header ads

অসমীয়া প্ৰবন্ধ, কোনে আকৌ গাব জাতিক জগোৱা গান, ৬ষ্ঠ বছৰৰ ৩য় সংখ্যা,

 কোনে আকৌ গাব জাতিক জগোৱা গান




আকৌ যদি যাৱ লাগে শৰাইঘাটলৈ..... এনে ধৰণৰ জাতিক জগোৱা গানেৰে উজ্জিৱীত কৰা আমাৰ প্ৰাণৰো প্ৰাণৰ , বিশ্ব বন্দিত প্ৰাত:স্মৰণীয় পুৰুষ ,নিজেই এটা মহান অনুষ্ঠান সংগীত সূৰ্য ড° ভূপেন হাজৰিকাৰ জন্ম হৈছিল বিংশ শতিকাৰ তৃতীয় দশকৰ মধ্যভাগত ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত । শদিয়াৰ এখন গাঁৱত পিতৃ নীলকান্ত হাজৰিকাৰ ঔৰসত আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ গৰ্ভত ।

       ভূপেন হাজৰিকাৰ পিতৃ নীলকান্ত হাজৰিকাৰ ঘৰ আছিল নাজিৰাৰ আমোলাপট্টীত ।তেখেতে চৰকাৰী চাকৰি সূত্ৰে অসমৰ বিভিন্ন ঠাই ভ্ৰমী ফুৰিব লগা হৈছিল । নীলকান্ত হাজৰিকাৰ দহ গৰাকী সন্তান আছিল । তেওঁলোক ক্ৰমে (ক) ভূপেন হাজৰিকা (খ) অমৰ হাজৰিকা , (গ) প্ৰবীণ হাজৰিকা , (ঘ) সুদক্ষিণা শৰ্মা (ঙ) নৃপেন হাজৰিকা (চ) বলেন হাজৰিকা (ছ) কবিতা বৰুৱা , (জ) স্তুতি পেটেল , (ঝ) জয়ন্ত হাজৰিকা আৰু (ঞ) সমৰ হাজৰিকা এই আটাইবোৰৰ ভিতৰত ডাঙৰ আছিল আমাৰ ভূপেন হাজৰিকা । ড° ভূপেন হাজৰিকাৰ ভাতৃ-ভগ্নী জয়ন্ত হাজৰিকা , সুদক্ষিণা শৰ্মা , সমৰ হাজৰিকাও সংগীত জগতৰ একো একোগৰাকী ভোটাতৰা সদৃশ।

       সাস্কৃতিক আৰু সংগীতমধুৰ পৰিবেশেৰে পৰিবেষ্টিত ঘৰত ভূপেন হাজৰিকাই তেখেতৰ সংগীত প্ৰাণ মনটো গঢ়ি তুলিছিল । ভূপেন হাজৰিকাৰ পিতৃ নীলকান্ত হাজৰিকা প্ৰথমতে এগৰাকী শিক্ষক আছিল, পিছত ধুবুৰী জিলাৰ বিদ্যালয় সমূহৰ উপপৰিদৰ্শক আৰু শেহলৈ তেখেত মাটিৰ হাকিম হৈছিল।

   আমাৰ ভূপেন দাদাই ধুবুৰী , গুৱাহাটী, তেজপুৰত শিক্ষা গ্ৰহণ কৰিছিল । গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে । তেজপুৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিকৰ পৰা ১৯৪০ চনত প্ৰৱেশিকা পৰীক্ষা ১৯৪২ চনত কটন মহাবিদ্যালয়ৰ পৰা (এতিয়া বিশ্ব বিদ্যালয়) কলা বিভাগত ইণ্টাৰমিডিয়েট আৰু ১৯৪৪ চনত বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । Role of. Mass Communication in India Adult Education বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে । ভূপেন হাজৰিকাই চিকাগো বিশ্ববিদ্যালয়ৰ পৰা 'শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচিত্ৰৰ ভূমিকা' অধ্যয়নৰ বাবে ফেলশ্বিপ লাভ কৰিছিল ।

