header ads

অসমীয়া কবিতা, অনিৰুদ্ধ কবিতা, নিলিমা খাতুন, ৬ষ্ঠ বছৰৰ ৩য় সংখ্যা,

 অনিৰুদ্ধ কবিতা




সিদিনাই মই অনুভৱ কৰিছিলোঁ

প্ৰক্ষেপিত গোলাপৰ আঘাত

শিলতকৈ কঠিন হ'ব পাৰে,

মহাকাশৰ ধুমুহাই তচনচ কৰিলেও

উশাহ লৈছিলোঁ কবিতাৰ বুকুত

বিবেকক প্ৰশ্ন কৰিছিলো বাৰে বাৰে।


নিৰ্বলৰ তেজ বিচাৰি ভাগৰৰ বিচৰণ

জুয়ে পোৰা বদ্ধভূমিত জন্মে কবিতা

দেখিছো, নিষিদ্ধ গলিৰ কদৰ্য মানৱতা,

শুনিছো, মাতাল নিশাৰ প্ৰসৱ যন্ত্ৰনা

শীতৰ জুইত চিঞৰে দুৰ্বল কবিতা।


নগ্ন পৃথিৱী যেন  বিষাদৰ ৰাগিনী

অহমিকাত ডুবিছে সৰল সভ্যতা

অন্ধকাৰত ৰঘুমলাই ৰচে বৰ্বৰতা

লুন্ঠিত মানৱতাৰ ধ্বংসস্তুপত থিয় হৈ

এইহেন ধৰাত শ্ৰেষ্ঠতাৰ আখৰা

তুমি জানানে

অহোৰাত্ৰি জাগে

অনিৰুদ্ধ কবিতা ।




নিলিমা খাতুন

দ্বাদশ শ্ৰেণী

সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়

শিক্ষাখণ্ড : ছমৰীয়া

Post a Comment

0 Comments