত আমি এক মূল্যৱান সম্পদ হেৰুৱালোঁ । দক্ষিণ কামৰূপৰ লোক-সংস্কৃতিৰ জগতত ভোটাতৰা হিচাপে জিলিকি থকা সুকুমাৰ মেধিৰ বিয়োগে যি শূন্যতাৰ সৃষ্টি কৰিলে সেয়া সহজে পূৰণ কৰাটো সম্ভৱ নহ'ব । অৱশ্যে, স্বৰ্গীয় মেধিৰ কৃতি আৰু আদৰ্শ সহস্ৰ জনৰ বাবে পাথেয় হৈ ৰ'ব । সৃষ্টি আৰু কৰ্মৰ মাজেৰে স্বৰ্গীয় মেধিয়ে যি মূল্যবান অৱদান আগবঢ়ায় থৈ গ'ল সেয়া সৰ্বতিকালৰ বাবে স্মৰণীয় হৈ ৰ'ব ।


স্বৰ্গীয় সুকুমাৰ মেধিৰ বিষয়ে বহু আগৰ পৰাই জানিছিলোঁ যদিও কৰ্মসূত্ৰে কামৰূপ জিলাৰ শিক্ষা বিষয়া হোৱাৰ পৰা বহু ওচৰৰ পৰা লগ পোৱাৰ সৌভাগ্য হৈছিল । স্বৰ্গীয় মেধিয়ে বৃহত্তৰ অঞ্চলটোৰ উন্নয়নৰ নিমিত্তে বিভিন্ন শিক্ষা আৰু সাংস্কৃতিক কামত জড়িত হৈ আছিল। সেয়ে আমাৰ বিভাগৰো ভালেমান কামত বিশেষকৈ সমাজ জড়িতকৰণৰ সজাগতা মূলক কাৰ্যসূচী বোৰত তেখেতৰ সহায় লোৱা হৈছিল । যেতিয়াই যি দায়িত্ব দিয়া হৈছিল, স্বৰ্গীয় মেধিয়ে সেয়া যথা সময়ত আৰু অতি আন্তৰিকতাৰে পালন কৰিছিল । তেখেতে প্ৰতিটো কামক এনে এটা পৰ্যায়লৈ উন্নীত কৰি ৰূপায়ণৰ দিহা কৰে যাক তাৰ বাবে আৰোপিত মাননীৰে জুখিব নোৱাৰি। প্ৰতিটো কামতে তেখেতৰ এটা সেৱাৰ মনোভাৱ আছিল । সময় আৰু দায়িত্বৰ প্ৰতিও স্বৰ্গীয় মেধি অতি সচেতন আছিল । শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত তেখেতৰ চিন্তা প্ৰসূত ভালেমান কাৰ্যসূচীৰ প্ৰভাৱ আজিও সেয়ে অঞ্চলে অঞ্চলে বিয়পি আছে ।


দক্ষিণ কামৰূপৰ লোক-সংস্কৃতিৰ সাধনা, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । হৃদয়ত এক শিল্পী সত্তাক সদা সজীৱ কৰি জীয়াই ৰখা স্বৰ্গীয় মেধিয়ে স্থানীয় শিল্পীৰ উত্তৰণত যথোচিত গুৰুত্ব প্ৰদান কৰিছিল । প্ৰতিভাৱান এদল স্থানীয় শিল্পীক লৈ তেখেতে বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ কামৰূপ জিলাৰ কেন্দ্ৰীয় অনুষ্ঠানত ব্ৰহ্মপুত্ৰৰ বুকুত শৰাইঘাট ৰণৰ যি প্ৰতীকী অনুষ্ঠানৰ আয়োজন কৰিছিল সেয়া সকলোৰে বাবে সদা স্মৰণীয় হৈ ৰ'ব । যি নিপুণতাৰে সেই কাৰ্যসূচীক সাকাৰ ৰূপ দিয়া হৈছিল সেয়া সঁচাকৈয়ে বিষ্ময়কৰ আছিল । এয়া মাত্ৰ এটা কাৰ্যসূচীৰ কথা উল্লেখ কৰিলোঁ। এনে ভালেমান কাৰ্যসূচীত স্বৰ্গীয় মেধিক খনিকৰ ৰূপত দেখিছিলোঁ । 


স্বৰ্গীয় সুকুমাৰ মেধিয়ে সাহিত্য চৰ্চাও কৰিছিল । তেখেতৰ ভালেমান তথ্য সমৃদ্ধ লেখা পঢ়ি আমি উপকৃত হৈছোঁ । বিশেষকৈ দক্ষিণ কামৰূপৰ লোক-সংস্কৃতি, ভূগোল, ইতিহাস সামৰি লেখা প্ৰবন্ধবোৰে সাহিত্যৰ ভঁৰাল চহকী কৰাই নহয় লোক-সংস্কৃতিৰ গৱেষক সকলৰ বাবে আপুৰুগীয়া সম্পদ হিচাপে চিহ্নিত হৈ ৰ'ব ।


এবাৰ দুৰ্গা পূজাৰ সময়ত আমি গুৱাহাটীৰ উগ্ৰতাৰা দেৱালয়ৰ কাষেৰে গৈ থাকোঁতে এটি নাম দলে দিহা নাম পৰিবেশন কৰি থকা দেখিলোঁ । দিহা নামৰ প্ৰতি থকা টানৰ বাবে আমিও তালৈ গৈ নাম উপভোগ কৰিব ললোঁ । গৈ দেখোঁ, সেয়া আমাৰ ছয়গাঁৱৰ দিহা নামৰ দল, নেতৃত্বত স্বৰ্গীয় সুকুমাৰ মেধি । নাম দলৰ পৰিবেশনে আমাৰ সকলোৰে অন্তৰ চুই যায় । অনুষ্ঠানত স্বৰ্গীয় মেধিয়ে যি নৈপুণ্যতাৰে তাল বজাইছিল সেয়াও আমাৰ মানস পটত আজিও জিলিকি আছে ।


এনে অনেক গুণেৰে বিভূষিত স্বৰ্গীয় সুকুমাৰ মেধিক অকালতে হেৰুৱাই গভীৰ দুখ পাইছোঁ । স্বৰ্গীয় সুকুমাৰ মেধিৰ বৈকুণ্ঠগামী আত্মাৰ চিৰ শান্তি কামনা কৰি ঈশ্বৰক প্ৰাৰ্থনা জনালোঁ । লগতে, জিলা খনৰ সুযোগ্য সন্তান স্বৰ্গীয় মেধিয়ে ৰোপন কৰা লোক-সংস্কৃতি সাধনাৰ বীজে অঙ্কুৰিত হৈ ফলে-ফুলে জাতিষ্কাৰ হৈ ৰওক, তেনে আশাও কৰিলোঁ । পৰিয়াল বৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ । ঔম শান্তি ।।




ড০ অপূৰ্ব ঠাকুৰীয়া 

বিদ্যালয়সমূহৰ পৰিদৰ্শক, মৰিগাঁও জিলা

Post a Comment

0 Comments