বুঢ়া লুইতৰ পৰা মিচিচিপি হৈ চিকাগোলৈ আমাৰ বাৰ্তা কঢ়িয়াই নিয়া প্ৰাণৰ ভূপেন দাদাই কিছুদিনৰ কাৰণে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল । ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত সেই অনুষ্ঠানৰ সৈতেও জড়িত হৈ পৰিছিল । ১৯৬৭ চনৰ পৰা ১৯৭২ চনলৈ ভূপেন হাজৰিকাই অসম বিধান সভাৰ আসনো শুৱনি কৰিছিল । তেখেত নাওবৈচা বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বিধায়কৰ আসন অলংকৃত কৰিছিল । অসম বিধান সভাৰ সদস্য হৈ থকা সময়ত তেখেতে এটা ফ্লিম ষ্টুডিঅ এটা আৰ্ট গেলেৰী আৰু এটা জাতীয় নাট্যশালা গঢ়াৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল । তেখেতে কাৰ্যনিবাহ কৰি থকা পদ সমূহ হ'ল - - চেয়াৰমেন এপেলেট বডী অৱ চেণ্ট্ৰেল চেঞ্চৰচ , ভাৰত চৰকাৰ । ১৯৯০ চনৰ পৰা আৰম্ভ কৰি ৯ বছৰ ডেভেলপমেন্ট কৰ্পৰেচন ইষ্টাৰ্ণ ইণ্ডিয়া । ডাইৰেক্টৰ নেচনেল লেভেল অন দা বৰ্ড অৱ ডাইৰেক্টৰচ অৱ নেচনেল ফ্লিম ডেভেলপমেন্ট কৰ্পৰেচন ভাৰত চৰকাৰ । একজিকিউটিভ কাউন্সিল মেম্বাৰ,চিলড্ৰেন্স ফ্লিম চচাইটি । মেম্বাৰ বৰ্ড অব ট্ৰাষ্ট্ৰীজ পুৱৰ আৰ্টিষ্টচ ৱেলফেয়াৰ ফাণ্ড , ভাৰত চৰকাৰ । চেয়াৰমেন, জুৰী বৰ্ড অব দা নেচনেল ফ্লিম এৱাৰ্ডছ , ১৯৫৮ চনৰ পৰা ১৯৯০ চনলৈকে কেবাবাৰো মেম্বাৰ  পি.চি জোশী সমিতি । এই সমিতি ভাৰত চৰকাৰৰ তথ্য মন্ত্ৰালয় টেলিভিছন কাৰ্যক্ৰমৰ সহায়ত একবিংশ শতিকাত ভাৰতত চফ্টৱেৰ প্ৰগেমিঙত প্ৰোৎসাহ দিয়াৰ উদ্দেশ্যে অনুসন্ধান কৰিবলৈ নিয়োগ কৰিছিল । মেম্বাৰ ফ্লিম এণ্ড টেলিভিছন ইন্সিটিউটৰ পলিচী মেকিঙ বডী ভাৰত চৰকাৰ । 

     ১৯৫০ চনত নিউয়ৰ্কত ড° ভূপেন হাজৰিকাই উগাণ্ডাৰ এটা গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰে । ১৯৫২ চনত তেওঁলোকৰ মিলনৰ সাক্ষী স্বৰূপে একমাত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হয় । ১৯৬৩ চনত তেঁওলোকৰ বিবাহ বিচ্ছেদ হয় । ড° ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত প্ৰিয়ম্বদা পেটেল অটোৱাত আছিল । পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাৰ ৰʼদালি , দমন , একপল আদি খ্যাত চলচিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ লগত মধুৰ সম্পৰ্ক গঢ়ি উঠে । জীৱনৰ শেষ কালছোৱাত তেখেতে ঘনিষ্ঠ বান্ধৱী , চলচিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ তত্বাবধানত মুম্বাইত আছিল । 

  মাত্ৰ পাঁচ বছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত পৰিবেশন কৰি জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ এগৰাকী সাহিত্য সম্ৰাট সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কপালত চুমা খাই আশীৰ্বাদ কৰিছিল আমাৰ ভূপেন হাজৰিকাক 'যি মূলা বাঢ়িব দুপাততে চিন' বাক্যশাৰী ভূপেন হাজৰিকাৰ ক্ষেত্ৰত আখৰে আখৰে ফলিয়াইছিল । 

