header ads

অসমীয়া কবিতা, বহাগৰ আত্মকথা, কমল বৰা, ৬ষ্ঠ বছৰৰ ৩য় সংখ্যা,

 বহাগৰ আত্মকথা




ফাগুন চ’তৰ ধুলি ধুসৰিত বতাহত গা ধুই মই উৰি যাওঁ আমৰ আগৰ বৰদৈচিলা বাটেদি  
সখী পাতো ঠন ধৰি উঠা কুঁহিপাতৰ স’তে
 বৰষুৃণসিক্ত পথাৰৰ কেঁচা মাটিৰ সুবাসত আত্মবিভোৰ
কৃষকৰ ঘাম ঘাম স্পৰ্শত
মই বিচাৰি পাওঁ মোৰ শৰীৰ
গৰুৰ শিঙৰ তেল টেঙাত জিলিকা 
মোৰ পিছল শৰীৰ
মই উত্ৰাৱল হওঁ
দীঘলতিৰ নুফুলা ঠাৰিৰ কোবত
ন-পঘাৰ সুগন্ধত
পথৰুৱা বিহলঙনি আৰু মাখিয়তীৰ
সাগৰ ধোঁৱাই আৱৰা উমাল সন্ধিয়াবোৰত
মই ডুব যাওঁ
মুকলি বিহুত প্ৰিয়জনৰ অভিমানৰ ৰহঘৰা ভাঙো
গাভৰু শিপিনীৰ উঠন বুকুৰ কহুৱা কোমলতাত
মুখ গুজি মই টোপনি যাওঁ
পুনৰ সাৰ পাওঁ কুলিৰ মৌসনা মাতত
অতীতৰ কৰ্মক্লান্তি আঁতৰাই মই কঢ়িয়াওঁ
নৱ প্ৰেৰণা নৱ প্ৰতিশ্ৰুতি
ঘূৰাই আনো হৃত কৰ্মোদ্যম অফুৰন্ত কৰ্মশক্তি
মৰু প্ৰান্তৰ সেমেকাই সত্ত্বাত ধাৰণ কৰো
মানৱীয় প্ৰমূল্যৰাজি সঁজাল ধৰি ৷


কমল বৰা
সম্পাদক
উত্তৰ গুৱাহাটী সাহিত্য সভা

Post a Comment

0 Comments