     ড° ভূপেন হাজৰিকাৰ প্ৰকৃত শিল্পী জীৱনৰ আৰম্ভণি হৈছিল তেজপুৰত । তেজপুৰত থকা সময়ত তেওঁ অসমীয়া সাহিত্য সংস্কৃতি চিনেমা জগতৰ বাটকটীয়া শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা , কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্যৰে অনুপ্ৰাণিত হৈছিল । ১৯৩৬ চনত তেওঁলোকেই দহ বছৰীয়া ভূপেন হাজৰিকাক কলিকতালৈ লৈ গৈ চেনোলা মিউজিকেল প্ৰডাক্ট কোম্পানীত শোণিত কুঁৱৰী আৰু জয়মতী কুঁৱৰী নাটক দুখনৰ গীত বাণীবদ্ধ কৰোৱায় । একে সময়তে বিষ্ণু ৰাভাই ৰচনা কৰা 'উলাহতে নাচি বাগি ব্যাকুল হলি বিয়াকুল' আৰু 'কাষতে কলচী লৈ গীত' দুটাও বাণীবদ্ধ কৰোৱায় । ১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় অসমীয়া কথাছবি ইন্দ্ৰমালতী ছবিৰ নেপথ্য গায়ক হিচাপে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে । ১৯৫৫ চনত দিল্লীত অনুষ্ঠিত আন্ত:বিদ্যালয় যুৱ মহোৎসৱত ড° ভূপেন হাজৰিকাৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয় শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মানো লাভ কৰে । 

     ড° ভূপেন হাজৰিকাই আন্ত:ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পী পল ৰবচনৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল । ৰবচনৰ old man river ৰ অৱলম্বনত তেখেতে বিস্তীৰ্ণ পাৰৰে গানটো ৰচনা কৰে । পাছলৈ ইয়াৰ বাংলা আৰু হিন্দী অনুবাদ প্ৰকাশ কৰা হয় । 

    সাহিত্যৰ ক্ষেত্ৰখনলৈ ভূপেন হাজৰিকাৰ যথেষ্ট অৱদান আছে । তেখেতৰ বেছিভাগ গানেই তেখেতে নিজে ৰচনা কৰা । কলম্বিয়া বিশ্ববিদ্যালয়ত থকা সময়ত তেখেতে নিউ ইণ্ডিয়া পত্ৰিকাৰ ১৪৯--১৫০ সংখ্যাৰ সম্পাদক আছিল । ১৯৬৫ চনত তেখেতে কলা বিষয়ক গতি আলোচনীৰ চাৰিটা খণ্ডৰ, ১৯৭০ চনত ক্ষুদ্ৰ আলোচনী বিন্দুৰ আঠটা খণ্ড ১৯৬৫ আৰু ১৯৮০ চনৰ ভিতৰত মাহেকীয়া আলোচনী 'আমাৰ প্ৰতিনিধি' আৰু ১৯৮৩ চনৰ ভিতৰত পষেকীয়া আলোচনী 'প্ৰতিনিধি'ৰ সম্পাদক আছিল । 

    ভূপেন হাজৰিকা শিশু প্ৰিয় আছিল । শিশু সকলৰ কাৰণে ভূপেন হাজৰিকাই 'ভূপেন মামাৰ গীতে মাতে অ আ ক খ' নামৰ অসমীয়া আখৰ চানেকিৰ এখন অতি জনপ্ৰিয় পুথি ৰচনা কৰিছিল । 

   অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই ২০০৮ চনৰ ৮ ফেব্ৰুৱাৰীত হাজৰিকা দেৱৰ সাহিত্য কৰ্মৰ স্বীকৃতি স্বৰূপে 'সাহাচৰ্য' উপাধি প্ৰদান কৰে । 

১৯৬১ চনত ড° ভূপেন হাজৰিকাই নিৰ্মাণ কৰি উলিওৱা 'শকুন্তলা' ছৱিখনে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰে । 

১৯৬৪ চনত ড° ভূপেন হাজৰিকাই নিৰ্মাণ কৰি উলিওৱা 'প্ৰতিধ্বনি' কথাছৱিখন ৰাষ্ট্ৰপতিৰ পদক লাভ কৰে । এই ছৱিখন ফ্ৰান্সৰ আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল । 

১৯৬৬ চনত ড° ভূপেন হাজৰিকাই নিৰ্মাণ কৰা 'লটিঘটি' প্ৰথম ব্যঙ্গ চলচিত্ৰৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰে । 

১৯৭৬ চনত আব্দুল মজিদৰ পৰিচালনাত 'চামেলি মেমচাব'ৰ সংগীত পৰিচালনাৰ বাবে বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে । এই সংগীতৰ বাবে তেওঁক ৰাষ্ট্ৰপতিয়ে 'ৰজত কমল' বঁটা আৰু নগদ দহ হাজাৰ টকাৰে সন্মান যাঁচে । 

১৯৭৮ চনত অসমীয়া গানৰ বিশেষ ৰেকৰ্ড কৰাৰ উপৰিও তেওঁ 'আমি এক যাযাবৰ' বুলি আঠোটা বাঙালী গানৰ এল .পি  ৰেকৰ্ড  এইচ . এম .ভিৰ পৰা এখন এম্বেচেদৰ আৰু এখন সোনৰ ৰেকৰ্ড লাভ কৰে লগতে চলিত বৰ্ষতে ২৬ জানুৱাৰীত অৰুণাচল চৰকাৰে তেওঁক 'মেৰা ধৰম মেৰি মন' নামৰ হিন্দী ছৱি নিৰ্মাণ কৰা বাবে সম্বৰ্ধনা জনাই সোণৰ পদক উপহাৰ দিছিল । 

১৯৭৭ চনত পশ্চিম বংগৰ বাংলা চলচিত্ৰ পুৰস্কাৰ সমিতি 'এ দম্পতি' ছৱিখনৰ বাবে বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় সন্মান যাঁচিছিল । লগতে চলিত বৰ্ষতে ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল । 

১৯৭৮ চনত সীমনা পেৰিয়েৰ সংগীত পৰিচালনাৰ বাবে বাংলাদেশ ফ্লিম ইণ্ডাষ্টিজৰ তৰফৰ পৰা বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালক ৰূপে সন্মানিত কৰিছিল । 

        ১৯৭৯ চনত 'মহুৱা সুন্দৰী' নাটকৰ বাবে শ্ৰেষ্ঠ লোক সংগীত শিল্পী বঁটা লাভ কৰিছিল । 

১৯৮৭ চনত সংগীত নাটক একাডেমী বঁটাৰ লগতে অসম চৰকাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ বঁটা , আৰু ইণ্ডিৰা গান্ধী স্মৃতি বঁটাও লাভ কৰে । 

১৯৯৩ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিবেশন ৰ সভাপতিৰ পদ অলংকৃত কৰাৰ লগতে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা আৰু ১৯৯২ বৰ্ষৰ ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান 'দাদা চাহেব ফাল্কে' বঁটা সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড° শংকৰ দয়াল শৰ্মাই প্ৰদান কৰে । 

২০০১ৰ চনত পদ্ম বিভূষণ বঁটাৰ লগতে মধ্য প্ৰদেশ চৰকাৰৰ সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰ বঁটাও লাভ কৰে । 

২০০৮ চনত অসম সাহিত্য সভাই 'সাহিত্যাচাৰ্য' উপাধিৰে সন্মানিত কৰিছিল । 

২০০৯ চনত অসম চৰকাৰৰ পৰা 'অসম ৰত্ন' লাভ কৰে । 

২০১২ৰ চনত মৰোণোত্তৰভাৱে ভাৰত চৰকাৰৰ দ্বিতীয় অসামৰিক সন্মান 'পদ্মবিভূষণ' বঁটাৰে সন্মানিত কৰে । 

২০১৯ বৰ্ষত মৰোণোত্তৰভাৱে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন' ৰে সন্মানিত কৰে । 

    এনেদৰে অলেখ-অযুত সন্মান উপাধি প্ৰাপ্ত হৈ দেশৰ দিহিঙে- দিপাঙে লৱৰি ফুৰি

নিয়তিৰ ওচৰত হাৰ মানি কিডনিৰ সমস্যা আৰু আন আনুসাংগিক শাৰিৰীক জটিলতাত ভূগি ২০১১ চনৰ ৫ নবেম্বৰৰ দিনা মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰি হাজাৰ হাজাৰ গুণমুগ্ধক কন্দোৱাই কোনো দিনে ঘুৰি নহাৰ প্ৰতিশ্ৰুতি দি অজান দেশলৈ গুচি গ ল । 

    ভূপেন দা কোনো গাব এতিয়া জাতিক জগোৱা গান । যি গানলৈ ৰৈ আছিল সমগ্ৰ জাতি , যি গানৰ দোলাত আহিছিল আমাৰ ব'হাগ । সেই গানেই নোহোৱা হ'ল ।।



             

হেমেন চন্দ্ৰ হাজৰিকা

সহকাৰী শিক্ষক 

বিৰোগাঁও মজলীয়া বিদ্যালয় 

শিক্ষাখণ্ড : ৰামপুৰ

Post a Comment

0 Comments